Assamese: translationQuestions

Updated ? hours ago # views See on DCS

John

John 1

John 1:1-3

আদিতে কি আছিল?

আদিতে বাক্য আছিল(১:১)।

বাক্যৰ লগত কোন আছিল?

সেই বাক্য ঈশ্বৰে সৈতে আছিল(১:১-২)।

সেই বাক্য কোন আছিল?

সেই বাক্যই ঈশ্বৰ আছিল (১:১)।

সেই বাক্যৰ বিনে কিবা সৃষ্টি কৰি হৈছিল নে?

সকলোবোৰ বস্তু তেওঁৰ যোগেদি সৃষ্টি কৰা হ'ল, আৰু যি যি সৃষ্টি কৰা হ'ল, তেওঁৰ বিনে একোকে সৃষ্টি কৰা নহ'ল(১:৩)।

John 1:4-5

সেই বাক্যত কি আছিল?

তেওঁতেই জীৱন আছিল(১:৪)।

John 1:6-9

ঈশ্বৰৰ পৰা পঠোৱা মানুহজনৰ নাম কি আছিল?

তেওঁৰ নাম যোহন আছিল(১:৬)।

যোহনে কি কৰিবলৈ আহিছিল?

যোহনে পোহৰৰ বিষয়ে এক সাক্ষ্য দিবলৈ আহিছিল, যাতে তেওঁৰ যোগেদি সকলোৱে বিশ্বাস কৰে(১:৭)।

John 1:10-11

যোহনে পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ আহোঁতে জগতে জানিছিল নে নাইবা গ্ৰহণ কৰিছিল নে?

যোহনে পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ আহোঁতে জগতে জনা নাছিল আৰু সেই পোহৰ নিজৰ লোকবিলাকে গ্ৰহণ কৰা নাছিল(১:১০-১১)।

John 1:12-13

যিবিলাকে তেওঁৰ নামত বিশ্বাস কৰিলে সেই পোহৰে সেইবিলাকক ক‌ি অধ‌িকাৰ দ‌িছিল?

যিবিলাকে সেই নামত বিশ্বাস কৰিলে তেওঁ সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ দিছিল(১:১৩)।

যিবিলাকে তেওঁৰ নামত বিশ্বাস কৰিছিল তেওঁলোক কেনেকৈ ঈশ্বৰৰ সন্তান হ'ব পাৰে?

তেওঁলোক ঈশ্বৰৰ দ্বাৰা জন্ম পোৱাৰ দ্বাৰা ঈশ্বৰৰ সন্তান হ'ব পাৰিলে(১:১৩)।

John 1:14-15

পিতৃৰ পৰা অহা আন যিকোনো ব্যক্তি আছিল নে নাইবা আছে নেক‌ি?

নাই! সেই বাক্যই একমাত্ৰ অদ্বিতীয় ব্যক্তি যি জন পিতৃৰ পৰা আহিছিল(১:১৪)।

John 1:16-21

যোহনে সাক্ষ্য দিয়া এই জনৰ পৰিপূৰ্ণতাৰ পৰা আমি কি পালো?

তেওঁৰ পৰিপূৰ্ণতাৰ পৰা আমি সকলোৱে মুক্ত উপহাৰৰ পৰা মুক্ত উপহাৰ পালো(১:১৬)।

যীচু খ্ৰীষ্টৰ যোগেদি কি আহিছিল?

অনুগ্ৰহ আৰু সত্যতা যীচু খ্ৰীষ্টৰ যোগেদি আহিছিল(১:১৭)।

ঈশ্বৰক কোনে কেতিয়া দেখিছিল?

ঈশ্বৰক কোনো মানুহে কেতিয়াও দেখা নাই(১:১৮)।

ঈশ্বৰক আমালৈ কোনে জ্ঞাত কৰিছিল?

যিজন পিতৃৰ কোলাত আছে তেওঁৱেই ঈশ্বৰক আমালৈ জ্ঞাত কৰিছিল(১:১৮)।

John 1:22-28

যিৰূচালেমৰ পৰা পুৰোহিত আৰু লেবীয়াবিলাকৰ দ্বাৰা যেতিয়া সোধা হৈছিল যোহনে নিজকে কোন বুলি কৈছিল?

যীচুৱে কৈছিল যে, যেনেকৈ যিচয়া ভাববাদীয়ে কৈছিল, "মই সেই অৰণ্যত ৰিঙিওৱা এজনৰ মাত প্ৰভুৰ পথ পোন কৰা" (১:১৯-২৩)।

John 1:29-31

যোহনে যেতিয়া যীচুক তেওঁৰ ওচৰলৈ আহি থকা দেখিছিল তেওঁ কি কৈছিল?

যোহনে কৈছিল, " ঈশ্বৰৰ মেৰ পোৱালিক চোৱা, যিজনে জগতৰ পাপ লৈ যায়(১:২৯)।

যোহনে কিয় পানীত বাপ্তাইজ কৰি কৰি আহিছিল?

যোহনে পানীত বাপ্তাইজ কৰি কৰি আহিছিল যাতে যীচু ঈশ্বৰৰ মেৰ পোৱালি যিজনে জগতৰ পাপ লৈ যায়, ইস্ৰায়েলৰ আগত প্ৰকাশ কৰিব পাৰে(১:৩১)।

John 1:32-36

যীচু যে ঈশ্বৰৰ পুত্ৰ হয় তাৰ চিন হিচাপে যোহনলৈ কি প্ৰকাশিত হৈছিল?

সেই চিনটো আছিল যাৰ ওপৰত পবিত্ৰ আত্মা নামি স্থিতি লোৱা দেখিছিল, সেই জনেই পবিত্ৰ আত্মাত বাপ্তাইজ কৰোঁতা জনা(১:৩২-৩৪)।

John 1:37-39

যোহনৰ দুজন শিষ্যই কি কৰিছিল যেতিয়া যোহনে যীচুক ঈশ্বৰৰ মেৰ পোৱালি বুলি কৈছিল?

তেওঁলোকে যীচুৰ পাছে পাছে গৈছিল(১:৩৫-৩৭)।

John 1:40-42

যোহন কোৱা কথা যি দুজনে শুনিছিল আৰু যীচুৰ পাছে পাছে যোৱা এজন নাম কি আছিল?

সেই দুজনৰ মাজৰ এজনৰ নাম আছিল এন্দ্ৰিও(১:৪০)

এন্দ্ৰিয়ই তেওঁ বায়েক চিমোনক যীচুৰ বিষয়ে কি কৈছিল?

এন্দ্ৰিয়ই চিমোনক কৈছিল, আমি মছীহ জনাক পালো(১: ৪১)।

চিমোনক কি বুলি মতা হ'ব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল চিমোনক "কৈফা" (যাৰ অৰ্থ পিতৰ) বুলি মতা হ'ব(১:৪২)।

John 1:43-48

এন্দ্ৰিও আৰু পিতৰ কোনখন নগৰৰ লোক আছিল?

এন্দ্ৰিও আৰু পিতৰ বৈঠচৈদা নগৰৰ লোক আছিল(১:৪৪)।

John 1:49-51

নথনীয়েলে যীচুৰ বিষয়ে কি কৈছিল?

নথনীয়েলে কৈছিল, "ৰব্বি, আপুনি ঈশ্বৰৰ পুত্ৰ, আপুনি ইস্ৰায়েলৰ ৰজা" (১:৪৯)।

নথনীয়েলে কি দেখিব বুলি যীচুৱে কৈছিল?

যীচুৱে নথনীয়েলক কৈছিল তেওঁ স্বৰ্গ মুকলি হোৱা দেখিব আৰু মানুহৰ পুত্ৰৰ ওপৰত ঈশ্বৰৰ দূতবিলাকক উঠা আৰু নমা কৰি থকা দেখিব(১:৫১)।

John 2

John 2:1-2

গালীলৰ কান্নাত বিবাহত কোন আছিল?

যীচু, তেওঁৰ মাক আৰু তেওঁৰ শিষ্যবিলাক গালীলৰ কান্নাৰ বিবাহত আছিল(২:১, আৰু ১১)।

John 2:3-5

যীচুৰ মাকে যীচুক কিয় কৈছিল, "তেওঁলোকৰ দ্ৰাক্ষাৰস নাই"?

যীচুৰ মাকে যীচুক কৈছিল যে, এই পৰিস্থিতিত তেওঁ কিবা এটা কৰিব পাৰে বুলি তাই আশা কৰিছিল(২:৫)।

John 2:6-8

যীচুৱে চাকৰবিলাকক কি কি দুটা বিষয় কৰিব কৈছিল?

তেওঁ প্ৰথমতে পাত্ৰ কেইটা পানীৰে কাণলৈকে পূৰ কৰিবলৈ কৈছিল। তাৰ পাছত তেওঁ চাকৰহঁতক অলপ "পানী" সেই প্ৰধান পৰিচালকৰ তালৈ লৈ যাবলৈ কৈছিল(২:৭-৮)।

John 2:9-10

প্ৰধান পৰিচালকে যি পানীখিনি দ্ৰাক্ষাৰস হৈ পৰিছিল তাক চাকি চোৱাৰ পাছত কি কৈছিল?

প্ৰধান পৰিচালকে কৈছিল, প্ৰতিজন মানুহে প্ৰথমতে উত্তম দ্ৰাক্ষাৰস দিয়ে আৰু মানুহবিলাক মতলীয়া হয় তাতকৈ কম চোক থকা দ্ৰাক্ষাৰস দিয়ে। কিন্তু তোমালোকে এতিয়ালৈকে আটাইতকৈ ভাল দ্ৰাক্ষাৰস ৰাখিলা(২:১০)।

John 2:11-12

এই আচৰিত চিন দেখি যীচুৰ শিষ্যবিলাকৰ প্ৰত্যুত্তৰ কি আছিল?

যীচুৰ শিষ্যবিলাকে যীচুত বিশ্বাস কৰিছিল(২:১১)।

John 2:13-14

যীচুৱে যিৰূচালেমৰ মন্দিৰলৈ যেতিয়া গৈছিল তেওঁ কি পাইছিল?

যীচুৱে ধন সলোৱাবিলাকক পাইছিল আৰু যিবিলাকে ষাড়গৰু, ভেড়া আৰু কপৌ বিক্ৰী কৰি থকাবোৰক পাইছিল(২:১৪)।

John 2:15-16

বিক্ৰেতা আৰু ধন সলোৱাবোৰক যীচুৱে কি কৰিছিল?

তেওঁ ৰছীৰে এডাল চাবুক সাজি লৈছিল আৰু ভেড়া আৰু ষাড়গৰু আদি কৰি সকলোবোৰকে মন্দিৰৰ পৰা বাহিৰ কৰি দিছিল। তেওঁ ধন সলোৱাবোৰৰ ধন মজিয়াত বাকি দিছিল আৰু সিহঁতৰ মেজবিলাক লুটিয়াই পেলাইছিল(২:১৫)।

কপৌ বেচাবোৰক যীচুৱে কি কৈছিল?

তেওঁ কৈছিল, "এইবোৰ বস্তু ইয়াৰ পৰা আঁতৰাই লৈ যোৱা। মোৰ পিতৃৰ ঘৰ বজাৰৰ এখন ঠাইৰ দৰে কৰি নেপেলাবা" (২:১৬)।

John 2:17-19

মন্দিৰত যীচুৰ কাম-কাজবোৰক যিহুদী আমোলাবিষয়া সকলে কেনেকৈ প্ৰত্যুত্তৰ দিছিল?

তেওঁলোকে সুধিছিল, "তুমি যে এইবোৰ কৰি আছা তাৰ কাৰণে তুমি আমাক কি চিন দেখুৱাইছা?" (২:১৮)।

যীচুৱে যিহুদী আমোলাবিষয়া বিলাকক কেনেকৈ উত্তৰ দিছিল?

তেওঁ তেওঁলোকক এইটো কোৱাৰ দ্বাৰা উত্তৰ দিছিল, "এই মন্দিৰ ভাঙি পেলোৱা আৰু মই তাক তিনি দিনত তুলিম" (২:১৯)।

John 2:20-22

যীচুৱে নিৰ্দেশ কৰা মন্দিৰটো কি আছিল?

যীচুৱে কোৱা মন্দিৰটো আছিল তেওঁৰ শৰীৰটো(২:২১)।

John 2:23-25

অনেকে কিয় যীচুৰ নামত বিশ্বাস কৰিছিল?

তেওঁলোকে বিশ্বাস কৰিছিল কাৰণ তেওঁ কৰা সকলো আচৰিত কৰ্ম তেওঁলোকে দেখিছিল(২:২৩)।

যীচুৱে মানুহবিলাকক কিয় ভাৰসা কৰা নাছিল?

তেওঁ নিজে মানুহবিলাকত বিশ্বাস কৰা নাছিল কাৰণ মানুহৰ মনত কি আছে, তেওঁ সকলো মানুহকে জানিছিল, কাৰণ মানুহৰ বিষয়ে সাক্ষ্য দিবলৈ তেওঁক কাৰোৰে প্ৰয়োজন নহৈছিল(২:২৪-২৫)।

John 3

John 3:1-2

নীকদীম কোন আছিল?

নীকদীম এজন ফৰীচী, যিহুদী ধৰ্মধামৰ মহাসভাৰ এজন সদস্য আছিল(৩:১)।

নীকদীমে যীচুলৈ কি সাক্ষ্য দিছিল?

নীকদীমে যীচুক কৈছিল, " ৰব্বি, আমি জানো যে আপুনি ঈশ্বৰৰ পৰা অহা এজন উপদেশক কিয়নো আপুনি যিবোৰ চিন সম্পন্ন কৰিছে ঈশ্বৰ তেওঁৰ লগত নাথাকিলে কোনেও এইবোৰ কৰিব নোৱাৰে।" (৩:২)।

John 3:3-8

নীকদীমে যীচুক কি

কৰিছিল যে যীচুৱে উল্লেখ কৰা বাক্যই নীকদীমক বিমোৰত আৰু খেলিমেলিত পেলাইছিল?

নীকদীমে কৈছিল, " কোনো এজন মানুহ যেতিয়া বুঢ়া হয় তেওঁ কেনেকৈ আকৌ জন্ম হ'ব পাৰে? তেওঁ দ্বিতীয়বাৰ মাকৰ গৰ্ভত সোমাই জন্ম হ'ব পাৰেনে, তেওঁ পাৰেনে?" নীকদীমে আৰু কৈছিল, "এইবোৰ কেনেকৈ হ'ব পাৰে"? (৩:৪ আৰু ৯)।

John 3:9-11

যীচুৱে নীকদীমক কেনেকৈ গালি দিছিল?

তেওঁ এইটো কোৱাৰ দ্বাৰা নীকদীমক গালি দিছিল, তুমি ইস্ৰায়েলৰ এজন উপদেশক, "আৰু তথাপিও তুমি এইবোৰ কথা নাজানা নে?" তেওঁ নীকদীমক এইটোও কৈ গালি দিছিল মই তোমালোকক "এই পাৰ্থিব বিষয়ৰ কথা ক'লত যদি বিশ্বাস নকৰা যদি মই স্বৰ্গীয় বিষয়ৰ কথা ক'লে কেনেকৈ বিশ্বাস কৰিবা" (৩:১০-১২)।

John 3:12-13

স্বৰ্গলৈ কোন উঠিছিল?

যিজন স্বৰ্গৰ পৰা নামিছিল সেই মানুহৰ পুত্ৰ বাহিৰে, স্বৰ্গলৈ কোনেও উঠা নাই(৩:১৩)।

John 3:14-15

মানুহৰ পুত্ৰ কিয় উত্তোলিত হ'ব লাগে?

মানুহৰ পুত্ৰ উত্তোলিত হ'ব লাগে যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ যেন অনন্তজীৱন পায়(৩:১৪-১৫)।

John 3:16-18

ঈশ্বৰে যে জগতক প্ৰেম কৰে তাক তেওঁ কেনেকৈ দেখুৱাইছিল?

তেওঁ নিজৰ অদ্বিতীয় পুত্ৰক দান দি তেওঁ তেওঁৰ প্ৰেম দেখুৱাইছিল, যে যি কোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়(৩:১৬)।

ঈশ্বৰে জগতখনত সোধবিচাৰ কৰিবলৈ তেওঁৰ পুত্ৰক পঠাইছিল নে?

নহয়, ঈশ্বৰে তেওঁৰ পুত্ৰক পঠিয়াইছিল যাতে জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পায়(৩:১৭)।

John 3:19-28

মানুহবিলাক সোধবিচাৰত কিয় পৰে?

মানুহবিলাক সোধবিচাৰত পৰে কাৰণ জগতলৈ পোহৰ আহি আছিল আৰু মানুহবিলাকে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিছিল কাৰণ তেওঁলোকৰ কৰ্ম মন্দময় আছিল(৩:১৯)।

যিবিলাকে কু-কৰ্ম কৰে সিহঁত পোহৰৰ ওচৰলৈ কিয় নাহে?

যিবিলাকে কু-কৰ্ম কৰে সিহঁত পোহৰক ঘিণাই আৰু পোহৰৰ ওচৰলৈ নাহে কাৰণ সিহঁতৰ কৰ্ম প্ৰকাশিত হোৱাটো সিহঁতে নিবিচাৰে (৩:২০)।

যিবিলাকে পোহৰৰ অনুশীলন কৰে সিহঁতে কিয় পোহৰৰ ওচৰলৈ আহে?

সিহঁতে পোহৰৰ ওচৰলৈ আহে যাতে সিহঁতৰ কৰ্ম স্পষ্টকৈ দেখা যায় আৰু তেওঁলোকৰ কৰ্মৰ দ্বাৰাই ঈশ্বৰৰ বাধ্যতালৈ আনিব পাৰে (৩:২১)।

John 3:29-36

যীচুৱে বাপ্তাইজ কৰিছে আৰু সকলোবোৰে যীচুৰ ওচৰলৈ গৈ আছে এই বুলি যোহনৰ শিষ্যবিলাকে আপত্তি কৰোতে যোহনে কি কৈছিল?

যোহনে কৈছিল, "তেওঁ বাঢ়ি বাঢ়ি যাব লাগে, কিন্তু মই সৰু হৈ হৈ যাব লাগে(৩:২৬, আৰু ৩০)।

John 4

John 4:1-3

যীচুৱে যিহুদীয়া এৰি গালীললৈ কেতিয়া গৈছিল?

যীচুৱে যেতিয়া শুনিছিল যে তেওঁ যোহনতকৈ বেছি শিষ্য কৰি তেওঁবিলাকক বাপ্তাইজ কৰিছে বুলি ফৰীচীবিলাকে শুনিছে তাৰ পাছত যীচুৱে যিহুদীয়া এৰি গালীললৈ গুচি গৈছিল(৪:১-৩)।

John 4:4-5

গালীললৈ যোৱাৰ বাটত যীচুৱে ক'ত ৰৈ গৈছিল?

চমৰীয়া চহৰৰ ওচৰত চুখৰ নামে ঠাইৰ ওচৰত যাকোবৰ কুঁৱাত তেওঁ ৰৈ গৈছিল(৪:৫-৬)।

John 4:6-8

যীচু তাত থাকোঁতে যাকোবৰ কুঁৱাৰ ওচৰলৈ কোন আহিছিল?

এগৰাকী চমৰীয়া মহিলাই পানী তুলিবলৈ তালৈ আহিছিল(৪:৭)।

যীচুৰ শিষ্যবিলাক ক'ত আছিল?

তেওওঁলোকে খোৱা বস্তু কিনিবলৈ চহৰলৈ গৈছিল(৪:৮)।

যীচুৱে চমৰীয়া মহিলাগৰাকীক প্ৰথমে কি কৈছিল?

তেওঁ তাইক কৈছিল, "মোক অলপ পানী খাবলৈ দিয়া" (৪:৭)।

John 4:9-10

যীচুৱে যে তাইক কথা কৈছে সেইটোত চমৰীয়া মহিলাগৰাকীয়ে কিয় আচৰিত হৈছিল?

তাই আচৰিত হৈছিল কাৰণ যিহুদীবিলাকৰ চমৰীয়াবিলাকৰ লগত কোনো লেন-দেন নাছিল(৪:৯)।

কথা-বতৰা ঈশ্বৰীয় বিষয়লৈ ঘুৰাবলৈ যীচুৱে কি কৈছিল?

যীচুৱে তাইক কৈছিল যে যদি তাই ঈশ্বৰৰ দান জানিলেহেঁতেন, তাইয়ে খুজিলেহেঁতেন আৰু তেওঁ জীৱনময় পানী তাইক দিলেহেঁতেন(৪:১০)।

John 4:11-14

যীচুৰ মন্তব্যটোৰ আত্মিক প্ৰকৃতি বুজি নোপোৱাত সেই মহিলাগৰাকীয়ে কি বাক্যকৈ দেখুৱাই দিছিল?

সেই মহিলাগৰাকীয়ে উত্তৰ দিছিল, "হে মহাশয়, আপোনাৰ এটা বাল্টিও নাই আৰু কুঁৱাটো গভীৰ। সেই জীৱনময় পানী আপুনি ক'ত পাব" (৪:১১)।

John 4:15-16

যীচুৱে সেই মহিলাগৰাকীক তেওঁ দিবলগীয়া পানীৰ বিষয়ে কি কৈছিল?

যীচুৱে সেই মহিলাগৰাকীক কৈছে যে যিকোনোৱে তেওঁ দিয়া পানী খাব তেওঁৰ কেতিয়াও আকৌ পিয়াহ নালাগিব আৰু সেই পানী অনন্তজীৱনলৈ বুৰ বুৰাই ওলাই থকা পানীৰ এক ভুমুক হ'ব(৪:১৫)।

সেই মহিলাকগৰাকীয়ে এতিয়া যীচুৱে দিয়া এই পানী কিয় বিচাৰিছে?

তাই এই পানী এতিয়া বিচাৰিছে যাতে তাইৰ আৰু পিয়াহ নালাগে আৰু তাই এই কুঁৱালৈ আৰু পানী তুলিবলৈ আহিব নালাগে(৪:১৫)।

যীচুৱে তেতিয়া কথা-বতৰা সলনি কৰিছিল, তেওঁ সেই মহিলাগৰাকীক কি কৈছিল?

যীচুৱে তাইক কৈছিল, "যোৱা, তোমাৰ স্বামীক মাতাগৈ আৰু ইয়ালৈ আহাগৈ" (৪:১৬)।

John 4:17-18

যীচুৱে যেতিয়া তাইক তাইৰ স্বামীজনক মাতি আনিবলৈ কৈছে সেই মহিলাগৰাকীয়ে কেনেকৈ উত্তৰ দিছিল?

A.সেই মহিলা গৰাকীয়ে যীচুক কৈছিল যে তাইৰ কোনো স্বামী নাই(৪:১৭)।

যীচুৱে মহিলাগৰাকীক কি কৈছিল যে তাই যীচুক এজন ভাববাদী বুলি বিশ্বাস কৰিছিল?

তেওঁ কৈছিল যে তাইৰ ইতিমধ্যে পাঁচজন স্বামী আছে আৰু যি জন মানুহৰ লগত তাই এতিয়া আছে তেওঁৰ তাইৰ স্বামী নহয় (৪:১৮-১৯)।

John 4:19-22

যীচুৱে মহিলাগৰাকীক কি কৈছিল যে তাই যীচুক এজন ভাববাদী বুলি বিশ্বাস কৰিছিল?

