Assamese: translationQuestions

Updated ? hours ago # views See on DCS

1 Corinthians

1 Corinthians 1

1 Corinthians 1:1-3

পৌলক কোনে নিমন্ত্ৰণ দিছিল আৰু তেওঁক কি বুলি কোৱা হৈছিল?

যীচু খ্ৰীষ্টই পৌলক নিমন্ত্রণ কৰিছিল, আৰু পাঁচনি বুলি তেওঁক কোৱা হৈছিল। (১:১)

আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা কৰিন্থীয়া মণ্ডলীত পৌলে কি পাবলৈ আশা কৰিছিল?

আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা কৰিন্থীয়া মণ্ডলীত অনুগ্ৰহ আৰু শান্তি পাবৰ বাবে পৌলে আশা কৰিছিল (১:৩)।

1 Corinthians 1:4-6

ঈশ্বৰে কৰিন্থত মণ্ডলী গঠন কৰি কেনেকৈ চহকী কৰিছিল?

ঈশ্বৰে তেওঁলোকক সকলো দিশত চহকী কৰিছিল, সকলো জ্ঞান আৰু সকলো ধৰণৰ কথা-বাৰ্ত্তাত তেওঁলোকক চহকী কৰিছিল (১-৫)।

1 Corinthians 1:7-9

কৰিন্থীয়া মণ্ডলীত কিহৰ অভাব নাছিল?

তেওঁলোকৰ কোনো আত্মিক বৰৰ অভাব নাছিল (১-৭)।

ঈশ্বৰে কৰিন্থীয়া মণ্ডলীক শেষলৈকে কিয় বলৱান কৰি ৰাখিছিল?

ঈশ্বৰে কৰিন্থীয়া মণ্ডলীক শেষলৈকে এইবাবেই বলৱান কৰিছিল যাতে তেওঁলোকে প্ৰভুৰ আগমণৰ কালত নিৰ্দোষী হয় (১-৮)।

1 Corinthians 1:10-11

কৰিন্থীয়া মণ্ডলীক পৌলে কি কৰিবলৈ কৈছে?

পৌলে তেওঁলোক সকলোকে সহমতত থাকিবলৈ কৈছে আৰু তেওঁলোকৰ মাজত কোনো দলভেদ নহবলৈ কৈছে, আৰু তেওঁলোকক একে মনেৰে আৰু একে উদ্দেশ্যেৰে ঐক্যতাত থাকিবলৈ কৈছে(১:১০)।

ক্লোয়ীহঁতৰ লোকসকলে পৌলক কি প্ৰতিবেদন দিছিল?

কৰিন্থীয়া মণ্ডলীৰ লোকসকলৰ মাজত বাদ-বিবাদ আছে বুলি ক্লোয়ীহঁতৰ লোকসকলে পৌলক প্ৰতিবেদন দিছিল (১:১১)।

1 Corinthians 1:12-13

পৌলে দলীয়ভাব হোৱাৰ দ্বাৰা কি বুজাইছে?

পৌলে এইটো বুজাইছে: তোমালোক সকলোৱে কোৱা, “মই পৌলৰ”, বা “মই আপল্লোৰ লগত”, বা “মই কৈফাৰ লগত” বা “মই খ্ৰীষ্টৰ লগত”(১:১২)।

1 Corinthians 1:14-16

“ক্ৰীস্প আৰু গায়”ক বাপ্তিস্ম দিয়াৰ বাহিৰে আন কাকো বাপ্তাইজিত নকৰাৰ বাবে পৌলে কিয় ঈশ্বৰক ধন্যবাদ কৰিছে?

উ: পৌলে এই কাৰণেই ঈশ্বৰক ধন্যবাদ কৰিছে যে, ইয়াৰ বাবেই তেওঁলোকৰ কোনোৱে পৌলৰ নামত বাপ্তাইজিত হোৱা বুলি কথা ক'ব নোৱাৰিব (১:১৪-১৫)।

1 Corinthians 1:17

খ্ৰীষ্টই পৌলক কি কৰিবলৈ পঠিয়াইছিল?

উ: খ্ৰীষ্টই পৌলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ পঠাইছিল (১:১৭)।

1 Corinthians 1:18-19

যিসকল বিনাশৰ পাত্ৰ তেওঁলোকলৈ ক্ৰুচৰ বাৰ্ত্তাটো কি?

যিসকল বিনাশৰ পাত্ৰ, তেওঁলোকৰ কাৰণে ক্ৰুচৰ বাৰ্ত্তাটো হৈছে মুৰ্খতা (১:১৮)।

যিসকলক ঈশ্বৰে পৰিত্ৰাণ দিছে, তেওঁলোকলৈ ক্ৰুচৰ বাৰ্ত্তাটো কি?

যিসকলক ঈশ্বৰে পৰিত্ৰাণ দিছে, তেওঁলোকৰ কাৰণে এইটো হৈছে ঈশ্বৰৰ শক্তি (১:১৮)।

1 Corinthians 1:20-25

জগতৰ এই জ্ঞানক ঈশ্বৰে কিহলৈ ৰূপান্তৰ কৰিলে?

জগতৰ এই জ্ঞানক ঈশ্বৰে মূৰ্খতালৈ ৰূপান্তৰ কৰিলে

(১:২০)।

ঘোষণাৰ মূৰ্খতাৰ দ্বাৰাই যিসকলে বিশ্বাস কৰিলে, ঈশ্বৰে তেওঁলোকক পৰিত্ৰাণ দিবলৈ কিয় সন্তুষ্ট হ'ল?

জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নজনাত ঈশ্বৰে এইটো কৰিবলৈ সন্তুষ্ট হ'ল (১:২১)।

1 Corinthians 1:26-27

মানুহৰ মানদণ্ডৰে শক্তিমন্ত বা জ্ঞানী ভদ্ৰলোক কিমান আছে?

