Luke
Luke 1
Luke 1:1-4
লুকে উল্লেখ কৰা এই " চাক্ষুখ প্ৰমাণবোৰ" কোন কোন?
এই "চাক্ষুখ প্ৰমাণবোৰ" হৈছে, যীচুৰ পৰিচৰ্য্যাৰ আৰম্ভণীৰে পৰা তেওঁৰ লগত থকা লোক সকল (১:১-২)।
যীচুৱে যি কৰিছিল তাক দেখাৰ পাছত কোনো কোনো চাক্ষুখ প্ৰমানসকলে কি কি কৰিছিল
যীচুৱে যি যি কৰিছিল সেইবোৰৰ বৰ্ণনা লিখি পেলাইছিল (১:২)।
যীচুৱে যি কৈছিল আৰু কৰিছিল সেইবাৰৰ বৰ্ণনা লিখিবলৈ লুকে কিয় থিৰাং কৰিছিল ?
লুকক যি শিকোৱা হৈছিল সেইবোৰৰ সত্যতা যেন থিয়ফিলে জ্ঞাত হয় সেইটো তেওঁ বিচাৰিছিল (১:৪)।
Luke 1:5-7
ঈশ্বৰে জখৰিয়া আৰু এলিজাবেথক কিয় ধাৰ্মিক বুলি গণ্য কৰিছিল ?
ঈশ্বৰে তেওঁলোকক ধাৰ্মিক বুলি গণ্য কৰিছিল কাৰণ তেওঁলোকে তেওঁৰ আজ্ঞাসমুহ পালন কৰিছিল (১:৬)।
জখৰিয়া আৰু এলিজাবেথৰ কি সন্তান নাছিল ?
তেওঁলোকৰ সন্তান নাছিল কাৰণ এলিজাবেথে সন্তান ধাৰণ কৰিব পৰা নাছিল৷ তাই আৰু জখৰিয়া অতিশয় বৃদ্ধ আছিল (১:৭)।
Luke 1:8-10
যিৰূচালেমৰ মন্দিৰত জখৰিয়াই কি কাৰ্য্য কৰি আছিল ?
জখৰিয়া পুৰোহিতৰ কাৰ্য্য কৰি আছিল (১:৮)।
জখৰিয়াই মন্দিৰত কি কৰিছিল ?
তেওঁ ঈশ্বৰলৈ ধূপ জ্বলাইছিল (১:৯)।
জখৰিয়াই মন্দিৰত থাকোঁতে বাহিৰত মানুহবিলাকে কি কৰি আছিল ?
মানুহবিলাকে বাহিৰৰ চোতালত ৰৈ আছিল আৰু প্ৰাৰ্থনা কৰি আছিল ১:১০)।
Luke 1:11-15
জখৰিয়াই মন্দিৰত থাকোঁতে তেওঁক কোনে দৰ্শন দিছিল?
জখৰিয়া মন্দিৰত থাকোঁতে প্ৰভুৰ এজন দূতে তেওঁক দৰ্শন দিছিল (১:১১)।
জখৰিয়াই দূত জনক দেখা পাই কেনে হৈছিল ?
জখৰিয়াই যেতিয়া দূতজনক দেখিছিল তেওঁ অতিশয় ভয় কৰিছিল (১:১২)।
দূতজনে জখৰিয়াক কি কৈছিল ?
সেই দূতজনে জখৰিয়াক কৈছিল যে ভয় নকৰিবা আৰু তেওঁৰ ভাৰ্যা এলিজাবেথৰ এটি পুত্ৰ হ'ব। তেওঁৰ পুত্ৰৰ নাম যোহন হ'ব (১:১৩)।
Luke 1:16-17
ইস্ৰায়েলৰ সন্তানবিলাকৰ বাবে যোহন কি কৰিব বুলি স্বৰ্গদূতে কৈছিল ?
স্বৰ্গদূতে কৈছিল যে তেওঁ ইস্ৰায়েলৰ সন্তানবিলাকক তেওঁৰ প্ৰভু ঈশ্বৰলৈ ঘুৰাব (১:১৬)।
যোহনৰ সকলো কামে কেনেধৰণৰ মানুহক প্ৰস্তুত কৰিব ?
প্ৰভুৰ বাবে বিশেষ এক ধৰণৰ মানুহক প্ৰস্তুত কৰিব (১:১৭)।
Luke 1:18-20
সেই স্বৰ্গদূতৰ নাম কি আছিল আৰু সাধাৰণতে তেওঁ ক'ত থাকে ?
সেই স্বৰ্গদূতৰ নাম গাব্ৰিয়েল আছিল আৰু সাধাৰণতে তেওঁ প্ৰভুৰ উপস্থিতিত থাকে (১:১৯)।
Luke 1:21-25
জখৰিয়ালৈ কি ঘটিব বুলি স্বৰ্গদূতে কৈছিল কাৰণ তেওঁ স্বৰ্গদূতৰ বাক্য বিশ্বাস কৰা নাছিল ?
সন্তানটো জন্ম নোহোৱালৈকে জখৰিয়া কথা ক'ব নোৱাৰা হৈ থাকিব (১:২১)।
Luke 1:26-29
এলিজাবেথৰ গৰ্ভধাৰণৰ ছয়মাহৰ পাছত, ঈশ্বৰৰ দ্বাৰা কাক চাবলৈ গাব্ৰিয়েলক পঠোৱা হৈছিল ?
দায়ুদৰ বংশধৰ, যিগৰাকীক যোচেফলৈ বাগদান কৰা হৈছিল, মৰিয়ম নামৰ এগৰাকী কুমাৰীক (১:২৭)।
Luke 1:30-33
স্বৰ্গদূতে মৰিয়মলৈ কি ঘটিব বুলি কৈছিল ?
সেই স্বৰ্গদূতে কৈছিল যে মৰিয়মে গৰ্ভধাৰণ কৰিব (১:৩১)।
শিশুটিৰ নাম কি ৰখা হ'ব আৰু তেওঁ কি কৰিব ?
শিশুটিৰ নাম যীচু ৰখা হ'ব আৰু তেওঁ যাকোবৰ বংশধৰ সকলৰ ওপৰত তেওঁৰ শেষ নোহোৱা ৰাজ্যৰে শাসন কৰিব (১:৩১, ৩৩)।
Luke 1:34-38
যিহেতু মৰিয়ম এগৰাকী কুমাৰী এইটো কেনেকৈ ঘটিব বুলি স্বৰ্গদূতে কৈছিল ?
স্বৰ্গদূতে কৈছিল যে পবিত্ৰ আত্মা মৰিয়মৰ ওপৰলৈ আহিব আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পৰাক্ৰমে তাইক ছাঁ দি ধৰিব (১:৩৫)।
সেই পবিত্ৰ পুত্ৰ জনা কাৰ হ'ব বুলি স্বৰ্গদূতে কৈছিল ?
সেই পবিত্ৰ পুত্ৰ জনা ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হ'ব এই বুলি স্বৰ্গদূতে কৈছিল (১:৩৫)।
ঈশ্বৰৰ বাবে অসম্ভব বুলি স্বৰ্গদূতে কি কৈছিল ?
একো অসম্ভব নহয় (১:৩৫)।
Luke 1:39-41
মৰিয়মে যেতিয়া এলিজাবেথক সম্ভাষণ জনালে, এলিজাবেথৰ শিশুটিয়ে কি কৰিছিল ?
শিশুটিয়ে তাইৰ গৰ্ভত আনন্দতে জপিয়াই উঠিছিল (১:৪১, ৪৪)।
Luke 1:42-53
এলিজাবেথে কাক ধন্য/আশীৰ্ব্বাদিত বুলি কৈছিল ?
এলিজাবেথে কৈছিল যে মৰিয়ম আৰু তাইৰ শিশুটিও ধন্য/ আশীৰ্ব্বাদিত (১:৪২)।
Luke 1:54-58
ঈশ্বৰৰ দ্বাৰা কৰা কোনবোৰ প্ৰতিজ্ঞাৰ দ্বাৰা ঈশ্বৰৰ এই পৰাক্ৰম কাৰ্য্যবোৰ পৰিপুৰ্ণ হ'ব বুলি মৰিয়মে তেতিয়া কৈছিল ?
সেইবোৰে অব্ৰাহামলৈকে ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰ পৰিপুৰ্ণ কৰিব আৰু তেওঁৰ বংশধৰসকললৈ দয়ালু হ'ব আৰু তেওঁলোকক সহায় কৰিব (১:৫৪)।
Luke 1:59-61
চুন্নত কৰাৰ দিনা, এলিজাবেথৰ পুত্ৰক সাধাৰণতে তেওঁলোকে কি নাম দিছিল ?
জখৰিয়া (১:৫৯)।
Luke 1:62-63
শিশুটিৰ নাম কি হ'ব বুলি যেতিয়া সোধা হ'ল জখৰিয়াই কি লিখি দিছিল, আৰু তাৰ পাছত জখৰিয়াৰ কি হৈছিল ?
জখৰিয়াই লিখিছিল যে, "তাৰ নাম যোহন হ'ব", আৰু তাৰ পাছতেই জখৰিয়াই কথা ক'বলৈ আৰম্ভ কৰিছিল (১:৬৩-৬৪)।
Luke 1:64-66
এই সকলোবাৰ ঘটনাৰ কাৰণে শিশুটিৰ বিষয়ে সকলোৱে কি উপলব্ধি কৰিছিল ?
তেওঁলোকে এই উপলব্ধি কৰিছিল যে প্ৰভুৰ হাত তেওঁ ওপৰত আছিল (১:৬৬)।
Luke 1:67-75
জখৰিয়াই ঈশ্বৰৰ প্ৰশংসা কৰিছিল কাৰণ ঈশ্বৰে এতিয়া কি ঘটিবলৈ পথ প্ৰস্তুত কৰিছিল ?
ঈশ্বৰে এতিয়া তেওঁৰ লোক বিলাকক মুকলি কৰিবলৈ এক উপায় প্ৰস্তুত কৰিলে (১:৬৮)।
Luke 1:76-79
জখৰিয়াই তেওঁৰ সন্তান যোহনে মানুহবিলাকক কি জানিবলৈ সহায় কৰিব বুলি ভাববাণী কৈছিল ?
তেওঁলোকে ৰক্ষা পাব বাবে তেওঁলোকৰ পাপবোৰৰ ক্ষমাৰ কেনেকৈ পাব তাক জানিবলৈ যোহনে মানুহবিলাকক সহায় কৰিব (১:৭৭)।
Luke 1:80
যোহনে ৰাজহুৱাকৈ দেখা দিয়ালৈকে ক'ত আছিল আৰু ক'ত ডাঙৰ হৈছিল ?
যোহনে মৰুভূমি অঞ্চলত আছিল আৰু তাতেই ডাঙৰ হৈছিল (১:৮০)।
Luke 2
Luke 2:1-3
মানুহবিলাকে পিয়লৰ বাবে পঞ্জীয়ণ কৰিবলৈ ক'লৈ গৈছিল ?
মানুহবিলাকে পঞ্জীয়ণ কৰিবলৈ নিজৰ নিজৰ নগৰলৈ গৈছিল (২:৩)।
Luke 2:4-5
যোচেফে মৰিয়মৰ লগত কাৰ বংশধৰ হোৱাৰ কাৰণে বৈৎলেহেমলৈ গৈছিল ?
যোচেফ আৰু মৰিয়ম বৈৎলেহেমলৈ গৈছিল কাৰণ যোচেফ দায়ুদৰ বংশধৰ আছিল (২:৪)।
Luke 2:6-7
যেতিয়া শিশুটি জন্ম হ'ল, মৰিয়মে তেওঁক ক'ত শুৱাই থৈছিল ?
যেতিয়া শিশুটি জন্ম হ'ল, মৰিয়মে তেওঁক জন্তুৰ ঘাঁহ খোৱা ঘোলনিত শুৱাই থৈছিল (২:৭)।
Luke 2:8-9
স্বৰ্গদূতে কাক দৰ্শন দিছিল ?
স্বৰ্গদূতে মেৰৰখীয়া বিলাকক দৰ্শন দিছিল যিবিলাকে তেওঁলোকৰ মেৰবিলাকক বাহিৰত পৰ দি আছিল (২:৮-৯)।
মেৰৰখীয়াবিলাকে যেতিয়া স্বৰ্গদূত দেখা পাইছিল সিহঁতে কেনে প্ৰতিক্ৰিয়া কৰিছিল ?
মেৰ ৰখীয়াবিলাকে অতিশয় ভয় কৰিছিল (২:৯)।
Luke 2:10-14
স্বৰ্গদূতজনে ৰখীয়াবিলাকক কি শুভবাৰ্ত্তা দিছিল ?
স্বৰ্গদূতে কৈছিল যে উদ্ধাৰ কৰ্তা জন্মিল সেইজন হৈছে প্ৰভু খ্ৰীষ্ট (২:১১)।
Luke 2:15-20
স্বৰ্গদূতে মেৰ ৰখীয়াবিলাকক এৰি যোৱাৰ পাছত তেওঁলোকে কি কৰিছিল ?
মেৰৰখীয়াবিলাকে যি শিশুটি জন্ম হৈছিল তাক চাবলৈ বৈৎলেহেমলৈ গৈছিল (২:১৫-১৬)।
Luke 2:21
যীচুক কেতিয়া চুন্নত কৰোৱা হৈছিল ?
যীচুক তেওঁৰ জন্মৰ আঠদিনৰ দিনা চুন্নত কৰোৱা হৈছিল (২:২১)।
Luke 2:22-24
যোচেফ আৰু মৰিয়মে শিশু যীচুক যিৰূচালেমৰ মন্দিৰলৈ কিয় আনিছিল ?
তেওঁলোকে তেওঁক মোচিৰ বিধানৰ আজ্ঞা দিয়ামতে, প্ৰভুৰ ওচৰত উচৰ্গা কৰিবলৈ আৰু এক বলিদান উচৰ্গা কৰিবলৈ মন্দিৰলৈ আনিছিল (২:২২-২৪)।
Luke 2:25-29
পবিত্ৰ আত্মাই চিমোনলৈ কি প্ৰকাশ কৰিছিল ?
পবিত্ৰ আত্মাই চিমোনলৈ এইটো প্ৰকাশ কৰিছিল যে প্ৰভু খ্ৰীষ্টক নেদেখালৈকে তেওঁৰ মৃত্যু নহ'ব (২:২৬)।
Luke 2:30-32
যীচুৱে কি হ'ব বুলি চিমোনে কি কৈছিল ?
চিমোনে কৈছিল পৰজাতিবিলাকৰ বাবে পোহৰস্বৰূপ হ'ব আৰু ইস্ৰায়েল জাতিলৈ ঈশ্বৰৰ গৌৰৱস্বৰূপ হ'ব (২:৩২)।
Luke 2:33-35
যীচুৰ ফলাফল স্বৰূপে মৰিয়মলৈ কি ঘটিব বুলি চিমোনে কৈছিল ?
চিমোনে কৈছিল যে এখন তৰোৱালে তেওঁৰ কলিজা/অন্তৰ বিন্ধিব (২:৩৫)।
Luke 2:36-38
ভাববাদীনী হান্নাই যেতিয়া মৰিয়ম, যোচেফ আৰু যীচুৰ ওচৰলৈ আহিছিল তাই কি কৰিছিল ?
হান্নাই ঈশ্বৰক ধন্যবাদ দিবলৈ আৰম্ভ কৰিছিল আৰু সকলোকে শিশুটিৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিছিল (২:৩৮)।
Luke 2:39-40
শিশু যীচু নাচৰতলৈ ঘুৰি আহাৰ পাছত কি ঘটিছিল ?
যীচু বৃদ্ধি পাইছিল আৰু বলৱান হৈছিল, জ্ঞানত বৃদ্ধি পাই আছিল, আৰু ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত আছিল (২:৪০)।
Luke 2:41-44
নিস্তাৰ পৰ্বৰ সময়ত যীচু যে যিৰূচালেমত থাকি আহিল সেইটো যীচুৰ মাক-দেউতাকে কি গম পোৱা নাছিল ?
তেওঁলোকে সেইটো গম পোৱা নাছিল কাৰণ তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ লগত যাত্ৰাত থকা লোকসমুহৰ লগত আছিল বুলি অনুমান কৰিছিল (২:৪৩-৪৪)।
Luke 2:45-47
যীচুৰ মাক-দেউতাকে যীচুক ক'ত পাইছিল আৰু তেওঁ কি কৰি আছিল ?
তেওঁৰ মাক-দেউতাকে তেওঁক মন্দিৰত শিক্ষকবিলাকৰ মাজত বহি থকা পাইছিল, তেওঁলোকৰ কথা শুনি আছিল আৰু তেওঁলোকক
সুধি আছিল (২:৪৬)।
Luke 2:48-50
মৰিয়মে যেতিয়া তেওঁক উৎসুকতাৰে বিচাৰি থকা কথাটো কৈছিল যীচুৱে মৰিয়মক কি উত্তৰ দিছিল ?
"মই মোৰ পিতৃৰ ঘৰত থকা উচিত বুলি তোমালোকে নাজানা নেকি (২:৪৯) ?"
Luke 2:51-52
যীচুৱে যেতিয়া নাচৰতলৈ ঘুৰি আহিছিল তেওঁৰ পিতৃ-মাতৃৰ প্ৰতি তেওঁৰ মনোভাব কেনে আছিল ?
তেওঁ তেওঁলোকৰ প্ৰতি বাধ্য হৈ আছিল (২:৫১)।
যীচু যিদৰে বৃদ্ধি পাই আছিল, তেওঁ কেনে ধৰণৰ যুৱক আছিল ?