তেওঁ কৈছিল যে তাইৰ ইতিমধ্যে পাঁচজন স্বামী হৈ গ'ল আৰু যি জন মানুহৰ লগত তাই এতিয়া আছে তেওঁৰ তাইৰ স্বামী নহয় (৪:১৮-১৯)।

আৰাধনা কৰা বিষয়ত সেই মহিলাগৰাকীয়ে যীচুৰ লগত কি মতানৈক্য উত্থাপন কৰিছিল?

প্ৰকৃততে সঠিককৈ আৰাধনা কৰা ঠাই ক'ত সেই বিষয়ত তাই এটা মতানৈক্য উত্থাপন কৰিছিল(৪:২০)।

John 4:23-24

পিতৃয়ে বিচৰা উপাসনা কৰাবিলাকৰ বিষয়ে যীচুৱে সেই মহিলা গৰাকীক কি কৈছিল?

যীচুৱে তাইক কৈছিল ঈশ্বৰেই আত্মা আৰু প্ৰকৃত উপাসকবিলাকে আত্মাৰে আৰু সত্যৰে ঈশ্বৰক উপাসনা কৰিব লাগে(৪:২৩-২৪)।

John 4:25-27

যীচুৱে সেই মহিলাগৰাকীক কি কৈছিল যেতিয়া তাই কৈছিল যে যেতিয়া মছীহ (খ্ৰীষ্ট) আহিব, তেওঁ তেওঁলোকক সকলোবোৰ প্ৰকাশ কৰিব?

যীচুৱে তাইক কৈছিল যে তেওঁৱেই সেই মছীহজনা (খ্ৰীষ্ট) (৪:২৫-২৬)।

John 4:28-33

সেই মহিলাগৰাকীয়ে যীচুৰ লগত তাইৰ কথা-বতৰা হোৱাৰ পাছত কি কৰিছিল?

সেই মহিলাগৰাকীয়ে তাতে পানীৰ পাত্ৰটো এৰিছিল, চহৰলৈ ঘুৰি গৈছিল, আৰু মানুহবিলাকক কৈছিল, "মই কৰা সকলো কৰ্ম কোৱা এজন মানুহক আহি চোৱাহি। এইজন খ্ৰীষ্ট হ'ব পাৰে নে, এইজন হ'ব পাৰে? " (৪:২৮-২৯)।

সেই মানুহগৰাকীৰ কথা শুনি সেই মানুহবিলাকে কি কৰিছিল?

তেওঁলোকে চহৰখন এৰি আহিছিল আৰু যীচুৰ ওচৰলৈ আহিছিল(৪:৩০)।

John 4:34-38

যীচুৱে তেওঁৰ আহাৰ কি বুলি কৈছিল?

যীচুৱে কৈছিল, তেওঁৰ আহাৰ হৈছে যিজনে তেওঁক পঠালে তেওঁৰ ইচ্ছা পালন কৰা আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰা(৪:৩৪)।

শস্য চপোৱাৰ উপকাৰীতা কি?

শস্য চপাওঁতাবিলাকে তাৰ মূল্য লাভ কৰে আৰু অনন্তজীৱনৰ কাৰণে ফল গোট খুৱাই, যাতে শস্য যিজনে বয় আৰু যিজনে চপাই দুয়ো একেলগে আনন্দ কৰিব পাৰে(৪:৩৬)।

John 4:39-40

সেই নগৰখনত কি দুটা কথাই চমৰীয়াবিলাকক যীচুত বিশ্বাস কৰাৰ কাৰণ হ'ল?

সেই মহিলাগৰাকীৰ কথাত সেই নগৰত বহুতো চমৰীয়া লোকে যীচুক বিশ্বাস কৰিলে। যীচুৰ কথাৰ কাৰণেও আৰু বহুতে যীচুত বিশ্বাস কৰিছিল(৪:৩৯ আৰু ৪১)।

John 4:41-42

সেই চমৰীয়াবলাকৰ বহুতে যীচুৰ বিষয়ে বিশ্বাস কৰিছিল নে?

তেওঁলোকে কৈছিল যে, তেওঁলোকে এতিয়া জানিছে যে যীচুৱেই এই জগতৰ পৰিত্ৰাতা(৪:৪২)।

John 4:43-45

যীচু যেতিয়া গালীললৈ আহিছিল গালীলীয়া মানুহবিলাকে তেওঁক কিয় আদৰি লৈছিল?

তেওঁলোকে তেওঁক আদৰি লৈছিল কাৰণ যীচুৱে পৰ্বৰ সময়ত যিৰূচালেমত কৰা সকলো কাৰ্য্য দেখিছিল(৪:৪৫)।

John 4:46-47

যীচুৱে যিহুদীয়া এৰি যোৱাৰ আৰু গালীললৈ ঘুৰি অহাৰ পাছত, যীচুৰ ওচৰলৈ কোন আহিছিল আৰু তেওঁ কি বিচাৰিছিল?

এজন ৰাজকীয় কাৰ্য্যধ্যক্ষ যাৰ পুতেক ৰোগীয়া আছিল তেওঁ যীচুৰ ওচৰলৈ আহিছিল, তেওঁক কাতৰ মিনতি কৰি তেওঁৰ ঘৰলৈ আহিবলৈ কৈছিল আৰু তেওঁৰ পুতেকক সুস্থ কৰিবলৈ কৈছিল(৪:৪৬-৪৭)।

John 4:48-52

যীচুৱে সেই ৰাজকীয় কাৰ্য্যধ্যক্ষজনক চিন আৰু পৰাক্ৰমৰ বিষয়ে কি কৈছিল?

যীচুৱে তেওঁক কৈছিল মানুহবিলাকে চিন আৰু পৰাক্ৰম কাৰ্য নেদেখিলে বিশ্বাস নকৰে(৪:৪৮)।

সেই ৰাজকীয় কাৰ্যধ্যক্ষজনে কি কৰিছিল যেতিয়া যীচুৱে তেওঁৰ লগত যোৱা নাছিল কিন্তু তেওঁক কৈছিল, "যোৱা, তোমাৰ ল'ৰা বাচিল" ?

সেই মানুহজনে যীচুৱে কোৱা কথা বিশ্বাস কৰিছিল আৰু তেওঁ তেওঁৰ বাটে গুচি গৈছিল(৪:৫০)।

John 4:53-54

সেই ৰোগীয়া ল'ৰাটোৰ পিতাকক যেতিয়া কোৱা হৈছিল যে তেওঁৰ পুতেক বাচিল আৰু পৰহিদিনা আবেলি তিনিবজাৰ সময়ত তেওঁৰ জ্বৰ এৰিলে, সেই একে সময়ত যীচুৱে তেওঁক কৈছিল, "তোমাৰ ল'ৰা বাচিল"?

তাৰ ফলাফলটো হৈছে সেই ৰাজকীয় কাৰ্যধ্যক্ষ জনৰ ঘৰৰ সকলোৱে বিশ্বাস কৰিছিল(৪:৫৩)।

John 5

John 5:1-4

যিৰূচালেমত মেৰ-ছাগ দুৱাৰৰ ওচৰত পাঁচটা চালি থকা পুখুৰীটোৰ নাম কি আছিল?

পুখুৰীটোক বেথেচ্দা বুলি কোৱা হৈছিল(৫:২)।

সেই বৈথেচ্দাত কোন আছিল?

ৰোগীয়া, অন্ধ, খোৰা আৰু জঠৰ আদি এক বৃহৎ সংখ্যক মানুহ বৈথেচ্দাৰ সেই চালিবোৰত পৰি আছিল(৫:৩-৪)।

John 5:5-6

সেই বৈথেচ্দাত যীচুৱে কাক সুধিছিল, "তুমি সুস্থ হবলৈ ইচ্ছা কৰা নে?"

যীচুৱে এনে এজন মানুহক সুধিছিল যিজনে আঠত্ৰিশ বছৰ ধৰি অসুস্থ হৈ আছিল আৰু যিজনে তাত বহু বছৰ ধৰি পৰি আছিল(৫:৫-৬)।

John 5:7-8

যীচুৱে সোধা, "তুমি সুস্থ হবলৈ ইচ্ছা কৰানে",

োৰ প্ৰত্যুত্তৰ সেই ৰোগীয়া মানুহজন কি বুলি দিছিল?

সেই ৰোগীয়া মানুহজনে উত্তৰ দিছিল, "হে মহাশয়, যেতিয়া পানীৰ খলক লাগে, মোক নমাই দিবলৈ, কোনো নাই। যেতিয়া মই চেষ্টা কৰোঁ, মোৰ আগতেই আন এজনে পানীত জপিয়াই পৰে" (৫:৭)।

John 5:9

যীচুৱে যেতিয়া, "উঠা, তোমাৰ শয্যা তুলি লোৱা আৰু খোজ কাঢ়ি যোৱা," বুলি সেই ৰোগীয়া মানুহ জনক কৈছিল কি ঘটিছিল?

তাৎক্ষণাতে সেই মানুহজন সুস্থ হৈছিল, তেওঁ তেওঁৰ শয্যা তুলি লৈছিল আৰু খোজ কাঢ়ি গৈছিল(৫:৮-৯)।

John 5:10-13

ৰোগীয়া মানুহজনে তেওঁৰ শয্যা (ঢাৰিৰে) তুলি যোৱা দেখি যিহুদী নেতাবিলাকে কিয় খং কৰিছিল?

সিহঁতে খং কৰিছিল কাৰণ সেই দিনাখন বিশ্ৰাম বাৰ আছিল আৰু সিহঁতে কৈছিল বিশ্ৰামবাৰত মানুহজনৰ তেওঁৰ বিচনা কঢ়িয়াই নিবলৈ অনুমতি নাছিল(৫:৯-১০)।

John 5:14-15

সেই ৰোগীয়া মানুহজন সুস্থ হোৱাৰ পাছত যীচুৱে তাক মন্দিৰত দেখা পাই কি কৈছিল?

যীচুৱে তেওঁক কৈছিল, "চোৱা তুমি সুস্থ হ'লা, তোমাৰ আৰু অধিক দুৰ্গতি যেন নহয়, এই নিমিত্তে আৰু পাপ নকৰিবা" (৫:১৪)।

যীচুৱে সেই সুস্থ হোৱা মানুহজনক আৰু পাপ নকৰিবা বুলি কোৱাৰ পাছত সি কৰিছিল?

সেই মানুহজনে যিহুদী নেতাবিলাকৰ ওচৰলৈ গৈছিল আৰু কৈছিল যে তাক সুস্থ কৰা মানুহজন হৈছে যীচু(৫:১৫)।

John 5:16-18

যীচুৱে বিশ্ৰাম বাৰে এইবোৰ কৰ্ম (সুস্থতা) কৰাৰ কাৰণে যিবিলাক যিহুদী নেতাই তেওঁক তাড়না কৰিছিল তাৰ প্ৰতি প্ৰত্যুত্তৰ কেনে আছিল?

যীচুৱে সিহঁতক কৈছিল, "মোৰ পিতৃয়ে এতিয়াও কাৰ্য কৰি আছে, আৰু মইয়ো কাম কৰি থাকিব লাগে" (৫:১৭)।

যীচুৰ কোৱা কথাত কিয় যিহুদী নেতাবিলাকে তেওঁক বধ কৰিবলৈ বিচাৰিছিল?

কাৰণ যীচুৱে কেৱল বিশ্ৰামবাৰ ভঙ্গ কৰাই নহয় (সিহঁতৰ মনত), কিন্তু ঈশ্বৰক তেওঁৰ নিজৰ পিতৃ বুলি কৈছিল, তেওঁ নিজকে ঈশ্বৰৰ সমান কৰি পেলাইছিল(৫:১৮)।

John 5:19-20

যীচুৱে কি কৰিছিল?

পিতৃয়ে যি কৰি আছিল তেওঁ তাকেই কৰিছিল(৫:১৯)।

John 5:21-23

পিতৃয়ে পুত্ৰক কি মহান চিন দেখুৱাব যাতে যিহুদী নেতাবিলাকে আচৰিত হ'ব?

পিতৃয়ে মৃতবিলাকক জীয়াই তোলে আৰু সিহঁতক জীৱন দিয়ে, সেইদৰে পুত্ৰইয়ো যাকে ইচ্ছা কৰে তাকেই জীৱন দিব পাৰে(৫:২০-২১)।

পিতৃয়ে সকলো সোধবিচাৰৰ ভাৰ পুত্ৰক কিয় দিলে?

পিতৃয়ে সকলো সোধবিচাৰৰ ভাৰ পুত্ৰক দিলে যাতে সকলোৱে পিতৃক সমাদৰ কৰাৰ দৰে পুত্ৰকো সমাদৰ কৰে(৫:২২-২৩)।

যদি তুমি পুত্ৰক সমাদৰ নকৰা তেতিয়া কি হ'ব?

যদি তুমি পুত্ৰক সমাদৰ নকৰা, যিজনে তেওঁক পঠাইছে সেই পিতৃকো তুমি সমাদৰ নকৰা(৫:২৩)।

John 5:24-25

যদি তুমি যীচুৰ বাক্য বিশ্বাস কৰা আৰু যিজনে তেওঁক পঠাইছে সেই পিতৃকো বিশ্বাস কৰা তেতিয়া কি হ'ব?

যদি সেয়ে হয়, তোমাৰ অনন্তজীৱন হ'ব আৰু দণ্ডাজ্ঞা দিয়া নহ'ব কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হৈ যাব(৫:২৪)।

John 5:26-27

পিতৃয়ে পুত্ৰক তেওঁ নিজৰ জীৱনত থাকিবলৈ দিলে(৫:২৬)।

মৈদামত যিবিলাক আছে সিহঁতে যদি পিতৃৰ মাত শুনে তেতিয়া কি হ'ব?

John 5:28-29

মৈদামত যিবিলাক আছে সিহঁতে যদি পিতৃৰ মাত শুনে তেতিয়া কি হ'ব?

তেওঁলোক ওলাই আহিব। সুকৰ্ম কৰাবিলাকে জীৱনৰ পুনৰুত্থানলৈ আৰু কু-কৰ্ম কৰাবোৰে সোধবিচাৰৰ পুনৰুত্থানলৈ ওলাই আহিব(৫:২৮-২৯)।

John 5:30-35

যীচুৰ সোধ-বিচাৰ কিয় ন্যায়বিচাৰ হয়?

যীচুৰ সোধবিচাৰ ন্যায়ৱান কাৰণ তেওঁৰ নিজৰটো নিবিচাৰে কিন্তু যিজনে তেওঁক পঠালে সেই পিতৃৰহে বিচাৰে(৫:৩০)।

John 5:36-38

মানুহৰ পৰা নোহোৱাকৈ যীচুৰ বিষয়ে কি দুটা বিষয় সাক্ষ্য দিয়া দিয়া হৈছিল?

যীচুৱে কৰা কাম বোৰ, যিটো পিতৃয়ে তেওঁক সম্পন্ন কৰিবলৈ দিছিল, সেইটোৱে সাক্ষ্য দিয়ে যে তেওঁক পিতৃৰ পৰা পঠিওৱা হৈছিল। তদুপৰি যীচুৰ বিষয়ে পিতৃয়ে নিজেই সাক্ষ্য দিছিল(৫:৩৪-৩৭)।

পিতৃৰ মাত আৰু তেওঁৰ ৰূপ কোনে কেতিয়াও দেখা নাছিল?

যিহুদী নেতাবিলাকে তেওঁৰ মাত কেতিয়াও শুনা নাছিল আৰু তেওঁৰ ৰূপ কেতিয়াও দেখা নাছিল(৫:৩৭)।

John 5:39-42

যিহুদী নেতাবিলাকে শাস্ত্ৰ কিয় বিচাৰিছিল?

তেওঁলোকে সেই শাস্ত্ৰবোৰ বিচাৰে কাৰণ তেওঁলোকে ভাবে যে তাত তেওঁলোকৰ অনন্তজীৱন আছে(৫:৩৯)।

সেই শাস্ত্ৰই কাৰ বিষয়ে সাক্ষ্য দিয়ে?

সেই শাস্ত্ৰই যীচুৰ বিষয়ে সাক্ষ্য দিয়ে(৫:৩৯)।

John 5:43-44

যিহুদী নেতাবিলাকে কাৰ পৰা প্ৰশংসা নিবিচাৰে?

তেওঁলোকে কেৱল ঈশ্বৰৰ পৰা অহা প্ৰশংসা নিবিচাৰে(৫:৪৪)।

John 5:45-47

পিতৃৰ আগত কোনে যিহুদী নেতাবিলাকক দোষ ধৰিব?

মোচিয়েহে যিহুদী নেতাবিলাকক পিতৃৰ আগত দোষ ধৰিব(৫:৪৫)।

যিহুদী নেতাবিলাকে মোচিক বিশ্বাস কৰাহেঁতেন কি কৰিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল, যিহুদী নেতাবিলাকে মোচিক বিশ্বাক কৰা হ'লে যীচুক বিশ্বাস কৰিলেহেতেঁন কাৰণ মোচিয়ে যীচুৰ বিষয়ে লিখিছিল(৫:৪৬-৪৭)।

John 6

John 6:1-3

গালীল সাগৰৰ আন এটা নাম কি আছিল?

গালীল সাগৰক তিবিৰিয়া সাগৰ বুলিও কোৱা হৈছিল(৬:১)।

এক বিশাল লোকদল যীচুৰ পাছে পাছে কিয় গৈছিল?

তেওঁলোকে যীচুৰ পাছে পাছে গৈছিল কাৰণ যীচুৱে যিবিলাক ৰোগীৰ ওপৰত আচৰিত কাম কৰিছিল সেইবোৰ তেওঁলোকে দেখিছিল (৬:২)।

John 6:4-6

যীচুৱে শিষ্যবিলাকৰ লগত পৰ্বতৰ ওপৰত বহাৰ পাছত আৰু চকু তুলি ওপৰলৈ চোৱাত তেওঁ কি দেখিছিল?

এক বিশাল লোকসমুহ তেওঁৰ ওচৰলৈ আহি থকা তেওঁ দেখিছিল(৬:৪-৫)।

যীচুৱে ফিলিপক কিয় সুধিছিল, "এই লোকবিলাকে খাবলৈ আমি পিঠা ক'ত কিনিবলৈ যাম?"

যীচুৱে ফিলিপক পৰীক্ষা কৰিবলৈ এইটো সুধিছিল(৬:৫-৬)।

John 6:7-9

যীচুৰ

প্ৰতি ফিলিপৰ প্ৰত্যুত্তৰ কি আছিল, "এই লোকবিলাকে খাবলৈ আমি পিঠা ক'ত কিনিবলৈ যাম?"

ফিলিপে কৈছিল, "দুশ ডিনাৰী(আধলি) মূল্যৰ পিঠা হ'লেও প্ৰত্যেকৰ বাবে অলপকৈয়ো দিবলৈ যথেষ্ট নহ'ব" (৬:৭)।

যীচুৰ

প্ৰতি আন্দ্ৰিয়ৰ প্ৰত্যুত্তৰ কি আছিল, "এই লোকবিলাকে খাবলৈ আমি পিঠা ক'ত কিনিবলৈ যাম?"

আন্দ্ৰিয়ই কৈছিল, " ইয়াত এনে এটি ল'ৰা আছে যাৰ পাঁচটা পিঠা আৰু দুটা মাছ আছে, কিন্তু ইমান মানুহৰ মাজত এইয়ো কি হ'ব?" (৬:৮-৯)।

John 6:10-12

সেই ঠাইত প্ৰায় কিমান পুৰুষ মানুহ আছিল?

সেই ঠাইত প্ৰায় পাঁচ হাজাৰ পুৰুষ মানুহ আছিল(৬:১০)।

যীচুৱে সেই পিঠা আৰু মাছ লৈ কি কৰিছিল?

যীচুৱে পিঠা লৈছিল আৰু ধন্যবাদ দিয়াৰ পাছত, যিবিলাকে তাত বহি আছিল তেওঁলোকক বিলাই দিছিল। সেই একেদৰেই তেওঁ মাছকো বিলাই দিছিল(৬:১১)।

মানুহবিলাকে কিমানকৈ খাবলৈ পাইছিল?

তেওঁলোকে যিমান পাৰে সিমানকৈ খাবলৈ পাইছিল(৬:১১)।

John 6:13-15

সেই আহাৰ খোৱাৰ পাছত কিমান পৰিমাণে বাকী থাকি গ'ল?

শিষ্যবিলাকে যৱৰ ভঙা পিঠাৰ পৰা বাকী থকা বাৰটা পাছি পূৰ কৰিছিল- যিবিলাকে খাইছিল তাৰ ভাঙি থাকি যোৱাৰ অংশ আছিল (৬:১৩)।

যীচুৱে পৰ্বতৰ ফালে আকৌ কিয় নিজকে আঁতৰাই নিছিল?

যীচুৱে নিজকে আঁতৰাই নিছিল কাৰণ তেওঁ উপলব্ধি কৰিছিল যে মানুহবিলাকে, তেওঁ কৰা এই আচৰিত চিন (পাঁচ হাজাৰক খুউৱা) দেখাৰ পাছত, তেওঁক জোৰকৈ ধৰি নিবলৈ যুগুত কৰিব আৰু তেওঁক ৰজা পাতিব।(৬:১৪-১৫)।

John 6:16-18

শিষ্যবিলাকে নাঁৱত উঠা আৰু কফৰনাহুমলৈ যাত্ৰা কৰাৰ পাছত বতৰৰ কি পৰিৱৰ্তন ঘটিছিল?

প্ৰচণ্ড বতাহ ব’বলৈ আৰম্ভ কৰিছিল আৰু সাগৰখন অস্থিৰ হৈ পৰিছিল(৬:১৮)।

John 6:19-25

শিষ্যসকলে কিয় ভয় কৰিবলৈ আৰম্ভ কৰিছিল?

তেওঁলোকে ভয় কৰিছিল কাৰণ যীচুৱে সাগৰৰ ওপৰত খোজকাঢ়ি নাঁৱৰ ওচৰলৈ আহি আছিল(৬:১৯)।

যীচুৱে শিষ্যসকলক কি কৈছিল যে তেওঁলোকে তেওঁক নাঁৱত গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিছিল?

যীচুৱে তেওঁলোকক কৈছিল, "এইজন মইহে, ভয় নকৰিবা"(৬:২০)।

John 6:26-27

সেই ভীৰৰ লোকবিলাকে যীচুক বিচাৰি ফুৰাৰ কাৰণ কি বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল তেওঁলোকে আচৰিত চিন দেখাৰ কাৰণে তেওঁক বিচৰা নাছিল, কিন্তু তেওঁলোকে কিছুমান পিঠা খাইছিল আৰু খাই তৃপ্ত হৈছিল(৬:২৬)।

যীচুৱে সেই ভীৰৰ লোকবিলাকক কি কৈছিল যে তেওঁলোকে কিহৰ বাবে কাম কৰা উচিত আৰু কিহৰ বাবে কৰা অনুচিত?

যীচুৱে কৈছিল যে যি আহাৰ ক্ষয়নীয় তাৰ বাবে কাম কৰা বন্ধ কৰক, কিন্তু যি আহাৰ অনন্তজীৱনলৈকে থাকে তাৰ বাবে কাম কৰক (৬:২৭)।

John 6:28-31

সেই ভীৰৰ বাবে যীচুৱে কৰ্মৰ সংজ্ঞা কেনেকৈ দিছিল?