ঈশ্বৰে নিমন্ত্ৰণ কৰা তেনেকুৱা লোক অনেক নাই (১:২৬)।

ঈশ্বৰে এই জগতৰ মূৰ্খ লোকসকলক আৰু দুৰ্ব্বল লোকসকলক কিয় মনোনীত কৰিছিল?

জ্ঞানীসকলক আৰু বলৱন্ত লোকসকলক লাজ দিবলৈ তেওঁ এইটো কৰিছিল (১:২৭)।

1 Corinthians 1:28-29

কোনোৱে যাতে ঈশ্বৰৰ আগত গৰ্ব্ব কৰিব নোৱাৰে তাৰ বাবে ঈশ্বৰে কি কৰিছিল?

উ: এই জগতখনত নগণ্য আৰু অবহেলিত আৰু আনকি একো নোহোৱাৰ দৰে থকা লোকসকলক বাছনি কৰিছিল (১:২৮-২৯)।

1 Corinthians 1:30-31

বিশ্বাসীসকল খ্ৰীষ্ট যীচুত কিয় আছিল?

ঈশ্বৰে তেওঁলোকৰ বাবে যি যি কৰিলে, সেইবোৰৰ বাবে তেওঁলোক খ্ৰীষ্ট যীচুত আছিল।

আমাৰ বাবে খ্ৰীষ্ট যীচু কি হৈ পৰিল?

তেওঁ আমাৰ বাবে ঈশ্বৰৰ পৰা জ্ঞানস্বৰূপ- আমাৰ ধাৰ্ম্মিকতা, পবিত্ৰতা আৰু মুক্তিকৰ্ত্তা হ'ল (১:৩০)

যদি আমি গৰ্ব্ব কৰোঁ, আমি কোনজনাত গৰ্ব্ব কৰিব পাৰোঁ?

যি জনে গৰ্ব্ব কৰে, তেওঁ প্ৰভুতেই গৰ্ব্ব কৰক (১:৩১)।

1 Corinthians 2

1 Corinthians 2:1-2

ঈশ্বৰৰ গুপুত সত্যতা প্ৰকাশ কৰিবলৈ কেনে প্ৰকাৰে পৌলে আহিছিল?

পৌলে যেতিয়া গুপুত সত্যতা প্ৰকাশ কৰিবলৈ আহিছিল বাক্যৰ উত্তমতাৰে বা জ্ঞানৰ উত্তমতাৰে অহা নাছিল (২:১)।

পৌলে যেতিয়া কৰিন্থীয়াবিলাকৰ মাজত আছিল তেওঁ কি জানিবলৈ নিশ্চয় কৰিছিল?

পৌলে খ্ৰীষ্ট আৰু তেওঁ ক্ৰুচবিদ্ধ হোৱাৰ বাহিৰে আন একো জানিবলৈ ইচ্ছা কৰা নাছিল (২:২)।

1 Corinthians 2:3-5

পৌলৰ বাক্য আৰু তেওঁৰ ঘোষণা জ্ঞানযুক্ত কথাৰে নহৈ আত্মা আৰু শক্তিৰেহে কিয় সপ্ৰমাণ হৈছিল?

উ: এইটো এই কাৰণেই হৈছিল যাতে তেওঁলোকৰ বিশ্বাস মানুহৰ জ্ঞানত নহওক, কিন্তু ঈশ্বৰৰ শক্তিত ভিত্তি হয় (২:৪-৫)।

1 Corinthians 2:6-7

পৌল আৰু তেওঁৰ লগত থকা সকলে কি জ্ঞানেৰে কথা কৈছিল?

তেওঁলোকে ঈশ্বৰীয় গুপ্ত জ্ঞানেৰে- যুগৰ পুৰ্ব্বেই আমাৰ বাবে থকা মহিমাৰে ঈশ্বৰৰ নিৰূপিত জ্ঞানেৰে কথা কৈছিল (২:৭)।

1 Corinthians 2:8-9

পৌলৰ সময়ৰ অধিপতিসকলে যদি ঈশ্বৰীয় জ্ঞান জানিলেহেঁতেন, তেনেহ'লে তেওঁলোকে কি কৰিলেহেঁতেন?

উ: সেইসময়ৰ অধিপতি সকলে যদি ঈশ্বৰীয় জ্ঞান জানিলেহেঁতেন, তেনেহ’লে মহিমাৰ প্ৰভুজনাক ক্ৰুচত নিদিলেহেঁতেন (২:8)।

1 Corinthians 2:10-11

পৌল আৰু তেওঁৰ লগত থকাসকলে কেনেকৈ ঈশ্বৰীয় জ্ঞান জানিছিল? ঈশ্বৰে আত্মাৰে সেইবিষয়বোৰ তেওঁলোকলৈ প্ৰকাশ কৰিছিল (২:১০)।

ঈশ্বৰৰ গভীৰ কথাবোৰ কোনে জানে? ঈশ্বৰৰ আত্মাইহে এই গভীৰ কথাবোৰ জানে (২:১১)।

1 Corinthians 2:12-13

পৌল আৰু তেওঁৰ লগত থকাসকলে কি এটা কাৰণত ঈশ্বৰৰ পৰা অহা আত্মা পাইছিল?

পৌল আৰু তেওঁৰ লগত থকাসকলে ঈশ্বৰৰ পৰা অহা আত্মা এই কাৰণেই পাইছিল, যাতে ঈশ্বৰে আমালৈ মুক্তভাবে দিয়া বিষয়বোৰ জানিব পাৰে(২:১২)।

1 Corinthians 2:14-16

স্বাভাৱিক মানুহে কিয় ঈশ্বৰৰ আত্মাৰ কথাবোৰ গ্ৰহণ কৰিব বা জানিব নোৱাৰে?

স্বাভাৱিক মানুহে সেইবোৰ গ্ৰহণ কৰিব নোৱাৰে কাৰণ সেইবোৰ তেওঁৰ মানত মূৰ্খতা আৰু তেওঁ সেইবোৰ গ্ৰহণ কৰিব নোৱাৰে কাৰণ সেইবোৰ আত্মিকভাবে বোধগম্য হ'ব লাগে(২:১৪)।

যি জনে যীচুক বিশ্বাস কৰে, তেওঁৰ কাৰ মন হ'ব লাগে বুলি পৌলে কৈছে?