তেওঁ জ্ঞানত আৰু বয়সত, আৰু ঈশ্বৰৰ আৰু মনুষ্যৰ দৃষ্টিত অনুগ্ৰহটো বৃদ্ধি পাই থাকিল (২:৫২)।
Luke 3
Luke 3:3
যোহনে জৰ্দ্দান নদীৰ চাৰিওকাষৰ অঞ্চলত কি বাৰ্ত্তা প্ৰচাৰ কৰিছিল ?
যোহনে পাপ ক্ষমাৰ বাবে মন পালটনৰ বাপ্তিস্মৰ কথা প্ৰচাৰ কৰিছিল (৩:৩)।
Luke 3:4-7
যোহনে কাৰ বাবে পথ প্ৰস্তুত কৰিবলৈ কৈছিল ?
যোহনে কৈছিল তেওঁ প্ৰভুৰ বাবে পথ প্ৰস্তুত কৰিছে (৩:৪)।:
Luke 3:8
যোহনে মানুহবিলাকক কৈছিল যে অব্ৰাহাম তেওঁলোকৰ পিতৃ বুলি কোৱা কথা ভাৰসা নকৰিবা, কিন্তু তাৰ পৰিৱৰ্ত্তে কি কৰিবলৈ কৈছে ?
যোহনে তেওঁলোককক কৈছিল মন পালটনৰ ফলেৰে ঊল উৎপন্ন কৰা (৩:৮)।
Luke 3:9-11
যি গছে উত্তম ফল ধাৰণ নকৰে তালৈ কি ঘটিব বুলি যোহনে কৈছিল ?
যোহনে কৈছিল যে তাক কাটি পেলোৱা হ'ব আৰু জুইত পেলোৱা হ'ব (৩:৯)।
Luke 3:12-14
যোহনে কৰ তোলোতা বিলাকক কি কৈছিল যে তেওঁলোকে প্ৰকৃত মন পালটন কৰা দেখুৱাওক ?
যোহনে কৈছিল যে তেওঁলোকে যিমান নিৰূপণ কৰাতকৈ অতিৰিক্ত ল'ব নালাগে (৩:১৩)।
Luke 3:15-17
যোহনে কৈছিল যে তেওঁ মানুহবিলাকক পানীৰে বাপ্তাইজ কৰিছে কিন্তু যি জন তেওঁৰ পাছত আহিছে তেওঁ কিহেৰে বাপ্তাইজ কৰিব ?
যোহনে কৈছিল যিজনে তেওঁৰ পাছত আহিছে তেওঁ পবিত্ৰ আত্মা আৰু জুইৰে বাপ্তাইজ কৰিব (৩:১৬)।
Luke 3:18-20
যোহনে হেৰোডক কিয় গালি দিছিল ?
যোহনে বেৰোডক গালি দিছিল কাৰণ হেৰোডে তেওঁৰ নিজৰ ভায়েকৰ ঘৈণীয়েকক বিয়া কৰিছিল, আৰু আন অনেক বেয়া কাম কৰিছিল (৩:১৯)।
যোহনক কোনে বন্দীশালত ৰাখিছিল ?
যোহনক হেৰোডে বন্দীশালত ৰাখিছিল (৩:২০)।
Luke 3:21-22
যোহনে যীচুক বাপ্তাইজ কৰাৰ ঠিক পাছতেই কি ঘটিছিল ?
যোহনে যীচুক বাপ্তাইজ কৰাৰ ঠিক পাছতেই, স্বৰ্গ মুকলি হৈছিল আৰু পবিত্ৰ আত্মা কপৌ ৰূপত নামি আহি তেওঁৰ ওপৰত স্থিতি হৈছিল (৩:২১-২২)।
স্বৰ্গৰ পৰা হোৱা বাণীয়ে কি কৈছিল ?
স্বৰ্গৰ পৰা হোৱা বাণীয়ে কৈছিল, "তুমি মোৰ প্ৰিয় পুত্ৰ, মই তোমাক পৰম সন্তুষ্ট " (৩:২২)।
Luke 3:23-38
যীচুৱে শিক্ষা দিবলৈ আৰম্ভ কৰাৰ সময়ত তেওঁ কিমান বয়সীয়া হৈছিল ?
যীচুৱে শিক্ষা দিবলৈ আৰম্ভ কৰাৰ সময়ত তেওঁ ত্ৰিশ বছৰ বয়সীয়া হৈছিল (৩:২৩)।
Luke 4
Luke 4:1-2
যীচুক কোনে অৰণ্যলৈ লৈ গৈছিল ?
পবিত্ৰ আত্মাই যীচুক অৰণ্যলৈ লৈ গৈছিল (৪:১)।
চয়তানে যীচুক অৰণ্যত কিমান দিন পৰীক্ষা কৰিছিল ?
চয়তানে যীচুক অৰণ্যত চল্লিশ দিন পৰীক্ষা কৰিছিল (৪:২)।
Luke 4:3-4
চয়তানে মাটিত থকা শিলবোৰেৰে কি কৰিবলৈ প্ৰত্যাহ্বান কৰিছিল ?
চয়তানে সেই শিলবোৰ পিঠালৈ ৰূপান্তৰ কৰিবলৈ যীচুক কৈছিল (৪:৩)।
চয়তানৰ প্ৰত্যুত্তৰ যীচুৱে কি দিছিল ?
মানুহ কেৱল পিঠাৰে নিজীয়ে (৪:৪)।
Luke 4:5-7
চয়তানে ওখ ঠাইৰ পৰা যীচুক কি দেখুৱাইছিল ?
চয়তানে ওখ ঠাইৰ পৰা যীচুক জগতৰ সকলো ৰাজ্য দেখুৱাইছিল (৪:৫)।
চয়তানে যীচুক কি কৰাটো বিচাৰিছিল ?
যীচুক চয়তানে তাক সেৱা আৰু উপাসনা কৰাটো বিচাৰিছিল (৪:৭)।
Luke 4:8
চয়তানৰ প্ৰত্যুত্তৰ যীচুৱে কি দিছিল ?
তুমি কেৱল তোমাৰ প্ৰভু পৰমেশ্বৰক উপাসনা কৰা আৰু তুমি কেৱল তেওঁৰেই আৰাধনা কৰা (৪:৮)।
Luke 4:9-11
চয়তানে যীচুক মন্দিৰৰ একেবাৰে ওপৰলৈ নিয়াৰ পাছত য়ীচুক কি কৰিবলৈ কৈছিল ?
সি যীচুক তাৰ পৰা জপিয়াই দিবলৈ কৈছিল (৪:৯)।
Luke 4:12-15
চয়তানৰ প্ৰত্যুত্তৰ যীচুৱে কি দিছিল ?
তুমি তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা (৪:১২)।
যীচুৱে মন্দিৰৰ পৰা জপিয়াবলৈ অস্বীকাৰ কৰাৰ পাছত চয়তানে কি কৰিছিল ?
চয়তানে যীচুক আন সময়ৰ বাবে এৰি গুচি গৈছিল (৪:১৩)।
Luke 4:16-19
যীচুৱে যেতিয়া ধৰ্মধামত থিয় দিছিল শাস্ত্ৰৰ কোনখন পুস্তকৰ পৰা পাঠ কৰিছিল ?
যীচুৱে যিচয়া ভাববাদীৰ পুস্তকৰ পৰা পাঠ কৰিছিল (৪:১৭)।
Luke 4:20-22
সেইদিনাখন কি পৰিপূৰ্ণ হ'ল বুলি যীচুৱে কৈছিল ?
যীচুৱে কৈছিল যে যি শাস্ত্ৰভাগ তেওঁ এইমাত্ৰ পাঠ কৰিছিল সেই পৰিপূৰ্ণ হ'ল (৪:২১)।
Luke 4:23-24
এজন ভাববাদীচয়ে নিজৰ জন্মঠাইত কেনেধৰণৰ আদৰ পাই বলি যীচুৱে কৈছিল ?
যীচুৱে কৈছিল কোনো ভাববাদী নিজৰ ঠাইত গ্ৰহণীয় নহয় (৪:২৪)।
Luke 4:25-27
ধৰ্মধামত যীচুৱে মানুহবিলাকক দিয়া প্ৰথম উদাহৰণত ঈশ্বৰে কাৰোবাক সহায় কৰিবলৈ এলিয়াক ক'লৈ পঠাইছিল ?
ঈশ্বৰে এলিয়াক, চীদোন নগৰৰ ওচৰৰ চেৰেফত নগৰলৈ পঠাইছিল (৪:২৬)
ধৰ্মধামত যীচুৱে মানুহবিলাকক দিয়া দ্বিতীয় উদাহৰণত ঈশ্বৰে কোন দেশৰ কাৰোবাক সহায় কৰিবলৈ পঠাইছিল ?
চিৰিয়া দেশৰ নামানক সহায় কৰিবলৈ ঈশ্বৰে এলিয়া পঠাইছিল (৪:২৭)।
Luke 4:28-32
এই উদাহৰণবোৰ যীচুৰ পৰা শুনাৰ পাছত ধৰ্মধামৰ মানুহবিলাকে কি কৰিছিল ?
তেওঁলোক খঙেৰে পৰিপূৰ্ণ হৈছিল আৰু তেওঁক পৰ্বতৰ গড়াৰ পৰাৰ দলিয়াই পেলাবলৈ বিচাৰিছিল (৪:২৮-২৯)।
যীচুৱে ধৰ্মধামৰ পৰা মানুহবিলাকে তেওঁক বধ নকৰাকৈ কেনেকৈ আঁতৰি গৈছিল ?
যীচুৱে তেওঁলোকৰ মাজেদি খোজকাঢ়ি পাৰ হৈ আহিছিল (৪:৩০)।
Luke 4:33-34
ধৰ্মধামত, মানুহজনৰ যোগেদি কৈ থকা ভুতটোৱে যীচুৰ বিষয়ে কি জানিছিল ?
সেই ভুতটোৱে কৈছিল যে সি যীচুক জানে, তেওঁ হৈছে ঈশ্বৰৰ পবিত্ৰ জনা (৪:৩৪)।
Luke 4:35-39
যীচুৱে সেই ভুতটোক বাহিৰ কৰাৰ পাছত মানুহবিলাকে কেনেকৈ প্ৰতিক্ৰিয়া কৰিছিল ?
মানুহবিলাকে অতিশয় বিস্ময় মানিছিল আৰু ইজনে সিজনে সেই বিষয়ে কথা-বতৰা হৈছিল (৪:৩৬)।
Luke 4:40-41
যিবিলাক ৰোগীয়া মানুহক যীচুৰ ওচৰলৈ অনা হৈছিল সিহঁতক তেওঁ কি কৰিছিল ?
যীচুৱে সেই সকলোবোৰৰ ওপৰত হাত দিছিল আৰু সিহঁতক সুস্থ কৰিছিল (৪:৪০)।
সেই ভুতবোৰক বাহিৰ কৰি দিয়াত সিহঁতে কি কৈছিল, আৰু যীচুৱে সিহঁতক কিয় কথা ক'বলৈ দিয়া নাছিল ?
সেই ভুতবোৰে কৈছিল যে যীচু ঈশ্বৰৰ পুত্ৰ আৰু যীচুৱে সিহঁতক কথা ক'বলৈ দিয়া নাছিল কাৰণ তেওঁ সিহঁতে জানিছিল যে তেওঁৱেই হৈছে খ্ৰীষ্ট (৪:৪১)।
Luke 4:42-44
যীচুৱে তেওঁক পঠিওৱা কাৰণ কি বুলি কৈছিল ?
যীচুৱে কৈছিল অনেক নগৰত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ তেওঁক পঠিওৱা হৈছিল (৪:৪৩)।
Luke 5
Luke 5:4-7
মানুহবিলাকক শিক্ষা দিবলৈ চিমোনৰ নাওখন ব্যৱহাৰ কৰাৰ পাছত, যীচুৱে চিমোনক তেওঁৰ নাওখনৰ সৈতে কি কৰিবলৈ কৈছিল?
নাওখন অলপ গভীৰ পানীলৈ নিয়া আৰু মাছ ধৰিবলৈ তেওঁৰ জালখন পানীত খেও দিয়া (৫:৪)।
যদিও পিতৰ তাৰ আগনিশা একো ধৰিবলৈ পোৱা নাছিল, তেওঁ কি কৰিছিল ?
তেওঁ কথা মানিছিল আৰু জাল খেও দিছিল (৫:৫)।
তেওঁলোকে য্তিয়া জাল খেও দিছিল কি ঘটিছিল ?
তেওঁলোকে এক বৰ বিশাল পৰিমাণৰ মাছ ধৰিছিল, ইমানেই বেছি আছিল যে জাল ফাটিবলৈ ধৰিছিল (৫:৬)।
Luke 5:8-14
তেতিয়া চিমোনে যীচুৰ কি কৰাটো বিচাৰিছিল আৰু কিয় ?
চিমোনে যীচুক তেওঁৰ ওচৰৰ পৰা আঁতৰি যোবাটো বিচাৰিছিল কাৰণ তেওঁ (চিমোনে) জানিছিল যে তেওঁ এজন পাপী মানুহ (৫:৮)।
যীচুৱে চিমোনক তেওঁৰ ভবিষ্যতৰ কৰ্মৰ বিষয়ে কি কৈছিল ?
যীচুৱে কৈছিল যে এতিয়াৰ পৰা তেওঁ মনুষ্যধাৰী হ'ব (৫:১০)।
Luke 5:15-19
সেই সময়ত কিমান মানুহে যীচুৰ শিক্ষা শুনিবলৈ আৰু তেওঁলোকৰ ৰোগৰ পৰা সুস্থ হ'বলৈ আহিছিল ?
এক বৰ বিশাল লোকসমুহ যীচুৰ ওচৰলৈ আহিছিল (৫:১৫)।
Luke 5:20-21
যীচুৱে সেই জঠৰ ৰোগীজনক কি কৈছিল যিজনক তেওঁৰ বন্ধুকেইজনে ঘৰৰ ওপৰৰ পৰা নমাই দিছিল ?
হেৰা মনুষ্য, তোমাৰ পাপ ক্ষমা কৰা হ'ল (৫:২০)।
অধ্যাপক আৰু ফৰীচীবিলাকে কিয় ভাবিছিল যে এই উক্তিটো এক ঈশ্বৰ নিন্দা ?
কাৰণ কেৱল ঈশ্বৰেহে পাপ ক্ষমা কৰিব পাৰে (৫:২১)।
Luke 5:22-28
যীচুৱে সেই জঠৰ ৰোগীজনক এই উপায়েৰে সুস্থ কৰিছিল সেইটোৱে তেওঁক পৃথিবীত কি ক্ষমতা থকাটো দেখুৱাইছিল ?
যীচুৱে সেই জঠৰ ৰোগীজনক সুস্থ কৰিছিল এইটোৱে তেওঁক পৃথিবীত পাপ ক্ষমা কৰিবলৈ ক্ষমতা থকা কথাটো নিৰ্দেশ কৰিছিল (৫:২৪)।
Luke 5:29-32
যীচুৱে যেতিয়া লেবীৰ ঘৰত ভোজন আৰু পান কৰি আছিল, যীচুৱে কিহৰ বাবে আহিছিল বুলি কৈছিল ?
তেওঁ পাপীবিলাকক মন পালটন কৰিবলৈ নিমন্ত্ৰণ কৰিবলৈ আহিছিল (৫:৩২)।
Luke 5:33-35
যীচুৱে তেওঁৰ শিষ্যবিলাকে কেতিয়া লঘোন দিব বুলি কৈছিল ?
যেতিয়া যীচুক তেওঁলোকৰ লগৰ পৰা আঁতৰাই নিয়া হ'ব তেতিয়া তেওঁৰ শিষ্যবিলাকে লঘোন দিব (৫:৩৫)।
Luke 5:36
যীচুৱে দিয়া উদাহৰণত, যদি নতুন কাপোৰ এডোখৰ পুৰণি কাপোৰত টাপলি মাৰে তেতিয়া কি ঘটে ?
নতুন ডোখৰ ফালি পেলোৱা হয়, আৰু পুৰণিডোখৰত খাপ নাখায় (৫:৩৬)।
Luke 5:37-39
যীচুৱে দিয়া দ্বিতীয় উদাহৰণত, যদি নতুন দ্ৰাক্ষাৰস পুৰণি ছালৰ মোটত থয় তেতিয়া কি ঘটে ?
সেই পুৰণি ছালৰ মোট ফাটি যায় আৰু নতুন দ্ৰাক্ষাৰস নষ্ট হয় (৫:৩৭)।
নতুন দ্ৰাক্ষাৰস ভালদৰে ৰাখিবলৈ কি কৰা উচিত বুলি যীচুৱে কৈছিল ?
নতুন দ্ৰাক্ষাৰস নতুন ছালৰ মোটতহে ৰাখা উচিত (৫:৩৮)।
Luke 6
Luke 6:1-2
যীচুৰ শিষ্যবিলাকে বিশ্ৰামবাৰত কি কৰিছিল যে ফৰীচীবিলাকে তাক বিধান বিৰুদ্ধ বুলি কৈছিল ?
তেওঁলোকে শস্যৰ থোক চিঙিছিল, তেওঁলোকৰ হাতৰ মাজত লৈ মোহাৰিছিল আৰু শস্যবোৰ খাইছিল (৬:১)।
Luke 6:3-8
যীচুৱে তেওঁৰ নিজৰ বাবে ক্ষমতাৰে কি পদবী দাবী কৰিছিল যে বিশ্ৰামবাৰতো এই কাম কৰাটো বিধিগত ?