যীচুৱে ভীৰৰ লোকবিলাকক কৈছিল, "ঈশ্বৰৰ কৰ্ম হৈছে তেওঁ যিজনক পঠালে সেই জনক বিশ্বাস কৰিব লাগে"(৬:২৯)।

John 6:32-34

সেই ভীৰৰ লোকবিলাকে তেওঁলোকৰ পূৰ্ব পিতৃসকলে তেওঁলোকক খাবলৈ দিয়া স্বৰ্গীয় পিঠাৰ দৰে মান্নাৰ নিচিনা এটা চিনৰ বিষয়ে যেতিয়া যীচুক সুধি আছিল, যীচুৱে তেতিয়া কি পিঠাৰ বিষয়ে কৈছিল?

যীচুৱে পিতৃৰ পৰা পোৱা প্ৰকৃত পিঠাৰ বিষয়ে কৈছিল যিয়ে এই জগতক জীৱন দিয়ে। যীচুৱে তেতিয়া তেওঁলোকক কৈছিল যে, তেওঁৱেই হৈছে জীৱনৰ আহাৰ(৬:৩০-৩৫)।

John 6:35-37

যীচুৰ ওচৰলৈ কোন আহিব?

যিসকলক পিতৃয়ে দিছে সেই সকলোৱেই তেওঁৰ ওচৰলৈ আহিব(৬:৩৭)।

John 6:38-42

যিজনে যীচুক পঠালে সেই পিতৃৰ ইচ্ছা কি আছিল?

পিতৃৰ ইচ্ছা আছিল যে যীচুৱে পিতৃয়ে দিয়া কাকো নেহেৰুৱাই আৰু প্ৰতিজনে সেই পুত্ৰক দেখি আৰু তেওঁত বিশ্বাস কৰে, তেওঁৰ অনন্তজীৱন আছে আৰু যীচুৱে শেষৰ দিনা তেওঁক তুলিব(৬:৩৯-৪০)।

John 6:43-45

এজন মানুহে যীচুৰ ওচৰলৈ কেনেকৈ আহিব পাৰে?

এজন মানুহে যীচুৰ ওচৰলৈ আহিব পাৰে যদিহে তেওঁক পিতৃয়ে আকৰ্ষণ কৰে(৬:৪৪)।

John 6:46-49

পিতৃক কোনে দেখিলে?

যিজন পিতৃৰ পৰা আহিছে তেওঁৱেহে পিতৃক দেখিলে(৬:৪৬)।

John 6:50-51

যীচুৱে জগতৰ জীৱনৰ বাবে দিয়া এই পিঠাটো কি?

যীচুৱে জগতৰ জীৱনৰ বাবে দিয়া এই পিঠা হৈছে তেওঁৰ মাংস (শৰীৰ) (৬:৫১)।

John 6:52-53

এই জীৱন তোমাত থাকিবলৈ তুমি কি কৰিব লাগে?

তোমাতেই জীৱন থাকিবলৈ হ'লে তুমি মানুহৰ পুত্ৰৰ মাংস খাব লাগে আৰু তেওঁৰ তেজ পান কৰিব লাগে(৬:৫৩)।

John 6:54-56

আমি যীচুত কেনেকৈ থাকিব পাৰো আৰু যীচুৱে আমাত কেনেকৈ থাকিব পাৰে?

যদি আমি তেওঁৰ মাংস খাওঁ আৰু তেওঁৰ তেজ পান কৰো আমি যীচুত থাকিব পাৰো আৰু তেওঁ আমাত থাকিব পাৰে(৬:৫৬)।

John 6:57-63

যীচুৱে কিয় জীয়াই আছে?

পিতৃৰ কাৰণে যীচুৱে জীয়াই আছে(৬:৫৭)।

John 6:64-65

এজন মানুহে যীচুৰ ওচৰলৈ কেনেকৈ আহিব পাৰে?

এজন মানুহে যীচুৰ ওচৰলৈ আহিব পাৰে যদিহে তেওঁৰ পিতৃয়ে আকৰ্ষণ কৰে(৬:৪৪)।

John 6:66-69

যেতিয়া যীচুৱে সেই বাৰজনক সুধিছিল, "তোমালোকেও যাবলৈ বিচাৰা নে, তোমালোকে?", কোনে উত্তৰ দিছিল আৰু তেওঁ কি কৈছিল?

চিমোন পিতৰে তেওঁক উত্তৰ দিছিল আৰু কৈছিল, "প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ বাক্য আপোনাৰ ওচৰতহে আছে, আৰু আমি বিশ্বাস কৰিছোঁ আৰু জানিব পাৰিলো যে আপুনিয়েই ঈশ্বৰৰ পৰা অহা পবিত্ৰ জনা" (৬:৬৭-৬৯)।

John 6:70-71

যীচুৱে কি বুজাইছিল যেতিয়া তেওঁ কৈছিল বাৰজনৰ মাজৰ এজন চয়তান আছিল?

ঈস্কৰিয়োতীয়া চিমোনৰ পুতেক যিহুদাৰ বিষয়ে যীচুৱে কৈছিল, কিয়নো এইজনেই তেওঁ, বাৰজন মাজৰ এজন যিজনে যীচুক প্ৰবঞ্চনা কৰিব(৬:৭০-৭১)।

John 7

John 7:1-2

যীচুৱে যিহোদীয়ালৈ যাবলৈ কিয় ইচ্ছা কৰা নাছিল?

যীচুৱে যিহোদীয়ালৈ যাবলৈ ইচ্ছা কৰা নাছিল কাৰণ যিহুদীবিলাকে তেওঁক বধ কৰিবলৈ বিচাৰিছিল(৭:১)।

John 7:3-4

যীচুৰ ভায়েকবিলাকে তেওঁক যিহুদীয়ালৈ আশ্ৰয় পৰ্বলৈ যাবলৈ কিয় খাটনি ধৰিছিল?

সিহঁতে তেওঁক তালৈ যাবলৈ খাটনি ধৰিছিল যাতে শিষ্যবিলাকে তেওঁ কৰি থকা কৰ্মবোৰ দেখিবলৈ পায় আৰু জগতখনে যেন তেওঁক জানে(৭:২-৪)।

John 7:5-9

যীচুৱে সেই পৰ্বলৈ নোযোৱাৰ কাৰণ কি বুলি দিছিল?

যীচুৱে তেওঁৰ ভায়েকবিলাকক কৈছিল তেওঁৰ সময় এতিয়াও হোৱা নাই আৰু তেওঁৰ সময় এতিয়াও পৰিপূৰ্ণ হোৱা নাছিল(৭:৬ আৰু ৮)।

জগতখনে যীচুক কিয় ঘৃণা কৰে?

যীচুৱে কৈছিল জগতখনে তেওঁক ঘৃণা কৰে কাৰণ তেওঁ এই জগতখনৰ বিষয়ে সাক্ষ্য দিছে যে ইয়াৰ কৰ্মবোৰ মন্দ(৭:৭)।

John 7:10-11

যীচুৱে কেতিয়া আৰু কেনেকৈ সেই পৰ্বলৈ গ'ল?

যীচুৱে তেওঁৰ ভায়েকবিলাকে সেই পৰ্বলৈ যোৱাৰ পাছত তেওঁ গৈছিল, লোকে দেখাকৈ নহয় কিন্তু ব্যক্তিগতভাবে গৈছিল(৭:১০)।

John 7:12-13

সেই ভীৰৰ মানুহবিলাকে যীচুৰ বিষয়ে কি কৈছিল?

কিছুমানে কৈছিল, "তেওঁ এজন ভাল মানুহ।" আনবিলাকে কৈছিল, " নহয়, তেওঁ লোকবিলাকক ভুলাইছেহে" (৭:১২)।

যীচুৰ বিষয়ে মুকলিকৈ কোনেও কিয় একো কোৱা নাছিল?

এইটো মাত্ৰ যিহুদীবিলাকৰ ভয়ত কোনেও মুকলিকৈ যীচুৰ বিষয়ে একো কোৱা নাছিল(৭:১৩)।

John 7:14-16

যীচুৱে মন্দিৰলৈ কেতিয়া উঠি গৈছিল আৰু শিক্ষা দিবলৈ আৰম্ভ কৰিছিল?

যেতিয়া পৰ্বৰ ঠিক মাজভাগ হৈছিল যীচুৱে মন্দিৰলৈ উঠি গৈছিল আৰু শিক্ষা দিবলৈ আৰম্ভ কৰিছিল(৭:১৪)।

John 7:17-18

যীচুৱে কেনেকৈ কৈছিল কোনোৱে কেনেকৈ জানিব যে তেওঁৰ শিক্ষাবোৰ ঈশ্বৰৰ পৰা আহিছে নে, নাইবা যীচুৱে নিজৰ পৰা কৈছে?

যীচুৱে কৈছিল যিজনে যীচুক পঠালে, কোনোৱে যদি সেই ব্যক্তিজনৰ ওপৰত ইচ্ছা পালন কৰিবলৈ ইচ্ছা কৰে, তেওঁ এই শিক্ষাটো জানিব যে, এইটো ঈশ্বৰৰ পৰা আহিছেনে নাই তাক জানিব(৭:১৭)।

যিজনে তেওঁক পঠালে তেওঁৰ মহিমা কৰিবলৈ যিজনে বিচাৰে সেই বিষয়ে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল যে সেই ব্যক্তিজন সত্য আৰু তেওঁত একো অধাৰ্মিকতা নাই(৭:১৮)।

John 7:19-22

যীচুৰ মতে কোনে বিধান পালন কৰে?

যীচুৱে কৈছিল তোমালোকৰ কোনেও বিধান পালন নকৰা(৭:১৯)।

John 7:23-24

বিশ্ৰামবাৰত সুস্থ কৰা বিষয়ে যীচুৰ যুক্তি কি আছিল?

যীচুৰ যুক্তিটো হৈছে যে, তোমালোকে বিশ্ৰামবাৰতো এজন মানুহৰ চুন্নত কৰোওৱা যাতে মোচিৰ বিধান উলঙ্ঘন নহয়। মই এজন মানুহক বিশ্ৰাম বাৰত সম্পুৰ্ণৰূপে সুস্থ কৰিলো তেনেহ'লে মোক কিয় খং কৰিছা(৭:২২-২৩)।

যীচুৱে মানুহবিলাকক কেনেকৈ বিচাৰ কৰিবলৈ কৈছিল?

যীচুৱে সিহঁতক কৈছিল বাহিৰে বাহিৰে চাই বিচাৰ নকৰিবা, কিন্তু ন্যায়ৰূপে বিচাৰ কৰা(৭:২৪)।

John 7:25-29

যীচুৱেই যে খ্ৰীষ্ট হয় সেইটো বিশ্বাস নকৰিবলৈ মানুহবিলাকে কৰা যুক্তিবিলাকৰ এটা কি আছিল?

মানুহবিলাকে কৈছিল যে যীচু ক'ৰ পৰা আহিছে তাক জানে কিন্তু যেতিয়া খ্ৰীষ্ট আহিব তেওঁলোকে কৈছিল তেওঁ ক'ৰ পৰা আহিব তাক কোনেও নাজানিব(৭:২৭)।

John 7:30-34

যীচুক বন্দী কৰিবলৈ বিষয়াবিলাকক কোনে পঠাইছিল?

প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে যীচুক বন্দী কৰিবলৈ বিষয়াবিলাকক পঠাইছিল(৭:৩২)।

John 7:35-38

যিহুদীবিলাকে বুজি পাইছিল নে যীচুৱে যি বুজাইছিল যেতিয়া তেওঁ কৈছিল, " মই তোমালাকৰ লগত অলপ কালহে আছো, আৰু যি জনে মোক পঠালে মই তালৈ গৈ আছোঁ। তোমালোকে মোক বিচাৰিবা কিন্তু মোক নাপাবা; মই য'লৈ গৈ আছোঁ, তোমালোকে তালৈ আহিবও নোৱাৰিবা।" ?

তেওঁলোকে নিজৰ মাজতে কৰা কথা-বতৰাত তেওঁলোকে এইটোকে বুজাইছিল যে তেওঁলোকে যীচুৱে কোৱা বাক্যটো বুজি পোৱা নাছিল(৭:৩৫-৩৬)।

John 7:39-44

যীচুৱে কি নিৰ্দেশ কৰিছিল যেতিয়া তেওঁ কৈছিল, "যদি কাৰোবাৰ পিয়াহ লাগে, তেওঁক মোৰ ওচৰলৈ আহিব দিয়ক আৰু পান কৰক। যি জনে মোত বিশ্বাস কৰে, শাস্ত্ৰই কোৱাৰ দৰে, তেওঁৰ ভিতৰৰ পৰা জীৱন জলৰ নৈ বৈ যাব।" ?

যীচুৱে এইটো আত্মাৰ বিষয়ে কৈছিল, যিবিলাকে তেওঁক বিশ্বাস কৰে তেওঁ তাক পাব(৭:৩৯)।

John 7:45-49

সেই বিষয়াবিলাকে প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকক যিবিলাকে তেওঁলোকক পঠাইছিল সিহঁতক কি উত্তৰ দিছিল, " তোমালোকে তাক (যীচুক) কিয় নানিলি?"

বিষয়াসকলে উত্তৰ দিছিল, " এইজনৰ দৰে আগেয়ে কোনেও কথা কোৱা নাছিল" (৭:৪৫)।

John 7:50-53

নীকদীমে ফৰীচীবিলাকক কেনেকৈ উত্তৰ দিছিল যেতিয়া ফৰীচীবিলাকে যীচুক বন্দী কৰিবলৈ পঠোৱা বিষয়াবিলাকক সুধিছিল, "তহঁতো ভোল গলি নেকি? কোনোবা অধিপতিয়ে বিশ্বাস কৰিছিল নে নাইবা কোনোবা ফৰীচীয়ে?..."

নীকদীমে ফৰীচীবিলাকক কৈছিল, প্ৰথমে কোনোবা মানুহৰ কথা নুশুনিলে আৰু তেওঁ কি কৰে তাক নাজানিলে আমাৰ বিধানে কাৰোবাক দোষী বুলি বিচাৰ কৰে নে?(৭:৫০-৫১)।

John 8

John 8:1-3

যীচুৱে যেতিয়া মন্দিৰত মানুহবিলাকক শিক্ষা দি আছিল সেই অধ্যাপক আৰু ফৰীচীবিলাকে কি কৰি আছিল?

তেওঁলোকে ব্যভিচাৰ কৰ্মত ধৰা পৰা এগৰাকী মহিলাক আনিছিল আৰু তাইক সিহঁতৰ মাজতে থৈছিল আৰু তাইক বিষয়ে (তাইক বিচাৰ কৰিবলৈ) কি কৰিব লাগে যীচুক সুধিছিল(৮:২-৩)।

John 8:4-6

সেই অধ্যাপক আৰু ফৰীচীবিলাকে আচলতে এই মহিলা গৰাকীক যীচুৰ ওচৰলৈ কিয় আনিছিল?

সিহঁতে এই মহিলাগৰাকীক যীচুৰ ওচৰলৈ আনিছিল যাতে তেওঁক ফান্দত পেলাই তেওঁৰ বিষয়ে কিবা দোষ জাপি দিব পাৰে.... (৮:৬)।

John 8:7-8

যীচুৱে সেই অধ্যাপক আৰু ফৰীচীবিলাকক কি কৈছিল যেতিয়া সিহঁতে সেই ব্যভিচাৰ কৰ্ম্মত ধৰা পৰা মহিলা গৰাকীৰ বিষয়ে সুধি আছিল?

যীচুৱে সিহঁতক কৈছিল, "তোমালোকৰ মাজত যি জন নিষ্পাপী, তেওঁৱেই প্ৰথমে তাইলৈ শিল দলিয়াওক" (৮:৭)।

John 8:9-11

যীচুৱে সেই মানুহবিলাকক সেই ব্যভিচাৰ কৰ্মত ধৰা পৰা মহিলা গৰাকীক কোনে প্ৰথমে শিল দলিওৱা উচিত সেই কথা কোৱাৰ পাছত সিহঁতে কি কৰিছিল?

যীচুৱে কোৱাৰ পাছত তেওঁলোকে এজন এজনকৈ আৰম্ভ কৰি ডাঙৰৰপৰা সৰুলৈকে সকলোৱে ওলাই গুচি গৈছিল(৮:৯)।

যীচুৱে সেই মহিলা গৰাকীক (ব্যভিচাৰত ধৰা পৰা) কি কৰিবলৈ কৈছিল?

যীচুৱে তাইক তাৰ পৰা যাবলৈ কৈছিল আৰু কৈছিল এতিয়াৰ পৰা আৰু পাপ নকৰিবা(৮:১১)।

John 8:12-16

যীচুৱে, "মই এই জগতৰ পোহৰ, যি কোনোৱে মোৰ পাছে পাছে আহে তেওঁ আন্ধাৰত নুফুৰিব কিন্তু জীৱনৰ পোহৰ পাব" এই বুলি কোৱাৰ পাছত ফৰীচীবিলাকৰ অভিযোগটো কি আছিল?

ফৰীচীবিলাকে কৈছিল যে যীচুৱে নিজৰ বিষয়ে সাক্ষ্য বহন কৰিছে আৰু তেওঁৰ সেই সাক্ষ্য সত্য নাছিল(৮:১৩)।

John 8:17-22

যীচুৱে তেওঁ দিয়া সাক্ষ্যৰ বিষয়ে সত্য বুলি কেনেকৈ নিজৰ পক্ষে উত্তৰ দিছিল?

যীচুৱে কৈছিল যে তেওঁলোকৰ বিধানত এইটো লিখা আছে যে দুজন মানুহৰ সাক্ষ্য সত্য হয়। তেতিয়া তেওঁ কৈছিল যে তেওঁ আৰু তেওঁক পঠোৱা সেই পিতৃ দুয়োজনে যীচুৰ বিষয়ে সাক্ষ্য বহন কৰিছে(৮:১৭-১৮)।

John 8:23-24

কিহৰ ভিত্তিত যীচুৱে ফৰীচীবিলাকৰ বিষয়ে এই বাক্য উল্লেখ কৰিছিল যে তেওঁলোকে তেওঁলোকৰ পাপতে মৰিব?

যীচুৱে তেওঁলোকৰ প্ৰতি থকা জ্ঞানৰ ভিত্তিত এই বাক্য উল্লেখ কৰিছিল, যে তেওঁলোক তলৰ পৰা হৈছে, তেওঁ ওপৰৰ পৰা হৈছে। তেওঁলোক এই জগতৰ আৰু তেওঁ এই জগতৰ নাছিল(৮:২৩-২৪)।

ফৰীচীবিলাকে তেওঁলোকৰ নিজ নিজ পাপতে মৰাৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰে?

যীচুৱে কৈছিল, তেওঁলোকে যীচুৱেই যে সেইজনা সেই কথা বিশ্বাস নকৰালৈকে তেওঁলোকৰ পাপতে মৰিব(৮:২৪)।

John 8:25-27

যীচুৱে এই জগতখনক কি বিষয়বোৰ কৈছিল?

যীচুৱে পিতৃৰ পৰা যিবোৰ শুনিছিল সেইবোৰকহে তেওঁ এই জগতখনক কৈছিল(৮:২৬-২৭)।

John 8:28-30

সেই পিতৃ যিজনাই যীচুক পঠাইছিল কিয় তেওঁৰ লগত আছিল আৰু তেওঁক অকলশৰীয়াকৈ এৰা নাছিল?

সেই পিতৃ যীচুৰ লগত আছিল আৰু তেওঁক অকলশৰীয়াকৈ এৰা নাছিল কাৰণ যীচুৱে সদায় সেই পিতৃৰ সন্তোষজনক কাৰ্য কৰিছিল(৮:২৯)।

John 8:31-33

যীচুৱে কেনেকৈ কৈছিল যি যিহুদীবিলাকে তেওঁক বিশ্বাস কৰিছিল, তেওঁলোক তেওঁৰ প্ৰকৃত শিষ্য বুলি কেনেকৈ জানিব পাৰিব?

যদি তেওঁৰ বাক্যতে সঁচাঁকৈ তেওঁলোকে যদি থাকে, তেন্তে তেওঁলোক প্ৰকৃত শিষ্য বুলি জানিব পাৰিব(৮:৩১)।

যি যিহুদীবিলাকে যীচুত বিশ্বাস কৰিছিল, তেওঁলোকে কি ভাবিছিল যেতিয়া যীচুৱে নিৰ্দেশ কৰি কৈছিল যে "... আৰু তোমালোকে সত্যক জানিবা আৰু সেই সত্যই তোমালোকক মুক্ত কৰিব" ?

যিহুদীবিলাকে ভাবিছিল যে যীচুৱে কোৱা কথাটো তেওঁলোকে দাসত্ত্বৰ অধীন নাইবা মানুহৰ বন্ধনত থকা(৮:৩৩)।

John 8:34-36

যেতিয়া যীচুৱে কৈছিল তেতিয়া তেওঁ কি নিৰ্দেশ কৰিছিল যে "... আৰু তোমালোকে সত্যক জানিবা আৰু সেই সত্যই তোমালোকক মুক্ত কৰিব" ?

পাপৰ বন্ধনৰ পৰা মুক্ত হোৱাৰ বিষয়ে যীচুৱে নিৰ্দেশ কৰিছিল(৮:৩৪)।

John 8:37-38

যীচুৰ মতে যিহুদীবিলাকে তেওঁক বধ কৰিবলৈ বিচাৰি ফুৰাৰ কাৰণ কি আছিল?

সিহঁতে যীচুক বধ কৰিবলৈ বিচাৰি ফুৰাৰ কাৰণ হৈছে সিহঁতত তেওঁৰ বাক্যই ঠাই নাপায়(৮:৩৭)।

John 8:39-41

যীচুৱে কিয় কৈছিল এই যিহুদীবিলাক অব্ৰাহামৰ সন্তান নহয়?

যীচুৱে কৈছিল এই যিহুদীবিলাক অব্ৰাহামৰ সন্তান নহয় কাৰণ সিহঁতে অব্ৰাহামৰ কৰ্ম কৰা নাছিল। তাৰ পৰিৱৰ্ত্তে সিহঁতে যীচুক বধ কৰিবলৈ বিচাৰিছিল(৮:৩৯-৪০)।

John 8:42-44

যেতিয়া এই যিহুদীবিলাকে কৈছে যে, তেওঁলোকৰ এজন পিতৃ আছে, তেওঁ ঈশ্বৰ, যীচুৱে তেওঁলোকক কেনেকৈ মিছা বুলি প্ৰমাণ কৰিছে?

যীচুৱে তেওঁলোকক কৈছিল, " যদি ঈশ্বৰ তোমালোকৰ পিতৃ হয়, তোমালোকে মোক প্ৰেম কৰিবা, কিয়নো মই ওলাই আহিছো আৰু ঈশ্বৰৰ পৰা আহিছোঁ; কাৰণ মই নিজে অহা নাই, কিন্তু তেওঁ মোক পঠালে" (৮:৪২)।

যিহুদীবিলাকৰ পিতৃ কোন বুলি যীচুৱে কৈছে?

