2 Thessalonians
2 Thessalonians 1
2 Thessalonians 1:3-5
থিছলনীকা মণ্ডলীৰ কোন দুটা বিষয়ৰ বাবে পৌলে ঈশ্বৰক ধন্যবাদ দিছিল?
তেওঁলোকৰ বৃদ্ধি হোৱা বিশ্বাস আৰু পৰস্পৰৰ বাবে থকা তেওঁলোকৰ বিশ্বাসৰ বাবে পৌলে ঈশ্বৰক ধন্যবাদ দিছিল (১:৩)।
থিছলনীকাত বিশ্বাসীসকলে কেনে পৰিস্থিতিৰ মুখামুখী হৈছিল?
বিশ্বাসীসকলে তাড়না আৰু ক্লেশভোগৰ পৰিস্থিতিৰ মুখামুখী হৈছিল (১:৪)।
বিশ্বাসীসকলে মুখামুখী হোৱা পৰিস্থিতিৰ বিলাকৰ ধনাত্মক ফলাফল কি আছিল?
বিশ্বাসীসকলক ঈশ্বৰৰ ৰাজ্যৰ যোগ্যৱান বুলি গণ্য কৰা হৈছিল (১:৫)।
2 Thessalonians 1:6-8
বিশ্বাসীসকলক যিসকল ক্লেশ দিয়ে তেওঁলোকক প্ৰভুৱে কি কৰিব?
বিশ্বাসীসকলক যিসকলে ক্লেশ দিয়ে তেওঁলোকক ক্লেশ দিব, তেওঁলোকক জলন্ত অগ্নিত শাস্তি দিব (১:৬-৮)
বিশ্বাসীসকলে তেওঁলোকৰ ক্লেশভোগৰ পৰা মুক্তি পাব?
যেতিয়া যীচু খ্ৰীষ্ট স্বৰ্গৰ পৰা প্ৰকাশিত হ'ব তেতিয়া বিশ্বাসীবিলাক মুক্ত হ'ব (১:৭)।
2 Thessalonians 1:9-10
যিসকলে ঈশ্বৰক নাজানে তেওঁলোকৰ বাবে হোৱা শাস্তি কিমান দীঘলীয়া হ'ব?
যিসকলে ঈশ্বৰক নাজানে তেওঁলোকৰ বাবে হোৱা শাস্তি অনন্তকালৰ বাবে হ'ব (১:৯)।
যিসকলে ঈশ্বৰক নাজানে তেওঁলোকৰ শাস্তিৰ অংশস্বৰূপে ক'ৰপৰা বেলেগ কৰিব?
যিসকলে ঈশ্বৰক নাজানে তেওঁলোকৰ শাস্তিৰ অংশস্বৰূপে প্ৰভুৰ উপস্থিতিৰ পৰা তেওঁলোকক বেলেগ কৰিব (১:৯)।
খ্ৰীষ্ট যেতিয়া তেওঁৰ দিনত আহিব বিশ্বাসীসকলে তাকে দেখি কি কৰিব?
যেতিয়া খ্ৰীষ্ট তেওঁৰ দিনত অহাটো বিশ্বাসীসকলে দেখিব তেওঁলোকে অতিশয় বিস্ময় মানিব (১:১০)।
2 Thessalonians 1:11-12
ঈশ্বৰৰ পৰাক্ৰমত বিশ্বাসীসকলে কৰা বিশ্বাসৰ কৰ্ম্মৰ ফলাফল কি?
তেওঁলোকৰ সৎকৰ্ম্মৰ ফলাফলটো হৈছে প্ৰভু যীচু খ্ৰীষ্টৰ নামটো গৌৰৱান্বিত হোৱা (১:১১-১২)।
2 Thessalonians 2
2 Thessalonians 2:1-2
কি ঘটনাৰ বিষয়ে পৌলে এতিয়া লিখিবলৈ ওলাইছে?
পৌলে এতিয়া কৈছে যে প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ বিষয়ে তেওঁ এতিয়া লিখিবলৈ ওলাইছে (২:১)।
পৌলে তেওঁলোকক কি বিশ্বাস নকৰিবলৈ কৈছে?