যীচুৱে এই পদবী দাবী কৰিছিল যে তেওঁ বিশ্ৰাম বাৰৰ প্ৰভু (৬:৫)।
Luke 6:9-11
যেতিয়া যীচুৱে শুকাই যোৱা হাতৰ মানুহজন বিশ্ৰামবাৰে সুস্থ কৰিছিল, অধ্যাপক আৰু ফৰীচীবিলাকে কি প্ৰতিক্ৰিয়া কৰিছিল ?
তেওঁলোকে খঙেৰে পূৰ হৈছিল আৰু যীচুক কি কৰিব পাৰে সেই বিষয়ে কথা-বতৰা হৈছিল (৬:১১)।
Luke 6:12-19
যীচুৱে পৰ্বত মনোনীত কৰা বাৰ জন মানুহক কি নাম দিয়া হৈছিল ?
যীচুৱে তেওঁলোকক "পাঁচনি" নাম দিছিল (৬:১৩)।
Luke 6:20-21
কেনে ধৰণৰ মানুহক যীচুৱে ধন্য বুলিছিল ?
যিবিলাক দৰিদ্ৰ, ভোকাতুৰ, শোক কৰোঁতা, আৰু মানুহৰ পুত্ৰ বাবে ঘৃণা পায় তেওঁলোক ধন্য (৬:২০-২২)
Luke 6:22-26
যীচুৰ মতে এনে মানুহবিলাকে কিয় আনন্দ আৰু আনন্দতে জপিয়াব লাগে ?
কাৰণ স্বৰ্গত তেওঁলোকৰ পুৰস্কাৰ অধিক আছে (৬:২৩)।
Luke 6:27-34
যীচুৱে তেওঁৰ শিষ্যবিলাকে তেওঁলোকৰ শত্ৰূবিলাকক আৰু যিবিলাকে তেওঁলোকক ঘৃণা কৰে তেওঁলোকক কেনে আচৰণ কৰিব লাগে বুলি কৈছিল ?
তেওঁলোকে তেওঁলোকৰ শত্ৰূবিলাকক প্ৰেম কৰিব লাগে আৰু যিবিলাকে তেওঁলোকক ঘৃণা কৰে তেওঁলোকৰ প্ৰতি ভাল কাম কৰিব লাগে (৬:২৭, ৩৫)।
Luke 6:35-40
অকৃতজ্ঞ আৰু দুষ্ট মানুহৰ প্ৰতি সৰ্ব্বোপৰি ঈশ্বৰৰ দৃষ্টিভঙ্গী কেনেকুৱা ?
তেওঁ সিহঁতৰ প্ৰতিও দয়ালু আৰু কৃপাময় (৬:৩৫-৩৬)।
Luke 6:41-44
আমাৰ ভাইৰ চকুৰ পৰা কুটাডালি আঁতৰাবলৈ যোৱাৰ আগতে আমি কি কৰা উটিত বুলি যীচুৱে কৈছিল ?
প্ৰথমতে, আমি আমাৰ চকুৰ পৰা কুটাডালি আঁতৰাই লোৱা উচিত যাতে আমি কপটীয়া নহওঁ (৬:৪২)।
Luke 6:45
ভাল মানুহৰ অন্তৰৰ পৰা কি ভাল ৰত্ন ওলাই আহে ?
ভাল মানুহৰ অন্তৰৰ পৰা ভাল ৰত্ন ওলাই আহে (৬:৪৫)।
বেয়া মানুহৰ অন্তৰৰ পৰা কি বেয়া ৰত্ন ওলাই আহে?
বেয়া মানুহৰ অন্তৰৰ পৰা বেয়া ৰত্ন ওলাই আহে (৬:৪৫)।
যি মানুহে যীচুৰ বাক্য অনুসৰি শিলৰ ওপৰত ঘৰ সাজে তেওঁ যীচুৰ বাক্যৰ লগত কি কৰে?
Luke 6:46-48
যি মানুহে যীচুৰ বাক্য অনুসৰি শিলৰ ওপৰত ঘৰ সাজে তেওঁ যীচুৰ বাক্যৰ লগত কি কৰে?
তেওঁ যীচুৰ বাক্য শুনে আৰু সেইবাৰ পালন কৰে (৬:৪৭)।
Luke 6:49
যি মানুহে কোনো ভেটি নোহোৱাকৈ ঘৰ সাজে তেওঁ যীচুৰ বাক্যৰ লগত কি কৰে??
তেওঁ যীচুৰ বাক্য শুনে আৰু সেইবোৰ পালন নকৰে (৬:৪৯)।
Luke 7
Luke 7:2-5
সেই সেনাপতিয়ে যিহুদী বৃদ্ধ চলাওঁতাজনক যীচুক ওচৰলৈ পঠিয়াওতে প্ৰথমে যীচুক কি কৰিবলৈ কৈছিল ?
তেওঁ যীচুক তেওঁৰ ঘৰলৈ আহিবলৈ কৈছিল আৰু তেওঁৰ চাকৰজনক সুস্থ কৰিবলৈ কৈছিল (৭:৩)।
Luke 7:6-8
সেই সেনাপতিজনে পাছত তেওঁৰ বন্ধুবিলাকক যীচুৰ ওচৰলৈ পঠিয়াই কিয় কৈছিল যে তেওঁ তেওঁৰ ঘৰলৈ আহিবলৈ নালাগে ?
সেই সেনাপতিয়ে কৈছিল যে যীচু যে তেওঁৰ ঘৰলৈ আহিব তেওঁ তাৰ যোগ্য নহয় (৭:৬)।
তেন্তে সেই সেনাপতিয়ে তেওঁৰ চাকৰজনক যীচুৱে কেনেকৈ সুস্থ কৰাটো বিচাৰিছিল ?
সেই সেনাপতিয়ে তেতিয়া যীচুৰ কোৱা মাত্ৰ এষাৰ বাক্যৰে তেওঁৰ চাকৰজনক সুস্থ কৰাটো বিচাৰিছিল (৭:৭)।
Luke 7:9-10
যীচুৱে সেই সেনাপতিজনৰ বিশ্বাসৰ বিষয়ে কি কৈছিল ?
যীচুৱে কৈছিল যে আনকি ইস্ৰায়েলৰ মাজতো তেওঁ ইমান বিশ্বাস পোৱা নাছিল (৭:৯)।
Luke 7:11-15
যিগৰাকী মহিলাৰ একমাত্ৰ পুতেকটো মৰাত তাইৰ প্ৰতি যীচুৰ মনোভাব কি আছিল ?
তেওঁ অতি গভীৰকৈ মৰম লাগি গৈছিল (৭:১৩)।
Luke 7:16-20
যীচুৱে সেই মহিলাগৰাকীৰ পুতেকক জীয়াই তোলাৰ পাছত তেওঁৰ বিষয়ে মানুহবিলাকে কি কৈছিল ?
তেওঁলোকে কৈছিল যে তেওঁলোকৰ মাজত এজন মহান ভাববাদী ওলাল, আৰু ঈশ্বৰে তেওঁলোক বিলাকলৈ দৃষ্টি কৰিলে (৭:১৬)।
Luke 7:21-23
যীচুৱে যোহনৰ শিষ্যবিলাকক তেওঁৱেই যে আহিবলগা জনা সেইটো কেনেকৈ দেখুৱাইছিল ?
যীচুৱে অন্ধক, খোৰাক, কুষ্ঠৰোগীক আৰু কলাক সুস্থ কৰিছিল, আৰু তেওঁ মৃতবিলাকক জীয়াই তুলিছিল (৭:২২)।
Luke 7:24-28
যোহন কোন আছিল বুলি যীচুৱে কৈছিল ?
যীচুৱে কৈছিল যোহন এজন ভাববাদীতকৈ অধিক বেছি আছিল (৭:২৬)।
Luke 7:29-32
ফৰীচী আৰু যিহুদীৰ বিধানৰ পাকৈতবিলাকে নিজলৈ কি কৰিছিল যেতিয়া সিহঁতে যোহনৰ দ্বাৰা বাপ্তাইজিত হ'বলৈ অস্বীকাৰ কৰিছিল?
সিহঁতে ঈশ্বৰৰ অভিপ্ৰায় নিজৰ বাবে অগ্ৰাহ্য কৰিছিল (৭:৩০)।
Luke 7:33-35
যোহন বাপ্তাইজত আহি পিঠা খোৱা নাছিল আৰু দ্ৰাক্ষাৰসো পান কৰা নাছিল সেই কাৰণে যোহনৰ বিৰুদ্ধে কি অভিযোগ কৰা হৈছিল ?
তেওঁলোকে কৈছিল, "সি এটা ভুতে পোৱা" (৭:৩৩)।
যীচুৱে আহি ভোজন আৰু পান কৰিছিল সেই কাৰণে তেওঁৰ বিৰুদ্ধে কি অভিযোগ কৰৈ হৈছিল ?
তেওঁলোকে কৈছিল, " সি এটা খাৱৈচ মানুহ আৰু এটা মদপী" (৭:৩৪)।
Luke 7:36-45
সেই নগৰৰ সেই মহিলাগৰাকীয়ে সেই ফৰীচীজনৰ ঘৰত যীচুলৈ কি কৰিছিল ?
তাই যীচুৰ চৰণ তাইৰ চকু পানীৰে তিয়াইছিল, তাইৰ চুলিৰে মচিছিল, তেওঁৰ ভৰিত চুমা খাইছিল, আৰু তেওঁৰ ভৰি সুগন্ধিৰে অভিষেক কৰিছিল (৭:৩৮)।
Luke 7:46-47
যীচুৱে কৈছিল যে তাইৰ অনেক পাপ ক্ষমা কৰা হ'ল, তাই কি কৰিব?
তাই অধিককৈ প্ৰেম কৰিব (৭:৪৭)।
Luke 7:48-50
যিবিলাকে মেজলৈ হলি আছিল কেনে প্ৰতিক্ৰিয়া কৰিছিল যেতিয়া যীচুৱে কৈছিল যে তাইৰ পাপ ক্ষমা কৰা হ'ল ?
তেওঁলোকে সুধিছিল, "এওঁ কোন যে পাপ ক্ষমা কৰিব পাৰে" (৭:৪৯)।
Luke 8
Luke 8:1-10
মহিলাসকলৰ এক বিশাল দল এটিয়ে যীচু আৰু তেওঁৰ শিষ্যবিলাকলৈ কি কৰিছিল ?
সেই মহিলাসকলে তেওঁলোকৰ নিজৰ নিজৰ পৰা তেওঁলোকলৈ সেৱা-শুশ্ৰূষা কৰিছিল (৮:৩)।
Luke 8:11-13
যীচুৰ দৃষ্টান্তত, সেই সিচাঁ গুটিবোৰ কি ?
সেই গুটিয়েই হৈছে ঈশ্বৰৰ বাক্য (৮:১১)।
বাটৰ কাষত পৰা গুটিবোৰ কোন, আৰু সেইবোৰলৈ কি ঘটিছিল ?
তেওঁলোক হৈছে সেই লোকসকল যিয়ে বাক্য শুনে, কিন্তু যেতিয়া চয়তান আহে তাক কাঢ়ি লৈ যায়, সেয়ে তেওঁলোকে বিশ্বাস নকৰে আৰু আৰু উদ্ধাৰ নাপায় (৮:১২)।
শিলাময় মাটিত পৰা গুটিবোৰ কোন, আৰু সেইবোৰলৈ কি ঘটিছিল?
তেওঁলোক হৈছে সেই লোকসকল যিয়ে বাক্য আনন্দেৰে গ্ৰহণ কৰে, কিন্তু পৰীক্ষাৰ সময়ত বিশ্বাস নকৰা হয় (৮:১৩)।
Luke 8:14-18
কাঁইটীয়া বননিত পৰা গুটিবোৰ কোন, আৰু সেইবোৰলৈ কি ঘটিছিল?
A.তেওঁলোক হৈছে সেই লোকসকল যিয়ে বাক্য শুনে, কিন্তু এই জীৱনৰ চিন্তা আৰু সা-সম্পত্তি আৰু অভিলাষেৰে ডুবি যায়, আৰু তেওঁলোকে পৰিপক্কতালৈ ফল আনিব নোৱাৰে (৮:১৪)।
ভাল মাটিত পৰা গুটিবোৰ কোন, আৰু সেইবোৰলৈ কি ঘটিছিল?
তেওঁলোক হৈছে সেই লোকসকল যিয়ে বাক্য শুনে, তাক ধৰি ৰাখে আৰু ধৈৰ্য্যেৰে ফল উৎপন্ন কৰে (৮:১৫)।
Luke 8:19-23
যীচুৱে তেওঁৰ মাক আৰু ভায়েকবিলাক বুলি কাক কৈছিল ?
তেওঁলোক হৈছে যিয়ে ঈশ্বৰৰ বাক্য শুনে আৰু তাক মানি চলে (৮:২১)।
Luke 8:24-27
যীচুৱে বতাহ আৰু পানীক শান্ত কৰাত শিষ্যবিলাকে কি কৈছিল ?
তেওঁলোকে কৈছিল, "এইজন কোন যে বতাহ আৰু পানীকো আদেশ দিয়ে আৰু সেইবোৰে তেওঁৰ আজ্ঞা মানে" (৮:২৫)।
Luke 8:28-31
গেৰাচেনীয়া বিলাকৰ অঞ্চলৰ মানুহজনক সেই ভুতৰ বাহিনীটোৱে কি কৰোৱাইছিল?
সেইবোৰে তাক কাপোৰ নিপিন্ধাকৈ মৈদামনিত বাস কৰোৱাইছিল, সেইবোৰে তাক শিকলি আৰু বেৰী ভঙাইছিল, আৰু সেইবোৰে তাক প্ৰায়ে অৰণ্যলৈ আঁতৰাই লৈ গৈছিল (৮:২৭, ২৯)।
Luke 8:32-37
যীচুৱে সেই ভুতবোৰক সেই মানুহজনক এৰি যাবলৈ কোৱাত সেইবোৰে ক'লৈ গৈছিল ?
সেই ভুতবোৰ গাহৰিৰ এটা জাকত সোমাইছিলগৈ, যিবিলাকে এটা হ্ৰদলৈ লৰি গৈছিল আৰু ডুবি মৰিছিল (৮:৩৩)।
Luke 8:38-46
যীচুৱে সেই মানুহজনক গৈ কি কৰিবলৈ কৈছিল ?
যীচুৱে তেওঁক তেওঁৰ নিজৰ ঘৰলৈ যাবলৈ কৈছিল আৰু ঈশ্বৰে তেওঁৰ জীৱন কি মহৎ কৰ্ম কৰিছিল সেই সকলোবোৰ বৰ্ণনা কৰিবলৈ কৈছিল (৮:৩৯)।
Luke 8:47-53
যীচুৰ মতে, মহিলাগৰাকীক তাইৰ তেজ বোৱা ৰোগৰ পৰা কিহে সুস্থ কৰিছিল ?
তাইৰ যীচুত বিশ্বাস কৰাৰ কাৰণে তাই সুস্থ হৈছিল (৮:৪৮)।
Luke 8:54-56
যীচুৱে যায়ীৰৰ ঘৰত কি কৰিছিল ?
যীচুৱে যায়ীৰৰ জীয়েকক মৃত্যুৰ পৰা জীয়াইছিল (৮:৫৫)।
Luke 9
Luke 9:1-6
যীচুৱে সেই বাৰজনক বাহিৰলৈ কি কৰিবলৈ পঠাইছিল ?
যীচুৱে তেওঁলোকক ঈশ্বৰৰ ৰাজ্য প্ৰচাৰ কৰিবলৈ আৰু ৰোগীয়াবিলাকক সুস্থ কৰিবলৈ পঠাইছিল (৯:২)।
Luke 9:7-11
হেৰোডে মানুহবিলাকৰ পৰা যীচু কোন সেই বিষয়ে তিনিটা সাম্ভাব্য ব্যাখ্যা শুনিছিল, সেইবোৰ কি কি আছিল ?
কিছুমানে কৈছিল যোহন বাপ্তাইজক মৃতবিলাকৰ মাজৰ পৰা জীয়াই উঠিল, কিছুমানে কৈছিল এলিয়াই দেখা দিছিল, আৰু কিছুমানে কৈছিল পুৰ্ব কালৰ এজন ভাববাদী জীয়াই উঠিল (৯:৭-৮)।
Luke 9:12-14
সেই অৰণ্যত সেই ভিৰৰ কিমান মানুহে যীচুৰ পাছে পাছে আহি আছিল ?
তাত প্ৰায় পাঁচ হাজাৰ মানুহ আছিল (৯:১৪)।
Luke 9:15-19
সেই ভিৰৰ মানুহবিলাকক শিষ্যবিলাকে কি খাদ্য খুৱাইছিল ?
তেওঁলোকৰ মাত্ৰ পাঁচটা পিঠা আৰু দুটা মাছ আছিল (৯:১৩, ১৬)।
যীচুৱে সেই পাঁচটা পিঠা আৰু দুটা মাছক কি কৰিছিল ?
তেওঁ স্বৰ্গলৈ চাইছিল, সেইবোৰ আশীৰ্বাদ কৰিছিল, সেইবোৰক ভাঙি ডোখৰ ডোখৰ কৰিছিল আৰু সেইবোৰ ভিৰৰ মানুহবিলাকক বিলাই দিবলৈ শিষ্যবিলাকক দিছিল (৯:১৬)।
তাত থাকি যোৱা খাদ্যৰ কেইটা পাচি আছিল ?