যীচুৱে কৈছে যে, তেওঁলোকৰ পিতৃ হৈছে চয়তান(৮:৪৪)।

সেই চয়তানৰ বিষয়ে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল সেই চয়তান আদিৰে পৰা এটা নৰবধী আৰু সি সত্যত নাথাকে কাৰণ তাত সত্যতা নাই। যেতিয়া সেই চয়তানে মিছা কয় তাৰ নিজৰ স্বভাৱৰ পৰা কয় কাৰণ সি এটা মিছলীয়া আৰু সি তাৰ বাপেক।(৮:৪৪)।

John 8:45-49

ঈশ্বৰৰ বাক্য কোনবিলাকে শুনে?

যিজন ঈশ্বৰৰ পৰা হয় তেওঁ ঈশ্বৰৰ বাক্য শুনে(৮:৪৭)।

John 8:50-51

যীচুৱে কি কৈছে যদি কোনোৱে যীচুৰ বাক্য মানে তেওঁৰ কি হ'ব?

যদি কোনোৱে যীচুৰ বাক্য মানে, তেওঁ কেতিয়াও মৃত্যু নেদেখিব(৮:৫১)।

John 8:52-56

কেতিয়াও মৃত্যু নেদেখিব বুলি যীচুৱে কোৱা বাক্যটো কোনো সামজঞ্জ্য নাই বুলি যীহুদিবিলাকে কিয় ভাবিছিল?

তেওঁলোকে এইটো ভাবিছিল কাৰণ তেওঁলোকে শৰীৰৰ শাৰীৰিক মৃত্যুৰ বিষয়ে ভাবিছিল। আনকি অব্ৰাহাম আৰু সেই ভাববাদীসকল মৰিছিল (তেওঁলোকৰ শাৰীৰিক মৃত্যু) {৮:৫২-৫৩}।

John 8:57-59

অব্ৰাহাম এতিয়াও জীয়াই আছে আৰু যীচু অব্ৰাহামতকৈ মহান বুলি যীচুৱে কি বাক্য কৈছিল?

যীচুৱে কৈছিল, " তোমালোকৰ ওপৰত পিতৃ অব্ৰাহামে মোৰ দিন দেখিবলৈ উল্লাসিত হৈছিল; তেওঁ তাক দেখিছিল আৰু আনন্দিত হৈছিল" আৰু "মই প্ৰকৃত সত্যকৈ তোমালোকক কওঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰাই মই আছো।" এই বাক্যটোৱে কৈছে যে অব্ৰাহাম এতিয়াও জীয়াই আছে আৰু যীচু তেওঁতকৈ মহান আছিল(৮:৫৬-৫৮)।

John 9

John 9:1-2

শিষ্যবিলাকৰ দ্বাৰা এজন মানুহ উপজাৰে পৰা কিয় অন্ধ হৈ জন্ম হয় তাৰ কি অনুমান কৰা হৈছিল?

শিষ্যবিলাকে এই অনুমানটো কৰিছিল যাৰ কাৰণ হৈছে হয়তো সেই মানুহজনে পাপ কৰিছিল নাইবা তেওঁৰ মাক-দেউতাকে পাপ কৰিছিল(৯:২)।

John 9:3-5

সেই মানুহজন অন্ধ হৈ জন্মাৰ কাৰণ যীচুৱে কি বুলি কৈছিল?

যীচুৱে কৈছে সেই মানুহজন অন্ধ হৈছে যাতে ঈশ্বৰৰ কাৰ্য তেওঁত প্ৰকাশিত হয়(৯:৩)।

John 9:6-7

যীচুৱে সেই অন্ধ মানুহজনক কি কৰিছিল আৰু কি কৈছিল?

যীচুৱে মাটিত থুই পেলাইছিল, তাৰে অলপ বোকা কৰিছিল আৰু মানুহজনৰ চকুত সেই বোকা সানি দিছিল। যীচুৱে তাৰ পাছত সেই মানুহজনক কৈছিল চিলোহ নামে পুখৰীত গৈ ধোৱাগৈ যোৱা(৯:৬-৭)।

সেই অন্ধ মানুহজনে চিলোহ নামে পুখুৰীত গৈ ধোৱাৰ পাছত কি হৈছিল?

তেওঁ দেখা পোৱা হৈ আহিছিল(৯:৭)।

John 9:8-12

যিজনে বহি ভিক্ষা মাগিছিল সেই মানুহজন জন্মৰে অন্ধ আছিল নাই সেইলৈ যেতিয়া এটা মতানৈক্যক সৃষ্টি হ'ল, সেই মানুহজনে কি সাক্ষ্য দিছিল?

মানুহজনে এই সাক্ষ্য দিছিল যে তেওঁৱেই সেই ভিক্ষা মগা অন্ধজন আছিল(৯:৯)।

John 9:13-15

আগৰ সেই অন্ধ মানুহজনৰ লগত থকা মানুহবিলাকে কি কৰিছিল?

তেওঁলোকে সেই মানুহজনক ফৰীচীবিলাকৰ ওচৰলৈ লৈ গৈছিল(৯:১৩)।

সেই সুস্থতা কেতিয়া হৈছিল?

সেই অন্ধ মানুহজনৰ সুস্থতা বিশ্ৰামবাৰে হৈছিল(৯:১৪)।

আগৰ সেই অন্ধ মানুহজনক ফৰীচীবিলাকে কি সুধিছিল?

সি কেনেকৈ দৃষ্টি পালে সেইটো তেওঁলোকে সুধিছিল(৯:১৫)।

John 9:16-18

ফৰীচীবিলাকৰ মাজত কি বিভেদ সৃষ্টি হৈছিল?

কিছুমান ফৰীচীয়ে কৈছিল যীচু ঈশ্বৰৰ পৰা নাছিল কাৰণে সি বিশ্ৰামবাৰকে নামানে (সি বিশ্ৰামবাৰত সুস্থ কৰে) আৰু কিছুমান ফৰীচীয়ে কৈছিল যি মানুহ পাপী এনে এজন মানুহে এই আচৰিত চিনবোৰ কেনেকৈ কৰিব পাৰে(৯:১৬)।

সেই আগৰ অন্ধ হৈ থকা মানুহজনক যেতিয়া সোধা হ'ল তেওঁ যীচুৰ বিষয়ে কি কৈছিল?

সেই আগৰ অন্ধ হৈ থকা মানুহজনে কৈছিল, "তেওঁ এজন ভাববাদী।" (৯:১৭)।

দৃষ্টি পোৱা সেই অন্ধ মানুহজনৰ মাক-দেউতাকক যিহুদীবিলাকে কিয় মাতি আনিছিল?

সিহঁতে সেই মানুহজনৰ মাক-দেউতাকক মাতি আনিছিল কাৰণ তেওঁলোকে তেতিয়াও বিশ্বাস কৰিব পৰা নাছিল যে এই মানুহজন অন্ধ হৈ আছিল(৯:১৮-১৯)।

John 9:19-21

সেই মানুহজনৰ মাক-দেউতাকে তেওঁলোকৰ পুতেকৰ বিষয়ে কি সাক্ষ্য দিছিল?

সেই মাক-দেউতাকে এই সাক্ষ্য দিছিল যে এই মানুহজন আমাৰ পুত্ৰ হয় আৰু সি জন্মৰে পৰা অন্ধ আছিল(৯:২০)।

সেই মানুহজনৰ মাক-দেউতাকে কি নাজানো বুলি কৈছিল?

তেওঁলোকে কৈছিল, সি এতিয়া কেনেকৈ দৃষ্টি পালে বা তাৰ চকু কোনে মুকলি কৰিলে তাক তেওঁলোকে নাজানে(৯:২১)।

John 9:22-23

সেই মানুহজনৰ মাক-দেউতাকে কিয় কৈছিল, "সি এজন বয়সীয়া, তাক সোধা"?

তেওঁলোকে এইটো কৈছিল কাৰণ তেওঁলোকে যীহুদীবিলাকলৈ ভয় কৰিছিল। কিয়নো যিহুদীবিলাকে ইতিমধ্যে এই সহমত হৈছিল যে যদি কোনোৱে যীচুক খ্ৰীষ্ট বুলি স্বীকাৰ কৰে, তেওঁক ধৰ্মধামৰ পৰা বাহিৰ কৰা যাব(৯:২২)।

John 9:24-25

ফৰীচীবিলাকে যেতিয়া সেই অন্ধ মানুহজনক দ্বিতীয়বাৰ মাতি আনিছিল তেওঁক কি কৈছিল?

তেওঁলোকে কৈছিল, "ঈশ্বৰক মহিমান্বিত কৰা। আমি জানো এই মানুহ (যীচু) এজন পাপী।" (৯:২৪)।

ফৰীচীবিলাকে যীচুক পাপী বুলি যেতিয়া কৈছিল সেই আগৰ অন্ধ মানুহজনৰ প্ৰত্যুত্তৰ কি আছিল?

তেওঁ উত্তৰ দিছিল, তেওঁ পাপী হয়নে নহয়, মই নাজানে। মই এটা কথা জানো: মই অন্ধ আছিলো, আৰু এতিয়া মই দেখিবলৈ পাইছোঁ(৯:২৫)।

John 9:26-31

ফৰীচীবিলাকে আগৰ সেই অন্ধ মানুহজনক কিয় ওলোটোকৈ কৈছিল?

ফৰীচীবিলাকে সেই মানুহজনক ওলোটাকৈ কৈছিল কাৰণ তেওঁ কৈছিল, " মই তোমালোকক ইতিমধ্যে ক'লো, আৰু তোমালোকে নুশুনিলা! এতিয়া কিয় আকৌ এইটো শুনিব বিচাৰিছা? তোমালোকেও তেওঁৰ শিষ্য হ'বলৈ নিবিচৰানে, হয় নে?"(৯:২৬-২৮)।

John 9:32-34

ফৰীচীবিলাকে যেতিয়া মানুহজনক ওলোটাকৈ কৈছিল, ফৰীচীবিলাকৰ প্ৰতি সেই অন্ধ মানুহজনৰ তাৎক্ষণিক উত্তৰটো কি আছিল?

সেই মানুহজনৰ তাৎক্ষণিক উত্তৰ দিছিল, "কিয়, এইটো এটা অতি আচৰিত বিষয়, তেওঁ (যীচু) ক'ৰ পৰা হৈছে তাক নাজানা, আৰু তথাপিও তেওঁ মোৰ চকু মুকলি কৰিছিল। আমি জানো যে ঈশ্বৰে পাপীবিলাকৰ কথা নুশুনে, কিন্তু কোনো এজন যদি ঈশ্বৰৰ উপাসক হয় আৰু তেওঁৰ ইচ্ছা পালন কৰে, ঈশ্বৰে তেওঁৰ কথা শুনে। যিহেতু জগতৰ আৰম্ভণীৰ পৰা জন্মৰে অন্ধ এজন মানুহৰ চকু মুকলি কৰা আমি কেতিয়াও শুনা নাই। যদি এই মানুহজন ঈশ্বৰৰ পৰা নহয়, তেওঁ একো কৰিব নোৱাৰিব" (৯:৩০-৩৩)।

ফৰীচীবিলাকে সেই অন্ধ মানুহজনৰ তাৎক্ষণিক উত্তৰটোৰ কি প্ৰত্যুত্তৰ দিছিল?

সিহঁতে কৈছিল যে সি পাপত জন্ম পাইছে আৰু আমাক আৰু তই আমাক শিকাবলৈ সাহস কৰিছনে। তেতিয়া সিহঁতে তাক ধৰ্মধামৰ পৰা বাহিৰ কৰিলে(৯:৩৪)।

John 9:35-38

যীচুৱে কি কৰিছিল যেতিয়া তেওঁ শুনিছিল যে আগতে সুস্থ হোৱা অন্ধ মানুহজনক ধৰ্মধামৰ পৰা বাহিৰ কৰি দিয়া হ'ল?

যীচুৱে সেই মানুহজনক বিচাৰি ফুৰিছিল আৰু তেওঁ পাইছিল(৯:৩৫)।

যীচুৱে সেই আগৰ অন্ধ মানুহ জনক পোৱাৰ পাছত তেওঁক কি কৈছিল?

যীচুৱে সেই মানুহজনক সুধিছিল যে তেওঁ মানুহৰ পুত্ৰক বিশ্বাস কৰিছে নে আৰু তেওঁ কৈছিল সেই আগৰ অন্ধ মানুহজনক কৈছিল তেওঁৱেই (যীচু) সেই মানুহৰ পুত্ৰ(৯:৩৫-৩৬)।

সেই আগৰ অন্ধ মানুহজনে যীচুৱেই যে সেই মানুহৰ পুত্ৰ সেইটো জনাৰ পাছত তেওঁ প্ৰত্যুত্তৰটো কেনে আছিল?

সেই আগৰ অন্ধ মানুহজনে কৈছিল তেওঁ বিশ্বাস কৰিছে আৰু তেওঁ যীচুক উপাসনা কৰিছিল(৯:৩৮)।

John 9:39-41

যীচুৱে ফৰীচীবিলাকৰ পাপৰ বিষয়ে কি কৈছিল?

যীচুৱে তেওঁলোকক কৈছিল, "তোমালোক অন্ধ হোৱা হ'লে, তোমালোকৰ পাপ নহ'লহেঁতেন। যিয়েই নহওক, এতিয়া তোমালোকে কৈছা, 'আমি দেখিছোঁ,' সেয়ে তোমালোকৰ পাপ থাকিল" (৯:৪১)।

John 10

John 10:1-2

যীচুৰ মতে চোৰ আৰু ডকাইত কোন?

যি জনে মেৰৰ গড়াললৈ দুৱাৰেদি নোসোমাই, কিন্তু আন উপায়েৰে আহে সেই মানুহজন এজন চোৰ আৰু এজন ডকাইত(১০:১)।

কোনে মেৰৰ গড়াললৈ দুৱাৰেদি সোমাই?

যিজনে মেৰৰ গড়াললৈ দুৱাৰেদি সোমাই সেই জন মেৰৰ ৰখীয়া(১০:২)।

John 10:3-4

মেৰ ৰখীয়াই মেৰবিলাকক মাতিলে সিহঁত কিয় তেওঁৰ পাছে পাছে যায়?

মেৰবিলাকক মেৰ ৰখীয়াৰ পাছে পাছে যায় কাৰণ সিহঁতে তেওঁৰ মাত বুজি পায়(১০:৩-৪)।

John 10:5-6

মেৰ বিলাকে আন এজনক অনুগমণ কৰিব নে?

নকৰে। সেই মেৰবিলাকে আন এজনৰ পাছে পাছে নাযাব(১০:৫)।

John 10:7-8

যীচু অহা আগতে যিবোৰ আহিছিল সিহঁত কোন?

যীচু অহা আগতে যিবোৰ আহিছিল সেইবোৰ চোৰ আৰু ডকাইত, আৰু মেৰবিলাকে সিহঁতৰ মাত নুশুনিলে(১০:৭)।

John 10:9-10

যীচুৱে কৈছিল তেওঁৱেই দুৱাৰ। যিবিলাকে দুৱাৰেদি সোমাই তেওঁলোকৰ কি হ'ব?

যিবিলাকে যীচুৰ যোগেদি সোমাই, সেই দুৱাৰেৰে, উদ্ধাৰ পাব; তেওঁলোক ভিতৰলৈ সোমাব আৰু বাহিৰলৈ ওলাব আৰু চৰণি পাব(১০:৯)।

John 10:11-13

যীচু, সেই উত্তম মেৰ ৰখীয়াই, মেৰবিলাকৰ বাবে কি কৰিবলৈ ইচ্ছা কৰিছে আৰু মেৰবিলাকৰ বাবে তেওঁ কি কৰিছিল?

যীচু সেই উত্তম মেৰ ৰখীয়াই মেৰ বিলাকৰ বাবে নিজৰ জীৱন দিবলৈ ইচ্ছা কৰিছে আৰু নিজৰ জীৱনকে অৰ্পন কৰি দিছিল(১০:১১ আৰু১৫)।

John 10:14-16

যীচুৰ আন আন মেৰ আছে নে আৰু যদি আছে সেইবিলাকলৈ কি ঘটিব?

যীচুৱে কৈছিল তেওঁৰ আন আন মেৰো আছে সেইবোৰ এই গড়ালৰ নহয়। তেওঁ কৈছিল তেওঁ সেইবোৰকো আনিব লাগে সিহঁতে তেওঁৰ মাত শুনিব যাতে সেইবোৰ এক জাক আৰু এজন ৰখীয়া হৈ যাব(১০:১৬)।

John 10:17-18

পিতৃয়ে যীচুক কিয় প্ৰেম কৰে?

পিতৃয়ে যীচুক প্ৰেম কৰে কাৰণ যীচুৱে নিজৰ জীৱন অৰ্পণ কৰি দিয়ে যাতে তেওঁ এই জীৱন পুনৰাই ল’ব পাৰে(১০:১৭)।

কোনোবাই যীচুৰ পৰা কাঢ়ি লব পাৰে নে?

নাই, নোৱাৰে। তেওঁ এই জীৱন নিজৰ বাবে এৰি দিয়ে(১০:১৮)।

যীচুৱে নিজৰ জীৱন এৰি দিবলৈ আৰু ঘুৰাই ল’বলৈ পোৱা এই ক্ষমতা ক'ৰ পৰা পালে?

যীচুৱে এই ক্ষমতা পিতৃৰ পৰা পালে(১০:১৮)।

John 10:19-21

যীচুৰ বাক্যৰ কাৰণে যিহুদীবিলাকে কি কৈছিল?

অনেকে কৈছিল, "তাৰ এটা ভূত আছে আৰু সি এটা বলীয়া। তোমালোকে তাৰ কথা কি শুনা?" আনবিলাকে কৈছিল, "ভুতে ধৰা মানুহ এজনৰ এনে বাক্য হ’ব পাৰে নে, ভূতে ধৰা মানুহে অন্ধৰ চকু মুকলি কৰিব পাৰে নে?" (১০:১৯-২০)।

John 10:22-24

যিহুদীবিলাকে যীচুক মন্দিৰৰ চলোমনৰ বাৰাণ্ডাত আগুৰি ধৰোঁতে কি কৈছিল?

যিহুদীবিলাকে কৈছিল, তুমি আমাক আৰু কিমান দিন সংশয় কৰাবা? যদি তুমি খ্ৰীষ্ট হোৱা, আমাক স্পষ্টকৈ কোৱা(১০:২৪)।

John 10:25-26

চলোমনৰ বাৰাণ্ডাত যীচুৱে যিহুদীবিলাকক কি উত্তৰ দিছিল?

যীচুৱে কৈছিল যে তেওঁ ইতিমধ্যে তেওঁলোকক কৈছিল (যে তেওঁ খ্ৰীষ্ট) আৰু তেওঁলোকে তেওঁক বিশ্বাস কৰা নাছিল কাৰণ সিহঁত তেওঁৰ মেৰ নাছিল(১০:২৫-২৬)।

John 10:27-28

যীচুৱে তেওঁৰ মেৰৰ বাবে চোৱাচিতা কৰা আৰু সুৰক্ষাৰ ক্ষেত্ৰত কি কৈছে?

যীচুৱে কৈছিল তেওঁৰ মেৰবিলাকক অনন্ত জীৱন দিয়ে, তেওঁলোকে কেতিয়াও বিনষ্ট নহ'ব, আৰু তেওঁৰ হাতৰ পৰা কোনেও কাঢ়ি নল'ব(১০:২৮)।

John 10:29-31

যীচুক সেই মেৰ বিলাকক কোনে দিছিল?

পিতৃয়ে যীচুক সেই মেৰ বিলাকক দিছিল(১০:২৯)।

পিতৃতকৈ মহান কোনোবা আছে নে?

পিতৃ আন সকলোতকৈ মহান(১০:২৯)।

John 10:32-33

যেতিয়া যীচুৱে কৈছিল, "মই আৰু সেই পিতৃ এক", এই বুলি কওঁতে যিহুদীবিলাকে যীচুক মাৰিবলৈ আকৌ কিয় শিল তুলি লৈছিল?

কাৰণ তেওঁলোকে বিশ্বাস কৰিছিল যীচুৱে ঈশ্বৰ নিন্দা কৰিছিল আৰু মানুহ হৈয়ো তেওঁ নিজকে ঈশ্বৰৰ সমান কৰি পেলাইছিল(১০:৩০-৩৩)।

John 10:34-36

ঈশ্বৰ নিন্দা কৰাৰ দোষ ধৰাৰ বিপক্ষে যীচুৰ উত্তৰ কি আছিল?

যীচুৱে এইটো কৈ নিজৰ পক্ষে উত্তৰ দিছিল, " তোমালোকৰ বিধানতে লিখা নাই নে, "তোমালোকেই ঈশ্বৰবিলাক"'? যদি তেওঁলোকক ঈশ্বৰবিলাক বুলি কৈছিল, কাৰ ওচৰলৈ ঈশ্বৰৰ বাক্য আহিছিল (আৰু ঈশ্বৰৰ বাক্য ভঙ্গ হোৱা উচিত নহয়) যিজনাক পিতৃ ঈশ্বৰে পবিত্ৰ কৰিলে আৰু জগতলৈ পঠালে তেওঁৰ বিষয়ে কি কোৱা, "তুমি ঈশ্বৰ নিন্দা কৰিছা" বুলি কোৱা নে, কাৰণ মই কৈছো "মই ঈশ্বৰৰ পুত্ৰ" (১০:৩৪-৩৬)।

John 10:37-39

তেওঁক বিশ্বাস কৰিবনে নকৰে সেই ঠিক কৰিবলৈ যীচুৱে যিহুদীবিলাকক কি কৈছিল?

যীচুৱে যিহুদীবিলাকক কৈছিল তেওঁৰ কৰ্মবোৰ চোৱা। যদি যীচুৱে পিতৃৰ কাৰ্যবোৰ নকৰে, তেওঁক বিশ্বাস নকৰিবা। যদি তেওঁ তেওঁৰ পিতৃৰ কাৰ্য্য কৰি আছে, তেওঁত বিশ্বাস কৰা(১০:৩৭-৩৮)।

যীচুৱে কৰা কাৰ্যবিলাক যদি যিহুদীবিলাকে বিশ্বাস কৰে তেওঁলোকে কি জানিব পাৰিব কি বুজিব পাৰিব বুলি যীচুৱে কৈছিল?

পিতৃ যে যীচুত আছে আৰু যীচু পিতৃত আছে সেয়া তেওঁলোকে জানিব পাৰিব আৰু বুজিব পাৰিব বুলি যীচুৱে কৈছিল(১০:৩৮))

যিহুদীবিলাকৰ প্ৰত্যুত্তৰ কি আছিল যেতিয়া যীচুৱে সেই বাক্য কৈছিল যীচুত পিতৃ আছে আৰু পিতৃত যীচু আছে?

A.যিহুদীবিলাকে আকৌ তেওঁক ধৰিবলৈ যত্ন কৰিছিল(১০:৩৯)।

John 10:40-42

এইটো ঘটনাৰ পাছত যীচু ক'লৈ গৈছিল?

যোহনে প্ৰথমে য'ত বাপ্তাইজ কৰিছিল জৰ্দ্দানৰ সিপাৰৰ সেই ঠাইলৈ যীচুৱে আকৌ আঁতৰি গৈছিল(১০:৪০)।

যীচুৰ ওচৰলৈ অহা অনেক মানুহে কি কৈছিল আৰু কি কৰিছিল?

