Assamese: translationQuestions

Updated ? hours ago # views See on DCS

Philemon

Philemon 1

Philemon 1:1-3

এই পত্ৰখন লিখাৰ সময়ত পৌল ক'ত আছিল ?

A.এই পত্ৰখন লিখাৰ সময়ত পৌল কাৰাগাৰত আছিল (১:১,৯,১৩)।

এই পত্ৰখন কালৈ লিখা হৈছিল ?

পৌলৰ অতি মৰমৰ ভাই আৰু সহকাৰী, ফিলীমনলৈ এই পত্ৰখন লিখা হৈছিল (১:১)।

সেই মণ্ডলী কেনেধৰণৰ ঠাইত গোট খাইছিল ?

সেই মণ্ডলী এটা ঘৰত গোট খাইছিল (১:২)।

Philemon 1:4-7

ফিলীমনৰ বিষয়ে কি উত্তম বৈশিষ্ট্য পৌলে শুনিবলৈ পাইছিল ?

সাধু-সন্তসকলৰ প্ৰতি ফিলীমনৰ বিশ্বস্ততা, প্ৰেম, প্ৰভুত তেওঁৰ বিশ্বাসৰ বিষয়ে পৌলে শুনিবলৈ পাইছিল (১:৫)।

পৌলৰ মতে ফিলীমনে সাধু-সন্তসকলৰ বাবে কি কৰিছিল ?

ফিলীমনে সাধু-সন্তসকলৰ অন্তৰ সজীব কৰিছিল (১:৭)।

Philemon 1:8-9

পৌলে ফিলীমনক আদেশ দিয়াৰ পৰিৱৰ্ত্তে কিবা এটা তেওঁ কিয় খুজিছিল ?

পৌলে ফিলীমনৰ প্ৰেমৰ বাবেই এইটো খুজিছিল (১:৯)।

Philemon 1:10-13

পৌলে ওনীচিমৰ পিতৃ কেতিয়া হৈছিল ?

পৌলে যেতিয়া কাৰাগাৰত আছিল তেতিয়াই তেওঁ ওনীচিমৰ পিতৃ হৈছিল (১:১০)।

পৌলে ওনীচিমৰ লগত কি কৰিছিল ?

পৌলে ওনীচিমক উভটাই পঠিয়াইছিল (১:১২)।

পৌলে ওনীচিমক কি কৰাটো বিচাৰিছিল ?

ওনীচিমে পৌলক সহায় কৰাটো তেওঁ বিচাৰিছিল (১:১৩)।

Philemon 1:14-20

ফিলীমনে ওনীচিমৰ প্ৰতি কি কৰাটো পৌলে বিচাৰিছিল ?

ফিলীমনে ওনীচিমক বন্দী-দাস অৱস্থাৰ পৰা মুকলি কৰি দিয়াটো আৰু পৌলৰ ওচৰলৈ ওনীচিমক ঘুৰাই পঠোৱাটো পৌলে বিচাৰিছিল (১:১৪-১৬)।

ফিলীমনে ওনীচিমক এতিয়া কি বুলি বিবেচনা কৰাটো পৌলে বিচাৰিছে ?

ফিলীমনে ওনীচিমক এজন ভাই হিচাপে বিবেচনা কৰাটো পৌলে বিচাৰিছে (১:১৬)।

Philemon 1:21-25

ফিলীমনে ওনীচিমক পৌলৰ ওচৰলৈ ঘুৰাই পঠোৱাটো পৌলে আশা কৰিছিল নে ?

হয়, পৌলৰ বিশ্বাস আছিল যে ফিলীমনে ওনীচিমক তেওঁৰ ওচৰলৈ ঘুৰাই পঠাব (১:২১)।

পৌল যদি কাৰাগাৰৰ পৰা মুকলি হয়, তেওঁ ক'লৈ আহিব ?

পৌল যদি কাৰাগাৰৰ পৰা মুকলি হয়, তেওঁ ফিলীমনকলৈ ওচৰলৈ দেখা কৰিবলৈ আহিব (১:২২)।