তাত থাকি যোৱা খাদ্যৰে পূৰ হোৱা বাৰটা পাচি আছিল (৯:১৭)।
Luke 9:20-22
যীচুৱে যেতিয়া শিষ্যবিলাকক তেওঁ কোন বুলি সুধিছিল, পিতৰৰ উত্তৰ কি আছিল ?
তেওঁ কৈছিল, "ঈশ্বৰৰ পৰা অহা খ্ৰীষ্ট" (৯:২০)।
Luke 9:23-27
যীচুৱে কৈছিল যে যদি কোনোৱে তেওঁৰ পাছত আহিবলৈ, তেওঁ কি কৰা উচিত ?
তেওঁ নিজকে নিজে অস্বীকাৰ কৰক, প্ৰতিদিনে নিজৰ ক্ৰচ তুলি লওক, আৰু যীচুৰ অনুগমণ কৰক (৯:২৩)।
Luke 9:28-29
সেই পৰ্বতত যীচু দৃশ্যমান ৰূপ কি ঘটিছিল ?
তেওঁৰ মুখৰ দৃশ্যমান ৰূপ সলনি হৈছিল আৰু তেওঁৰ পিন্ধা কাপোৰ অতিশয় বগা আৰু উজ্জল হৈছিল (৯:২৯)।
Luke 9:30-33
যীচুৰ লগত কোনে কোনে দেখা দিছিল ?
মোচি আৰু এলিয়া যীচুৰ লগত দেখা গৈছিল (৯:৩০)।
Luke 9:34-36
তেওঁলোকক ছাঁ দি ধৰা ডাৱৰৰ পৰা বাণীয়ে কি কৈছিল ?
সেই বাণীয়ে কৈছিল, "এওঁ মোৰ মনোনীত পুত্ৰ, তেওঁৰ কথা শুনা" (৯:৩৫)।
Luke 9:37-42
যীচুৱে ভুতটো বাহিৰ কৰাৰ আগতে, সেই মানুহজনৰ পুতেকক ভুতটোৱে কি কৰোৱাইছিল ?
সেই ভুতটোৱে তাক চিঞৰ মৰাইছিল আৰু মুখেদি তাৰ ফেন উলিয়াই আচাৰি পেলাইছিল (৯:৩৯)।
Luke 9:43-45
যীচুৱে তেওঁৰ শিষ্যসকলক কি কথা উল্লেখ কৰিছিল যিটো তেওঁলোকে বুজি পোৱা নাছিল ?
তেওঁ কৈছিল, "মানুহৰ পুত্ৰক মানুহবিলাকৰ হাতত শোধাই দিয়া হ'ব" (৯:৪৪)।
Luke 9:46-50
শিষ্যবিলাকৰ মাজক শ্ৰেষ্ঠ কোন বুলি যীচুৱে কৈছিল ?
যিজন তেওঁলোকৰ মাজত একেবাৰে সৰু তেওঁৱেই শ্ৰেষ্ঠ (৯:৪৮)।
Luke 9:51-60
যীচুৱে স্বৰ্গলৈ যোৱা সময় চাপি অহাত, তেওঁ কি কৰিছিল ?
তেওঁ যিৰূচালেমলৈ যাবলৈ মুখ কৰি সেইটো থিৰাং কৰিছিল (৯:৫১)।
Luke 9:61-62
ঈশ্বৰৰ ৰাজ্যৰ উপযোগী হ'বলৈ, এজন ব্যক্তিয়ে এবাৰ নাঙলৰ মুঠিত হাত থৈ কি কৰা উচিত নহয় ?
সেই ব্যক্তিজনে উভতি চোৱা উচিত নহয় (৯:৬২)।
Luke 10
Luke 10:3-7
যীচুৱে সেই বাসত্তৰ জনক লগত কি নিনিবলৈ কৈছিল ?
তেওঁলোকক ধনৰ যিকোনো মোনা, যাত্ৰাৰ যিকোনো মোনা, নাইবা যিকোনো পাদুকা লগত নিনিবলৈ কৈছিল (১০:৪)।
Luke 10:8-9
যীচুৱে প্ৰতিখন নগৰতে সেই সত্তৰজনক কি কৰিবলৈ কৈছিল?
যীচুৱে তেওঁলোকক কৈছিল ৰোগীসকলক সুস্থ কৰিব আৰু মানুহবোৰক ক'বা, "ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰলৈ আহি পালে (১০:৯)।"
Luke 10:10-16
যীচুৱে যি নগৰলৈ তেওশলোকক পঠিয়াইছিল, তাত তেওঁলোকক যদি গ্ৰহণ নকৰে, তেনেহলে সেই নগৰৰ সোধ-বিচাৰ কেনেকুৱা হ'ব?
চদোমৰ সোধ-বিচাৰতকৈ সেই নগৰৰ বিচাৰ কাঢ়া হ'ব(১০:১২)।
Luke 10:17-20
যেতিয়া সেই সত্তৰজনে ঘুৰি আহিল আৰু তেওঁলোকে ভুত বাহিৰ কৰিব পৰা কথাটো আনন্দেৰে কৈছিল তেতিয়া যীচুৱে তেওঁলোকক কি কৈছিল?
তেওঁ কৈছিল, "তোমালোকৰ নাম যে স্বৰ্গত লিপিবদ্ধ কৰা হ'ল তাৰ বাবে অধিককৈ আনন্দ কৰা" (১০:২০)।
Luke 10:21-24
যীচুৱে কৈছিল পিতৃয়ে ঈশ্বৰৰ ৰাজ্য কাৰ আগত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছে?
যিসকল অশিক্ষিত, শিশুৰ নিচিনা, তেওশলোকৰ আগত পিতৃয়ে ঈশ্বৰৰ ৰাজ্য আগত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছে(১০:২১)।
Luke 10:25-30
যীচুৰ মতে, কোনো এজন ব্যক্তিয়ে অনন্তজীৱন পাবলৈ যিহুদীৰ বিধানে কি কয়?
তুমি তোমাৰ প্ৰভু পৰমেশ্বৰক সমস্ত অন্তৰেৰে, আৰু তোমাৰ সমস্ত প্ৰাণেৰে, আৰু সমস্ত শক্তিৰে আৰু তোমাৰ সমস্ত চিত্তেৰে প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা(১০:২৭)৷
Luke 10:31-32
যীচুৰ দৃষ্টান্তত, সেই যিহুদী পুৰোহিত জনে বাটত আধা মৰা মানুহজন দেখি কি কৰিছিল?
তেওঁ আন ফালেদি আতৰি পাৰ হৈ গৈছিল(১০:৩১)।
সেই লেবীয়া জনে যেতিয়া মানুহজন দেখিছিল তেওঁ কি কৰিছিল?
তেওঁ আন ফালেদি আতৰি পাৰ হৈ গৈছিল(১০:৩২)।
Luke 10:33-35
সেই চমৰীয়া জনে সেই মানুহজনক দেখি কি কৰিছিল?
তেওঁ তেওঁৰ আঘাতবোৰ বান্ধি দিছিল, তেওঁৰ নিজৰ বাহন জন্তুটোত তুলি লৈছিল, তেওঁক অতিথিশালালৈ লৈ গৈছিল আৰু তেওঁক চোৱাচিতা কৰিছিল(১০:৩৪)।
Luke 10:36-37
সেই দৃষ্টান্তটো কোৱাৰ পাছত, যীচুৱে যিহুদী বিধানৰ সেই শিক্ষকজনক গৈ কি কৰিবলৈ কৈছিল?
দৃষ্টান্তটোত কোৱাৰ দৰে সেই চমৰীয়া জনৰ দৰে যোৱা আৰু দয়া দেখুওৱা (১০:৩৭)।
Luke 10:38-39
একে সময়তে মৰিয়মে কি কৰিছিল?
তাই যীচুৰ চৰণত বহিছিল আৰু তেওঁৰ কথা শুনিছিল(১০:৩৯)।
Luke 10:40-42
যীচুৱে যেতিয়া মাৰ্থাৰ ঘৰলৈ আহিছিল তাই কি কৰিছিল?
তাই অতিশয় ব্যস্ত হৈ খোৱা বস্তু প্ৰস্তুত কৰি শুশ্ৰূষা কৰিবলৈ ব্যস্ত হৈ আছিল (১০:৪০)।
যীচুৱে উত্তম ভাগ মনোনীত কৰিলে বুলি যীচুৱে কাক কৈছিল?
তেওঁ কৈছিল যে মৰিয়মে উত্তম ভাগ মনোনীত কৰিছিল (১০:৪২)।
Luke 11
Luke 11:3-4
যীচুৱে তেওঁৰ শিষ্যবিলাকক কি প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল?
তেওঁ প্ৰাৰ্থনা কৰিছিল, "পিতৃ, তোমাৰ নাম পবিত্ৰ হওক, তোমাৰ ৰাজ্য আহক, আমাৰ প্ৰতিদিনৰ আহাৰ আমাক দিয়া আৰু আমাৰ পাপবোৰ ক্ষমা কৰা কিয়নো আমিও আমাৰ প্ৰতিজনৰ ধৰুৱাহতঁৰ পাপবোৰ ক্ষমা কৰিলো, াৰু আমাক পৰীক্ষালৈ নিনিবা (১১:২-৪)।"
Luke 11:5-10
যীচুৰ দৃষ্টান্তত, সেই মানুহজনে মাজনিশা কিয় উঠিছিল আৰু তেওঁৰ বন্ধুৱেকক পিঠা দিছিল?
কাৰণ সেই বন্ধুজনৰ অবিৰত লজ্জাহীন ভাবে খুজি থকাত(১১:৮)।
Luke 11:11-13
যিবিলাকে ঈশ্বৰক খোজে স্বৰ্গীয় পিতৃয়ে তেওঁলোকক কি দিব বুলি কৈছিল?
তেওঁ পবিত্ৰ আত্মা দিব(১১:১৩)।
Luke 11:14-17
যেতিয়া তেওঁলোকে তেওঁক ভুত বাহিৰ কৰা দেখিছিল, কিছুমানে যীচুক কি কৰা বুলি দোষ দিছিল?
তেওঁলোকে তেওঁক ভুতৰ ৰজা বেলচবুবুৰ দ্বাৰা ভুতক বাহিৰ কৰে বুলি দোষ দিছিল(১১:১৫)।
Luke 11:18-23
যীচুৱে কি শক্তিৰে ভুত বাহিৰ কৰে বুলি তেওঁ উত্তৰ দিছিল?
তেওঁ ঈশ্বৰৰ আঙুলিৰে ভুত বাহিৰ কৰে (১১:২০)৷
Luke 11:24-26
যদি এটা অশুচি আত্মা এজন মানুহৰ পৰা ওলাই যায় পাছত ঘুৰি আহে সেই মানুহজনৰ অন্তিম অৱস্থা কি হয়?
সেই মানুহজনৰ অন্তিম অৱস্থা প্ৰথম অৱস্থাতকৈ অতি বেছি বেয়া হৈ যায় (১১:২৬)।
Luke 11:27-31
যেতিয়া মহিলাগৰাকীয়ে চিঞঁৰি যীচুৰ মাকক আশীৰ্ব্বাদ কৰিছিল, কোনবোৰক আচলতে ধন্য বুলি যীচুৱে কৈছিল?
যিসকলে ঈশ্বৰৰ বাক্য শুনে আৰু পালন কৰে (১১:২৮)।
Luke 11:32-41
পুৰণি নিয়মৰ কোন দুজন ভাববাদীতকৈ মহান বুলি যীচুৱে কৈছিল?
চলোমন আৰু যোনা (১০:৩১-৩২)।
Luke 11:42-44
ফৰীচীবিলাকে কি অৱহেলা কৰিছিল বুলি যীচুৱে কৈছিল?
তেওঁলোকে ন্যায়বিচাৰ আৰু ঈশ্বৰৰ প্ৰেম অৱহেলা কৰিছিল (১১:৪২)।
Luke 11:45-48
বিধানৰ শিক্ষকবিলাকে আন মানুহবিলাকক কি কৰি থাকে বুলি যীচুৱে কৈছিল?
তেওঁলোকে আন মানুহবিলাকৰ ওপৰত সহিব নোৱাৰা বোজা বান্ধি দিয়ে, কিন্তু সেই বোজাবিলাক তেওঁলোকৰ নিজৰ হাতেৰে কেতিয়াও নুচুৱে (১১:৪৬)।
Luke 11:49-52
এই প্ৰজন্ম কিহৰ বাবে জগৰীয়া হ'ব বুলি যীচুৱে কৈছিল?
জগত সৃষ্টিৰ আৰম্ভণীৰে পৰা সকলো ভাববাদীৰ ৰক্তপাতৰ বাবে তেওঁলোক জগৰীয়া হ'ব (১১:৫০)।
Luke 11:53-54
যীচুৰ বাক্যবোৰ শুনাৰ পাছত অধ্যাপক আৰু ফৰীচী বিলাকে কি কৰিছিল?
তেওঁলোকে তেওঁক বিৰোধীতা কৰিছিল আৰু তৰ্ক-বিতৰ্ক কৰিছিল, তেওঁৰ নিজৰ কথাতে ফান্দত পেলাবলৈ চেষ্টা কৰিছিল (১১:৫৪)।
Luke 12
Luke 12:2-3
যীচুৰ মতে, তুমি আন্ধাৰত কোৱা প্ৰতিটো কথা কি কৰা হ'ব?
পোহৰত শুনা যাব (১২:৩)।
Luke 12:4-7
তুমি কালৈ ভয় কৰিব লাগে বুলি যীচুৱে কৈছিল?
যিজনাৰ নৰকত পেলাবৰ ক্ষমতা আছে সেইজনালৈ তুমি ভয় কৰিব লাগে বুলি কৈছিল (১২:৫)।
Luke 12:8-12
যীচুৰ নাম যিবিলাকে মানুহৰ আগত স্বীকাৰ কৰে সেই প্ৰতিজনক যীচুৱে কি কৰিব?
যীচুৱে সেই ব্যক্তিজনৰ নাম স্বৰ্গদূতবিলাকৰ ঈশ্বৰৰ আগত স্বীকাৰ কৰিব (১২:৮)।
Luke 12:13-15
যীচুৰ মতে, আমাৰ জীৱন কিহেৰে উপচি নপৰে?
আমাৰ জীৱন আমাৰ সম্পত্তিৰে উপচি পৰিলেও পূৰ নহয় (১২:১৫)।
Luke 12:16-19
যীচুৰ দৃষ্টান্তত, সেই ধনী মানুহজনে কি কৰিবলৈ ওলাইছিল কাৰণ তেওঁৰ শস্যৰ পথাৰত বহু শস্য উৎপন্ন হৈছিল?
তেওঁ নিজৰ শস্যৰ ভঁৰালবোৰ ভাঙিব আৰু ডাঙৰকৈ সাজিব আৰু তাৰ পাছত জিৰণী লব, ভোজন কৰিব, পান কৰিব, আৰু আনন্দ কৰিব (১২:১৮-১৯)।
Luke 12:20-30
ধনী মানুহজনক ঈশ্বৰে কি কৈছিল?
তেওঁ কৈছিল, হেৰৌ মুৰ্খ মানুহ, আজি ৰাতি তোৰ পৰা তোৰ প্ৰাণ লোৱা হ'ব, আৰু যি বস্তুবোৰ তই যুগুত কৰি থলি, সেইবোৰ আনৰ হ'ব (১২:২০)।
Luke 12:31-32
জীৱনৰ বিষয় বস্তুবোৰৰ বিষয়ে চিন্তিত হোৱাৰ পৰিৱৰ্ত্তে, আমি কি কৰা উচিত বুলি যীচুৱে কৈছিল?
আমি ঈশ্বৰৰ ৰাজ্য বিচাৰিব লাগে (১২:৩১)।
Luke 12:33-36
আমি আমাৰ ধন-ৰত্ন ক'ত সাচিব লাগে বুলি যীচুৱে কৈছিল আৰু কিয়?
আমি আমাৰ ধন-ৰত্ন স্বৰ্গত সাচিব লাগে বুলি যীচুৱে কৈছিল কাৰণ তাত চুৰ কৰিবলৈ কোনো চোৰ নাহে আৰু কোনে পোকে নাখায় (১২:৩৩)।
Luke 12:37-38
যীচুৰ মতে, ঈশ্বৰৰ কোনজন সেৱক ধন্য?
সেইসকলেই ধন্য যিসকলক পৰ দি থকা আৰু যীচু যেতিয়া আহিব যুগুত হৈ থকিব তেওঁলোক(১২:৩৭)।
Luke 12:39-44
যীচু কেতিয়া আহিব আমি জানো নেকি?
নাই, নাজানো (১২:৪০)।
Luke 12:45-46
যিজন চাকৰে আন চাকৰিবিলাকক অত্যাচাৰ কৰে আৰু তেওঁৰ মালিক অহালৈ যুগুত হৈ নাথাকে তাৰ কি হ'ব?
সেই গৰাকীয়ে তাক ডোখৰ ডোখৰ কৰি কাটিব আৰু অবিশ্বাসীবিলাকৰ লগত তাৰ বাবে নিৰূপণ কৰি থোৱা ঠাইত ৰাখিব (১২:৪৬)।
Luke 12:47-50
যিবিলাকক বেছি দিয়া হৈছিল তেওঁবিলাকৰ পৰা কি বিচৰা হ'ব?