তেওঁলোকে কৈ আছিল, "যোহনে একো চিন দেখুওৱা নাছিল, কিন্তু এই মানুহজনৰ বিষয়ে যোহনে যি যি কৈছিল সেই সকলো সত্য।" তাতে অনেক মানুহে তেওঁক বিশ্বাস কৰিছিল(১০:৪১-৪২)।

John 11

John 11:1-2

লাজৰ কোন আছিল?

লাজাৰ বৈথনিয়াৰ এজন মানুহ আছিল। তেওঁৰ ভনীয়েক আছিল মাৰ্থা আৰু মৰিয়ম। এই একে গৰাকী মৰিয়মেই যীচুক সুগন্ধিৰে যীচুক অভিষেক কৰিছিল আৰু তেওঁৰ ভৰি তাইৰ চুলিৰে মচিছিল(১১:১-২)।

John 11:3-4

যীচুৱে লাজাৰ বেমাৰ বুলি তেওঁৰ বিষয়ে আৰু তেওঁ বেমাৰৰ বিষয়ে কি কৈছিল?

যীচুৱে কৈছিল, এই বেমাৰ মৃত্যুত শেষ নহয়, তাৰ পৰিৱৰ্ত্তে ঈশ্বৰৰ মহিমাৰ বাবেহে হৈছে যাতে এইটোত ঈশ্বৰৰ পুত্ৰ মহিমান্বিত হয়(১১:৪)।

John 11:5-7

লাজাৰ বেমাৰী বুলি শুনি যীচুৱে কি কৰিছিল?

যীচুৱে যি ঠাইত আছিল তাতে আৰু দুদিন বেছিকৈ থাকিল(১১:৬)।

John 11:8-11

"আমি আকৌ যিহুদীয়ালৈ যাওঁহঁক" যেতিয়া যীচুৱে কৈছিল যীচুৰ শিষ্যবিলাকে কি কৈছিল?

শিষ্যবিলাকে যীচুক কৈছিল, "ৰব্বি, যিহুদীবিলাকে আপোনাক এতিয়াই শিল দলিয়াই মাৰিবলৈ ওলাইছিল, আৰু আপুনি আকৌ তালৈকে যায় নে?" (১১:৮)।

দিনত ফুৰা আৰু ৰাতি ফুৰা বিষয়ে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল যদি কোনোৱে দিনক ফুৰে তেওঁ উজুতি নাখায় কাৰণ তেওঁ দিনৰ পোহৰ দেখে। যিয়েই নহঁওক, কোনোৱে যদি ৰাতি ফুৰে, তেওঁ উজুতি খায় কাৰণ তেওঁখ কোনো পোহৰেই নাই(১১:৯-১০)।

John 11:12-14

যেতিয়া যীচুৱে শিষ্যবিলাকক কৈছিল লাজাৰ নিদ্ৰিত হৈছে আৰু তেওঁ লাজৰক জগাবলৈ যায়, তেওঁ কি বুজাইছিল বুলি শিষ্যবিলাকে ভাবিছিল?

শিষ্যবিলাকে ভাবিছিল যে যীচুৱে সাধাৰণ টোপনিৰ বিষয়ে বুজাইছিল কিয়নো সিহঁতে যীচুক কৈছিল, "প্ৰভু যদি তেওঁ টোপনি গৈছে, তেওঁ সাৰ পাই উঠিব" (১১:১১-১২)।

যেতিয়া লাজাৰ নিদ্ৰিত হৈছে বুলি যীচুৱে কৈছিল তেওঁ কি বুজাইছিল?

যেতিয়া লাজাৰ নিদ্ৰিত হৈছে বুলি যীচুৱে কৈছিল তেওঁ লাজাৰৰ মৃত্যু হোৱা বিষয়ে কৈছিল(১১:১৩)।

John 11:15-16

লাজাৰৰ যেতিয়া মৃত্যু হৈছিল যীচু তাত নথকাৰ বাবে কিয় আনন্দিত হৈছিল?

যীচুৱে কৈছিল, " মই তোমালোকৰ বাবে আনন্দিত, যে মই তাত নাছিলো যাতে তোমালোকে বিশ্বাস কৰিব পাৰা" (১১:১৫)।

যদি তেওঁলোকে যিহুদীয়ালৈ ঘুৰি যায় কি হ'ব বুলি থোমাই ভাবিছিল?

থোমাই ভাবিছিল তেওঁলোক সকলো মৰিব(১১:১৬)।

John 11:17-20

যীচুৱে যেতিয়া আহিছিল লাজাৰক মৈদামত থোৱা কেই দিন হৈছিল?

লাজাৰক মৈদামত থোৱা চাৰিদিন হৈছিল(১১:১৭)।

যীচু আহিছে বুলি মাৰ্থাই যেতিয়া শুনিছিল তাই কি কৰিছিল?

যীচু আহিছে বুলি মাৰ্থাই যেতিয়া শুনিছিল তাই যীচুক লগ পাবৰ বাবে ওলাই গৈছিল(১১:২০)।

John 11:21-23

যীচুৰ বাবে ঈশ্বৰে কি কৰিব বুলি মাৰ্থাই ভাবিছিল?

মাৰ্থাই কৈছিল, আনকি এতিয়াও, মই জানো যে আপুনি ঈশ্বৰৰ পৰা যি বিচাৰে, তেওঁ আপোনাক দিব(১১:২২)।

John 11:24-26

যেতিয়া যীচুৱে মাৰ্থাক কৈছিল, "তোমাৰ ভাই আকৌ জীয়াই উঠিব", যীচুৰ প্ৰতি তাইৰ প্ৰত্যুত্তৰ কি আছিল?

তাই যীচুক কৈছিল, "মই জানো যে তেওঁ শেষৰ দিনা পুনৰূত্থানত আকৌ জীয়াই উঠিব" (১১:২৪)।

যিবিলাকে তেওঁক বিশ্বাস কৰে তেওঁলোকলৈ কি ঘটিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যিকোনোৱে যীচুত বিশ্বাস কৰে, যদিও তেওঁলোক মৰে, তথাপিও জীয়াই উঠিব; আৰু যিকোনোৱে জীয়াই থাকে আৰু যীচুত বিশ্বাস কৰে তেওঁলোকে কেতিয়াও নমৰিব(১১:২৫-২৬)।

John 11:27-29

যীচুনো কোন সেই বিষয়ে মাৰ্থাৰ সাক্ষ্য কি আছিল?

মাৰ্থাই যীচুক কৈছিল, "হয়, প্ৰভু, তুমিয়েই যে খ্ৰীষ্ট, ঈশ্বৰৰ সেই পুত্ৰ, জগতলৈ আহিব লগা জনা, সেইটো মই বিশ্বাস কৰিছোঁ" (১১:২৭)।

John 11:30-32

যেতিয়া মৰিয়মে তৎক্ষণাত উঠিছিল আৰু বাহিৰ ওলাই গৈছিল, তাইৰ লগত থকা যিহুদীবিলাকে কি ভাবিছিল আৰু কি কৰিছিল?

যি যিহুদীবিলাকে তাইৰ লগত আছিল তেওঁলোকে ভাবিছিল যে তাই মৈদামলৈ কান্দিবলৈ গৈছে, সেয়ে তেওঁলোকেও তাইৰ পাছে পাছে গৈছিল (১১:৩১)।

মৰিয়ম ক'লৈ গৈছিল?

মৰিয়মে যীচুক লগ পাবলৈ গৈছিল(১১:২৯ আৰু ৩২)।

John 11:33-35

যীচুক কি বিষয়টোৱে আত্মাত উত্তেজিত হোৱা, জিকাৰ মৰা আৰু কান্দোনত পৰা দেখা গ'ল?

তেওঁ যেতিয়া মৰিয়মক আৰু যিহুদীবিলাকক তাইৰ লগত কান্দি থকা দেখিলে সেই বিষয়টোৱে যীচুক আত্মাত উত্তেজিত হোৱাত আৰু জিকাৰ মৰাত আৰু কান্দোনত পৰিছিল।(১১:৩৩ আৰু ৩৫)।

John 11:36-37

যীচুৱে কন্দা দেখি যিহুদীবিলাকে কি সমাপন কৰাৰ কথা কৈছিল?

যিহুদীবিলাকে এইটো সামৰণী কৰিছিল যে যীচুৱে লাজাৰক প্ৰেম কৰিছিল(১১:৩৬)।

John 11:38-40

লাজাৰক তেওঁলোকে য'ত শুৱাই থৈছিল সেই গুহাৰ মুখৰ পৰা শিলটো আঁতৰাই দিবলৈ কৰা যীচুৰ আদেশত মাৰ্থাই কি বিৰোধিতা কৰিছিল?

মাৰ্থাই কৈছিল, "হে প্ৰভু, এতিয়ালৈকে শৰীৰটো গেলিবলৈ আৰম্ভ কৰিছে কিয়নো আজি চাৰিদিন হ'ল।" (১১:৩৯)।

শিলটো আঁতৰাই দিয়াৰ মাৰ্থাই বিৰোধিতা কৰাৰ উত্তৰ যীচুৱে কি দিছিল?

যীচুৱে মাৰ্থাক কৈছিল, "মই তোমাক কোৱা নাছিলোনে, যদি বিশ্বাস কৰা, তুমি ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা" (১১:৪০)।

John 11:41-42

গুহাটোৰ পৰা শিলটো আঁতৰাই দিয়াৰ লগে লগেই যীচুৱে কি কৰিছিল?

যীচুৱে স্বৰ্গলৈ চকু তুলি চাইছিল আৰু পিতৃক ডাঙৰকৈ প্ৰাৰ্থনা কৰিছিল(১১:৪১)।

যীচুৱে পিতৃক যি কৈছিল সেইবোৰ ডাঙৰকৈ কিয় প্ৰাৰ্থনা কৰিছিল আৰু কিয় ডাঙৰকৈ কৈছিল?

যীচুৱে ডাঙৰকৈ প্ৰাৰ্থনা কৰিছিল আৰু কৈছিল কাৰণ তেওঁৰ চাৰিওফালে থিয় হৈ থকা মানুহৰ ভীৰৰ বাবে কৈছিল যাতে পিতৃয়ে যে তেওঁক পঠাইছে সেইটো তেওঁলোকে বিশ্বাস কৰে(১১:৪২)।

John 11:43-44

যীচুৱে বৰ মাতেৰে "লাজাৰ বাহিৰলৈ ওলাই আহাঁ" বুলি চিঞঁৰি দিয়াৰ পাছত কি ঘটিছিল?

মৃত মানুহজন ওলাই আহিছিল, তেওঁৰ হাত আৰু ভৰি মৈদামৰ কাপোৰেৰে বন্ধা আছিল আৰু মুখমণ্ডল কাপোৰেৰে মেৰিওৱা আছিল(১১:৪৪)।

John 11:45-48

লাজাৰ গুহাটোৰ পৰা ওলাই অহা দেখাৰ পাছত যিহুদীবিলাকৰ প্ৰত্যুত্তৰ কি আছিল?

যিহুদীবিলাকৰ বহুতে লাজাৰ বাহিৰ ওলাই অহাটো দেখাৰ পাছত যীচুত বিশ্বাস কৰিছিল, কিন্তু কিছুমানে ফৰীচীবিলাকৰ ওচৰলৈ গৈছিল আৰু যীচুৱে কি কৰিলে সেইটো কৈছিল(১১:৪৫-৪৬)।

John 11:49-50

প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকৰ মহাসভাৰ পৰিষদৰ বৈঠকত কাইয়াফাই কি ভাববাণী কৰিছিল?

কাইয়াফাই কৈছিল তেওঁলোকৰ মানুহৰ উপকাৰৰ বাবে গোটেই জাতিৰ বিনাশ হোৱাতকৈ এজন মানুহ মৰাই ভাল(১১:৫০-৫১)।

John 11:51-53

সেই দিনাখনৰ পৰা মহাসভাই (পৰিষদে) কি কৰিবলৈ আঁচনি কৰিছিল?

যীচুক কেনেকৈ মৃত্যুদণ্ড দিব পাৰে তেওঁলোকে তাৰ পৰিকল্পনা কৰিছিল(১১:৫৩)।

John 11:54-55

যীচুৱে লাজাৰক পুনৰ জীয়াই তোলাৰ পাছত কি কৰিছিল?

যীচুৱে যিহুদীবিলাকৰ মাজত মুকলিকৈ নুফুৰিলে কিন্তু বৈথনিয়াৰ পৰা কাষৰীয়া দেশ ইফ্ৰয়িম নামৰ নগৰৰ ওচৰৰ অৰণ্য ফুৰিছিল। তাতে তেওঁ তেওঁৰ শিষ্যবিলাকৰ লগত থাকিছিল(১১:৫৪)।

John 11:56-57

প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে কি আদেশ জাৰি কৰিছিল?

তেওঁলোকে এটা আদেশ জাৰি কৰিছিল যে যীচু ক'ত আছে কোনোৱে যদি জানে তেন্তে দেখুৱাই দিব লাগে যাতে তেওঁলোকে তেওঁ ধৰিব পাৰে(১১:৫৭)।

John 12

John 12:1-3

যীচুৱে বৈথনিয়ালৈ কেতিয়া আহিছিল?

নিস্তাৰ পৰ্বৰ ছয়দিনৰ আগেয়ে যীচুৱে বৈথনিয়ালৈ আহিছিল(১২:১)।

যীচুৰ বাবে যুগুত কৰা আহাৰত মৰিয়মে কি কৰিছিল?

মৰিয়মে জটামাংসীৰে প্ৰস্তুত কৰা এক লিটাৰ, অতি মূল্যৱান সুগন্ধি লৈছিল, তাৰে সৈতে যীচুক বাকি দি অভিষেক কৰিছিল, আৰু তাইৰ চুলিৰে তেওঁৰ ভৰি মচি দিছিল(১২:৩)।

John 12:4-6

যীচুৰ এজন শিষ্য, ঈস্কৰিয়োতীয়া যিহুদাই কিয় আপত্তি কৰি কৈছিল যে সেই সুগন্ধী বিক্ৰী কৰিব পৰা গ'লহেঁতেন আৰু দুখীয়াবিলাকক সেই ধন দিব পৰা গ'লহেঁতেন?

তেওঁ যে দুখীয়াবিলাকৰ বাবে চিন্তা কৰিছিল এনে নহয়। কিন্তু সি যে এটা চোৰ আছিল সেয়ে যিহুদাই এইটো কৈছিল: তেওঁ ধনৰ মোনাৰ দায়িত্ত্বত আছিল আৰু তাত যি আছিল তাৰ কিছু অংশ নিজৰ বাবে লয়(১২: ৪-৬)।

John 12:7-8

মৰিয়মে ব্যৱহাৰ কৰা সুগন্ধি (জটামাংসী)ৰ পক্ষে যীচুৱে কেনেকৈ উত্তৰ দিছিল?

যীচুৱে কৈছিল, " মোক মৈদামত থোৱা দিনৰ নিমিত্তে তাই যি কৰিছে সেইটো তাইক কৰিবলৈ দিয়া। দুখীয়া বিলাক তোমালোকৰ লগত সদায়ে আছে; কিন্তু তোমালোকে সদায় নাপাবা।" (১২:৭-৮)।

John 12:9-11

বৈথনিয়াত এক বিশাল ভীৰৰ লোক কিয় গোট খাইছিল?

তেওঁলোকে যীচুৰ বাবে আহিছিল আৰু যাক যীচুৱে মৃতবিলাকৰ মাজৰ পৰা তুলিছিল সেই লাজাৰকো চাবলৈ আহিছিল(১২:৯)।

প্ৰধান পুৰোহিতবিলাকে লাজাৰ কিয় বধ কৰিব বিচাৰিছিল?

তেওঁলোকে লাজাৰকত বধ কৰিব বিচাৰিছিল কাৰণ তেওঁৰ কাৰণেও অনেক যিহুদীয়ে আঁতৰি গৈছিল আৰু যীচুত বিশ্বাস কৰিছিল(১২:১০-১১)।

John 12:12-13

সেই পৰ্বলৈ যীচু অহা বুলি শুনি সেই ভীৰৰ মানুহবিলাকে কি কৰিছিল?

তেওঁলোকে খাজুৰ গছৰ ডাল লৈছিল আৰু তেওঁক লগ পাবলৈ গৈছিল আৰু চিঞৰি কৈছিল, "জয়, জয়, প্ৰভুৰ নামেৰে যিজন ইস্ৰায়েলৰ ৰজা আহিছে, তেওঁ ধন্য।" (১২:১৩)।

John 12:14-16

যীচুৰ শিষ্যবিলাকে কি বিষয়টো প্ৰথমে বুজি পোৱা নাছিল কিন্তু যীচু মহিমান্বিত হোৱাৰ পাছত তেওঁলোকে মনত পেলাইছিল যে তেওঁলোকে এইবোৰ তেওঁৰ বাবেই কৰিছিল?

শিষ্যবিলাকে মনত পেলাইছিল যে এইটো তেওঁৰ বাবেই লিখা হৈছিল, " হে চিয়োন জীয়াৰী, ভয় নকৰিবা, চোৱা তোমাৰ ৰজা আহিছে, গাধ পোৱালিৰ পিঠিত উঠি আহিছে।" (১২:১৩-১৬)।

John 12:17-22

পৰ্বতত ভীৰৰ মানুহবিলাকে যীচুক লগ পাবলৈ কিয় গৈছিল?

তেওঁলোকে যীচুক লগ পাবলৈ গৈছিল কাৰণ চাক্ষুখ প্ৰমাণ থকাবিলাকৰ পৰা তেওঁলোকে শুনিছিল যে যীচুৱে মৈদামৰ পৰা লাজাৰক মাতি উলিয়াই আনিছিল আৰু মৃতবিলাকৰ মাজৰ পৰা তেওঁক জীয়াই তুলিছিল(১২:১৭-১৮)।

John 12:23-24

কেইজনমান গ্ৰীক লোকে যীচুক চাবলৈ বিচৰা বুলি আন্দ্ৰিও আৰু ফিলিপে যীচুক কোৱাত আৰম্ভণীতে যীচুৱে কি কৈছিল?

যীচুৱে তেওঁলোকক উত্তৰ দিছিল আৰু কৈছিল, "মানুহৰ পুত্ৰ মহিমান্বিত হ'বৰ সময় আহিল" (১২:২৩)।

ঘেঁহুৰ এটা বীজ (গুটি) পৃথিবীত যদি পৰে আৰু মৰে কি ঘটিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে যদি এইটো মৰে ই অধিক গুটি ধৰে(১২:২৪)।

John 12:25-26

এই জগতখনত যিজনে নিজ জীৱনক প্ৰেম কৰে আৰু যিজনে নিজৰ জীৱনক ঘৃণা কৰে তেওঁৰ কি হ'ব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল এই জগতখনত যিজনে নিজৰ জীৱনক প্ৰেম কৰে তেওঁ তাক হেৰুৱাব, কিন্তু যিজনে নিজৰ জীৱনক ঘৃণা কৰে তেওঁ তাক অনন্ত জীৱনলৈকে ৰাখিব(১২:২৫)।

কোনোৱে যদি যীচুৰ পৰিচৰ্যা কৰে তেওঁৰ কি হ'ব?

পিতৃয়ে তেওঁক আদৰ কৰিব(১২:২৬)।

John 12:27-29

যেতিয়া যীচুৱে কৈছিল, "হে পিতৃ, তোমাৰ নাম মহিমান্বিত কৰা", কি ঘটিছিল?

স্বৰ্গৰ পৰা এটি বাণী ওলাই আহিছিল আৰু কৈছিল, "মই ইয়াক গৌৰৱান্বিত কৰিলো আৰু আকৌ গৌৰৱান্বিত কৰিম" (১২:২৮)।

John 12:30-31

স্বৰ্গৰ পৰা হোৱা বাণীৰ কাৰণ হিচাপে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল, "এই বাণী মোৰ বাবে হোৱা নাই, কিন্তু তোমালোকৰ (যিহুদীবিলাকৰ) বাবে হৈছে।" (১২:৩০)।

এতিয়া কি ঘটিবলৈ গৈ আছে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল, " এতিয়া এই জগতৰ সোধবিচাৰ হ'ব: এতিয়া এই জগতৰ অধিপতিক বাহিৰ কৰা হ'ব।" (১২:৩১)।

John 12:32-33

যীচুৱে কিয় কৈছিল, "আৰু, মই পৃথিবীৰ পৰা উত্তোলিত হ'লে, সকলো মানুহক মোৰ ওচৰলৈ আকৰ্ষণ কৰিম"?

কি ধৰণেৰে যীচুৱে মৃত্যু বৰণ কৰিব সেইটোৰ গুৰুত্ত্বতাৰ বাবে তেওঁ এইটো কৈছিল(১২:৩৩)।

John 12:34-36

যেতিয়া সেই ভীৰৰ মানুহবিলাকে সুধিছিল, "আপুনি কেনেকৈ ক'ব পাৰে, 'মানুহৰ পুত্ৰ উত্তোলিত হ'ব লাগে' ? এই মানুহৰ পুত্ৰনো কোন?" যীচুৱে সিহঁতক পোন পতীয়াকৈ উত্তৰ দিছিল নে?

নাই, তেওঁ সিহঁতক পোনে পোনে উত্তৰ দিয়া নাছিল(১২:৩৫-৩৬)।

পোহৰৰ বিষয়ে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল, "তথাপিও অলপ সময়ৰ বাবে তোমালোকৰ মাজত পোহৰ আছে, ...." তেওঁ এইটোও কৈছিল, "তোমালোকে যেতিয়া পোহৰত থাকা, সেই পোহৰত বিশ্বাস কৰা যাতে তোমালোক পোহৰৰ সন্তান হ'ব পাৰা" (১২:৩৫-৩৬)।

John 12:37-38

মানুহবিলাকে যীচুত কিয় বিশ্বাস কৰা নাছিল?

সিহঁতে বিশ্বাস কৰা নাছিল যাতে যিচয়া ভাববাদীয়ে কৰা ভাববাণী পৰিপুৰ্ণ হয়, যিটো কোৱা হৈছিল, "হে প্ৰভু, আমাৰ বাৰ্তা কোনে বিশ্বাস কৰিলে? আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হ'ল?" (১২:৩৭-৩৮)।

John 12:39-40

মানুহবিলাকে যীচুক কিয় বিশ্বাস কৰিব পৰা নাছিল?

তেওঁলোকে বিশ্বাস কৰিব পৰা নাছিল কাৰণ যিচয়াই কৈছিল, "তেওঁ সিহঁতৰ চকু অন্ধ কৰিলে, আৰু তেওঁ সিহঁতৰ অন্তৰ কঠিন কৰিলে; সেয়ে নহ'লে তেওঁলোকে তেওঁলোকৰ চকুৰে দেখিব আৰু তেওঁলোকৰ অন্তৰেৰে বুজি পাব, আৰু ঘুৰি আহিব আৰু মই সিহঁতক সুস্থ কৰিম" (১২:৩৯-৪০)।

John 12:41-43

যিচয়াই এইবোৰৰ বিষয় কি কৈছিল?