প্ৰভুৰ দিন যে ইতিমধ্যে উপস্থিত হ'ল সেইটো বিশ্বাস নকৰিবলৈ পৌলে তেওঁলোকক কৈছে (২:২)।
2 Thessalonians 2:3-4
প্ৰভুৰ দিন অহাৰ আগে আগে কি হ'ব বুলি পৌলে কৈছে?
প্ৰভুৰ দিন অহাৰ আগে আগে ধৰ্ম্ম পৰিত্যাগ জন আৰু পাপ পুৰুষ প্ৰথমে প্ৰকাশিত হ'ব (২:৩)।
এই ধৰ্ম্ম পৰিত্যাগ কৰা পাপ পুৰুষ জনে কি কৰিব?
এই ধৰ্ম্ম পৰিত্যাগ কৰা পাপ পুৰুষ জনে ঈশ্বৰ বিৰোধী হৈ নিজকে ওখ কৰিব, ঈশ্বৰৰ মন্দিৰত বহি নিজকে ঈশ্বৰ বুলি দেখুৱাব (২:৪)
2 Thessalonians 2:5-7
এই বিধানহীন পুৰুষজন কেতিয়া প্ৰকাশিত হ'ব?
যেতিয়া নিৰূপিত সময় উপস্থিত হ'ব এই বিধানহীন পাপ পুৰুষ প্ৰকাশিত হ'ব, তাৰ নিবাৰণকৰ্ত্তাক তাৰ পথৰ পৰা আঁতৰাই নিয়া হ'ব (২:৬-৭)।
2 Thessalonians 2:8-10
যেতিয়া যীচু প্ৰকাশিত হ'ব সেই বিধানহীন অধাৰ্ম্মিক জনক কি কৰিব?
যেতিয়া যীচু প্ৰকাশিত হ'ব সেই বিধানহীন অধাৰ্ম্মিক জনক ধ্বংস কৰিব (২:৮)।
এই বিধানহীন অধাৰ্ম্মিক জনৰ লগত পৰাক্ৰম, চিন আৰু মিছাৰ সকলো পৰাক্ৰমেৰে সৈতে কোনে কাৰ্য্য কৰিছে?
এই বিধানহীন অধাৰ্ম্মিক জনৰ লগত পৰাক্ৰম, চিন আৰু মিছাৰ সকলো পৰাক্ৰমেৰে সৈতে চয়তানে কাৰ্য্য কৰি আছে (২:৯)।
এই বিধানহীন পাপপুৰুষ জনাৰ দ্বাৰা কোনো কোনো কিয় প্ৰলোভিত হৈছে আৰু বিনষ্ট হৈছে?
কোনো কোনো প্ৰলোভিত হৈছে কাৰণ তেওঁলোকে পৰিত্ৰাণ পাবলৈ সত্যতালৈ যি প্ৰেম তাক গ্ৰাহ্য নকৰিলে (২:১০)।
2 Thessalonians 2:11-12
যিসকল প্ৰলোভিত আৰু বিনাশৰ পাত্ৰ সেইসকলে কিহত সন্তোষ পায়?
যিসকল প্ৰলোভিত আৰু বিনাশৰ পাত্ৰ সেইসকলে অধাৰ্ম্মিকতাত সন্তোষ পায় ( ২:১২)।
2 Thessalonians 2:13-15
থিছলনীকিয়াসকলৰ বাবে শুভবাৰ্ত্তাৰ যোগেদি কি পাবৰ বাবে ঈশ্বৰে মনোনীত কৰিলে?
থিছলনীকিয়াসকলৰ বাবে শুভবাৰ্ত্তাৰ যোগেদি প্ৰভু যীচুৰ গৌৰৱ পাবৰ বাবে ঈশ্বৰে মনোনীত কৰিলে (২:১৩-১৪)।
থিছলনীকিয়া সকলক পৌলে কি বুলি কৈছে যে তেওঁলোকে এতিয়া শুভবাৰ্ত্তা গ্ৰহণ কৰিলে?