সেইবিলাকৰ পৰা অধিক বিচৰা হ'ব (১২:৪৮)।
Luke 12:51-56
যীচুৰ মতে, এই পৃথিবীত কেনেধৰণৰ বিভেদবোৰ আহিব?
এনে মানুহ থাকিব যিয়ে একে ঘৰতে ইজনে সিজনৰ বিৰুদ্ধে বিভেদ হ'ব (১২:৫২-৫৩)।
Luke 12:57-59
যীচুৰ মতে, আমাৰ গোচৰীয়াৰ সৈতে বিচাৰকৰ ওচৰলৈ যোৱাৰ আগতে আমি কি কৰা উচিত?
আমি আগতীয়াকৈ সেই বিষয়টোৰ প্ৰতি নিস্পত্তি কৰিবলৈ যত্ন কৰিব লাগে (১২:৫৮)।
Luke 13
Luke 13:1-7
যি গালীলীয়া বিলাকক পীলাতে দুখ-কষ্ট দি বধ কৰিছিল, সেইবিলাক আন গালীলীয়া বিলাকতকৈ অধিক পাপী আছিল নেকি?
নহয়, নাছিল(১৩:৩)।
Luke 13:8-9
যীচুৰ দৃষ্টান্তত, সেই ডিমৰু গছজোপাই যদি তিনি বছৰলৈকে ফল ধাৰণ নকৰে তালৈ কি কৰা হ'ব?
গছ জোপাক গোবৰ সাৰ হিচাপে সাৰ দিয়া হৈছিল আৰু ফল ধাৰণ কৰিবলৈ আৰু এবছৰ বাট চোৱা হৈছিল, যদি ফল ধাৰণ নকৰে তাক কাটি পেলোৱা হ'ব (১৩:৮-৯)।
Luke 13:10-11
ধৰ্মধামত, সেই মহিলাগৰাকীকক কিহে ওঠৰ বছৰ ধৰি কুজা কৰি ৰাখিছিল?
চয়তানৰ পৰা অহা দুৰ্বলতাৰ এক অশুচি আত্মাই তাইক বন্ধ কৰি ৰাখিছিল (১৩:১১, ১৬)।
Luke 13:12-14
যীচুৱে যেতিয়া মহিলা গৰাকীক সুস্থ কৰিছিল সেই ধৰ্মধামৰ অধিপতিয়ে কিয় ক্ৰোধ কৰিছিল?
কাৰণ যীচুৱে তাইক বিশ্ৰামবাৰে সুস্থ কৰিছিল(১৩:১৪)।
Luke 13:15-17
সেই ধৰ্মধামৰ অধিপতিজন যে এজন কপটীয়া তাক যীচুৱে কেনেকৈ দেখুৱাইছিল?
যীচুৱে তাক কৈ দিছিল যে বিশ্ৰামবাৰতো তেওঁৰ জীৱ-জন্তু মুকলি কৰি দিয়ে, যীচুৱে সেই মহিলাক গৰাকীক বিশ্ৰাম বাৰৰ দিনা মুকলি কৰাত সি ক্ৰোধ কৰিছে(১৩:১৫)।
Luke 13:18-21
স্বৰ্গ ৰাজ্য এটা সৰিয়হ গুটিৰ নিচিনা কেনেকৈ হয়?
কাৰণ স্বৰ্গ ৰাজ্য যেতিয়া আৰম্ভ হয় তাত এটা গুটিহে থাকে, কিন্তু তাৰ পাছত ই বৃদ্ধি হয় আৰু ইমানেই ডাঙৰ হয় যে তাত বাস কৰিবলৈ অনেক ঠাই হৈ পৰে (১৩:১৯)।
Luke 13:22-27
অনেকে উদ্ধাৰ পাব বুলি যেতিয়া সোধা হৈছিল, যীচুৱে কি উত্তৰ দিছিল?
তেওঁ কৈছিল, " ঠেক দুৱাৰেদি সোমাবলৈ প্ৰাণপণে চেষ্টা কৰা, কাৰণ অনেকে সোমাবলৈ চেষ্টা কৰিব আৰু সোমাব নোৱাৰিব" (১৩:২৪)।
Luke 13:28-30
ঈশ্বৰৰ ৰাজ্যত ভোজনৰ মেজত বহিবলৈ কোন কোন গোট খাব?
অব্ৰাহাম, ইচহাক, যাকোব আৰু ভাববাদীবিলাক, আৰু পূব-পশ্চিম, উত্তৰ আৰু দক্ষিণৰ পৰা অনেক গোট খাব (১৩:২৮-২৯)।
Luke 13:31-33
যীচুক ক'ত বধ কৰা হ'ব বুলি তেওঁ কৈছিল?
তেওঁক যিৰূচালেমত বধ কৰা হ'ব (১৩:৩৩)।
Luke 13:34-35
যিৰূচালেমৰ মানুহবিলাকৰ লগত যীচুৱে কি কৰিবলৈ ইচ্ছা কৰিছিল?
কুকুৰাই যেনেকৈ তাইৰ পোৱালি বোৰক গোটাই তেওঁ সিহঁতক সেইদৰে গোটাবলৈ ইচ্ছা কৰিছিল(১৩:৩৪)।
যিৰূচালেমৰ মানুহবিলাকে তেওঁৰ তেওঁলোকৰ প্ৰতি থকা ইচ্ছাক কি প্ৰত্যুত্তৰ দিছিল?
সিহঁতে তেওঁক অগ্ৰাহ্য কৰিছিল(১৩:৩৪)।
যীচুৱে যিৰূচালেম আৰু ইয়াৰ মানুহবিলাকৰ প্ৰতি কি ভাববাণী কৈছিল?
সিহঁতৰ ঘৰ পৰিত্যাগ কৰা হ'ল, আৰু "প্ৰভুৰ নামেৰে যিজন আহিছে তেওঁ ধন্য" এই বুলি যেতিয়ালৈকে সিহঁতে নকয় সিহঁতে যীচুক আকৌ দেখা নাপাব(১৩:৩৫)।
Luke 14
Luke 14:1-3
পানীৰে গা উখহা ৰোগত ভোগা মানুহ এজন তেওঁৰ সন্মুখত থিয় দি থকাত, যিহুদীৰ বিধানত পাৰ্গতলোকসকলক আৰু ফৰীচীবিলাকক যীচুৱে কি সুধিছিল?
বিধানৰ মতে বিশ্ৰামবাৰে সুস্থ কৰিব পায় নে নাপায়(১৪:৩)।
Luke 14:4-9
পাৰ্গত আৰু ফৰীচীবিলাকে কি উত্তৰ দিছিল?
সিহঁতে নিশ্চুপ হৈ আছিল (১৪:৪)।
সেই মানুহজনক সুস্থ কৰাৰ পাছত, সেই পাৰ্গতলোক আৰু ফৰীচীবিলাক যে কপটীয়া তাক যীচুৱে কেনেকৈ দেখুৱাইছিল?
যীচুৱে সিহঁতক মনত পেলাই দিছিল যে বিশ্ৰাম বাৰত সিহঁতে নিজৰ পুতেকহঁতক সহায় কৰে নাইবা বলধ গৰু গাতত পৰিলে নোতোলে নেকি (১৪:৫)।
Luke 14:10-12
যিজনে নিজকে বৰ মানে তাক কি কৰা হব বুলি যীচুৱে কৈছিল?
তেওঁক নম্ৰ কৰা হব(১৪:১১)।
যিজনে নিজকে সৰু/নম্ৰ কৰে তাক কি কৰা হব বুলি যীচুৱে কৈছিল?
তেওঁক বৰ কৰা হব(১৪:১১)।:
Luke 14:13-17
যীচুৰ মতে, এজন ব্যক্তিয়ে তেওঁৰ ঘৰলৈ দুখীয়া, বিকলাঙ্গ, খোৰা আৰু অন্ধক নিমন্ত্ৰণ কৰে তেওঁক কেনেকৈ পুৰস্কাৰ দিয়া হ'ব?
তেওঁলোকক ধাৰ্মিকবিলাকৰ পুনৰূত্থানৰ বিনিময়ত পুৰস্কাৰ দিয়া হ'ব (১৪:১৪)।
Luke 14:18-20
যীচুৱে ভোজনৰ বাবে দিয়া দৃষ্টান্তত, যিবিলাক মানুহক প্ৰথমে নিমন্ত্ৰণ কৰা হৈছিল সিহঁতে কি কৰিছিল?
সিহঁতে কিয় ভোজনলৈ আহিব নোৱাৰে সেই বিষয়ে অজুহাত দেখুৱাবলৈ আৰম্ভ কৰিছিল (১৪:১৮)।
Luke 14:21-24
মালিকে তেতিয়া ভোজনলৈ কাক নিমন্ত্ৰণ কৰিছিল?
দুখীয়া, বিকলাঙ্গ, অন্ধ আৰু খোৰাক(১৪:২১)
Luke 14:25-27
যীচুৰ মতে, তেওঁক শিষ্যবিলাকে কি কৰা উচিত?
নিজৰ পৰিয়াল আৰু জীৱন ঘৃণা কৰিব লাগে তেওঁলোকৰ নিজৰ ক্ৰচ কঢ়িয়াই আনি থাকিব লাগে, তেওঁৰ পাছে পাছে আহি থাকিব লাগে আৰু তেওঁলোকৰ যি যি আছে সেইবোৰ পৰিত্যাগ কৰিব লাগে (১৪:২৬-২৭, ৩৩)।
Luke 14:28-33
যীচুৰ দৃষ্টান্তত, তেওঁক অনুগমণ কৰা বিষয়ত কি দৰকাৰ, তোনো এজন ব্যক্তিয়ে অট্টালিকা সাজিবলৈ ইচ্ছা কৰিলে প্ৰথমে তেওঁ কি কৰিব লাগে?
ব্যক্তিজনে তাৰ খৰচ গণনা কৰা উচিত(১৪:২৮)।
Luke 14:34-35
যদি নিমখে তাৰ সোৱাদ হেৰুৱাই, ইয়াক কি কৰা হ'ব?
ইয়াক পেলাই দিয়া হয়(১৪:৩৫)।
Luke 15
Luke 15:3-7
যীচুৰ দৃষ্টান্তত, এশটা মেৰৰ এটা হেৰালে সেই মেৰ ৰখীয়াজনে কি কৰে?
তেওঁ আন সেই নিৰানব্বৈটা তাতে এৰে আৰু বিচাৰি যায় আৰু হেৰুওৱাটোক বিচাৰি লয় তাৰ পাছত আনন্দেৰে তাক লৈ আনে(১৫:৪-৫)।
Luke 15:8-10
যেতিয়া এজন পাপীয়ে মন পালটন কৰে স্বৰ্গত কি হয়?
স্বৰ্গত ঈশ্বৰৰ উপস্থিতিত দূতবিলাকৰ আনন্দ হয়(১৫:৭, ১০)।
Luke 15:11-14
যীচুৰ দৃষ্টান্তত, সৰু পুতেকে তেওঁৰ দেউতাকক কি অনুৰোধ কৰিছিল?
মই উত্তৰাধিকাৰ স্বৰূপে পাবলগীয়া সম্পত্তিৰ ভাগ মোক দিয়া(১৫:১২)।
Luke 15:15-16
টকা-পইচা শেষ হোৱাৰ পাছত, সেই সৰু পুতেকে জীয়াই থাকিবলৈ কি কৰিবলগীয়া হৈছিল?
আন মানুহৰ গাহৰি চৰোৱা কামত নিয়োগ কৰিছিল(১৫:১৫)।
Luke 15:17-19
সি যেতিয়া মুকলিকৈ ভাবিবলৈ আৰম্ভ কৰিছিল, সৰু পুতেকে কি কৰিবলৈ থিৰাং কৰিছিল?
সি ঘুৰি যাবলৈ আৰু তাৰ পাপ পিতাৰ আগত স্বীকাৰ কৰিবলৈ থিৰাং কৰিছিল আৰু পিতাকক তেওঁৰ এজন কাম কৰা চাকৰৰ নিচিনাকৈ কৰিবলৈ থিৰ কৰিছিল(১৫:১৮-১৯)।
Luke 15:20-21
যেতিয়া সৰু পুতেক ঘৰলৈ ঘুৰি অহা পিতাকে দেখিছিল তেওঁ কি কৰিছিল?
তেওঁ দৌৰি গৈছিল আৰু সাৱটি ধৰিছিল আৰু তাক চুমা খাইছিল(১৫:২০)।
Luke 15:22-27
সৰু পুতেকৰ কাৰণে পিতাকে খৰকৈ কি কৰিছিল?
পিতাকে তাক চোলা পিন্ধাইছিল, এটা আঙুঠি দিছিল আৰু পাদুকা দিছিল আৰু এক ভোজৰ আয়োজন কৰিছিল(১৫:২২-২৩)।
Luke 15:28-30
সৰু পুতেকৰ বাবে ভোজৰ আয়োজন কৰা কথা যেতিয়া ডাঙৰ পুতেকক কোৱা হ'ল, তেওঁৰ প্ৰতিক্ৰিয়া কি আছিল?
খং উঠিছিল আৰু ভোজলৈ যোৱা নাছিল (১৫:২৮)।
ডাঙৰ পুতেকৰ তেওঁৰ পিতাকৰ ওচৰত অভিযোগটো কি আছিল?
ডাঙৰ পুতেকে অভিযোগ কৰিছিল যে তেওঁ পিতাকৰ নীতি পালন কৰি আছে, কিন্তু তেওঁৰ বন্ধুবিলাকৰ লগত এবাৰ ভোজ খাবলৈ ছাগলী এটাকো দিয়া নাই(১৫:২৯)।
Luke 15:31-32
ডাঙৰ পুতেকৰ প্ৰতি পিতাকৰ প্ৰত্যুত্তৰ কি আছিল?
পিতাকে কৈছিল, "বোপা, তুমি সদায়ে মোৰ লগত আছা, আৰু মোৰ যি আছে সেই সকলোবোৰ তোমাৰ" (১৫:৩১)।
সৰু পুতেকৰ বাবে এক ভোজৰ আয়োজন কৰাটো উচিত বুলি পিতাকে কিয় কৈছিল?
সৰু পুতেক হেৰাইছিল আৰু এতিয়া তেওঁক পোৱা গ'ল(১৫:৩২)।
Luke 16
Luke 16:1-4
ধনী মানুহজনে তেওঁ পৰিচালকৰ বিষয়ে কি কথা শুনিবলৈ পাইছিল?
তেওঁ শুনিছিল যে সেই পৰিচালকে ধনী মানুহজনৰ সম্পত্তি অপব্যয় কৰিছে(১৬:১)।
Luke 16:5-7
পৰিচালকক কামৰ পৰা বলপুৰ্ব্বক এৰোৱাই দিয়াৰ আগে আগে তেওঁ কি কৰিছিল?
তেওঁ ধনী মানুহজনৰ প্ৰতিজন ধৰুৱাক মাতিছিল আৰু তেওঁলোকৰ ধাৰ কমাই দিছিল(১৬:৫-৭)।
Luke 16:8-9
পৰিচালকৰ কাম কাজত ধনী মানুহজনৰ প্ৰত্যুত্তৰ কি আছিল?
তেওঁ পৰিচালকৰক শলাগিছিল কাৰণ তেওঁ অতি বুদ্ধিৰে কামটো কৰিছিল১৬:৮)।
কাহিনীটোৰ ওপৰত ভত্তি কৰি যীচুৱে আন সকলক কি কৈছিল ?
যীচুৱে কৈছিল, "তোমালোকে এই জগতৰ ধনেৰে বন্ধু গঢ়া যাতে যেতিয়া সেইবোৰ ওৰ পৰিব, তেওঁলোকে তোমালোকক অনন্তকলীয়া নিবাসত আদৰি লব(১৬:৯)।"
Luke 16:10-12
যীচুৱে কৈছিল যে এজন ব্যক্তি অলপ বিষয়ত বিশ্বাসী হ'লে আৰু আন কিহত বিশ্বাসী হয়?
ব্যক্তিজন অধিক বিষয়তো বিশ্বাসী হয়(১৬:১০)।
Luke 16:13-15
কোন দুজন গৰাকীৰ মাজত আমি পৰিচৰ্যা কৰিবলৈ মনোনীত কৰিব লাগে বুলি যীচুৱে কৈছিল?
আমি ঈশ্বৰ আৰু ধন-সম্পত্তিৰ মাজত মনোনীত কৰিব লাগে(১৬:১৩)।
Luke 16:16-17
যীচুৰ মতে, যোহন বাপ্তাইজক অহালৈকে কি কাৰ্যকৰী হৈ আছিল?
বিধান আৰু ভাববাদীসকলৰ বাক্য কাৰ্য্যকৰী হৈ আছিল(১৬:১৬)।
যীচুৰ মতে, এতিয়া কি প্ৰচাৰ কৰা হৈছে?
ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা এতিয়া প্ৰচাৰ কৰা হৈছে(১৬:১৬)।
Luke 16:18-21
যীচুৰ মতে, যিজনে তেওঁৰ ভাৰ্যক বিচ্ছেদ কৰে আৰু আন এগৰাকীক বিয়া কৰে তেওঁ কেনেধৰণ ব্যক্তি?
ব্যক্তিজন এজন ব্যভিচাৰী(১৬:১৮)।
Luke 16:22-23
যীচুৰ কাহিনীটোত, লাজাৰৰ মৃত্যুৰ পাছত তেওঁ ক'লৈ গ'ল?
শান্তনাৰ বাবে তেওঁ অব্ৰাহামৰ কোলালৈ গ'ল(১৬:২২, ২৫)।
ধনী মানুহজনে মৃত্যুৰ পাছত ক'লৈ গ'ল?