যিচয়াই এইবোৰৰ বিষয়ে কৈছিল কাৰণ তেওঁ যীচুৰ মহিমা দেখিছিল(১২:৪১)।

যি অধিপতিবিলাকে যীচুত বিশ্বাস কৰিছিল তেওঁলোকে কিয় এই বিশ্বাস স্বীকাৰ কৰা নাছিল?

তেওঁলোতে এইটো স্বীকাৰ কৰা নাছিল কাৰণ তেওঁলোকে ফৰীচীবিলাকলৈ ভয় কৰিছিল আৰু তেওঁলোকক যাতে ধৰ্মধামৰ পৰা জানোচা বাহিৰ কৰে সেই ভয়তে তেওঁলোকে স্বীকাৰ কৰা নাছিল। তেওঁলোকে ঈশ্বৰৰ পৰা অহা প্ৰশংসাতকৈ মানুহৰ পৰা অহা প্ৰশংসাক অধিক ভাল পাইছিল(১২:৪২-৪৩)।

John 12:44-45

যীচুৱে তেওঁৰ নিজৰ বিষয়ে আৰু তেওঁৰ পিতৃৰ বিষয়ে কি বাক্য উল্লেখ কৰিছিল?

যীচুৱে কৈছিল, "যিজনে মোত বিশ্বাস কৰে, তেওঁ কেৱল মোকেই নহয় যিজনে মোক পঠালে তেওঁকো বিশ্বাস কৰে, আৰু যিজনে মোক দেখিলে তেওঁ মোক পঠোৱা জনাকো দেখিলে" (১২:৪৪-৪৫)।

John 12:46-47

যীচুৱে এই জগতলৈ কি কৰিবলৈ আহিছিল বুলি কৈছিল?

যীচুৱে কৈছিল তেওঁ জগতৰ পৰিত্ৰাণ কৰিবলৈ এই জগতলৈ আহিছিল(১২:৪৭)।

John 12:48-50

যিবিলাকে যীচুক আৰু তেওঁৰ বাক্যক গ্ৰহণ কৰা নাছিল তেওঁলোকৰ কি বিচাৰ হ'ব?

যিবিলাকে যীচুক আৰু তেওঁৰ বাক্যক গ্ৰহণ কৰা নাছিল তেওঁলোকৰ যীচুৱে কোৱা বাক্যৰ দ্বাৰাই শেষৰ দিনা বিচাৰ কৰা হ'ব(১২:৪৮)।

যীচুৱে নিজৰ মতে কৈছিল নে?

নাই। পিতৃয়ে যীচুক পঠাইছিল আৰু যি ক'বলৈ তেওঁক আদেশ দিয়া হৈছিল তেওঁ সেই বিষয়েহে ক'ব আৰু কৈছিল(১২:৪৯)।

পিতৃয়ে যি ক'বলৈ কৈছিল যীচুৱে তাকেহে মানুহবিলাকক কিয় কৈছিল?

যীচুৱে এইটো কৈছিল কাৰণ তেওঁ জানিছিল যে পিতৃৰ আদেশ হৈছে অনন্তকলীয়া জীৱন(১২:৫০)।

John 13

John 13:1-2

পিতৃৰ ঘৰত কি আছে?

পিতৃৰ ঘৰত থকা ঠাই আছে১৪:২)।

যীচুৱে শিষ্যবিলাকৰ বাবে কি কৰিবলৈ গৈ আছে?

যীচুৱে তেওঁলোকৰ বাবে এখন ঠাই প্ৰস্তুত কৰিবলৈ গৈ আছে(১৪:৩)।

শিষ্যবিলাকৰ অন্তৰ কিয় ব্যাকুল হোৱা উচিত নহয়?

তেওঁলোকৰ অন্তৰ ব্যাকুল হোৱা উচিত নহয় কাৰণ যীচুৱে তেওঁলোকৰ বাবে এখন ঠাই প্ৰস্তুত কৰিবলৈ গৈ আছে আৰু যীচুৱে তেওঁলোকক নিজৰ লগত লৈ যাবলৈ আকৌ আহিব যাতে যীচু য'ত থাকিব তেওঁলোকো তাতে থাকিব পাৰিব(১৪:১-৩)।

John 13:3-5

পিতৃয়ে যীচুক কি দিছিল?

পিতৃয়ে যীচুৰ হাতত সকলোবোৰ বস্তু শোধাই দিছিল(১৩:৩)।

যীচু ক'ৰ পৰা আহিছিল আৰু তেওঁ ক'লৈ গৈ আছিল?

যীচুৱে ঈশ্বৰৰ পৰা আহিছিল আৰু ঈশ্বৰৰ ওচৰলৈ গৈ আছিল(১৩:৩)।

যীচুৱে নৈশ ভোজৰ পৰা উঠি কি কৰিছিল?

তেওঁ তেওঁৰ ওপৰৰ কামিজ সোলোকাই থৈছিল, এখন টঙালি লৈছিল আৰু তেওঁৰ কঁকালক মেৰিয়াই লৈছিল চৰিয়াত পানী বাকি লৈছিল আৰু শিষ্যবিলাকৰ ভৰি ধুৱাইছিল আৰু তেওঁলোকৰ ভৰি সেই টঙালিৰে মচিছিল(১৩:৪-৫)।

John 13:6-9

যীচুৰ দ্বাৰা পিতৰৰ ভৰি ধুৱাবলৈ লওঁতে পিতৰে বিৰোধ কৰাত যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল, "যদি মই তোমাৰ ভৰি নুধুৱাওঁ, তোমাৰে সৈতে মোৰ একো ভাগ নাই" (১৩:৮)।

John 13:10-11

যীচুৱে তেওঁ শিষ্যবিলাকক কি কৈছিল, "তোমালোক সকলো শুচি নহয়।"?

যীচুৱে এইটো কৈছিল কাৰণ কোনে তেওঁক প্ৰবঞ্চনা কৰিব তাক তেওঁ জনিছিল(১৩:১১)।

John 13:12-15

যীচুৱে শিষ্যবিলাকৰ ভৰি কিয় ধুৱাইছিল?

যীচুৱে শিষ্যবিলাকৰ ভৰি এটা উদাহৰণ দিবলৈ ধুৱাইছিল যাতে তেওঁ যেনেকৈ কৰিছিল সেইদৰে সিহঁতেও কৰে(১৩:১৪-১৫)।

John 13:16-18

গৰাকীতকৈ চাকৰ মহান নে? নাইবা যিয়ে পঠাই তেওঁতকৈ পঠোৱাজনা মহান?

গৰাকীতকৈ চাকৰ মহান নহয় নাইবা যিয়ে পঠাই তেওঁতকৈ পঠোৱাজনা মহান নহয়(১৩:১৬)।

যীচুৰ বিৰুদ্ধে কোনে গোৰোহা দাঙিছিল?

যিজনে যীচুৰ পিঠা খাইছিল তেওঁৱেই তেওঁৰ বিৰুদ্ধে গোৰোহা দাঙিছিল(১৩:১৮)।

John 13:19-22

যীচুৱে শিষ্যবিলাকক কিয় কৈছিল, "তোমালোক সকলো শুচি নহয়" আৰু "যিজনে মোৰ পিঠা খাইছিল তেওঁৱেই মোৰ বিৰুদ্ধে গোৰোহা দাঙিলে" ?

এই ঘটনা ঘটাৰ আগেয়েই যীচুৱে তেওঁলোকক এইটো কথা কৈছিল যাতে যেতিয়া এইটো ঘটে তেওঁৱেই যে সেই মই আছোঁ জনা তাক বিশ্বাস কৰে(১৩:১৯)।

যদি তুমি যীচুক গ্ৰহণ কৰা কাক গ্ৰহণ কৰা হয়?

যদি তুমি যীচুক গ্ৰহণ কৰা যি জনে তেওঁক পঠালে তেওঁকেই গ্ৰহণ কৰা হয় আৰু যিজনে যীচুক গ্ৰহণ কৰে তেওঁ তোমাক গ্ৰহণ কৰে(১৩:২০)।

John 13:23-25

যেতিয়া যীচুৱে তেওঁৰ শিষ্যবিলাকক কৈছিল যে তেওঁলোকৰ মাজৰ এজনে তেওঁক প্ৰবঞ্চনা কৰিব, পিতৰে কি কৈছিল?

যীচুৱে যাক প্ৰেম কৰিছিল সেই শিষ্যজনলৈ দেখুৱাই দি চিমোন পিতৰে কৈছিল, " তেওঁ কাৰ কথা কৈছে সেইজননো কোন আমাক কওকচোন।" (১৩:২৪)।

John 13:26-30

যীচুৱে যাক প্ৰেম কৰিছিল সেই শিষ্যজনে যেতিয়া যীচুক সুধিছিল যীচুক প্ৰবঞ্চনা কোনে কৰিব, যীচুৰ প্ৰত্যুত্তৰ কি আছিল?

যীচুৱে উত্তৰ দিছিল, "সেইজন তেওঁৱেই যালৈ মই এই পিঠাডোখৰ জুবুৰিয়াম আৰু যাকে দিম।" তাৰ পাছত যীচুৱে পিঠাডোখৰ জুবুৰিয়ালে আৰু ঈস্কৰিয়োতীয়া চিমোনৰ পুতেক যিহুদাক দিলে(১৩:২৬)।

যীচুৱে যিহুদাক পিঠাডোখৰ দিয়াৰ পাছত যিহুদাৰ কি ঘটিছিল আৰু তেওঁ কি কৰিছিল?

যিহুদাই পিঠাডোখৰ লোৱাৰ পাছত, চয়তান তাৰ ভিতৰত সোমাল আৰু সি তৎক্ষণাৎ ওলাই গৈছিল(১৩:২৭,৩০)।

John 13:31-33

ঈশ্বৰ কেনেকৈ মহিমান্বিত হ'বলৈ গৈ আছে?

মানুহৰ পুত্ৰত ঈশ্বৰ মহিমান্বিত হ'বলৈ গৈ আছে। যেতিয়া মানুহৰ পুত্ৰ মহিমান্বিত হয় সেইটোত ঈশ্বৰ মহিমান্বিত হয়(১৩:৩১)।

John 13:34-37

যীচুৱে তেওঁৰ শিষ্যবিলাকক কি নতুন আদেশ দিছিল?

সেই নতুন আদেশটো আছিল যীচুৱে যেনেকৈ তেওঁলোকক প্ৰেম কৰিছিল তেওঁলোকেও পৰস্পৰে প্ৰেম কৰা উচিত(১৩:৩৪)।

যীচুৰ শিষ্য বিলাকে পৰস্পৰে যদি প্ৰেম কৰা আদেশটো পালন কৰে কি হ'ব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে তেওঁলোকে এই আদেশ পালন কৰাৰ দ্বাৰাই, তেওঁলোক যে তেওঁৰ শিষ্য তাক সকলো মানুহে জানিব(১৩:৩৫)।

যেতিয়া যীচুৱে তেওঁলোকক কৈছিল, "মই যলৈ গৈ আছো, তোমালোক আহিব নোৱাৰা।" যীচু ক'লৈ গৈ আছে পিতৰে বুজি পাইছিল নে?

নাই, পিতৰে বুজি পোৱা নাছিল কাৰণ তেওঁ সুধিছিল, "প্ৰভু আপুনি ক'লৈ গৈ আছে?" (১৩:৩৩, ৩৬)

John 13:38

চিমোন পিতৰে যেতিয়া কৈছিল," আপোনাৰ বাবে মই মোৰ জীৱনো দিম" যীচুৱে কেনেকৈ উত্তৰ দিছিল?

যীচুৱে উত্তৰ দিছিল, "তুমি মোৰ বাবে জীৱন দিবানে? অতি স্বৰূপকৈ, সত্যকৈ মই তোমাক কওঁ, তুমি মোক তিনিবাৰ অস্বীকাৰ নকৰা মানে কুকুৰাই ডাক নিদিব" (১৩:৩৮)।

John 14

John 14:1-3

প্ৰকৃত দ্ৰাক্ষালতা কোন?

যীচুৱেই প্ৰকৃত দ্ৰাক্ষালতা(১৫:১)।

কোনে দ্ৰাক্ষালতা বৃদ্ধি কৰে?

পিতৃয়েই দ্ৰাক্ষালতা বৃদ্ধি কৰে(১৫:১)।

যিসকল খ্ৰীষ্টত আছে সেই ডালবোৰেৰে সৈতে পিতৃয়ে কি কৰে?

যিবিলাক ডালত ফল নধৰে পিতৃয়ে সেইবোৰ গুচাই পেলাই আৰু তেওঁ প্ৰতিটো ডাল পৰিস্কাৰ কৰি দিয়ে যাতে ই আৰু অধিক ফল ধৰিব পাৰে(১৫:২)।

John 14:4-7

পিতৃৰ ওচৰলৈ আহিবলৈ একমাত্ৰ উপায়টো কি?

পিতৃৰ ওচৰলৈ আহিবলৈ একমাত্ৰ উপায়টো হৈছে যীচু(১৪:৬)।

John 14:8-9

ফিলিপে তেওঁলোকলৈ যথেষ্ট বুলি দেখুৱাবলৈ যীচুক কি কৰিবলৈ কৈছিল?

ফিলিপে যীচুক কৈছিল, " হে প্ৰভু, পিতৃকে আমাক দেখুৱাওক, আৰু আমালৈ সেয়ে যথেষ্ট।" (১৪:৮)।

John 14:10-11

যীচুৱে শিষ্যবিলাকক তেওঁৰ নিজৰ মতে কৈছিলনে?

যীচুৱে নিজৰ মতে শিষ্যবিলাকক কোৱা নাছিল, তাৰ পৰিৱৰ্তে, তেওঁ থকা পিতৃয়েহে কৈছিল যিজনে পিতৃৰ কাৰ্য কৰিছিল(১৪:১০)।

যদি অন্য কোনো কাৰণ নাই, যীচুৱে শিষ্যবিলাকক কিয় কৈছিল যে যীচু যে পিতৃত আছে আৰু পিতৃ যীচুত আছে বুলি বিশ্বাস কৰিব লাগে?

যীচুৱে তেওঁলোকক এইটো কৈছিল অন্য কাৰণ নাপাই তেতিয়া যীচুৰ কৰ্মবোৰতেই বিশ্বাস কৰা(১৪:১১)।

John 14:12-14

যীচুৱে কিয় কৈছিল যে তেওঁ কৰা কাৰ্যবোৰতকৈ তেওঁৰ শিষ্যবিলাকে মহৎ কাৰ্য কৰিব?

যীচুৱে কৈছিল যে তেওঁ কৰা কাৰ্যবোৰতকৈ তেওঁৰ শিষ্যবিলাকে মহৎ কাৰ্য কৰিব কাৰণ যীচু পিতৃৰ ওচৰলৈ গৈ আছে(১৪:১২)।

শিষ্যবিলাকে যি যি তেওঁ নামত খোজে যীচুৱে কিয় কৰিব?

যীচুৱে এইটো কৰিব যাতে পিতৃয়ে পুত্ৰত মহিমান্বিত হয়(১৪:১৩)।

John 14:15-20

যীচুৱে কি কৈছিল যদি তুমি তেওঁক প্ৰেম কৰা তেন্তে এইবোৰ কৰিবা?

যীচুৱে কৈছিল যদি তুমি তেওঁক প্ৰেম কৰা তেওঁৰ আদেশবোৰ পালন কৰিবা(১৪:১৫)।

আন এজন শান্তনাকৰ্ত্তাক যীচুৱে কি বুলি কৈছিল যাক পিতৃয়ে সদাকালৰ বাবে শিষ্যবিলাকক দিব?

যীচুৱে তেওঁ সত্যৰ আত্মা বুলি কৈছিল(১৪:১৭)।

জগতে এই সত্যৰ আত্মাক কিয় গ্ৰহণ কৰিব নোৱাৰে?

জগতে এই সত্যৰ আত্মাক গ্ৰহণ কৰিব নোৱাৰে কাৰণ ইয়াক দেখা নাযায় নাইবা তেওঁ নাজানে(১৪:১৭)।

এই সত্যৰ আত্মা ক'ত থাকিব বুলি যীচুৱে কৈছিল?

এই সত্যৰ আত্মা শিষ্যবিলাকত থাকিব বুলি যীচুৱে কৈছিল(১৪:১৭)।

John 14:21-24

যিজনৰ যীচুৰ আদেশ আছে আৰু সেইবোৰ পালন কৰে তেওঁৰ কি হ'ব?

সেই মানুহবোৰক যীচু আৰু পিতৃৰ দ্বাৰা প্ৰেম কৰা যাব আৰু যীচুৱে সেই মানুহবোৰৰ আগত নিজকে প্ৰকাশ কৰিব(১৪:২১)।

John 14:25-27

পিতৃয়ে যেতিয়া সেই শান্তনাকৰ্ত্তা, সেই পবিত্ৰ আত্মাক পঠিয়াব তেওঁ কি কৰিব?

শান্তনাকৰ্ত্তা, সেই পবিত্ৰ আত্মাই শিষ্যবিলাকক সকলো কথা শিকাব আৰু যীচুৱে তেওঁলোকক কোৱা সকলো কথা সোঁৱৰাব(১৪:২৬)।

John 14:28-29

যীচুৱে তেওঁলোকৰ পৰা আতৰি যোৱাৰ কাৰণে শিষ্যবিলাকে কিয় আনন্দ কৰা উচিত?

যীচুৱে কৈছিল তেওঁলোকে আনন্দ কৰা উচিত কাৰণ যীচু পিতৃৰ ওচৰলৈ গৈ আছে আৰু পিতৃ যীচুতকৈ মহান(১৪:২৮)।

John 14:30-31

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ লগত আৰু অধিক কথা নহ'ম বুলি কি কাৰণ দেখুৱাইছে?

সেই কাৰণটো হৈছে যে এই জগতৰ অধিপতি আহি আছে(১৪:৩০)।

John 15

John 15:1-2

যীচুৱে শিষ্যবিলাকক এইবোৰ বিষয় কিয় কৈছিল?

যীচুৱে তেওঁলোকক এইবোৰ বিষয় কৈছিল যাতে তেওঁলোক যেন উজুতি নাখায়(১৬:১)।

John 15:3-4

শিষ্যবিলাকে কেনেকৈ পৰিস্কাৰ হৈছে?

তেওঁলোক পৰিস্কাৰ হৈছে কাৰণ যীচুৱে তেওঁলোকক বাক্য কৈছিল(১৫:৩)।

John 15:5-7

সেই ডালবোৰ কোন কোন?

আমিয়েই হৈছো এই ডালবোৰ (১৫:৫)।

ফল ধাৰণ কৰিবলৈ আমি কি কৰিব লাগে?

ফল ধাৰণ কৰিবলৈ যীচুত থাকিব লাগে(১৫:৫)।

যদি তুমি যীচুত নাথাকা কি ঘটিব?

যদি কোনো এজন যীচুত নাথাকে, তেওঁ দলিয়াই দিয়া ডালৰ দৰে হয় আৰু শুকাই যায়(১৫:৬)।

আমি যি খোজো সেইটো আমাৰ বাবে কৰিবলৈ আমি কি কৰিব লাগে?

আমি যীচুত থাকিব লাগে আৰু তেওঁৰ বাক্য আমাত থাকিব লাগে। তেতিয়া আমি যি ইচ্ছা কৰো আৰু এইটোকে আমালৈ কৰা হ'ব(১৫:৭)

John 15:8-9

পিতৃয়ে মহিমান্বিত হোৱা দুটা উপায় কি কি?

পিতৃয়ে মহিমান্বিত হয় যেতিয়া আমি অধিক ফল ধাৰণ কৰোঁ আৰু যেতিয়া আমি যীচুৰ শিষ্য হওঁ(১৫:৮)।

John 15:10-11

যীচুৰ প্ৰেমত থাকিবলৈ আমি কি কৰিব লাগে?

আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰিব লাগে(১৫:১০)।

John 15:12-13

এজন ব্যক্তিৰ আটাইতকৈ মহান প্ৰেম কি থাকিব পাৰে?

কোনো এজনৰে এইটোতকৈ মহান প্ৰেম থাকিব নোৱাৰে, যে তেওঁ নিজৰ বন্ধুবিলাকৰ নিমিত্তে তেওঁৰ নিজৰ জীৱন দিব(১৫:১৩)।

John 15:14-17

আমি যীচুৰ বন্ধু হয়নে নহয় সেইটো আমি কেনেকৈ জানিম?

আমি যদি তেওঁ আদেশবোৰ পালন কৰোঁ আমি যীচুৰ বন্ধু হয়(১৫:১৪)।

যীচুৱে তেওঁৰ শিষ্যবিলাকক কিয় বন্ধু বুলি কৈছিল?

যীচুৱে তেওঁলোকক বন্ধু বুলি কৈছে, কাৰণ তেওঁ পিতৃৰ পৰা যি সকলো শুনিছিল সেইবোৰ তেওঁ তেওঁলোকক জনাই দিছিল(১৫:১৫)।

John 15:18-22

যিবিলাকে যীচুক অনুগমণ কৰে জগতে তেওঁলোকক কিয় ঘৃণা কৰে?

যিবিলাকে যীচুক অনুগমণ কৰে জগতে তেওঁলোকক ঘৃণা কৰে কাৰণ তেওঁলোক এই জগতৰ নহয় আৰু যীচুৱে তেওঁলোকক এই জগতৰ পৰা বাচি ল'লে(১৫:১৯)।

John 15:23-25

যীচুৱে কি কৰিছিল যাতে এই জগতে তেওঁলোকৰ পাপৰ বাবে কোনো অজুহাত দেখুৱাব নোৱাৰে?

এই জগতখনে তেওঁলোকৰ পাপ বাবে কোনো অজুহাত দেখুৱাব নোৱাৰে কাৰণ যীচুৱে তেওঁলোকৰ মাজলৈ আহিছিল আৰু কোনেও কেতিয়াও নকৰা কামবোৰ তেওঁলোকৰ মাজত কৰিছিল(১৫:২৪)।

John 15:26-27

যীচুৰ বিষয়ে কোনে সাক্ষ্য বহন কৰিব?

শান্তনাকৰ্তা, সেই সত্যৰ আত্মাই আৰু যীচুৰ শিষ্যবিলাকে যীচুৰ বিষয়ে সাক্ষ্য বহন কৰিব(১৫:২৬-২৭)।

শিষ্যবিলাকে যীচুৰ বিষয়ে কিয় সাক্ষ্য বহন কৰিব?

তেওঁলোকে যীচুৰ বিষয়ে সাক্ষ্য বহন কৰিব কাৰণ তেওঁলোকে আৰম্ভণীৰে পৰা যীচুৰ লগত আছিল(১৫:২৭)।

John 16

John 16:1-2

সকলো মৰ্ত্যৰ ওপৰত পিতৃয়ে যীচুক কিয় ক্ষমতা দিছিল?

পিতৃয়ে এইটো কৰিছিল যাতে তুমি তেওঁক দিয়া সকলোকে তেওঁ যেন অনন্ত জীৱন দিব পাৰে(১৭:২)।

John 16:3-4

মানুহবিলাকে যীচুৰ শিষ্যবিলাকক ধৰ্মধামৰ পৰা কিয় বাহিৰ কৰিব আৰু তেওঁলোকৰ কোনো কোনোক কিয় বধ কৰিব?