পৌলে কৈছে তেওঁলোকৰ খ্ৰীষ্টৰ মন আছে ( ২:১৬)।

1 Corinthians 3

1 Corinthians 3:1-2

কৰিন্থীয়াৰ বিশ্বাসী সকলক আত্মিক লোক হিচাপে কিয় ক'ব পৰা নাছিল বুলি পৌলে কৈছে?

পৌলে তেওঁলোকক আত্মিক ভাবে কথা কব পৰা নাছিল, কাৰণ তেতিয়াও তেওঁলোক মাংসিক, ঈৰ্ষাপৰায়ণ হৈ আছিল আৰু তেওঁলোকে নিজৰ মাজতে হাই-কাঁজিয়া কৰি আছিল(৩:১-৩)।

1 Corinthians 3:3-5

পৌল কোন আছিল আৰু আপল্লো কোন আছিল?

তেওঁলোক সেৱক, ঈশ্বৰৰ সহকৰ্ম্মী আছিল; তেওঁলোকৰ যোগেদি কৰিন্থীয়াসকলে খ্ৰীষ্টৰ বিশ্বাসলৈ আহিছিল (৩:৫-৯)।

1 Corinthians 3:6-9

কোনে বৃদ্ধি কৰে?

ঈশ্বৰেহে বৃদ্ধি কৰে। (৩:৭)

1 Corinthians 3:10-11

ভিত্তিমূলটো কি?

যীচু খ্ৰীষ্টই হৈছে ভিত্তিমূল (৩:১১)।

1 Corinthians 3:12-13

যি জনে যীচু খ্ৰীষ্টৰ ভিত্তিমূলৰ ওপৰত ঘৰ সাজে তেওঁৰ কৰ্ম্মৰ কি হ'ব?

তেওঁৰ কৰ্ম্ম দিনৰ পোহৰত আৰু জুইত প্ৰকাশিত হ'ব (৩:১২-১৩)।

এজন ব্যক্তিৰ কৰ্ম্মক জুইয়ে কি কৰিব?

প্ৰতিজনেই কি কি গুণগত কৰ্ম্ম কৰিলে জুইয়ে তাক প্ৰকাশ কৰিব (৩:১৩)।

1 Corinthians 3:14-15

জুইৰে পোৰাৰ পাছত যদি কোনোজনৰ সজা কৰ্ম্ম থাকি যায় কি হ'ব?

সেই ব্যক্তিজনে পুৰস্কাৰ পাব (৩:১৪)।

যিজনৰ সজা কৰ্ম্ম যদি পুৰি শেষ হয় তেওঁৰ কি হ'ব?

সেই ব্যক্তিজনৰ হানি হ'ব, কিন্তু তেওঁ নিজে জুইৰ পৰা ৰক্ষা পোৱাৰ দৰে ৰক্ষা পাব (৩:১৫)।

1 Corinthians 3:16-17

আমি কোন আৰু যীচু খ্ৰীষ্টৰ বিশ্বাসী হিচাপে আমাত কি জীৱন আছে?

আমি ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা আমাত নিবাস কৰে (৩:১৬)।

যদি কোনোৱে ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে তেওঁৰ কি হ'ব?

ঈশ্বৰে সেই ব্যক্তিজনক নষ্ট কৰিব যি জনে ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে (৩:১৭)।

1 Corinthians 3:18-20

ত্রি যুগৰ কথাত যদি কোনোৱে নিজকে জ্ঞানী বুলি ভাবে পৌলে তেওঁক কি বুলি কৈছে?

পৌলে কৈছে, "... তেওঁ জ্ঞানী হ'বলৈ নিজকে মুৰ্খ হ'বলৈ দিয়ক।" (৩:১৮)।

জ্ঞানীসকলৰ তৰ্ক-বিতৰ্কৰ বিষয়ে প্ৰভুৱে কি জানে?

জ্ঞানীসকলৰ তৰ্ক-বিতৰ্ক যে অসাৰ তাক প্ৰভুৱে জানে (৩:২০)।

1 Corinthians 3:21-23

পৌলে কৰিন্থীয়াসকলক লোকসমুহৰ বিষয়ে গৰ্ব্ব নকৰিবলৈ কিয় কৈছে?

তেওঁ তেওঁলোকক গৰ্ব্ব নকৰিবলৈ কৈছে, " কাৰণ সকলোবোৰ তোমালোকৰ" আৰু কাৰণ, ".... তোমালোক খ্ৰীষ্টৰ, আৰু খ্ৰীষ্টও ঈশ্বৰৰ।" (৩:২১-২৩)।

1 Corinthians 4

1 Corinthians 4:1-2

কৰিন্থীয়াসকলক পৌলে তেওঁ আৰু তেওঁৰ সঙ্গীসকলক কেনেদৰে লোৱা কথাটো কৈছিল?

কৰিন্থীয়াসকলে তেওঁলোকক খ্ৰীষ্টৰ সেৱক আৰু ঈশ্বৰৰ নিগূঢ়-তত্ত্বৰ ভঁৰালী বুলি গ্ৰহণ কৰিবলৈ কৈছিল।

এজন ভঁৰালী কেনে হোৱাটো দৰকাৰ?

ভঁৰালী এজন বিশ্বস্ত লোক হোৱা দৰকাৰ। (৪:২)।

1 Corinthians 4:3-4

পৌলে কাক তেওঁৰ বিচাৰক বুলি কৈছে?

পৌলে প্ৰভুজনাকেই তেওঁৰ বিচাৰক বুলি কৈছে (৪:৪)।

1 Corinthians 4:5

প্ৰভু যেতিয়া আহিব তেওঁ কি কৰিব?