পৰলোকত যাতনা পাবলৈ গ'ল(১৬:২৩)।
Luke 16:24
ধনী মানুহজনে অব্ৰাহামলৈ কি প্ৰথম অনুৰোধটো কৰিছিল?
মানুহজনে কৈছিল, "দয়া কৰি লাজাৰক ইয়ালৈ আহিবলৈ দিয়ক আৰু অলপ পানী আনিবলৈ দিয়ক কাৰণ মই এই অগ্নি শিখাত কষ্ট পাই আছো (১৬:২৪)।"
Luke 16:25-26
ধনী মানুহজনৰ প্ৰতি অব্ৰাহামৰ কি উত্তৰ আছিল?
তেওঁ কৈছিল, "আমাৰ মাজত এক বিশাল শূন্য ঠাই স্থাপিত হৈ আছে যে কোনেও পাৰ হৈ যাব নোৱাৰে(১৬:২৬)।"
Luke 16:27-28
ধনী মানুহজনে অব্ৰাহামলৈ কি দ্বিতীয় অনুৰোধটো কৰিছিল?
মানুহজনে কৈছিল, "এই ঠাইখনৰ বিষয়ে মোৰ ভাইবিলাকক সাৱধান কৰিবলৈ দয়া কৰি লাজাৰক পঠিয়াই দিয়ক(১৬:২৭-২৮)।"
Luke 16:29-31
ধনী মানুহজনৰ প্ৰতি অব্ৰাহামৰ কি উত্তৰ আছিল?
অব্ৰাহামে কৈছিল, তেওঁলোকৰ বাবে মোচি আৰু ভাববাদীসকলৰ বাক্য আছে; তেওঁলোকে সেইবোৰৰ বাক্য শুনক(১৬:২৯)।
অব্ৰাহামে কৈছিল যে যদি তেওঁলোকে মোচি আৰু ভাববাদীসকলৰ বাক্য নুশুনে, তেওঁলোকক কিহে প্ৰত্যয়ন নিয়াব?
তেওঁলোক প্ৰত্যয়ন নহ'ব আনকি যদিও কোনোবা এজন মৰাৰ পৰা উঠি ক'লেও প্ৰত্যয়ন নহ'ব(১৬:৩১)।
Luke 17
Luke 17:3-8
যীচুৱে কি কৈছিল যে আমাৰ ভায়ে আমাৰ বিৰুদ্ধে পাপ কৰে আৰু ঘুৰি আহি কয় যে, "মই মন পালটন কৰিছো"?
আমি তেওঁক ক্ষমা কৰা উচিত(১৭:৪)।
Luke 17:9-10
পৰিচাৰক হিচাপে, আমাৰ মালিকৰ দ্বাৰা আদেশ দিয়া সকলোবোৰ কৰাৰ পাছত আমি কি কোৱা উচিত?
আমি এইটো কোৱা উচিত, "আমি অনুপযোগী দাস, আমি যি কৰা উচিত সেইটোহে আমি কৰিলো(১৭:১০)।"
Luke 17:11-13
তেওঁলোকে যীচুক কি কৈছিল?
তেওঁলোকে কৈছিল, "যীচু, হে প্ৰভু, আমাক দয়া কৰক(১৭:১৩)।"
Luke 17:14-19
যীচুৱে তেওঁলোকক কি কৈছিল?
তেওঁ তেওঁলোকক কৈছিল যে যোৱা আৰু নিজকে পুৰোহিতক দেখুওৱাগৈ(১৭:১৪)।
সেই কুষ্ঠৰোগী কেইজনে যাওঁতে যাওঁতে কি ঘটিছিল?
তেওঁলোক শুচি হৈছিল(১৭:১৪)।
দহ জনৰ মাজৰ কেই কুষ্ঠৰোগীয়ে যীচুক ধন্যবাদ দিবলৈ ঘুৰি আহিছিল?
মাত্ৰ এজন ঘুৰি আহিছিল(১৭:১৫)।
যিজন কুষ্ঠ ৰোগীয়ে যীচুক ধন্যাবাদ দিবলৈ ঘুৰি আহিছিল তেওঁ ক'ৰ আছিল?
তেওঁ চমৰীয়াৰ পৰা আছিল(১৭:১৬)।
Luke 17:20-21
যেতিয়া ঈশ্বৰৰ ৰাজ্য অহাৰ বিষয়ে সোধা হৈছিল, ঈশ্বৰৰ ৰাজ্য ক'ত আছে বুলি যীচুৱে কৈছিল?
ঈশ্বৰৰ ৰাজ্য তোমালোকৰ মাজতে আছে(১৭:২১)।
Luke 17:22-24
যীচুৱে কি কৈছিল যে যেতিয়া তেওঁ পুনৰ দেখা দিব এইটো তেওঁৰ দিনৰ নিচিনা হ'ব?
এইটো আকাশৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে বিজুলীয়ে পোহৰ কৰাৰ নিচিনা হ'ব(১৭:২৪)।
Luke 17:25-29
প্ৰথমতে কি ঘটিব লাগে বুলি যীচুৱে কৈছিল?
প্ৰথমে অনেক দুখ-ভোগ কৰিব লাগিব আৰু এই প্ৰজন্মৰ দ্বাৰা তেওঁ অগ্ৰাহ্য কৰা হ'ব(১৭:২৫)।
নোহৰ দিনৰ নিচিনা আৰু লোটৰ দিনৰ নিচিনা মানুহৰ পুত্ৰ দিন কেনেকৈ হ'ব?
অনেকে ভোজন কৰিব, পান কৰিব, বিয়া কৰিব, কিনিব, বেচিব, ৰুব আৰু সাজিব, সেই ধ্বংসৰ দিন যে আহি আছে সেই বিষয়ে অজানা হৈ থাকিব(১৭:২৭)।
Luke 17:30-33
আমি লোটৰ পৰিবাৰৰ নিচিনা কিয় হ'ব নালাগে?
যেনেকৈ লোটৰ পৰিবাৰে ঘুৰি চাইছিল আমি আমাৰ পাৰ্থিব সা-সম্পত্তিৰ প্ৰতি ঘুৰিব নালাগে(১৭:৩১-৩২)।
Luke 17:34-37
"প্ৰভু, ক'ত" বুলি সোধা শিষ্যবিলাকৰ
উত্তৰ দিবলৈ যীচুৱে প্ৰকৃতি জগতৰ কোনটো নক্সা ব্যৱহাৰ কৰিছিল?
য'তে মৰা শ থাকে, তাতেহে শগুণ একেলগে গোট খোৱা হ'ব (১৭:৩৭)।
Luke 18
Luke 18:3-5
অন্যায়কাৰী বিচাৰকৰ পৰা সেই বিধৱা গৰাকীয়ে কি বিচাৰি আছিল?
তাইৰ বিৰোধী জনৰ বিৰুদ্ধে ন্যায়বিচাৰ বিছাৰি আছিল(১৮:৩)।
কিছু দিনৰ পাছত, সেই অন্যায়কাৰী বিচাৰকে নিজকে কি কৈছিল?
বিচাৰকে কৈছিল, "কাৰণ এই বিধৱাজনী মোৰ সমস্যাৰ কাৰণ হৈছে আৰু একেৰাহে মোৰ ওচৰলৈ আহি আছে, মই তাইক ন্যায়বিচাৰ পোৱাত সহায় কৰিম" (১৮:৫)।
Luke 18:6-8
কাহিনীটোৰ পৰা যীচুৱে তেওঁৰ শিষ্যসকলক প্ৰাৰ্থনাৰ বিষয়ে কি শিকাব বিচিৰিছিল?
যীচুৱে তেওঁলোকক এইটো শিকাব বিচাৰিছিল যে, তেওঁলোকে সদায় প্ৰাৰ্থনা কৰিব লাগে আৰু নিৰাশ হ'ব নালাগে, আৰু যিবিলাকে তেওঁকলৈ ক্ৰন্দন কৰে ঈশ্বৰে সেই লোকসকললৈ ন্যায়বিচাৰ আনিব(১৮:১, ৮)।
Luke 18:9-10
যীচুৰ কাহিনীটোত, কোন দুজম মানুহে ধৰ্মধামলৈ প্ৰাৰ্থনা কৰিব গৈছিল?
এজন ফৰীচী আৰু এজন কৰ-তোলা ধৰ্মধামত প্ৰাৰ্থনা কৰিবলৈ গৈছিল(১৮:১০)।
Luke 18:11-12
ফৰীচীজনৰ নিজৰ ধাৰ্মিকতাৰ বিষয়ে আৰু আন মানুহৰ বিষয়ে কি মনোভাব আছিল?
তেওঁ ভাবিছিল যে, তেওঁৰ ধাৰ্মিকতা আন মানুহৰ ধাৰ্মিকতাতকৈ শ্ৰেষ্ঠ(১৮:৯, ১১-১২)।
Luke 18:13-14
মন্দিৰত ঈশ্বৰৰ প্ৰতি কৰ তোলোতাজনৰ প্ৰাৰ্থনা কি আছিল?
তেওঁ এইদৰে প্ৰাৰ্থনা কৰিছিল যে, "হে ঈশ্বৰ, মোৰ প্ৰতি দয়া কৰক, মই এজন পাপী" (১৮:১৩)।
কোনজন মানুহ ঈশ্বৰৰ আগত ধাৰ্মিক বুলি গণ্য হৈ নিজৰ ঘৰলৈ গৈছিল?
কৰ তোলোতাজন ঈশ্বৰৰ আগত ধাৰ্মিক বুলি গণ্য হৈ নিজৰ ঘৰলৈ গৈছিল(১৮:১৪)।
Luke 18:15-21
স্বৰ্গ ৰাজ্য কাৰ বাবে বুলি যীচুৱে কৈছিল?
শিশুবিলাকৰ নিচিনা বোৰৰ বাবে এই স্বৰ্গ ৰাজ্য (১৮:১৬-১৭)।
Luke 18:22-27
যীচুৱে সেই অধিপতিজনক (যিজনে তেওঁৰ ডেকা কালৰে পৰা ঈশ্বৰৰ আজ্ঞাসমুহ মানি চলিছিল) কি এটা বিষয় কৰিবলৈ কৈছিল?
তেওঁৰ যি আছে সেই সকলো বিক্ৰি কৰিবলৈ কৈছিল আৰু দুখীয়াবিলাকক বিলাই দিবলৈ যীচুৱে কৈছিল(১৮:২২)।
যীচুৰ কোৱা কথাত সেই অধিপতিজনৰ প্ৰত্যুত্তৰ কেনে হৈছিল আৰু কিয়?
তেওঁ অতিশয় দুখিত হৈছিল, কিয়নো তেওঁ বৰ ধনী মানুহ আছিল(১৮:২৩)।
Luke 18:28-30
যিসকলে যীচুৰ কাৰণে পাৰ্থিব বিষয়বোৰ এৰিছে তেওঁলোকৰ বাবে যীচুৱে কি প্ৰতিজ্ঞা কৰিছিল?
যীচুৱে তেওঁলোকৰ বাবে স্বৰ্গত প্ৰতিজ্ঞা কৰিছে, আহিব লগীয়া জগতত অনন্ত জীৱনৰ প্ৰতিজ্ঞা কৰিছে(১৮:৩০)।
Luke 18:31-37
যীচুৰ মতে, পুৰণি নিয়মৰ ভাববাদীবিলাকে মানুহৰ পুত্ৰৰ বিষয়ে কি লিখিছিল?
পুৰণি নিয়মৰ ভাববাদীসকলে মানুহৰ বিষয়ে লিখিছিল যে, তেওঁলোকক পৰজাতিৰ হাতত শোধাই দিয়া হ'ব, ঠাট্টা কৰা আৰু লজ্জিতভাবে তেওঁক আচৰণ কৰা হ'ব, কোবাব, আৰু বধ কৰিব, কিন্তু তৃতীয় দিনা তেওঁ আকৌ জী উঠিব(১৮:৩২-৩৩)।
Luke 18:38-41
সেই বাটৰ কাষত থকা অন্ধ মানুহজনে যীচুলৈ কি বুলি চিঞৰিছিল?
তেওঁ কৈছিল, "যীচু, দায়ুদৰ পুত্ৰ, মোক দয়া কৰক(১৮:৩৮-৩৯)।"
Luke 18:42-43
অন্ধ মানুহজন সুস্থ হোৱা দেখাৰ পাছত মানুহবিলাকৰ প্ৰত্যুত্তৰ কেনে আছিল?
তেওঁলোকে ঈশ্বৰৰ মহিমা গাইছিল আৰু ঈশ্বৰৰ প্ৰশংসা কৰিছিল(১৮:৪৩)।
Luke 19
Luke 19:1-4
যীচুক চাবলৈ গছৰ ওপৰলৈ কোন উঠিছিল আৰু তেওঁৰ জীৱিকা আৰু সমাজত তেওঁৰ স্থান কি আছিল?
তেওঁ চক্কেয় আছিল, তেওঁ ধনী কৰ তোলোতা লোক আছিল(১৯:২)।
Luke 19:5-7
যীচুৱে যেতিয়া চক্কেয়ৰ ঘৰলৈ গৈছিল প্ৰতিজনে কি অভিযোগ কৰিছিল?
তেওঁলোকে কৈছিল, "যীচুৱে এনে এজন মানুহৰ ঘৰলৈ গৈছে যিজন এজন পাপী(১৯:৭)।"
Luke 19:8-10
চক্কেয়ই দুখীয়াবিলাকলৈ তেওঁৰ উপহাৰ ঘোষণা কৰাৰ পাছত যীচুৱে চক্কেয়ৰ বিষয়ে কি কৈছিল?
যীচুৱে কৈছিল, "আজি এই ঘৰলৈ পৰিত্ৰাণ আহিল(১৯:৯)।"
Luke 19:11-17
যীচুৱে যেতিয়া যিৰূচালেম আহি পাইছিল মানুহবিলাকে কি ঘটিব বুলি আশা কৰি আছিল?
তেওঁলোকে ভাবিছিল যে ঈশ্বৰৰ ৰাজ্য অতি সোনকালেই আগমন ঘটিব(১৯:১১)।
যীচুৰ দৃষ্টান্তত, সেই ভদ্ৰ বংশীয় মানুহজন ক'লৈ যাত্ৰা কৰি গৈছিল?
তেওঁ এখন দূৰৰ দেশলৈ ৰাজ্য গ্ৰহণ কৰিবলৈ গৈ আছিল আৰু তাৰ পাছত তেওঁ উভতি আহিব(১৯:১২)।
Luke 19:18-19
যি চাকৰ কেইজনে তেওঁলোকক দিয়া মিনাৰ প্ৰতি বিশ্বাসী হৈ আছিল, যীচুৱে সেই কেইজনক কি কৰিছিল?
তেওঁলোককক নগৰবোৰৰ ওপৰত অধিকাৰ দিছিল(১৯:১৭, ১৯)।
Luke 19:20-23
ভদ্ৰবংশীয় মানুহজনক সেই দুষ্ট চাকৰজনে কেনে ধৰণৰ মানুহ বুলি ভাবিছিল?
দুষ্ট চাকৰজনে ভাবিছিল যে, ভদ্ৰবংশীয় মানুহজন এজন কঠিন মানুহ(১৯:২১)।
Luke 19:24-25
ভদ্ৰবংশীয় মানুহজনে দুষ্ট চাকৰজনক কি কৰিছিল?
মানুহজনে সেই দুষ্ট চাকৰজনৰ পৰা তাক দিয়া মিনা লৈ লৈছিল(১৯:২৪)।
Luke 19:26-27
যি বিলাকে সেই ভদ্ৰবংশীয় মানুহজনক ৰজা হোৱাটো বিচৰা নাছিল তেওঁলোকক তেওঁ কি কৰিছিল?
ভদ্ৰবংশীয় লোকজনৰ সাক্ষাততে সেইবিলাকক বধ কৰা হৈছিল(১৯:২৭)।
Luke 19:28
Luke 19:29-36
যীচুৱে যিৰূচালেমলৈ গৈ থাকোঁতে কেনেধৰণৰ জন্তুৰ ওপৰত উঠি গৈছিল?
কোনেও কেতিয়াও নুঠা এটা গাধ পোৱালিৰ পিঠিত উঠি গৈছিল(১৯:৩০)।
Luke 19:37-38
যীচুৱে জৈতুন পৰ্বতৰ ওপৰৰ পৰা নামি আহোঁতে ভাৰৰ মানুহবিলাকে কিয় চিঞৰি আছিল?
তেওঁলোকে এই বুলি চিঞঁৰিছিল, "প্ৰভুৰ নামেৰে যিজন ৰজা আহিছে তেওঁ ধন্য(১৯:৩৮)।
Luke 19:39-40
যদি মানুহবিলাকে আনন্দত নিচিঞৰে কি ঘটিব বুলি যীচুৱে কৈছিল?
যীচুৱে কৈছিল যে, শিলবোৰে আটাহ পাৰিব(১৯:৪০)।
Luke 19:41-42
যীচুৱে নগৰ খনৰ ওচৰ চাপি আহোঁতে তেওঁ কি কৰিছিল?
তেওঁ কান্দি পেলাইছিল(১৯:৪১)।
Luke 19:43-46
যীচুৱে সেই নগৰ আৰু মানুহবিলাকৰ প্ৰতি কি ঘটিব বুলি ভাববাণী কৈছিল?