তেওঁলোকে এইটো কৰিব কাৰণ তেওঁলোকে যীচুৰ পিতৃক নাজানে(১৬:৩)।

আৰম্ভণীতে যীচুৱে এইবোৰ কথা শিষ্যবিলাকক কিয় কোৱা নাছিল?

আৰম্ভণীতে যীচুৱে এইবোৰ কথা শিষ্যবিলাকক কোৱা নাছিল কাৰণ তেওঁ সিহঁতৰ লগত আছিল(১৬:৪)।

John 16:5-7

যীচু আঁতৰি যোৱাই তেওঁলোকৰ বাবে কিয় মঙ্গল?

যীচু আঁতৰি যোৱাই তেওঁলোকৰ বাবে মঙ্গল কাৰণ যীচু আঁতৰি নোযোৱালৈকে সেই শান্তনাকৰ্তা নাহিব; কিন্তু যদি যীচু আঁতৰি যায়, যীচুৱে তেওঁলোকলৈ সেই সহায়কৰ্তাক পঠিয়াই দিব(১৬:৭)।

John 16:8-11

শান্তনা কৰ্তাই কিহৰ বিষয়ে জগতখনক দোষী কৰিব?

শান্তনা কৰ্তাই জগতখনক পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সোধ-বিচাৰৰ বিষয়ে দোষী কৰিব(১৬:৮)।

John 16:12-14

সত্যৰ আত্মা যেতিয়া আহিব শিষ্যবিলাকৰ বাবে তেওঁ কি কৰিব?

তেওঁ শিষ্যবিলাকক সত্যলৈ পঠ দেখুৱাই লৈ যাব; কিয়নো তেওঁ নিজৰ পৰা নক'ব; কিন্তু তেওঁ যি যি শুনিব, তেওঁ সেইবোৰ বিষয় ক'ব আৰু আহিব লগীয়া বিষয়বোৰ তেওঁলোকৰ আগত প্ৰকাশ কৰিব(১৬:১৩)।

সত্যৰ আত্মাই কেনেকৈ যীচুক মহিমান্বিত কৰিব?

যীচুৰ পৰা তেওঁ বস্তুবোৰ লোৱাৰ দ্বাৰা আৰু সেইবোৰ শিষ্যবিলাকক প্ৰকাশ কৰাৰ দ্বাৰা তেওঁ যীচুক মহিমান্বিত কৰিব(১৬:১৪)।

John 16:15-16

সত্যৰ আত্মাই যীচুৰ কি বস্তুবোৰ ল’ব?

সত্যৰ আত্মাই পিতৃৰ বস্তুবোৰ ল’ব। পিতৃৰ যি যি আছে সেই সকলোবোৰ যীচুৰেই হয়(১৬:১৫)।

John 16:17-18

যীচুৱে কোৱা কি কথা শিষ্যবিলাকে বুজি পোৱা নাছিল?

তেওঁলোকে বুজি পোৱা নাছিল যেতিয়া যীচুৱে কৈছিল, "কিছু সময়ৰ পাছত, তোমালোকে মোক দেখা নাপাবা; আকৌ কিছুসময়ৰ পাছত, তোমালোকে মোক দেখা পাবা। " আৰু যেতিয়া তেওঁ কৈছিল, " কাৰণ মই পিতৃৰ ওচৰলৈ যাওঁ।" (১৬:১৭-১৮)।

John 16:19-21

শিষ্যবিলাকৰ শোক কি হৈ যাব?

শিষ্যবিলাকৰ শোক আনন্দলৈ পৰিৱৰ্তন হৈ যাব(১৬:২০)।

John 16:22-25

শিষ্যবিলাকৰ আনন্দৰ কি কাৰণ হ'ব পাৰে?

তেওঁলোকে যীচুক আকৌ দেখা পাব আৰু তেওঁলোকৰ অন্তৰ অনন্দেৰে পূৰ হ'ব(১৬:২২)।

যীচুৱে শিষ্যবিলাকক কিয় খুজিব আৰু গ্ৰহণ কৰিবলৈ কৈছিল?

যীচুৱে তেওঁলোকক এইটো কৰিবলৈ কৈছিল যাতে তেওঁলোকৰ আনন্দ পৰিপূৰ্ণ হয়(১৬:২৪)।

John 16:26-31

যীচুৰ শিষ্যবিলাকক পিতৃয়ে কি কাৰণে প্ৰেম কৰে?

পিতৃয়ে শিষ্যবিলাকক প্ৰেম কৰে কাৰণ শিষ্যবিলাকে যীচুক প্ৰেম কৰে আৰু বিশ্বাস কৰিছিল যে তেওঁ পিতৃৰ পৰা আহিছে(১৬:২৭)।

যীচু ক'ৰ পৰা আহিছিল আৰু তেওঁ ক'লৈ গৈ আছে?

যীচু পিতৃৰ পৰা এই জগতলৈ আহিছিল আৰু এই জগতখন এৰিবলৈ গৈ আছে আৰু পিতৃলৈ ঘূৰি গৈ আছে(১৬:২৮)।

John 16:32-33

সেই সময়ত শিষ্যবিলাকে কি কৰিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে শিষ্যবিলাক সিচঁৰিত হৈ পৰিব, প্ৰতিজনে নিজৰ নিজৰ সম্পত্তিলৈ যাব আৰু তেওঁলোকে যীচুক অকলে এৰিব(১৬:৩২)।

শিষ্যবিলাকে যীচুক অকলে এৰি থৈ যোৱাৰ পাছতো তেওঁৰ লগত কোন থাকিব?

A.পিতৃ যীচুৰ লগত তেতিয়াও থাকিব(১৬:৩২)।

যীচুৱে শিষ্যবিলাকক কিয় উৎসাহিত হৈ থাকিবলৈ কৈছিল যদিও এই জগতত তেওঁলোকৰ ক্লেশ আছে?

যীচুৱে তেওঁলোকক উৎসাহিত হৈ থাকিবলৈ কৈছিল কাৰণ তেওঁ এই জগতক জয় কৰিলে(১৬:৩৩)।

John 17

John 17:3-5

অনন্ত জীৱন কি?

অনন্ত জীৱন হৈছে সেই সত্য ঈশ্বৰ পিতৃ জনা আৰু তুমি যাক পঠালা সেই যীচু খ্ৰীষ্টক জনাটো(১৭:৩)।

যীচুৱে এই জগতত ঈশ্বৰক কেনেকৈ মহিমান্বিত কৰিছিল?

পিতৃ ঈশ্বৰে তেওঁক কৰিবলৈ কোৱা কাৰ্য সম্পন্ন কৰাৰ দ্বাৰা তেওঁ এই মহিমান্বিত কৰিছিল(১৭:৪)।

যীচুৱে কি মহিমা বিচাৰিছিল?

এই জগত সৃষ্টি হোৱাৰ আগেয়ে পিতৃৰ সৈতে তেওঁৰ যি মহিমা আছিলে তেওঁ সেই মহিমা বিচাৰে(১৭:৫)।

John 17:6-8

পিতৃৰ নাম যীচুৱে কাৰ আগত প্ৰকাশ কৰিছিল?

এই জগতৰ পৰা যিবোৰ মানুহক পিতৃয়ে যীচুক দিছিল তেওঁলোকৰ আগত পিতৃৰ নাম প্ৰকাশ কৰিছিল(১৭:৬)।

যিবোৰ মানুহক পিতৃয়ে যীচুক দিছিল সেইবোৰে যীচুৰ বাক্যৰ প্ৰতি কি উত্তৰ দিছিল?

তেওঁলোকে যীচুৰ বাক্য গ্ৰহণ কৰিছিল আৰু সঁচাকৈ জানিছিল যে যীচু পিতৃৰ পৰা আহিছে আৰু পিতৃয়ে যে যীচুক পঠাইছে তাক তেওঁলোকে বিশ্বাস কৰিছিল(১৭:৮)।

John 17:9-11

যীচুৱে কাৰ বাবে প্ৰাৰ্থনা কৰা নাই বুলি কৈছিল?

যীচুৱে কৈছিল তেওঁ এইজগতৰ বাবে প্ৰাৰ্থনা কৰা নাই(১৭:৯)।

John 17:12-17

যীচু জগতত থাকোঁতে যিবিলাকক পিতৃয়ে দিছিল সেইবিলাকক তেওঁ কি কৰিছিল?

যীচুৱে তেওঁলোকক পহৰা দিছিল(১৭:১২)।

John 17:18-19

যীচুৱে কিয় নিজকে পবিত্ৰ কৰিছিল?

যীচুৱে নিজকে পবিত্ৰ কৰিছিল যাতে পিতৃয়ে যিবিলাকক তেওঁক দিছিল তেওঁবিলাকে যেন সত্যতাত পবিত্ৰ হয়(১৭:১৯)।

John 17:20-21

কাৰ কাৰ বাবে যীচুৱে প্ৰাৰ্থনা কৰিছিল?

যিবিলাকে সেই সময়ত তেওঁক অনুগমণ কৰিছিল তেওঁলোকৰ বাক্যৰ যোগেদি যিবিলাকে বিশ্বাস কৰিব তেওঁলোকৰ বাবেও যীচুৱে প্ৰাৰ্থনা কৰিছিল(১৭:২০)।

John 17:22-24

যিবিলাকক যীচুক দিছিল তেওঁলোকক পিতৃয়ে কেনেকৈ প্ৰেম কৰে?

তেওঁলোকক যীচুৱে প্ৰেম কৰাৰ দৰেই পিতৃয়ে তেওঁলোকক প্ৰেম কৰে(১৭:২৩)।

John 17:25-26

পিতৃয়ে যিবিলাকক তেওঁক দিলে তেওঁলোকৰ আগত যীচুৱে পিতৃৰ নাম কিয় জনাইছিল আৰু জনাব?

যীচুৱে পিতৃৰ নাম জনাইছিল আৰু জনাব যাতে পিতৃয়ে যি প্ৰেমেৰে যীচুক প্ৰেম কৰিছিল সেই পিতৃৰ প্ৰেম যেন তেওঁলোকত থাকে আৰু যীচু যেন তেওঁলোকত থাকে(১৭:২৬)।

John 18

John 18:1-3

যীচুৱে এইবোৰ কথা কোৱাৰ পাছত তেওঁ ক'লৈ গৈছিল?

তেওঁ শিষ্যবিলাকেৰে সৈতে কিদ্ৰোন জুৰিৰ বাগিছালৈ গৈছিল আৰু তেওঁ তাত প্ৰৱেশ কৰিছিল(১৮:১)।

যিহুদাই সেই বাগিছাৰ বিষয়ে কেনেকৈ জানিছিল?

যিহুদাই সেই ঠাইৰ বিষয়ে জানিছিল কাৰণ যীচুৱে তেওঁৰ শিষ্যবিলাকেৰে সৈতে বহুবাৰ তালৈ গৈছিল(১৮:২)।

সেই বাগিছালৈ চাকি, ভটা আৰু টাঙোন ধৰা লৈ আৰু কোন কোন আহিছিল?

যিহুদাই, এদল সৈন্য আৰু প্ৰধান পুৰোহিতৰ কাৰ্যাধ্যক্ষ আৰু ফৰীচীবিলাককো লৈ বাগিছালৈ আহিছিল(১৮:৩)।

John 18:4-5

যীচুৱে সেই মানুহৰ দলটোক কি সুধিছিল?

যীচুৱে তেওঁলোকক সুধিছিল, " তোমালোকে কাক বিচাৰিছা?" (১৮:৪)।

John 18:6-7

যেতিয়া সেই দলৰ মানুহবিলাকে নাচৰতীয়া যীচুক বিচাৰিছোঁ বুলি কৈছিল আৰু যীচুৱে, "ময়েই সেইজন" বুলি প্ৰত্যুত্তৰ দিয়াত কি ঘটিছিল?

সেই সৈন্যবিলাক আৰু তেওঁলোকৰ লগত থকা আনবিলাকে পিছ হুহকি গৈছিল আৰু মাটিত পৰি গৈছিল(১৮:৬)।

John 18:8-9

যীচুৱে কিয় কৈছিল, " মই তোমালোকক ক'লো যে ময়েই সেইজন; সেয়ে যদি তোমালোকে মোক বিচাৰিছা, তেন্তে আনবিলাকক যাবলৈ দিয়া"?

যীচুৱে এইটো কৈছিল যাতে সেই বাক্য পৰিপূৰ্ণ হয় সেয়ে তেওঁ কৈছিল, "অৱশ্যে তুমি যিবিলাকক মোক দিলা, মই সেইবোৰৰ কাকো হেৰুওৱা নাই।" (১৮:৮-৯)।

John 18:10-11

পিতৰে মহাপুৰোহিতৰ সেই দাস, মল্কৰ কাণ এখন কাটি পেলোৱাৰ পাছত যীচুৱে পিতৰক কি কৈছিল?

যীচুৱে পিতৰক কৈছিল, " তোমাৰ তৰোৱাল তাৰ ফাকত পুনৰাই সোমাৱাই থোৱা। পিতৃয়ে যি পিয়লা মোৰ পান কৰিবলৈ দিলে, তাক মই পান নকৰিম নে? " (১৮:১০-১১)।

John 18:12-14

সেই সৈন্যদলটোৱে, সিহঁতৰ কেপ্তেইন আৰু যিহুদীবিলাকৰ সেই বিষয়াবিলাকে যীচুক ধৰাৰ পাছত, সিহঁতে যীচুক ক'লৈ লৈ গৈছিল?

সিহঁতে যীচুক হান্নাৰ ওচৰলৈ লৈ গৈছিল(১৮:১৩)।

হান্না কোন আছিল?

হান্না কাইয়াফাৰ শহুৰেক আছিল, যিজন সেই বছৰৰ বাবে মহাপুৰোহিত হৈছিল (১৮:১৩)।

John 18:15-16

পিতৰে মহা পুৰোহিতৰ চোতাললৈ কেনেকৈ সোমাবলৈ পাইছিল?

আন এজন শিষ্য যিজনক মহা পুৰোহিতে জানিছিল, বাহিৰ ওলাই গৈছিল আৰু যিজনীয়ে দুৱৰী হৈ আছিল সেই চাকৰণী জনীক কৈছিল আৰু পিতৰক ভিতৰলৈ আনিছিল(১৮:১৬)।

John 18:17-18

যীচুৰ শিষ্য বুলি নাইবা যীচুৰ লগত আছিল বুলি পিতৰক কোনে কোনে সুধিছিল?

চোতালৰ দুৱৰী হৈ থকা সেই মহিলাগৰাকীয়ে, জুইৰ চাৰিওফালে থিয় হৈ থকা মানুহবিলাকে, মহা পুৰোহিতৰ এজন চাকৰে, যিজনক পিতৰে কাণ এখন কাটি পেলাইছিল তেওঁৰ সম্বন্ধীয়া আছিল, এই সকলে পিতৰক সুধিছিল তেওঁ যীচুৰ লগত আছিল নাইবা তেওঁ যীচুৰ শিষ্য আছিল(১৮:১৭)।

John 18:19-21

যেতিয়া মহা পুৰোহিতে যীচুক তেওঁৰ শইষঅযবিলাকৰ বিষয়ে আৰু তেওঁ শিক্ষাবোৰৰ বিষয়ে সুধিছিল যীচুৱে চমুকৈ কেনেকৈ উত্তৰ দিছিল?

যীচুৱে কৈছিল তেওঁ এই জগতখনত ৰাজহুৱাভাবে মুকলিকৈ কৈছিল। তেওঁ কোৱাবোৰৰ বিষয়ে যিবিলাকে শুনিছিল সেইবিলাকক সুধিবলৈ প্ৰধান পুৰোহিতক কৈছিল(১৮:১৯-২০)।

John 18:22-24

হান্নাই যীচুক

কৰাৰ পাছত তেওঁ যীচুক ক'লৈ পঠিয়াই দিছিল?

হান্নাই যীচুক মহা পুৰোহিত কাইয়াফাৰ ওচৰলৈ পঠিয়াই দিছিল(১৮:২৪)।

John 18:25-27

পিতৰে খ্ৰীষ্টৰ সঙ্গী নহয় বুলি তৃতীয়বাৰ কোৱাৰ পাছতেই তৎক্ষণাৎ কি ঘটিছিল?

পিতৰে খ্ৰীষ্টৰ সঙ্গী নহয় বুলি তৃতীয়বাৰ কোৱাৰ পাছতেই তৎক্ষণাৎ কুকুৰাই ডাক দিছিল(১৮:২৭)।

John 18:28-30

যিবিলাকে যীচুক প্ৰিটৰিয়মৰ ভিতৰলৈ লৈ গৈছিল সিহঁতে কিয় তাত সোমোৱা নাছিল?

সিহঁতে প্ৰিটৰিয়মৰ ভিতৰত সোমোৱা নাছিল যাতে তেওঁলোক অশুচি হৈ নাযায় আৰু যাতে সিহঁতে নিস্তাৰ পৰ্বৰ ভোজন কৰিব পাৰে(১৮:২৮)।

পীলাতে যেতিয়া সিহঁতক সুধিছিল, "তোমালোকে এই মানুহজনৰ বিপক্ষে কি গোচৰ আনিছা", সেই দোষ দিওঁতাবিলাকে পীলাতক কেনেকৈ উত্তৰ দিছিল?

সিহঁতে উত্তৰ দিছিল আৰু কৈছিল, "যদি এই মানুহ জন কু-কৰ্ম্মকাৰী নোহোৱাহেতেন, আমি তাক আপোনাৰ ওচৰত শোধাই নিদিলোঁহেতেন"(১৮:২৯-৩০)।

John 18:31-32

যিহুদীবিলাকে নিজেই যীচুক শাস্তি দিয়াৰ পৰিৱৰ্তে যীচুক পীলাতৰ ওচৰলৈ কিয় লৈ গৈছিল?

যিহুদীবিলাকে যীচুক বধ কৰিবলৈ বিচাৰিছিল আৰু ৰোমীয়া অধিপতিৰ (পীলাতৰ) পৰা বিনা অনুমতিৰে কোনো মানুহক প্ৰাণদণ্ড দিয়া তেওঁলোকৰ বাবে আইন সঙ্গত নাছিল(১৮:৩১)।

John 18:33-35

পীলাতে যীচুক কি সুধিছিল?

যীচু যিহুদীবিলাকৰ ৰজা হয় নেকি বুলি পীলাতে যীচুক সুধিছিল, আৰু সুধিছিল যে তেওঁ কি কি কৰিলে(১৭:৩৩-৩৫)।

John 18:36-37

যীচুৰ ৰাজ্যৰ বিষয়ে পীলাতক যীচুৱে কি কৈছিল?

যীচুৱে পীলাতক কৈছিল যে তেওঁৰ ৰাজ্য এই জগতৰ অংশ নহয় আৰু ইয়াৰ পৰা নাহে(১৮:৩৬)।

যীচুৱে কি উদ্দেশ্যত জন্ম হৈছিল?

যীচুৱে এজন ৰজা হ'বলৈ জন্ম হৈছিল(১৮:৩৬)

John 18:38-40

পীলাতে যীচুৰ লগত কথা পতাৰ পাছত তেওঁৰ বিচাৰ কি আছিল?

পীলাতে যিহুদীবিলাকক কৈছিল, "মই এই মানুহজনৰ একো অপৰাধ পোৱা নাই" (১৮:৩৮)।

যেতিয়া পীলাতে যীচুক মুকলি কৰিবলৈ আদেশ দিছিল, যিহুদীবিলাকে পীলাতলৈ কি বুলি চিঞৰিছিল?

যিহুদীবিলাকে আকৌ চিঞৰি উঠিছিল আৰু কৈছিল, "এই মানুহজনক নহয়, কিন্তু বাৰাব্বাক মুকলি কৰক" (১৮:৩৯-৪০)।

John 19

John 19:1-3

পীলাতে যীচুক কোবোৱাৰ পাছত সৈন্যবিলাকে যীচুক কি কৰিছিল?

সৈন্যবিলাকে কাঁইটেৰে এটা কিৰীটি সাজি যীচুৰ মুৰত দিছিল, আৰু তেওঁ বেঙেনাবৰণীয়া পোছাক পিন্ধাইছিল। সিহঁতে তেওঁৰ ওচৰলৈ আহিছিল আৰু কৈছিল, " হে যিহুদীবিলাকৰ ৰজা, জয় হওক !" আৰু সিহঁতে সিহঁতৰ হাতেৰে তেওঁৰ মুৰত কোবাইছিল(১৯:২-৩)।

John 19:4-6

পীলাতে যীচুক মানুহবিলাকৰ আগলৈ আকৌ কিয় আনিছিল?

পীলাতে যীচুক মানুহবিলাকৰ আগলৈ আকৌ আনিছিল সিহঁতে যাতে জ্ঞাত হওক যে পীলাতে তেওঁত একো অপৰাধ পোৱা নাই(১৯:৪)।

পীলাতে মানুহবিলাকৰ আগলৈ যীচুক আকৌ লৈ অনাৰ সময়ত যীচুৱে কি পিন্ধি আছিল?

যীচুৱে কাঁইটৰ এটা কিৰীটি আৰু বেঙেনাবৰণীয়া পোছাক পিন্ধি আছিল(১৯:৫)।

প্ৰধান পুৰোহিত আৰু বিষয়াবিলাকে যেতিয়া যীচুক দেখিলে সিহঁতে কি কৰিছিল?

সিহঁতে চিঞৰিছিল আৰু কৈছিল, "তাক ক্ৰুচত দিয়ক, তাক ক্ৰুচত দিয়ক!" (১৯:৬)।

John 19:7-9

যিহুদীবিলাকে কোৱা কি কথাই পীলাতক আৰু বেছি ভয় লগাইছিল?

যিহুদীবিলাকে পীলাতক কৈছিল, "আমাৰ এক বিধান আছে, আৰু সেই বিধানৰ মতে সি মৰা উচিত কাৰণ সি নিজকে ঈশ্বৰৰ পুত্ৰ কৰি লৈছে" (১৯:৭-৮)।

যেতিয়া পীলাতে যীচুক, "তুমি ক'ৰ পৰা আহিছা" বুলি সুধিছিল যীচুৱে কি উত্তৰ দিছিল?

যীচুৱে কোনো উত্তৰ দিয়া নাছিল(১৯:৯)।

John 19:10-11

পীলাতক যীচুৰ ওপৰত ক্ষমতা কোনে দিছিল বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল, " এইটো তোমাক ওপৰৰ পৰা নিদিয়া হ'লে মোৰ বিৰুদ্ধে তোমাৰ কোনো ক্ষমতা নহ'লহেঁতেন"(১৯:১১)।

John 19:12-13

যদিওবা পীলাতে যীচুক মুকলি কৰি দিবলৈ বিচাৰিছিল, যিহুদীবিলাকে কোৱা কি কথাই তেওঁক বাধা দিছিল?

যিহুদীবিলাকে চিঞৰি উঠি কৈছিল, "যদি আপুনি এই মানুহজনক মুকলি কৰি দিয়ে, আপুনি কৈচৰৰ বন্ধু নহয়, নিজকে নিজে ৰজা বুলি কোৱা প্ৰতিজনেই কৈচৰৰ বিৰুদ্ধে কথা কয়" (১৯:১২)।

John 19:14-16

পীলাতে যীচুক ক্ৰুচত দিবলৈ শোধাই দিয়াৰ আগতে প্ৰধান পুৰোহিতে পীলাতক কি শেষ কথা কৈছিল?