তেওঁ আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু অন্তৰৰ উদ্দেশ্যবোৰ প্ৰকাশ কৰিব (৪:৫)।

1 Corinthians 4:6-7

পৌলে এই মুলনীতিবোৰ তেওঁৰ নিজৰ ওপৰত আৰু আপল্লোৰ ওপৰত প্ৰয়োগ হোৱাটো কিয় বিচাৰিছিল?

কৰিন্থীয়া বিশ্বাসীবিলাকৰ বাবে পৌলে এইটো কৰিছিল যাতে যিটো কোৱা হৈছে তাৰ অৰ্থ শিকিব পাৰে-"যি লিখা আছে তাৰ অতিৰিক্ত কৰিব নালাগে," যাতে কোনেও কাৰোবাৰ ফলীয়া হৈ কাৰোবাৰ বিপক্ষে ওফন্দি নাযায়। (৪:৬)।

1 Corinthians 4:8-9

কৰিন্থীয়া বিশ্বাসীসকলে ৰাজত্ব কৰাটো পৌলে কিয় বিচাৰিছে?

তেওঁলোকে ৰাজত্ব কৰাটো পৌলে ইচ্ছা কৰিছিল যাতে পৌল আৰু তেওঁৰ সহযোগীসকলেও তেওঁলোকৰে সৈতে ৰাজত্ব কৰিবলৈ পায় (৪:৮)।

1 Corinthians 4:10-11

পৌলে কি কি তিনিটা উপায়ে তেওঁ নিজকে আৰু তেওঁৰ সঙ্গীসকলক কৰিন্থীয়া বিশ্বাসীসকলৰ লগত বিপৰীত ভাবে বুজাইছে?

পৌলে কৈছে, "খ্ৰীষ্টৰ বাবে আমি মুৰ্খ, কিন্তু তোমালোক খ্ৰীষ্টত জ্ঞানী। আমি দুৰ্ব্বল, কিন্তু তোমালোক বলৱান, তোমালোক সন্মানিত, কিন্তু আমি অৱহেলিত (৪:১০)।

পৌলে পাঁচনিসকলৰ শাৰীৰিক অৱস্থা কেনেদৰে বৰ্ণনা কৰিছিল?

পৌলে কৈছিল, তেওঁলোক ভোকাতুৰ আৰু তৃষ্ণাতুৰ, বস্ত্ৰহীন, বৰকৈ কোবখোৱা আৰু গৃহহীন (৪:১১)।

1 Corinthians 4:12-13

পৌল আৰু তেওঁৰ লগৰ সকলক অশিষ্টাচৰণ কৰাত তেওঁলোকে কেনেকৈ প্ৰত্যেত্তৰ দিছিল?

A.যেতিয়া তেওঁলোকক ঘিণ কৰা হৈছিল, তেওঁলোক আশীৰ্ব্বাদিত হৈছিল, যেতিয়া তেওঁলোকক তাড়না কৰা হৈছিল, তেওঁলোকে তাক সহন কৰিছিল, যেতিয়া তেওঁলোকক কু-কথাৰে অবজ্ঞা কৰা হৈছিল, তেওঁলোকে নম্ৰতাৰে কথা কৈছিল (৪:১২)।

1 Corinthians 4:14-16

পৌলে এইবোৰ কথা কৰিন্থীয়া বিশ্বাসীসকললৈ কিয় লিখিছিল?

তেওঁৰ প্ৰিয় সন্তান হিচাপে তেওঁলোকক শুধৰণিৰ বাবে এইবোৰ তেওঁলোকলৈ লিখিছিল (৪:১৪)।

পৌলে কাৰ অনুকাৰী হ'বলৈ কৰিন্থীয়াসকলক কৈছিল?

পৌলে তেওঁলোকক তেওঁৰ অনুকাৰী হ'বলৈ কৈছিল (৪:১৬)।

1 Corinthians 4:17-18

কৰিন্থীয়াৰ বিশ্বাসীসকলক কি সোঁৱৰাই দিবলৈ পৌলে তিমথিয়ক পঠাইছিল?

খ্ৰীষ্টত পৌলৰ যি পৰিচৰ্য্যা পথ; সেই পথৰ বিষয়ে সোঁৱৰাই দিবলৈ পৌলে তিমথিয়ক কৰিন্থৰ বিশ্বাসীসকলৰ ওচৰলৈ পঠাইছিল (৪:১৭)।

কৰিন্থীয়াৰ কিছুমান বিশ্বাসীয়ে কেনেকৈ অভিনয় কৰিছিল?

তেওঁলোকৰ কোনো কোনো বিশ্বাসী লোক, অহঙ্কাৰী আছিল; তেওঁলোকে পৌলে যেন তেওঁলোকৰ ওচৰলৈ নাহিব, তেনে অভিনয় কৰিছিল (৪:১৮)।

1 Corinthians 4:19-21

ঈশ্বৰৰ ৰাজ্যৰ মূল বিষয়টো কিহেৰে গঠিত?

ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে গঠিত (৪:২০)।

1 Corinthians 5

1 Corinthians 5:1-2

কৰিন্থৰ মণ্ডলীৰ বিষয়ে পৌলে কি বাৰ্ত্তা শুনিবলৈ পাইছিল?

পৌলে তেওঁলোকৰ মাজত অনৈতিক যৌন ব্যভিচাৰ আছে বুলি শুনিবলৈ পাইছিল। তাৰে এজনে তেওঁৰ নিজৰ পিতৃৰ ভাৰ্য্যাৰ লগত শয়ন কৰিছিল (৫:১)

যি জনে তেওঁৰ পিতৃৰ ভাৰ্য্যাৰ লগত পাপ কৰিছে তেওঁক কি কৰিব লাগে বুলি পৌলে কৈছিল?

যি জনে তেওঁৰ পিতৃৰ ভাৰ্য্যাৰ লগত পাপ কৰিছে সেইজনক তেওঁলোকৰ মাজৰ পৰা বহিস্কাৰ কৰিবলৈ কৈছিল (৫:২)।

1 Corinthians 5:3-5

যি জনে পিতৃৰ লগত পাপ কৰিছিল, তেওঁক কেনেকৈ আৰু কিয় বহিস্কাৰ কৰিব লাগে?