যীচুৱে কৈছিল যে, মানুহবিলাকক বধ কৰা হ'ব আৰু এটা শিলো আনটোৰ ওপৰত থকাকৈ নেৰিব(১৯:৪৪)।
Luke 19:47-48
যীচুৱে মন্দিৰত শিক্ষা দি থাকোঁতে কোনে তেওঁক বধ কৰিবলৈ বিচাৰিছিল?
প্ৰধান পুৰোহিতসকল আৰু অধ্যাপকসকল আৰু মানুহবিলাকক নেতাবিলাকে যীচুক বধ কৰিবলৈ বিচাৰিছিল(১৯:৪৭)।
এই সময়ত তেওঁলোকে কিয় যীচুক বধ কৰিব পৰা নাছিল?
কাৰণ মানুহবিলাকে তেওঁৰ কথা মনোযোগেৰে শুনি আছিল(১৯:৪৮)।
Luke 20
Luke 20:3-4
যেতিয়া যিহুদী নেতাসকলে যীচুক কি ক্ষমতাৰে তেওঁ শিকায় বুলি সুধিছিল, যীচুৱে তেওঁলোকক কি কৰিছিল?
যীচুৱে সুধিছিল "যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা হৈছিল নে মানুহৰ পৰা হৈছিল(২০:৪)?"
Luke 20:5-8
যদি সিহঁতে "স্বৰ্গৰপৰা" বুলি উত্তৰ দিয়ে তেন্তে যীচুৱে তেওঁলোকক কি ক'ব বুলি যিহুদী নেতাবিলাকে ভাবিছিল?
যিহুদী নেতাবিলাকে ভাবিছিল যে যীচুৱে তেওঁলোকক ক'ব, "তেন্তে তোমালোকে তেওঁত কিয় বিশ্বাস নকৰিলা(২০:৫)?"
যদি সিহঁতে "মানুহৰপৰা" বুলি উত্তৰ দিয়ে তেন্তে যীচুৱে তেওঁলোকক কি ক'ব বুলি যিহুদী নেতাবিলাকে ভাবিছিল?
তেওঁলোকে ভাবিছিল যে মানুহবিলাকে তেওঁলোকক শিল দলিয়াই মাৰিব(২০:৬)।
Luke 20:9-12
যীচুৰ দৃষ্টান্তত, মালিকে দ্ৰাক্ষাবাৰীৰ ফল আনিবলৈ পঠিওৱাত সেই চাকৰ কেইজনক সেই দ্ৰাক্ষাবাৰীৰ খেতিয়কবিলাকে কি কৰিছিল?
সিহঁতে সেই চাকৰ কেইজনক কোবাইছিল, সিহঁতক লাজ লগাকৈ ব্যবহাৰ কৰিছিল, সিহঁতক খালী হাতে পঠিয়াই দিছিল(২০:১০-১২)।
Luke 20:13-14
অৱশেষত, প্ৰভুৱে সেই খেতিয়ক বিলাকৰ ওচৰলৈ কাক পঠিয়াই দিছিল?
প্ৰভুৱে নিজৰ মৰমৰ পুত্ৰক পঠিয়াই দিছিল (২০:১৩)।
Luke 20:15-18
যেতিয়া সেই পুত্ৰজন দ্ৰাক্ষাবাৰীলৈ আহিছিল সেই খেতিয়কবিলাকে তেওঁক কি কৰিছিল?
সিহঁতে তেওঁক দ্ৰাক্ষাবাৰীৰ পৰা বাহিৰ কৰি দলিয়াই পেলালে আৰু তেওঁক বধ কৰিছিল(২০:১৫)।
সেই খেতিয়কবিলাকক দ্ৰাক্ষাবাৰীৰ প্ৰভুৱে কি কৰিব?
তেওঁ সেই দ্ৰাক্ষাবাৰীৰ খেতিয়কবিলাকক সংহাৰ কৰিব আৰু সেই দ্ৰাক্ষাবাৰীখন আনক চমজাই দিব(২০:১৬)।
Luke 20:19-24
যীচুৱে এই দৃষ্টান্তটি কাৰ বিৰুদ্ধে কৈছিল?
যীচুৱে এই দৃষ্টান্তটি অধ্যাপক আৰু প্ৰধান পুৰোহিতবিলাকৰ বিৰুদ্ধে কৈছিল(২০:১৯)।
Luke 20:25-26
কৈচৰক কৰ দিয়াটো বিধিগত হয়নে নহয় সেই বিষয়ে সোধা
উত্তৰ যীচুৱে কেনেকৈ দিছিল?
যীচুৱে কৈছিল যিটো কৈচৰৰ বস্তু সেইটো কৈচৰক দিয়া আৰু যিটো ঈশ্বৰৰ বস্তু সেইটো ঈশ্বৰক দিয়া(২০:২৫)।
Luke 20:27-33
চদ্দুকীবিলাকে কি ঘটনা বিশ্বাস কৰা নাছিল?
চদ্দুকীবিলাকে মৃতবিলাকৰ পুনৰূত্থানৰ বিষয়টো বিশ্বাস কৰা নাছিল(২০:২৭)।
Luke 20:34-36
যীচুৱে এই জগতত আৰু অনন্ত কালত বিবাহৰ বিষয়ে কি কৈছিল?
এই জগতত বিবাহ আছে, কিন্তু সেই অনন্তকালত কোনো বিবাহ নাই(২০:৩৪-৩৫)।
Luke 20:37-40
পুনৰূত্থানৰ সত্যতা প্ৰমাণ কৰিবলৈ পুৰণি নিয়মৰ কোনটো কাহিনী যীচুৱে মনত পেলাইছিল?
যীচুৱে মোচি আৰু সেই জোপোহা গছৰ কাহিনীটো মনত পেলাইছিল য'ত মোচিয়ে প্ৰভুক অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰ ঈশ্বৰ আৰু যাকোবৰ ঈশ্বৰ বুলি মাতিছিল(২০:৩৭)।
Luke 20:41-44
যীচুৱে অধ্যাপক বিলাকক সোধা তেওঁৰ
গীতমালাৰ পৰা দায়ুদৰ কোনটো বাক্য উল্লেখ কৰিছিল?
তেওঁ উল্লেখ কৰাটো হৈছে, "প্ৰভুৱে মোৰ প্ৰভুক ক'লে, মই তোমাৰ শত্ৰূবিলাকক তোমাৰ ভৰি পীৰা নকৰো মানে মোৰ সোঁ হাতে বহি থাকা(২০:৪২-৪৩) ।"
Luke 20:45-47
অধ্যাপকবিলাকে সিহঁতৰ বাহ্যিক ভাবে কৰা ধাৰ্মিকতা কাৰ্য্যৰ নেপথ্যত কি দুষ্টতাৰ কাৰ্য্যবোৰ কৰি আছিল?
সিহঁতে বিধৱাৰ ঘৰ-বাৰী গ্ৰাস কৰিছিল, আৰু ইচ্ছাকৃত ভাবে দীঘলীয়া প্ৰাৰ্থনা কৰিছিল(২০:৪৭)।
অধ্যাপকবিলাকক কেনে সোধ বিচাৰ কৰা হ'ব বুলি যীচুৱে কৈছিল?
সিহঁতে এক বিশাল দণ্ডাজ্ঞা পাব(২০:৪৭)।
Luke 21
Luke 21:1-4
দুখীয়া বিধৱাগৰাকীয়ে সেই ভঁৰালত আনবিলাকতকৈ অধিক দিলে বুলি যীচুৱে কিয় কৈছিল ?
কাৰণ তাইৰ নাটনি হোৱাতো তাইৰ যি আছিল তাকে দান দিলে আৰু আনবিলাকে সিহঁতৰ অতিৰিক্ত ধনৰ পৰা দিছিল(২১:৪)।
Luke 21:5-6
যিৰূচালেমত সেই মন্দিৰত কি ঘটিব বুলি যীচুৱে কৈছিল?
তেওঁ কৈছিল যে এইটোক ভাঙি পেলোৱা হ'ব আৰু এটা শিলো আনটো শিলৰ ওপৰত থকাকৈ নেৰিব(২১:৬)।
Luke 21:7-9
সেই মন্দিৰৰ বিষয়ে মানুহবিলাকে যীচুক কি দুটা
সুধিছিল?
তেওঁলোকে সুধিছিল, "এইবোৰ ঘটনা কেতিয়া ঘটিব, আৰু সেইবোৰ যে ঘটিবলৈ ধৰিছে তাৰ চিন কি হ'ব(২১:৭)।"
যীচুৱে এই সাৱধান বাণী কৈছিল যে অনেক প্ৰবঞ্চক আহিব। এই প্ৰবঞ্চক বিলাকে কি ক'ব?
সিহঁতে ক'ব, "ময়েই সেইজন," আৰু "সেই সময় অতি ওচৰ(২১:৮)।"
Luke 21:10-11
শেষ হোৱাৰ আগতে কি কি ভয়ানক ঘটনা ঘটিব বুলি যীচুৱে কৈছিল?
যুদ্ধ-বিগ্ৰহ হ'ব, ভুমিকম্প হ'ব, দুৰ্ভিক্ষ-আকাল হ'ব, মহামাৰী আৰু আকাশৰ পৰা মহৎ চিন ওলাব(২১:৯, ১১)।
Luke 21:12-19
বিশ্বাসীবিলাকৰ তাড়নাই কি সুযোগ সৃষ্টি কৰিব?
বিশ্বাসীবিলাকৰ তাড়নাই তেওঁলোকৰ বাবে এক সাক্ষ্যৰ সুযোগ সৃষ্টি কৰিব(২১:১৩)।
Luke 21:20-22
যিৰূচালেমৰ বিনাশ যে ওচৰ হৈছে সেইটো কি ঘটনাই দেখুৱাব?
যেতিয়া যিৰূচালেম সৈন্যবিলাকৰ দ্বাৰা আগুৰি ধৰা হ'ব, ইয়াৰ বিনাশ ওচৰ হ'ব(২১:২০)।
যিবিলাকে যিৰূচালেমৰ বিনাশ ওচৰ হোৱা দেখে সেইবোৰ মানুহক যীচুৱে কি কৰিবলৈ কৈছিল?
যীচুৱে তেওঁলোকক কৈছিল পৰ্বতলৈ পলাই যাওক, নগৰখন এৰি যাওক, আৰু নগৰখনত সোমাবলৈ নালাগে(২০:২১)।
যিৰূচালেমৰ বিনাশৰ দিনবোৰক যীচুৱে কি বুলি কৈছিল?
যি সকলোবোৰ লিখি থোৱা হৈছিল সেই পৰিপূৰ্ণবোৰৰ তেওঁ সেই দিনবোৰক প্ৰতিশোধৰ দিন বুলি কৈছিল(২১:২২)।
Luke 21:23-24
পৰজাতিবিলাকৰ দ্বাৰা যিৰূচালেম কিমান দিন গচকা হ'ব?
যেতিয়ালৈকে পৰজাতিবলাকৰ সময় পৰিপূৰ্ণ নহয় তেতিয়ালৈকে যিৰূচালেম পৰজাতিবিলাকৰ দ্বাৰা গচকা হ'ব(২১:২৪)।
Luke 21:25-28
পৰাক্ৰম আৰু মহিমাৰ সৈতে তেওঁৰ আগমণৰ আগে আগে কি কি চিন হ'ব বুলি যীচুৱে কৈছিল?
তেওঁ কৈছিল সুৰ্য্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব, আৰু পৃথিবীত জাতিবিলাকৰ অতিশয় ক্লেশ হ'ব(২১:২৫)।
Luke 21:29-31
যীচুৱে তেওঁৰ শ্ৰোতাসকলে সেই সময় আহিল বুলি জানিবলৈ কি উদাহৰণ দিছিল?
যীচুৱে ডিমৰু গছৰ নিৰ্দেশ দিছিল- যেতিয়া এই গছে কলি পোখা মেলে তেওঁলোকে জানিব লাগে যে জহ কাল ওচৰ হৈছে (২১:৩০)।
Luke 21:32-33
কি লুপ্ত হ'ব বুলি যীচুৱে কৈছিল?
আকাশ আৰু পৃথিবী লুপ্ত হ'ব(২১:৩৩)।
কি কেতিয়াও লুপ্ত নহ'ব?
যীচুৰ বাক্য কেতিয়াও লুপ্ত নহ'ব(২১:৩৩)।
Luke 21:34-35
যিহেতু সেই দিন হঠাতে আহিব যীচুৱে তেওঁৰ শ্ৰোতসকলক কি কৰিব নালাগে বুলি সাৱধান কৰিছিল?
তেওঁ তেওঁলোকক এই সাৱধান কৰি দিছিল যে তেওঁলোকৰ অন্তৰ অপৰিমিত ভোজনৰ দ্বাৰা, মত্ততাৰ দ্বাৰা আৰু জীৱিকাৰ চিন্তাৰে যেন ভাৰগ্ৰস্ত নহয়(২১:৩৪)।
Luke 21:36-38
যিহেতু সেই দিন হঠাতে আহিব যীচুৱে তেওঁৰ শ্ৰোতসকলক কি কৰি থাকিব লাগে বুলি সাৱধান কৰিছিল?
যীচুৱে তেওঁলোকক সজাগ হৈ থাকি প্ৰাৰ্থনা কৰি থাকিবলৈ সাৱধান কৰি দিছিল(২১:৩৬)।
Luke 22
Luke 22:1-4
সেই সময়ত, যীহুদীবিলাকৰ কোনটো পৰ্ব ওচৰ চাপিছিল?
খমিৰবিহীন পিঠাৰ পৰ্ব, নিস্তাৰ পৰ্ব(২২:১)।
Luke 22:5-11
যিহুদাই যীচুক প্ৰধান পুৰোহিতবিলাকৰ হাতত শোধাই দিবলৈ এক সুযোগ কি পৰিস্থিতিত বিচাৰি আছিল?
যিহুদাই এনে এটা সুযোগ বিচাৰি আছিল যেতিয়া যীচু ভীৰৰ মানুহ বিলাকৰ পৰা আঁতৰি আছিল(২২:৬)।
Luke 22:12-13
যীচু আৰু তেওঁৰ শিষ্যবিলাকে নিস্তাৰ পৰ্বৰ ভোজন ক'ত কৰিছিল?
যিৰূচালেমত সজাই থোৱা ওপৰৰ এটা ডাঙৰ আলহী কোঠালিত তেওঁলোকে ভোজন কৰিছিল(২২:১০-১২)।
Luke 22:14-18
যীচুৱে আকৌ কেতিয়া এই নিস্তাৰ পৰ্বৰ ভোজন কৰিম বুলি কৈছিল?
যেতিয়া এইটো ঈশ্বৰৰ ৰাজ্যত পৰিপূৰ্ণ হ'ব, তেওঁ আকৌ নিস্তাৰ পৰ্বৰ ভোজন কৰিব(২২:১৬)।
Luke 22:19-20
যীচুৱে যেতিয়া পিঠা ভাঙিছিল আৰু শিষ্যবিলাকক দিছিল তেওঁ কি কৈছিল?
যীচুৱে কৈছিল, " এইয়ে মোৰ শৰীৰ যিটো তোমালোকৰ বাবে দিয়া হৈছে। মোক সোঁৱৰিবৰ অৰ্থে এইটো কৰিবা" (২২:১৯)।
যীচুৱে যেতিয়া পিয়লাটো শিষ্যবিলাকক দিছিল তেওঁ কি কৈছিল?
যীচুৱে কৈছিল, " এই পিয়লা হৈছে মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম, যিটো তোমালোকৰ বাবে বোৱাই দিয়া হৈছে" (২২:২০)।
Luke 22:21-25
যীচুক কোনে প্ৰবঞ্চনা কৰিবলৈ লৈছে সেইটো শিষ্যবিলাকে জানিছিল নে?
নাই, জনা নাছিল(২২:২৩)।
যীচুক যে প্ৰবঞ্চনা কৰিব এইটো ঈশ্বৰৰ আঁচনি আছিল নে?
হয়, আছিল(২২:২২)।
Luke 22:26-27
যীচুৰ শিষ্যবিলাকৰ মাজত শ্ৰেষ্ঠ কোন বুলি যীচুৱে কৈছিল?
যি জনে পৰিচৰ্যা কৰিব তেওঁৱেই শ্ৰেষ্ঠ(২২:২৬)।
যীচুৱে তেওঁৰ শিষ্যবিলাকৰ মাজত কেনেদৰে আছিল?
যীচু পৰিচাৰকৰ নিচিনাকৈ তেওঁলোকৰ মাজত আছিল(২২:২৭)।
Luke 22:28-32
যীচুৱে তেওঁৰ শিষ্যবিলাকক তেওঁলোকে ক'ত বহিব বুলি প্ৰতিজ্ঞা কৰিছিল?
যীচুৱে কৈছিল তেওঁলোকে সিংহাসনত বহিব, ইস্ৰায়েলৰ বাৰ ফৈদৰ বিচাৰ কৰিব(২২:৩০)।
Luke 22:33-36
পিতৰে কি কৰিব বুলি যীচুৱে ভবিষ্যতবাণী কৰিছিল?
যীচুৱে কৈছিল কুকুৰাই ডাক দিয়াৰ পুৰ্বে যীচুক জানো বুলি পিতৰে তিনিবাৰ অস্বীকাৰ কৰিব(২২:৩৪)।
Luke 22:37-38
এই ঘটনাবিলাকত যীচুৰ বিষয়ে কি লিখিত ভাববাণীৰ বচন পৰিপূৰ্ণ হৈছিল?