পৌলে থিছলনীকিয়াসকলক থিৰ হৈ থাকিবলৈ কৈছে আৰু তেওঁলোকক শিকোৱা শিক্ষা সেই সকলোকে ধৰি ৰাখা (২:১৫)।
2 Thessalonians 2:16-17
থিছলনীকিয়াসকলে তেওঁলোকৰ অন্তৰত কি প্ৰতিষ্ঠিত কৰি ৰাখিবলৈ পৌলে আকাংক্ষা কৰিছে?
থিছলনীকিয়াসকলে তেওঁলোকৰ অন্তৰত প্ৰতিটো সৎকৰ্ম্ম আৰু সদ বাক্যত প্ৰতিষ্ঠিত কৰি ৰাখিবলৈ পৌলে আকাংক্ষা কৰিছে (২:১৭)।
2 Thessalonians 3
2 Thessalonians 3:1-3
পৌলে থিছলনীকিয়সকলক প্ৰভুৰ বাক্যৰ বিষয়ে কিহৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ কৈছে?
পৌলে থিছলনীকিয়াসকলক প্ৰাৰ্থনা কৰাটো বিচাৰিছে যাতে প্ৰভুৰ বাক্য দ্ৰুতগতিৰে ব্যপ্ত হৈ যায় আৰু মহিমান্বিত হয় (৩:১)।
পৌলে কাৰ পৰা ৰক্ষা পাবলৈ ইচ্ছা কৰিছে?
দুষ্ট আৰু বেয়া মানুহৰ পৰা যাৰ বিশ্বাস নাই সেইবাৰৰ পৰা পৌলে ৰক্ষা পাবলৈ ইচ্ছা কৰিছে (৩:২)।
2 Thessalonians 3:4-5
পৌলে থিছলনীকিয়াসকলক একেৰাহে কি কৰি থাকিবলৈ কৈছে?
পৌলে থিছলনীকিয়াসকলক দিয়া আজ্ঞাবোৰ একেৰাহে কৰি থাকিবলৈ কৈছে (৩:৪)।
2 Thessalonians 3:6-9
প্ৰতিজন ভায়ে যিয়ে অনিয়মকৈ চলে তেওঁলোকৰ প্ৰতি বিশ্বাসীসকলে কি কৰিব লাগে?
যিবিলাক ভায়ে অনিয়মকৈ চলে বিশ্বাসীসকলক তেওঁলোকৰ লগ এৰি দিব লাগে (৩:৬)।
পৌলে তেওঁৰ কৰ্ম্ম আৰু সহায়ৰ বিষয়ত থিছলনীকিয়াসকললৈ কি উদাহৰণ দি থৈ গৈছে?
পৌলে ৰাতিয়ে দিনে পৰিশ্ৰম কৰিছিল, তেওঁৰ খাদ্যৰ বাবে খৰচ দিছিল, আৰু কাৰো ওপৰত বোজাস্বৰূপ হোৱা নাছিল (৩:৭-৯)।
2 Thessalonians 3:10-12
কোনো এজনে যদি কাম কৰিবলৈ নিবিচাৰে সেই বিষয়ে পৌলে কি আজ্ঞা দিছিল?
কোনোৱে যদি কাম নকৰে তেন্তে তেওঁ আহাৰো নকৰক বুলি পৌলে আজ্ঞা দিছিল (৩:১০)।
এলেহুৱা হৈ থকা এনে মানুহক পৌলে কি কৰিবলৈ আজ্ঞা দিছে?
এনে এলেহুৱা হৈ থকা মানুহক শান্তভাবে কাম কৰিবলৈ আৰু তেওঁলোকৰ নিজৰ আহাৰ ভোজন কৰিবলৈ পৌলে আজ্ঞা কৰিছে (৩:১২)।
2 Thessalonians 3:13-18
এই পত্ৰখনত পৌলে দিয়া নিৰ্দেশনাবোৰ যদি কোনো ভায়ে নামানে তেনে ভাইক কি কৰিব লাগে?
পৌলে এই পত্ৰখনত দিয়া নিৰ্দেশনাবোৰ যদি কোনো ভায়ে নামানে তেনে ভাইৰ লগত আন ভাই সকলে কোনো আলাপ ব্যৱহাৰ নকৰিবা (৩:১৪)।