যেতিয়া প্ৰভু যীচুৰ নামত কৰিন্থত মণ্ডলী গোট খায়, তেতিয়া সেই মানুহজনক শৰীৰৰ বিনাশৰ কাৰণে চয়তানৰ হাতত শোধাই দিব লাগে, যাতে প্ৰভুৰ দিনত তেওঁৰ আত্মাই পৰিত্ৰাণ পায় (৫:৪-৫)।

1 Corinthians 5:6-8

বেয়া ব্যবহাৰ আৰু দুষ্টতাক পৌলে কিহৰ লগত তুলনা কৰিছে?

পৌলে বেয়া ব্যবহাৰ আৰু দুষ্টতাক খমিৰৰ লগত তুলনা কৰিছে (৫:৮)।

সৰলতা আৰু সত্যতাক পৌলে কিহৰ লগত সাংকেতিক ভাবে ব্যবহাৰ কৰিছে?

সৰলতা আৰু সত্যতাক পৌলে খমিৰবিহীন পিঠাৰ লগত সাংকেতিক ভাবে ব্যৱহাৰ কৰিছে (৫:৮)।

1 Corinthians 5:9-10

বিশ্বাসীসকলক পৌলে কাৰ সৈতে সংযুক্ত হ'ব নালাগে বুলি কৈছিল?

পৌলে বিশ্বাসীসকলক অনৈতিক ব্যভিচাৰী মানুহৰ লগত সংযুক্ত হ'ব নালাগে বুলি কৈছিল।

পৌলে আচলতে অনৈতিক ব্যভিচাৰী মানুহৰ লগত যুক্ত হ'ব নালাগে বুলি কৈছিল নে?

পৌলে আচলতে এই জগতৰ অনৈতিক ব্যভিচাৰী মানুহৰ বিষয়ে কোৱা নাছিল; সেয়ে হ'লে এই জগতৰ পৰা তেওঁলোক বাহিৰ হ'ব লগা হয় (৫:১০)।

কৰিন্থীয়াৰ বিশ্বাসী সকলক আচলতে কাৰ সৈতে যুক্ত হ'ব নালাগে বুলি পৌলে বুজাইছিল?

খ্ৰীষ্টত ভাই বা ভনী বুলি খ্যাত হোৱা কোনোবা যদি ব্যভিচাৰী, লুভীয়া, নিন্দক, মতলীয়া, অপহাৰক, বা দেৱপুজক আদিৰ লগত সংযুক্ত হ'ব নালাগে বুলি তেওঁ বুজাইছিল(৫:১০-১১)

1 Corinthians 5:11-13

কোনবোৰ বিশ্বাসীক বিচাৰ কৰিবলগীয়া হৈছে?

মণ্ডলীৰ ভিতৰত থকা সকলকহে বিচাৰ কৰিব লগীয়া (৫:১২)।

মণ্ডলীৰ বাহিৰত থকা সকলক কোনে বিচাৰ কৰিব?

A.ঈশ্বৰেই মণ্ডলীৰ বাহিৰত থকা সকলক বিচাৰ কৰে (৫:১৩)।

1 Corinthians 6

1 Corinthians 6:1-3

সাধু-সন্ত সকলে কাৰ সোধ-বিচাৰ কৰিব?

সাধু-সন্তসকলে এই জগতৰ আৰু স্বৰ্গদুতসকলৰো সোধ-বিচাৰ কৰিব (৬:২-৩)।

কৰিন্থীয়াৰ সাধু-সন্ত সকলে কাৰ বিচাৰ কৰিবলৈ সমৰ্থ হ'ব লাগে বুলি কৈছে?

পৌলে কৈছে এই জীৱনৰ বিষয়ে সাধু-সন্তসকলৰ মাজত হোৱা মত বিৰোধ তেওঁলোকে বিচাৰ কৰিব পাৰিব লাগে (৬:১-৩)।

1 Corinthians 6:4-6

কৰিন্থীয়াৰ খ্ৰীষ্টিয়ান সকলে তেওঁলোকৰ পৰস্পৰৰ সংঘাতবোৰ কেনেদৰে মীমাংসা কৰে?

এজন বিশ্বাসীয়ে আন এজন বিশ্বাসীৰ বিৰুদ্ধে আদালতলৈ যায়; আৰু যি জন অবিশ্বাসী, তেনে বিচাৰকৰ আগত মোকৰ্দমা দাখিল কৰে (৬:৬)।

1 Corinthians 6:7-8

কৰিন্থীয়াৰ খ্ৰীষ্টিয়ান সকলৰ মাজত থকা সংঘাতে কি সত্য ঘটনাৰ নিৰ্দেশ কৰে?

এইটোৱে তেওঁলোকৰ পৰাজয়ক নিৰ্দেশ কৰে (৬:৭)।

1 Corinthians 6:9-11

ঈশ্বৰৰ ৰাজ্য কোনে অধিকাৰ কৰিব নোৱাৰে?

অধাৰ্ম্মিকবিলাক; নৈতিক যৌন ব্যভিচাৰীবিলাক, মূৰ্ত্তিপূজকবিলাক, পৰস্ত্ৰীগামী বিলাক, পুৰুষ বেশ্যাবিলাক, যিবিলাকে সমকামী কাৰ্য্য কৰে, চোৰবিলাক, লুভীয়া, মদাহী, নিন্দকবিলাক,আৰু অপবাদকবিলাকে ঈশ্বৰৰ ৰাজ্য অধিকাৰ কৰিব নোৱাৰে (৬:৯-১০)।

কৰিন্থীয়া বিশ্বাসী যিবিলাকে আগতে অধাৰ্ম্মিকতাৰ অনুশীলন কৰিছিল তেওঁলোকৰ কি হ'ল?