ভাববাণীৰ শাস্ত্ৰীয় বচনত কৈছে, " আৰু তেওঁ অধৰ্ম্মীবিলাকৰ লগত গণ্য হ'ল" (২২:৩৭)।
Luke 22:39-40
জৈতুন পৰ্বতত, যীচুৱে তেওঁৰ শিষ্যসকলক কি প্ৰাৰ্থনা কৰিবলৈ কৈছিল?
তেওঁ তেওঁলোকক এই প্ৰাৰ্থনা কৰাটো বিচাৰিছিল তেওঁলোক যেন পৰীক্ষাত নপৰে(২২:৪০)।
Luke 22:41-44
জৈতুন পৰ্বতত, যীচুৱে কি প্ৰাৰ্থনা কৰিছিল?
যীচুৱে প্ৰাৰ্থনা কৰিছিল, " হে পিতৃ, যদি তুমি ইচ্ছা কৰা, এই পিয়লা মোৰ পৰা দূৰ কৰা। তথাপিও মোৰ ইচ্ছা নহয়, তোমাৰ ইচ্ছাই পূৰ্ণ হওক" (২২:৪২)।
Luke 22:45-46
যীচুৱে প্ৰাৰ্থনা কৰি ঘুৰি আহোঁতে শিষ্যবিলাকে কি কৰি আছিল?
শিষ্যবিলাকে শুই আছিল(২২:৪৫)।
Luke 22:47-48
ভীৰৰ মানুহবিলাকৰ সন্মুখত যিহুদাই কেনেকৈ যীচুক প্ৰবঞ্চনা কৰিছিল?
সি এটা চুমা দিয়াৰ দ্বাৰাই যীচুক প্ৰবঞ্চনা কৰিছিল(২২:৪৭-৪৮)।
Luke 22:49-51
ভীৰৰ মানুহবিলাকৰ সন্মূখত যিহুদাই কেনেকৈ যীচুক প্ৰবঞ্চনা কৰিছিল?
সি এটা চুমা দিয়াৰ দ্বাৰাই যীচুক প্ৰবঞ্চনা কৰিছিল(২২:৪৭-৪৮)।
যিজন মানুহৰ কাণখন কটা গ'ল তাক যীচুৱে কি কৰিছিল?
তেওঁ তাৰ কাণখন চুইছিল, আৰু তাক সুস্থ কৰিছিল (২২:৫১)।
Luke 22:52-53
যীচুৱে দৈনিক প্ৰধান পুৰোহিতবিলাকৰ লগত ক'ত আছিল বুলি তেওঁ কৈছিল?
তেওঁ মন্দিৰত আছিল(২২:৫৩)।
Luke 22:54-55
তেওঁক ধৰাৰ পাছত, সিহঁতে যীচুক ক'লৈ লৈ গৈছিল?
সিহঁতে তেওঁক মহা পুৰোহিতৰ ঘৰলৈ লৈ গৈছিল(২২:৫৪)।
Luke 22:56-58
এগৰাকী নিৰ্দিষ্ট চাকৰণীয়ে কৈছিল যে পিতৰে যীচুৰ লগত আছিল তেতিয়া পিতৰে কি কৈছিল?
পিতৰে কৈছিল, " হে নাৰী, মই তেওঁক চিমি নাপাওঁ" (২২:৫৭)।
Luke 22:59-60
পিতৰে যীচুক জানো বুলি তৃতীয়বাৰ অস্বীকাৰ কৰাৰ লগে লগে কি ঘটিছিল?
এটা কুকুৰাই ডাক দিছিল(২২:৬০)।
Luke 22:61-62
যীচুৱে পিতৰলৈ যেতিয়া চাইছিল পিতৰে কি কৰিছিল?
পিতৰে বাহিৰ ওলাই গৈছিল আৰু অতি শোকেৰে কান্দিছিল(২২:৬২)।
Luke 22:63-65
যি কেইজন মানুহে যীচুক পহৰা দি আছিল সিহঁতে তেওঁক কি কৰিছিল?
সিহঁতে তেওঁক ঠাট্টা কৰিছিল, তেওঁক কোবাইছিল,আৰু তেওঁক নিন্দা কৰিছিল(২২:৬৩-৬৫)।
Luke 22:66-68
যেতিয়া মহাসভাই দাবী কৰিছিল যে যদি যীচু খ্ৰীষ্ট হয়, তাক তেওঁ কওক, যীচুৱে কৈছিল যদি তেওঁ সিহঁতক কয়, সিহঁতে কি নকৰিব?
সিহঁতে বিশ্বাস নকৰিব (২২:৬৭)।
Luke 22:69-71
মহাসভাই কিয় কৈছিল যে যীচুৱেই খ্ৰীষ্ট বুলি দাবী কৰাৰ সিহঁতক সাক্ষীৰ প্ৰমাণৰ প্ৰয়োজন নাছিল?
সিহঁতে যীচুৰ নিজৰ মুখৰ পৰাই এইটো শুনিছিল(২২:৭১)।
Luke 23
Luke 23:1-2
যিহুদী নেতাবিলাকে পীলাতৰ ওচৰত যীচুৰ বিৰুদ্ধে কি দোষ দিছিল?
সিহঁতে কৈছিল যে যীচুৱে জাতিটোক বিপথে নিছে, কৈচৰক কৰ দিবলৈ নিষেধ কৰিছে, আৰু কৈছিল যে সি হেনো খ্ৰীষ্ট, এজন ৰজা(২৩:২)।
Luke 23:3-7
যীচুক
সোধাৰ পাছত, তেওঁৰ বিষয়ে পীলাতে কি কৈছিল?
পীলাতে কৈছিল, "মই এই মানুহজনত একো দোষ পোৱা নাই" (২৩:৪)।
Luke 23:8-12
হেৰোডে যীচুক কিয় চাবলৈ বিচাৰিছিল?
যীচুৱে এটা আচৰিত কাম কৰক বুলি হেৰোডে চাব বিচাৰিছিল(২৩:৮)।
হেৰোডৰ
িলাকৰ উত্তৰ যীচুৱে কেনেকৈ দিছিল?
যীচুৱে তেওঁক একো উত্তৰ দিয়া নাছিল (২৩:৯)।
Luke 23:13-17
যেতিয়া যীচুক পীলাতলৈ ঘুৰাই পঠিওৱা হ'ল, যীচুৰ বিষয়ে ভীৰৰ মানুহবিলাকক পীলাতে কি কৈছিল?
তেওঁ কৈছিল, " মই এই মানুহজনত একো দোষ পোৱা নাই" (২৩:১৪)।
Luke 23:18-19
নিস্তাৰ পৰ্বৰ বাবে ভীৰৰ মানুহবিলাকে কাক মুকলি কৰাটো বিচাৰিছিল?
সিহঁতে এজন অপৰাধী বাৰাব্বাক বিচাৰিছিল(২৩:১৮)।
Luke 23:20-22
যীচুক কি কৰা হওক বুলি ভীৰৰ মানুহবিলাকে চিঞৰিছি?
সিহঁতে এই বুলি চিঞৰিছিল, "তাক ক্ৰূচত দিয়ক, তাক ক্ৰূচত দিয়ক" (২৩:২১)।
তৃতীয় বাৰৰ বাবে, পীলাতে ভীৰৰ মানুহবিলাকক যীচুৰ বিষয়ে কি কৈছিল?
পীলাতে কৈছিল, মই এই মানুহজনত মৃত্যুদণ্ডৰ যোগ্য একো দোষ পোৱা নাই" (২৩:২২)।
Luke 23:23-25
অৱশেষত পীলাতে যীচুক ক্ৰূচত দিবলৈ কৰা ভীৰৰ মানুহবিলাকৰ দাবী কি মানি লৈছিল?
কাৰণ সিহঁতে বৰকৈ আটাহ পাৰি একেৰাহে চিঞৰি আছিল(২৩:২৪)।
Luke 23:26
কোনে যীচুৰ ক্ৰূচডাল কঢ়িয়াই নিছিল আৰু যীচুৰ পিছে পিছে গৈছিল?
কুৰিনীয়ৰ চিমোনে যীচুৰ ক্ৰূচডাল কঢ়িয়াই নিছিল(২৩:২৬)।
Luke 23:27-31
যীচুৱে তেওঁৰ বাবে কন্দাৰ পৰিৱৰ্ত্তে যিৰূচালেমৰ মহিলাসকলক কাৰ বাবে কান্দিবলৈ কৈছিল?
তেওঁলোকে নিজৰ বাবে আৰু তেওঁলোকৰ সন্তানবিলাকৰ বাবে কান্দা উচিত(২৩:২৮)।
Luke 23:32
যীচুৰ লগত কাক ক্ৰুচবিদ্ধ কৰা হৈছিল?
যীচুৰ লগত দুজন অপৰাধীকো ক্ৰুচবিদ্ধ কৰা হৈছিল(২৩:৩২)।
Luke 23:33-34
যিবিলাকে যীচুক ক্ৰুচবিদ্ধ কৰিছিল সিহঁতৰ বাবে যীচুৱে কি প্ৰাৰ্থনা কৰিছিল?
যীচুৱে প্ৰাৰ্থনা কৰিছিল, " হে পিতৃ এওঁলোকক ক্ষমা কৰা, কিয়নো সিহঁতে কি কৰিছে তাক নাজানে" (২৩:৩৪)।
Luke 23:35
যিহেতু যীচুৱে নিজকে খ্ৰীষ্ট বুলি কৈছিল সেই মানুহবিলাকে, সৈন্যবিলাকে, আৰু অপৰাধীবিলাকৰ এজনে যীচুক কি বুলি প্ৰত্যাহ্বান কৰিছিল?
যীচুৱে নিজকে বচাওক বুলি সিহঁতে প্ৰত্যাহ্বান কৰিছিল(২৩:৩৫, ৩৭, ৩৯)।
Luke 23:36-41
যীচুৰ মূৰৰ ওপৰত কি চিহ্ন ফলক লিখি দিয়া হৈছিল?
লিখি দিয়া হৈছিল যে, "এইজন যিহুদীবিলাকৰ ৰজা" (২৩:৩৮)।
Luke 23:42-43
দ্বিতীয় অপৰাধীটোৱে যীচুক কি অনুৰোধ কৰিছিল?
সি কৈছিল, "আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে মোক মনত পেলাব" (২৩:৪২)।
যীচুৱে সেই দ্বিতীয় অপৰাধীটোক কি প্ৰতিজ্ঞা কৰিছিল?
যীচুৱে কৈছিল, " আজিয়েই তুমি মোৰ লগত পৰম দেশত সঙ্গী হ'বা" (২৩:৪৩)।
Luke 23:44-45
যীচুৰ মৃত্যুৰ ঠিক পিছতেই কি আচৰিত ঘটনা ঘটিছিল?
গোটেই দেশখনতে আন্ধাৰ নামি আহিছিল আৰু মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা তললৈকে মাজেদি ফাটি গৈছিল(২৩:৪৪-৪৫)।
Luke 23:46-51
যীচুৰ মৃত্যুৰ পাছত সেই সেনাপতিজনে যীচুৰ বিষয়ে কি কৈছিল?
সেনাপতিজনে কৈছিল, এই মানুহজন এজন ধাৰ্মিক মানুহ আছিল (২৩:৪৭)।
Luke 23:52-53
যীচুৰ মৃত্যুৰ পাছত আৰিমথিয়াৰ যোচেফে কি কৰিছিল?
যোচেফে মৰা শৰীৰটো পীলাতৰ পৰা খুজি আনিছিল আৰু কবৰত শুৱাই থৈছিল(২৩:৫২-৫৩)।
Luke 23:54-56
যীচুক মৈদাম দিওঁতে কোনটো দিন প্ৰায় আৰম্ভ হৈছিল?
বিশ্ৰাম দিনটো আৰম্ভ হোৱাৰ সময় হৈছিল(২৩:৫৪)।
যি কেইজনী মহিলাই যীচুৰ লগত আছিল তেওঁলোকে বিশ্ৰাম দিনত কি কৰিছিল?
ঈশ্বৰৰ বিধি অনুসৰি তেওঁলোকে জিৰণী লৈছিল(২৩:৫৬)।
Luke 24
Luke 24:1-5
সেই মহিলা কেইজনীয়ে যীচুৰ মৈদামলৈ কেতিয়া আহিছিল?
তেওঁলোকে সপ্তাহৰ প্ৰথম দিনা দোকমোকালি সময়ত আহিছিল(২৪:১)।
সেই মহিলা কেইগৰাকীয়ে মৈদামত কি পাইছিল?
তেওঁলোকে পাইছিল যে সেই শিলটো বগৰাই আঁতৰাই থোৱা আছে আৰু যীচুৰ শৰীৰটো তাত নাছিল(২৪:২-৩)।
Luke 24:6-10
উজ্জল বস্ত্ৰেৰে (স্বৰ্গদূত) দুজন মানুহে যীচুৰ কি ঘটিল বুলি কৈছিল?
তেওঁলোকে কৈছিল যে যীচু উঠিল(২৪:৬)।
Luke 24:11-14
যেতিয়া মহিলা কেইগৰাকীয়ে মৈদামত হোৱা তেওঁলোকৰ অভিজ্ঞতা কৈছিল পাঁচনিবিলাকৰ প্ৰতিক্ৰিয়া কি আছিল?
সিহঁতে গল্প কথাৰ দৰে সেই কথা মনোযোগ দিয়া নাছিল(২৪:১১)।
পিতৰে যেতিয়া মৈদাম চাইছিলগৈ তেওঁ কি দেখিছিল?
শূণ সূতাৰ কাপোৰবোৰ একাষত চপাই থোৱা তেওঁ দেখা পাইছিল(২৪:১২)।
Luke 24:15-20
যেতিয়া যীচুৱে ইম্মায়ুলৈ গৈ থকা দুজন শিষ্যৰ লগত গৈ আছিল সিহঁতে কিয় যীচুক চিনি পোৱা নাছিল?
তেওঁলোকৰ চকুবোৰ যীচুক চিনি পোৱাৰ পৰা বন্ধ হৈ আছিল(২৪:১৬)।
Luke 24:21-24
যীচু জীয়াই থকা অৱস্থাত, শিষ্যবিলাকে তেওঁ কি কৰিব বুলি আশা কৰি আছিল?
শিষ্যবিলাকে আশা কৰিছিল যে তেওঁ ইস্ৰায়েলক তেওঁলোকৰ শত্ৰূবিলাকৰ পৰা মুক্ত কৰিব(২৪:২১)।
Luke 24:25-29
যীচুৱে শাস্ত্ৰসমুহৰ পৰা দুজন মানুহক কি বুজাই দিছিল?
শাস্ত্ৰসমুহে তেওঁৰ বিষয়ে কি কৈছিল তেওঁ সেইবোৰ বুজাই দিছিল(২৪:২৭)।
Luke 24:30-35
যেতিয়া তেওঁলোকে তেওঁক চিনি পালে যীচুৱে কি কৰিছিল?
তেওঁলোকৰ দৃষ্টিৰ পৰা তেওঁ নাইকীয়া হৈ গৈছিল(২৪:৩১)।
Luke 24:36-37
যীচুৱে যিৰূচালেমত শিষ্যবিলাকক প্ৰথম দেখা দিওঁতে কি কৈছিল?
যীচুৱে কৈছিল, " তোমালোকৰ শান্তি হওক" (২৪:৩৬)।
Luke 24:38-40
তেওঁ যে এটা ভুতৰ আত্মা নহয় তাক যীচুৱে কেনেকৈ প্ৰমাণ কৰিছিল?
তেওঁ শিষ্যবিলাকক তেওঁক চুই চাবলৈ আমন্ত্ৰণ দিছিল, তেওঁ তেওঁৰ হাত আৰু ভৰি দেখুৱাইছিল, আৰু তেওঁ তেওঁলোকৰ আগত মাছ খাইছিল (২৪:৩৯-৪৩)।
Luke 24:41-44
তেওঁ যে এটা ভুতৰ আত্মা নহয় তাক যীচুৱে কেনেকৈ প্ৰমাণ কৰিছিল?
তেওঁ শিষ্যবিলাকক তেওঁক চুই চাবলৈ আমন্ত্ৰণ দিছিল, তেওঁ তেওঁৰ হাত আৰু ভৰি দেখুৱাইছিল, আৰু তেওঁ তেওঁলোকৰ আগত মাছ খাইছিল (২৪:৩৯-৪৩)।
Luke 24:45-47
তাৰ পাছত শিষ্যবিলাকে কেনেকৈ শাস্ত্ৰ বুজিব পাৰিছিল?
যীচুৱে তেওঁলোকৰ মন মুকলি কৰি দিছিল যাতে তেওঁলোকে বুজিব পাৰে(২৪:৪৫)।
সকলো জাতিলৈ কি প্ৰচাৰ কৰা উচিত বুলি যীচুৱে কৈছিল?
সকলো জাতিলৈ মন পালটন আৰু আৰু পাপবোৰৰ ক্ষমা প্ৰচাৰ কৰিব লাগে(২৪:৪৭)।
Luke 24:48-49
যীচুৱে শিষ্যবিলাকক কিহৰ বাবে অপেক্ষা কৰিবলৈ কৈছিল?
তেওঁ কৈছিল যে উৰ্ধৰ পৰা তেওঁলোকে শক্তিৰে আভূষণ নোহোৱালৈকে অপেক্ষা কৰি থাকা(২৪:৪৯)।
Luke 24:50-53
বৈথনিয়াৰ ওচৰত যীচুৱে শিষ্যবিলাকক আশীৰ্বাদ দি থাকোঁতে কি ঘটিছিল?
তেওঁক স্বৰ্গলৈ তুলি নিয়া হৈছিল(২৪:৫১)।