প্ৰধান পুৰোহিতে কৈছিল, "কৈচৰৰ বিনে আমাৰ আন ৰজা নাই" (১৯:১৫-১৬)।

John 19:17-18

সিহঁতে যীচুক ক'ত ক্ৰুচবিদ্ধ কৰিছিল?

সিহঁতে যীচুক গলগথাত ক্ৰুচবিদ্ধ কৰিছিল যিটোৰ অৰ্থ লাওখোলাৰ ঠাই(১৯:১৭-১৮)।

সেই দিনাখন কেৱল যীচুকহে ক্ৰুচবিদ্ধ কৰিছিল নে?

নহয়। আন দুজন মানুহকো, এজনক যীচুৰ এফালে আৰু আনজনক যীচুৰ আনফালে সিহঁতে ক্ৰুচত দিছিল(১৯:১৮)।

John 19:19-22

যীচুৰ ক্ৰুচৰ ওপৰত ফলকখনত পীলাতে কি লিখি দিছিল?

ফলকখনত লিখা আছিল, "নাচৰতীয়া যীচু, যিহুদীবিলাকৰ ৰজা" (১৯:১৯)।

যীচুৰ ক্ৰুচৰ ওপৰত থকা ফলকখন কি কি ভাষাত লিখা হৈছিল?

ফলকখন ইব্ৰী, লেটিন আৰু গ্ৰীক ভাষাত আছিল(১৯:২০)।

John 19:23-24

যীচুৰ পিন্ধা কাপোৰখিনিক সৈন্যবিলাকে কি কৰিছিল?

সৈন্যবিলাকে যীচুৰ পিন্ধা কাপোৰখিনিক চাৰিভাগত ভগাইছিল, প্ৰতিজন সৈন্যৰ এভাগকৈ পৰিছিল। কিন্তু যীচুৱে পিন্ধা কামিজটো যিটো সিয়নি নোহোৱাকৈ বোৱা আছিল সেইটো কোনে পাব তাক চাবলৈ চিঠি খেলিছিল(১৯:২৩-২৪)।

সৈন্যবিলাকে যীচুৰ পিন্ধা কাপোৰখিনিক সেইদৰে সিহঁতে কিয় কৰিছিল?

এইটো ঘটিছিল যাতে শাস্ত্ৰবাক্য পৰিপূৰ্ণ হয় যিটোত কোৱা হৈছিল, " সিহঁতে মোৰ কাপোৰ নিজৰ মাজত ভাগবতৰা কৰিলে আৰু মোৰ পিন্ধা কাপোৰৰ বাবে সিহঁতে চিঠি খেলিলে" (১৯:২৩-২৪)।

John 19:25-27

যীচুৰ ক্ৰচ ওচৰত কোন থিয় হৈ আছিল?

যীচুৰ মাক, তেওঁৰ মাকৰ ভনীয়েক, ক্লোপাৰ পত্নী মৰিয়ম, মগদলীনী মৰিয়ম, আৰু যীচুৱে যাক প্ৰেম কৰিছিল সেই শিষ্য যীচুৰ ক্ৰচৰ ওচৰত থিয় হৈ আছিল (১৯:২৫-২৬)।

যীচুৱে তেওঁৰ মাকক আৰু তেওঁ প্ৰেম কৰা সেই শিষ্যজনক যেতিয়া দেখা পাইছিল তেওঁ মাকক কি কৈছিল?

যীচুৱে তেওঁৰ মাকক কৈছিল, " হে নাৰী, চোৱা, এইয়া তোমাৰ পুত্ৰ!" (১৯:২৬)।

যীচুৱে যাক প্ৰেম কৰিছিল সেই শিষ্যজনে কি কৰিছিল যেতিয়া যীচুৱে কৈছিল, " চোৱা, এইয়া তোমাৰ মাতৃ!" ?

যীচুৱে যাক প্ৰেম কৰিছিল সেই শিষ্যজনে সেই সময়তে যীচুৰ মাকক তেওঁৰ নিজৰ ঘৰলৈ লৈ গৈছিল(১৯:২৭)।

John 19:28-30

যীচুৱে কিয় কৈছিল "মোৰ পিয়াহ লাগিছে।"?

শাস্ত্ৰ বাক্য পৰিপুৰ্ণ হ'বলৈ যীচুৱে এইটো কৈছিল (১৯:২৮)।

যীচুৰ মুখৰ ওপৰত টেঙা পানী স্পঞ্জ এডোখৰেৰে ধৰাৰ পাছত যীচুৱে কি কৰিছিল?

সেই টেঙা পানী ধৰাৰ পাছতেই যীচুৱে কৈছিল, "এইটো সিদ্ধ হ'ল।" তাৰ পাছত তেওঁ মূৰ দোঁৱালে আৰু তেওঁৰ আত্মা ত্যাগ কৰিছিল(১৯:২৯-৩০)।

John 19:31-33

যিহুদীবিলাকে সেই মৃত্যুদণ্ডাজ্ঞা পোৱা মানুহকেইজনৰ ভৰি পীলাতৰ কোৱাই কিয় ভঙাব বিচাৰিছিল?

এইটো আছিল আয়োজনৰ দিন, বিশ্ৰাম বাৰৰ সময়ত যাতে শৰীৰ ক্ৰুচৰ ওপৰত নাথাকে (কিয়নো সেই বিশ্ৰামবাৰ এক গুৰুত্ত্বপূৰ্ণ দিন আছিল), যিহুদীবিলাকে পীলাতক সুধিছিল যে সেই মৃত্যুদণ্ড পোৱা মানুহকেইজনৰ ভৰি ভাঙিব লাগে আৰু সিহঁতৰ শৰীৰকেইটা ক্ৰুচৰ পৰা যাতে নমোৱা হয়(১৯:৩১)।

সৈন্যবিলাকে যীচুৰ ভৰি কেইখন কিয় নাভাঙিলে?

সিহঁতে যীচুৰ ভৰিকেইখন ভঙা নাছিল কাৰণ সিহঁতে দেখা পাইছিল যে তেওঁ ইতিমধ্যে মৰিল(১৯:৩৩)।

John 19:34

যীচু ইতিমধ্যে মৰা বুলি জনাৰ পাছত সৈন্য বিলাকে যীচুক কি কৰিছিল?

সেন্যবিলাকৰ এজনে যীচুৰ একাষত এডাল যাঠীৰে খুচিছিল(১৯:৩৪)।

John 19:35-37

যীচুৰ ভৰি দুখন কিয় ভঙা নহ'ল আৰু যীচুক যাঠীৰে কিয় বিন্ধি দিয়া হৈছিল?

এই বোৰ বিষয় হৈছিল যাতে শাস্ত্ৰ বাক্য পৰিপূৰ্ণ হয়, "তেওঁৰ এডালি হাড়ো ভঙা নহ'ব।" আৰু "সিহঁতে যাক বিন্ধিছিল, সিহঁতে তেওঁলৈ চাব।" (১৯:৩৬-৩৭)।

যিজনে এইবোৰ দেখিছিল যীচুৰ ক্ৰুচবিদ্ধকৰণৰ বিষয়ে তেওঁলোকক কিয় সাক্ষ্য বহন কৰিছিল?

সেইজনে এইবোৰ ঘটনাৰ সাক্ষ্য বহন কৰিছিল যাতে তোমালোকে বিশ্বাস কৰিব পাৰা(১৯:৩৫)।

John 19:38-39

যীচুৰ শৰীৰটো খুজি লৈ যাবলৈ কোন আহিছিল?

আৰিমথিয়াৰ যোচেফে পীলাতক গৈ সুধিছিল যাতে তেওঁ যীচুৰ শৰীৰটো লৈ যাব পাৰে(১৯:৩৮)।

যীচুৰ শৰীৰটো খুজি লৈ যাবলৈ আৰিমথিয়াৰ যোচেফৰ লগত কোন আহিছিল?

আৰিমথিয়াৰ যোচেফৰ লগত নীকদীম আহিছিল(১৯:৩৯)।

John 19:40-42

আৰিমথিয়াৰ যোচেফ আৰু নীকদীমে যীচুৰ শৰীৰটোক কি কৰিছিল?

তেওঁলোকে মচলাৰে সৈতে শণ সূতাৰ কাপোৰ লৈ যীচুৰ শৰীৰটো মেৰিয়াইছিল। তাৰ পাছত তেওঁলোকে যীচুৰ শৰীৰটো এখন বাগিছাত থকা নতুনকৈ খন্দা এটা মৈদামত শুৱাই থৈছিল(১৯:৪০-৪১)।

John 20

John 20:1-2

মগদলীনী মৰিয়মে মৈদামলৈ কেতিয়া আহিছিল?

সপ্তাহৰ প্ৰথম দিনা খুউব ৰাতিপুৱাই তাই মৈদামলৈ আহিছিল(২০:১)।

মগদলীনী মৰিয়মে যেতিয়া মৈদামনি গৈ পাইছিল তাই কি দেখা পাইছিল?

সেই শিলটো মৈদামৰ পৰা বগৰাই থোৱা তাই দেখা পাইছিল(২০:১)

সেই দুজন শিষ্যক মগদলীনী মৰিয়মে কি কৈছিল?

তাই তেওঁলোকক কৈছিল, "সিহঁতে প্ৰভুক মৈদামৰ পৰা উলিয়াই নিলে আৰু সিহঁতে তেওঁক ক'ত থলে সেইটো আমি নাজানো" (২০:২)।

John 20:3-5

মগদলীনী মৰিয়মে যি কৈছিল তাক শুনাৰ পাছত চিমোন পিতৰ আৰু আন শিষ্যই কি কৰিছিল?

তেওঁলোক দুয়োজনে মৈদামলৈ দৌৰি গৈছিল(২০:৩-৪)।

John 20:6-7

চিমোন পিতৰে মৈদামত কি দেখা পাইছিল?

শণ সূতাৰ কাপোৰ তাত পৰি থকা দেখা পাইছিল। তেওঁৰ মূৰত মেৰিয়াই থোৱা কাপোৰ শণ সূতাৰ কাপোৰৰ লগত নাছিল কিন্তু ইয়াৰ ঠাইত নিজে নিজেই নুৰিয়াই থোৱা আছিল(২০:৬-৭)।

John 20:8-10

আন শিষ্যজনে মৈদামত যি দেখিছিল তাৰ প্ৰত্যুত্তৰত তেওঁ কি কৰিছিল?

তেওঁ তাক দেখিছিল আৰু বিশ্বাস কৰিছিল(২০:৮)।

John 20:11-13

মৰিয়মে যেতিয়া ৰৈছিল আৰু মৈদামলৈ জুমি চাওঁতে তাই কি দেখিছিল?

যীচুৰ শৰীৰ য'ত শুৱাই থোৱা হৈছিল তাত যীচুৰ মূৰৰ ফালে এজন আৰু ভৰিৰ ফালে এজন, শুভ্ৰ বস্ত্ৰ পৰিহিত এই দুজন স্বৰ্গদূতক তাই দেখা পাইছিল(২০:১২)।

স্বৰ্গদূতে মৰিয়মক কি কৈছিল?

তেওঁলোকে তাইক সুধিছিল, "হে নাৰী, তুমি কিয় কান্দিছা" (২০:১৩)।

John 20:14-15

যেতিয়া মৰিয়মে ঘুৰিছিল তাই কি দেখা পাইছিল?

তাই যীচুক তাত থিয় হৈ থকা দেখা পাইছিল, কিন্তু এইজনেই যে যীচু তাই তাক নাজানিছিল(২০:১৪)।

যীচুক মৰিয়মে কোন বুলি ভাবিছিল?

তাই এজনক বাগিছা চোৱাচিতা কৰা মানুহজন বুলি ভাবিছিল(২০:১৫)।

John 20:16-18

মৰিয়মে যীচুক কেতিয়া চিনি পাইছিল?

যেতিয়া যীচুৱে তাইৰ নাম "অ মৰিয়ম" বুলি মাতিছিল তেতিয়াই তাই যীচুক চিনি পাইছিল(২০:১৬)।

যীচুৱে তেওঁ নুচুবলৈ মৰিয়মক কিয় কৈছিল?

যীচুৱে তেওঁক নুচুবা বুলি তাইক কৈছিল কাৰণ তেওঁ তেতিয়াও পিতৃৰ ওচৰলৈ উঠা নাছিল(২০:১৭)।

যীচুৱে মৰিয়মক তেওঁৰ ভাইবিলাকক কি ক'বলৈ কৈছিল?

যীচুৱে তেওঁৰ ভাইবিলাকক ক'বলৈ মৰিয়মক কৈছিল যে, মই মোৰ পিতৃ আৰু তোমালোকৰ পিতৃৰ আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ উঠি যাম(২০:১৭)।

John 20:19-20

সপ্তাহৰ প্ৰথম দিনা সন্ধ্যা য'ত শিষ্যবিলাক আছিল তাত কি ঘটিছিল?

যীচু আহিছিল আৰু তেওঁলোকৰ মাজত থিয় হৈছিল(২০:১৯)।

যীচুৱে শিষ্যবিলাকক কি দেখুৱাইছিল?

যীচুৱে তেওঁলোকক তেওঁৰ হাত আৰু তেওঁৰ কোষ দেখুৱাইছিল(২০:২০)।

John 20:21-23

যীচুৱে শিষ্যবিলাকক কি কৰি আছিল বুলি কৈছিল?

যীচুৱে কৈছিল যেনেকৈ পিতৃয়ে তেওঁক পঠিয়াই দিছিল সেইদৰে তেৱোঁ শিষ্যবিলাকক পঠিয়াই দিছিল(২০:২১)।

যীচুৱে শিষ্যবিলাকৰ ওপৰত তেওঁৰ নিশ্বাস পেলাই দিয়াৰ পাছত তেওঁ কি কৈছিল?

যীচুৱে তেওঁলোকক কৈছিল, "পবিত্ৰ আত্মা গ্ৰহণ কৰা। তোমালোকে যাৰ পাপ ক্ষমা কৰা, তেওঁলোকক ক্ষমা কৰা যাব; তোমালোক যাৰ যায় পাপ ৰাখা তেওঁলোকৰ পাপ ৰাখা যাব।" (২০:২২-২৩)।

John 20:24-25

আন শিষ্যবিলাকে যেতিয়া যীচুক দেখিছিল শিষ্যবিলাকৰ মাজৰ কোনজন শিষ্য তাত উপস্থিত নাছিল?

বাৰজনৰ মাজ এজন থোমা, তেওঁক দিদোমো বুলিও কোৱা হয়, তেওঁ যীচু আহোঁতে আন শিষ্যবিলাকৰ লগত উপস্থিত নাছিল(২০:২৪)।

যীচু যে জীৱিত আছিল তাৰ বাবে বিশ্বাস কৰিবলৈ থোমাই কি কৈছিল?

থোমাই কৈছিল তেওঁ বিশ্বাস কৰিবলৈ যীচুৰ হাতত গজালৰ বিন্ধা চিন চাব লাগিব আৰু গজালৰ বিন্ধা চিনত তেওঁ আঙুলি ভৰাব লাগিব আৰু তেওঁ বিশ্বাস কৰাৰ আগতে তেওঁ যীচুৰ কোষত হাত দি চাব লাগব(২০:২৫)।

John 20:26-27

থোমাই যীচুক কেতিয়া দেখিছিল?

আঠদিনৰ পাছত থোমাই আন শিষ্যবিলাকৰ সৈতে থাকোঁতে, দুৱাৰবোৰ বন্ধ হৈ থকাটো যীচুৱে তাত দেখা দিছিল আৰু তেওঁলোকৰ মাজত থিয় হৈছিল(২০:২৬)।

যীচুৱে থোমাক কি কৰিবলৈ কৈছিল?

যীচুৱে থোমাক কৈছিল যে তেওঁৰ আঙুলি দিব দিছিল আৰু যীচুৰ হাত চাব দিছিল আৰু আঙুলি দি যীচুৰ কোষ চাব দিছিল। যীচুৱে তেতিয়া থোমাক কৈছিল বিশ্বাসহীন নহ'বা, কিন্তু বিশ্বাসকাৰী হোৱা(২০:২৭)।

John 20:28-29

থোমাই যীচুক কি কৈছিল?

থোমাই যীচুক কৈছিল, "হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ" (২০:২৮)।

যীচুৱে কাক ধন্য বুলি কৈছিল?

যীচুৱে কৈছিল, " যিবিলাকে এতিয়াও দেখা নাই, আৰু তথাপিও বিশ্বাস কৰে তেওঁবিলাকেই ধন্য" (২০:২৯)।

John 20:30-31

পুস্তক লিপিবদ্ধ নোহোৱা আৰু অন্য চিন যীচুৱে দেখুৱাইছিল নেকি?

হয়, যীচুৱে অনেক বহুতো চিন তেওঁৰ শিষ্যবিলাকৰ সন্মুখত দেখুৱাইছিল সেইবোৰ যোহনৰ পুস্তকত লিপিবদ্ধ হোৱা নাছিল(২০:৩০)।

এই চিনবোৰ এই পুস্তকত কিয় লিখা হৈছিল?

লিখা হৈছিল যাতে যীচুৱেই যে খ্ৰীষ্ট, সেই ঈশ্বৰৰ পুত্ৰ তাক যেন বিশ্বাস কৰা, আৰু যাতে তেওঁত বিশ্বাস কৰি, তেওঁৰ নামত জীৱন পোৱা(২০:৩১)।

John 21

John 21:1-3

যীচুৱে তেওঁ নিজকে আকৌ শিষ্যবিলাকক দৰ্শন দিওঁতে তেওঁলোক ক'ত আছিল?

যীচুৱে তেওঁ নিজকে আকৌ শিষ্যবিলাকক দৰ্শন দিওঁতে তেওঁলোক তিবিৰিয়া সাগৰত আছিল(২১:১)।

তিবিৰিয়া সাগৰত কোন কেইজন শিষ্য আছিল?

চিমোন পিতৰ, থোমা যাক দিদোমো বুলি কয়, গালীলৰ কান্নাৰ পৰা নথনীয়েল, চিবদিয়ৰ পুত্ৰ কেইজন আৰু যীচুৰ আন দুজন শিষ্য সেই তিবিৰিয়া সাগৰত আছিল(২১:২)।

শিষ্য কেইজনে কি কৰি আছিল?

শিষ্যকেইজন মাছ ধৰিবলৈ গৈছিল কিন্তু সেই গোটেই ৰাতি একোকে পোৱা নাছিল(২১:৩)

John 21:4-6

যীচুৱে শিষ্যবিলাকক কি কৰিবলৈ কৈছিল?

যীচুৱে নাঁৱৰ সোঁফালে তেওঁলোকৰ জাল পেলাবলৈ কৈছিল আৰু তেওঁলোকে কিছু মাছ ধৰিবলৈ পাব বুলি কৈছিল(২১:৬)।

শিষ্যবিলাকে যেতিয়া জাল পেলালে কি ঘটিছিল?

তেওঁলোকে জাল টানিবই পৰা নাছিল কাৰণ তাত বহুত মাছ আছিল(২১:৬)।

John 21:7-9

যীচুৱে প্ৰেম কৰা শিষ্যজনে যেতিয়া কৈছিল, "তেওঁৱেই প্ৰভু" চিমোন পিতৰে কি কৰিছিল?

তেওঁ উদং হৈ থকা গাত বাহিৰৰ কামিজটো পিন্ধি নিজে পানীত জপিয়াই দিলে(২১:৭)।

আন শিষ্যবিলাকে কি কৰিছিল?

আন শিষ্যবিলাকে মাছেৰে পূৰ হৈ থকা জালখন টানি টানি নাঁৱেৰে সৈতে বামলৈ আহিল(২১:৮)।

John 21:10-11

যীচুৱে শিষ্যবিলাকক তেওঁ এইমাত্ৰ ধৰা কিছুমান মাছক কি কৰিবলৈ কৈছিল?

যীচুৱে শিষ্যবিলাকক তেওঁ এইমাত্ৰ ধৰা মাছ কিছুমান আনিবলৈ কৈছিল(২১:১০)।

John 21:12-14

যীচুৱে পুনৰূত্থান হোৱাৰ পাছত কেইবাৰ শিষ্যবিলাকক দৰ্শন দিছিল?

যীচুৱে পুনৰূত্থান হোৱাৰ পাছত এই তৃতীয়বাৰ শিষ্যবিলাকক দৰ্শন দিছিল(২১:১৪)

John 21:15-16

ৰাতিপুৱাৰ জলপান খোৱাৰ পাছত যীচুৱে চিমোন পিতৰক কি সুধিছিল?

যীচুৱে চিমোন পিতৰক সুধিছিল যে, তেওঁ এই সকলোবিলাকতকৈ চিমোনে যীচুক অধিক প্ৰেম কৰেনে?(২১:১৫)।

John 21:17-18

যেতিয়া যীচুৱে পিতৰক তৃতীয়বাৰ সুধিছিল তুমি যীচুক প্ৰেম কৰা নে, চিমোন পিতৰে যীচুক কেনেকৈ উত্তৰ দিছিল?

তৃতীয়বাৰ তেওঁ পিতৰক সোধাত তেওঁ প্ৰত্যুত্তৰ দিছিল, "হে প্ৰভু, আপুনি সকলোকে জানে, মই যে আপোনাক প্ৰেম কৰোঁ তাক আপুনি জানে" (২১:১৭)।

তৃতীয়বাৰ পিতৰে যীচুৰ

প্ৰত্যুত্তৰ দিছিল, "তুমি মোক প্ৰেম কৰা নে?" যীচুৱে পিতৰক কি কৰিবলৈ কৈছে?

তৃতীয়বাৰ যীচুৱে তেওঁক কৈছিল, " মোৰ মেৰ বিলাকক চৰোৱা" (২১:১৭)।

পিতৰ যেতিয়া বুঢ়া হ'ব পিতৰলৈ কি ঘটিব বুলি যীচুৱে চিমোন পিতৰক কৈছিল?

যীচুৱে পিতৰক কৈছিল যেতিয়া তেওঁ বুঢ়া হ'ব, তেওঁ হাত মেলিব আৰু আন এজন মানুহে তেওঁক কাপোৰ পিন্ধাব আৰু তেওঁৰ য'লৈ যাবলৈ ইচ্ছা নাই তালৈ তেওঁক লৈ যাব(২১:১৮)।

John 21:19

পিতৰ যেতিয়া বুঢ়া হ'ব পিতৰলৈ কি কি ঘটিব বুলি যীচুৱে কিয় কৈছিল?

পিতৰৰ কেনেধৰণৰ মৰণেৰে ঈশ্বৰক মহিমান্বিত কৰিব সেইটো বুজাবলৈ যীচুৱে এইটো কৈছিল(২১:১৯)।

John 21:20-25

যীচুৱে প্ৰেম কৰা শিষ্যজনৰ বিষয়ে চিমোন পিতৰে যীচুক কি সুধিছিল?

পিতৰে যীচুক সুধিছিল, "হে প্ৰভু, এই মানুহ জনৰ কি হ'ব? "

যীচুৱে পিতৰৰ

" হে প্ৰভু, এই মানুহজনৰ কি হ'ব" ইয়াৰ প্ৰত্যুত্তৰ কেনেকৈ দিছিল?

যীচুৱে পিতৰক কৈছিল, "মোৰ পাছে পাছে আঁহা" (২১:২২)।