তেওঁলোকক পৰিস্কৃত আৰু পবিত্ৰ কৰা হ'ল, যীচু খ্ৰীষ্টৰ নামত আৰু ঈশ্বৰৰ আত্মাৰ দ্বাৰা তেওঁলোকক সঠিক কৰা হ'ল (৬:১১)।

1 Corinthians 6:12-13

কোন দুটা বিষয়ক পৌলে তেওঁৰ ওপৰত প্ৰভুত্ব কৰিবলৈ নিদিব বুলি কৈছে?

পৌলে তেওঁৰ ওপৰত আহাৰ নাইবা ব্যভিচাৰক প্ৰভুত্ব কৰিবলৈ নিদিব বুলি কৈছে (৬:১২-১৩)।

1 Corinthians 6:14-15

বিশ্বাসীসকলৰ শৰীৰ কিহৰ অঙ্গ-প্ৰত্যঙ্গ?

বিশ্বাসীসকলৰ শৰীৰ খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গ (৬:১৫)।

বিশ্বাসীসকলে নিজকে বেশ্যাগমণত যুক্ত কৰা উচিত নে?

নহয়, এইটো কেতিয়াও হ'ব নালাগে (৬:১৫)।

1 Corinthians 6:16-17

কোনো এজনে নিজকে বেশ্যাৰ লগত যুক্ত কৰিলে কি হয়?

তেওঁ তাইৰে সৈতে এক-দেহ হয় (৬:১৬)।

কোনো এজনে নিজকে প্ৰভুৰ লগত যুক্ত কৰিলে কি হয়?

তেওঁ তেওঁৰে সৈতে এক আত্মা হয় (৬:১৭)।

1 Corinthians 6:18

লোকসকল অনৈতিক ভাবে ব্যভিচাৰী হ'লে কাৰ বিৰুদ্ধে পাপ কৰে?

লোকসকল যেতিয়া অনৈতিক ভাবে ব্যভিচাৰী হয়, তেতিয়া তেওঁলোকে নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে (৬:১৮)।

1 Corinthians 6:19-20

বিশ্বাসীসকলে তেওঁলোকৰ শৰীৰে সৈতে কিয় ঈশ্বৰক মহিমান্বিত কৰিব লাগে?

A.বিশ্বাসীসকলে তেওঁলোকৰ শৰীৰৰ সৈতে ঈশ্বৰক মহিমান্বিত কৰিব লাগে, কাৰণ তেওঁলোকৰ শৰীৰ পবিত্ৰ আত্মাৰ মন্দিৰ আৰু তেওঁলোকক মূল্যৰে কিনা হ'ল(৬:১৯-২০)।

1 Corinthians 7

1 Corinthians 7:1-2

প্ৰত্যকজন পুৰুষৰ নিজা ভাৰ্য্যা আৰু প্ৰতিগৰাকী মহিলাৰ নিজা স্বামী কিয় থাকিব লাগে?

কাৰণ অনৈতিক কাৰ্য্যৰ বহু পৰীক্ষাৰ বাবে প্ৰত্যেকজন পুৰুষৰ নিজা ভাৰ্য্যা আৰু প্ৰতিগৰাকী মহিলাৰ নিজা স্বামী থাকিব লাগে (৭:২)।

1 Corinthians 7:3-4

কোনো এগৰাকী ভাৰ্য্যা নাইবা এজন স্বামীৰ নিজৰ শৰীৰৰ ওপৰত তেওঁলোকৰ ক্ষমতা আছেনে?

এজন স্বামীৰ তেওঁৰ ভাৰ্য্যাৰ শৰীৰৰ ওপৰত ক্ষমতা আছে আৰু সেইদৰে ভাৰ্য্যাৰো তেওঁৰ স্বামীৰ শৰীৰৰ ওপৰত তেওঁৰ ক্ষমতা আছে (৭:১৪)।

1 Corinthians 7:5-7

এজন স্বামী আৰু এগৰাকী ভাৰ্য্যাই পৰস্পৰৰ দৈহিক সম্ভোগৰ পৰা কেতিয়া আঁতৰি থকা উচিত?

স্বামী আৰু ভাৰ্য্যা দুয়োজনে পাৰস্পৰিক বুজা-বুজিৰে আৰু এক বিশেষ সময়ৰ বাবে আঁতৰি থকা উচিত, যাতে তেওঁলোকে নিজকে প্ৰাৰ্থনাত উৎসৰ্গিত কৰিব পাৰে(৭:৫)।

1 Corinthians 7:8-9

যিসকল অবিবাহিত আৰু বিধৱা, সেই লোক সকলক পৌলে কি কৰাটো ভাল বুলি কৈছে?

যিসকল অবিবাহিত আৰু বিধৱা, তেওঁলোক বিয়া নোহোৱাকৈ থাকিব পাৰিলে ভাল বুলি পৌলে কৈছে (৭:৮)।

অবিবাহিত আৰু বিধৱাসকলে কি পৰিস্থিতিত বিয়া কৰিব লাগে?

যদি তেওঁলোকে কামাগ্নিৰে দহিত হয় আৰু আত্ম-সংযম কৰিব নোৱাৰে, তেনেহলে তেওঁলোকে বিয়া কৰাব পাৰে (৭:৯)।

1 Corinthians 7:10-11

বিবাহিত সকলৰ প্ৰতি প্ৰভুৱে কি আজ্ঞা দিছে?

ভাৰ্য্যাই স্বামীৰ পৰা বিচ্ছেদ হোৱা উচিত নহয়, যদিও তাই বিচ্ছেদিত হয় তাই বিয়া নোহোৱাকৈ থাকক বা তেওঁৰ লগত মিল হওক। তদুপৰি স্বামীয়েও তেওঁৰ ভাৰ্য্যাক ত্যাগ নকৰক (৭:১০-১১) ।

1 Corinthians 7:12-14

এজন বিশ্বাস কৰা স্বামী বা ভাৰ্য্যাই তেওঁৰ বা তাইৰ অবিশ্বাসী সঙ্গীক বিচ্ছেদ কৰা উচিত নে?

যদি বিশ্বাসী নকৰা স্বামী নাইবা ভাৰ্য্যাই তেওঁৰ সঙ্গীৰ লগত থাকিবলৈ সন্তুষ্ট হয়, বিশ্বাস কৰা সঙ্গী জনে অবিশ্বাসী জনক বিচ্ছেদ কৰিব নালাগে (৭:১২-১৩)।

1 Corinthians 7:15-16

যদি অবিশ্বাসী সঙ্গীজনে গুচি যায় বিশ্বাসীজনে কি কৰা উচিত?

বিশ্বাসীজনে অবিশ্বাসী সঙ্গী জনক যাবলৈ এৰি দিব লাগে (৭:১৫)।

1 Corinthians 7:17-19

সকলোবোৰ মণ্ডলীলৈ পৌলে কি নিয়ম কৰিছিল?

পৌলে কৰি দিয়া নিয়মটো আছিল, ঈশ্বৰে তেওঁলোকক যি জীৱন দিছে আৰু তেওঁলোকক যিহৰ বাবে নিমন্ত্ৰণ কৰিলে, তাতে তেওঁলোকে থাকক (৭:১৭)।

পৌলে অচুন্নত আৰু চুন্নতসকললৈ কি পৰামৰ্শ দিছিল?

পৌলে কৈছিল যে, অচুন্নত সকলে চুন্নত হ'ব নালাগে আৰু চুন্নত সকলে তেওঁলোকৰ চুন্নতৰ চিন গুচাবলৈ চেষ্টা কৰিব নালাগে (৭:১৮)।

1 Corinthians 7:20-24

ভৃত্যসকলৰ প্ৰতি পৌলে কি কৈছিল?

যেতিয়া ঈশ্বৰে তেওঁলোকক নিমন্ত্ৰণ কৰিলে যদি তেওঁলোক ভৃত্য হৈ আছিল সেইটোৰ বিষয়ে চিন্তা কৰিব লগীয়া নাই, যদি তেওঁলোক মুক্ত হ'ব পাৰে তেন্তে ভাল। যদিও তেওঁলোক ভৃত্য হৈ থাকে, তেওঁলোকে প্ৰভুৰ মুক্ত লোক। তেওঁলোক মানুহৰ দাস বা ভৃত্য হোৱা উচিত নহয় (৭:২১-২৩)।

1 Corinthians 7:25-26

পৌল নিজে অবিবাহিত হৈ থকাৰ দৰে এজন মানুহে অবিবাহিত হৈ থকাটোকেই উত্তম বুলি কিয় পৌলে ভাবিছিল?

হ'বলগীয়া কিবা অনাটনৰ বাবেই পৌলে এজন মানুহক অবিবাহিত হৈ থকাটোকেই উত্তম বুলি পৌলে ভাবিছিল (৭:১৬)।

1 Corinthians 7:27-28

বিশ্বাসীসকলে যদি কোনো শপতৰ দ্বাৰা ভাৰ্য্যাৰ সৈতে বন্ধা হয়, তেনেহলে তেওঁলোকে কি কৰিব লাগে?

বিশ্বাসীসকলে যদি কোনো শপতৰ দ্বাৰা ভাৰ্য্যাৰ সৈতে বন্ধা হয়, তেনেহলে তেওঁলোকে সেই মহিলাক বিয়া কৰোৱা প্ৰতিজ্ঞাৰ পৰা মুকলি হ'বলৈ বিচাৰিব নালাগে (৭:২৭)।

যি লোকসকল ভাৰ্য্যাৰ পৰা মুক্ত, আৰু যিসকল অবিবাহিত, তেওঁলোকক "ভাৰ্য্যা পাবলৈ চেষ্টা নকৰিবা।" বুলি পৌলে কিয় কৈছে।

যিসকলে বিয়া কৰাই, তেওঁলোকে জীয়াই থকা অৱস্থাত বহুতো অসুবিধাৰ মুখামুখী হয়, সেয়ে এই অসুবিধাৰ পৰা মুকলিকৈ ৰাখিবৰ বাবে পৌলে তেওঁলোকলৈ এনেদৰে কৈছিল; সেইটোৱেই আছিল এইদৰে কোৱাৰ কাৰণ(৭:২৮)।

1 Corinthians 7:29-31

যিসকলে জগতৰ লগত ব্যৱসায়িক ভাবে জড়িত যদিও তেওঁলোকে ব্যৱসায় নকৰাৰ দৰে থাকিবলৈ কৈছে?

তেওঁলোকে এইদৰে কৰিব লাগে কিয়নো এই জগতৰ পদ্ধতিসমুহ শেষ হ'বলৈ হৈছে (৭:৩১)।

1 Corinthians 7:32-35

যিসকল বিবাহিত খ্ৰীষ্টিয়ান প্ৰভুৰ প্ৰতি অবিভক্ত হিচাপে তেওঁলোকৰ উপাসনা দিয়াটো কিয় কঠিন?

এইটো কঠিন হয় কাৰণ বিশ্বাস কৰা স্বামী বা ভাৰ্য্যাই কেনেকৈ তেওঁৰ স্বামী বা ভাৰ্য্যাক তুষ্ট কৰিব পাৰে, জগতৰ বিষয়ত চিন্তিত হয় (৭:৩৩-৩৪)।

1 Corinthians 7:36-38

কোন জনে বেছি ভাল কৰে, যি জনে জোৰণ দিয়া জনীক বিয়া কৰাই তেওঁ নে?

পৌলৰ মতে, যি জনে জোৰণ দিলেও জোৰণ দিয়া জনীক বিয়া নকৰাই তেওঁহে বেছি ভাল কৰে (৭:৩৮)।

1 Corinthians 7:39-40

এগৰাকী ভাৰ্য্যাই তেওঁৰ স্বামীৰ লগত কিমান দিন বন্ধা হৈ থাকে?

A.যিমান দিনলৈ তেওঁ জীৱিত থাকে সিমান দিনলৈ তেওঁ স্বামীৰ লগত বন্ধা হৈ থাকে।

বিশ্বাস কৰা ভাৰ্য্যাৰ স্বামী যদি ঢুকায়, তাই কাক বিয়া কৰাব পাৰে?

তাই যি জনক ইচ্ছা কৰে, তেওঁকেই বিয়া কৰাব পাৰে; কিন্তু যি জন প্ৰভুত আছে তেওঁকহে (৭:৩৯)।

1 Corinthians 8

1 Corinthians 8:1-3

এই অধ্যায়টোত পৌলে কি বিষয়টো সম্বোধন কৰিবলৈ আৰম্ভ কৰিছে?

দেৱতাৰ প্ৰতি উৎসৰ্গ কৰা খাদ্য বিষয়টো পৌলে সম্বোধন কৰিছে(৮:১,৪)।

জ্ঞান আৰু প্ৰেমৰ ফলাফল কি হ'ব পাৰে?

জ্ঞানে অহঙ্কাৰ জন্মায়, কিন্তু প্ৰেমে বৃদ্ধি কৰে (৮:১)।

1 Corinthians 8:4-6

এটা কটা প্ৰতিমা ঈশ্বৰৰ সমকক্ষ হয়নে?

প্ৰতিমা ঈশ্বৰৰ সমকক্ষ নহয়, এই জগতৰ কটা প্ৰতিমা একোৱেই নহয়,আৰু এজনা ঈশ্বৰৰ বাহিৰে আন কোনোৱেই নাই (৮:৪)।

একমাত্ৰ ঈশ্বৰ কোনজনা?

একমাত্ৰ এজনাহে পিতৃ ঈশ্বৰ আছে। তেওঁৰ পৰাই সকলো বস্তু হয়, আৰু আমি তেওঁৰ বাবেই জীয়াই আছো (৮:৬)।

একমাত্ৰ প্ৰভুজনা কোন?

মাত্ৰ এজনাহে প্ৰভু আছে, তেওঁ যীচু খ্ৰীষ্ট; সেইজনাৰ যোগেদি সকলোৰে স্থিতি হৈছে আৰু আমিও সেইজনাৰ যোগেদি স্থিতি হৈছোঁ (৮:৬)।

1 Corinthians 8:7

যেতিয়া দেৱতাৰ প্ৰতি উৎসৰ্গিত খাদ্য কোনো এজনে ভোজন কৰে কেতিয়া তেওঁৰ কি হয়?

তেওঁলোক দুৰ্ব্বল হোৱাত তেওঁলোকৰ বিবেক ভ্ৰষ্ট হয় (৮:৭)।

1 Corinthians 8:8-10

আমি খোৱা খাদ্যই ঈশ্বৰৰ আগত আমাক উত্তম কৰে নে অপকাৰ কৰে?

খোৱা খাদ্যই আমাক ঈশ্বৰৰ আগত গ্ৰাহ্য নকৰাব। আমি নাখালেও আমাৰ হানি নহয়, নাইবা আমি খালেও আমাৰ একো উপকাৰ নহয় (৮:৮)।

আমাৰ স্বাধীনতা যেন খৰ্ব্ব নহয় তাৰ বাবে আমি কি সাৱধান হ'ব লাগে?

যিজন বিশ্বাসত দুৰ্ব্বল তেওঁ যাতে উজুতি নাখায় আমি আমাৰ স্বাধীনতা সাৱধানেৰে ব্যৱহাৰ কৰিব লাগে। (৮:৯)।

যেতিয়া বিবেক-বিবেচনাত দুৰ্ব্বল কোনো ভাই বা ভনীয়ে আমাক দেৱতাৰ প্ৰতি উৎসৰ্গিত মঙহ খোৱা দেখে তেওঁৰ কি হয়?

আমি সেই ভাই বা ভনী গৰাকীৰ দুৰ্ব্বল বিবেকৰ হানিৰ কাৰণ স্বৰুপ হৈ পৰো (৮:১০-১১)।

1 Corinthians 8:11-13

খ্ৰীষ্টত কোনো এজন ভাই বা ভনীক তেওঁলোকৰ দুৰ্ব্বল বিবেকৰ বিৰুদ্ধে আমি জানি বুজি পাপ কৰিলে কাৰ বিপক্ষে পাপ কৰা হয়?

সেই ভাই বা ভনীৰ বিপক্ষে আমি উজুতি খোৱা পাপ, অর্থাৎ খ্ৰীষ্টৰ বিপক্ষে পাপ কৰা হয়।

পৌলে তেওঁৰ খোৱা খাদ্যৰ যোগেদি কোনো ভাই বা ভনীয়ে উজুতি খালে তেওঁ কি কৰিব বুলি কৈছে?

পৌলে কৈছে, তেওঁৰ খোৱা খাদ্যৰ যোগেদি যদি কোনো ভাই বা ভনীয়ে উজুতি খায়, তেনেহলে তেওঁ কেতিয়াও মঙহ নাখায়(৮:১৩)।

1 Corinthians 9

1 Corinthians 9:1-2

পৌল যে এজন পাঁচনি, তাৰ কাৰণে তেওঁ কি প্ৰমাণ দিছিল?

পৌলে কৈছে যে, কৰিন্থীয়াৰ বিশ্বাসীসকল প্ৰভুত তেওঁৰ সহকৰ্ম্মী আছিল, তেওঁলোক নিজেই প্ৰভুত পৌলৰ পাঁচনি বাবৰ প্ৰমাণ আছিল(৯:১-২)।

1 Corinthians 9:3-6

পাঁচনি সকলৰ, প্ৰভুৰ ভায়েক সকলৰ, আৰু কৈফাৰ কি কি অধিকাৰৰ তালিকা কৰিছে?

পৌলে কৈছিল যে, তেওঁলোকৰ ভোজন আৰু পান কৰাৰ অধিকাৰ আছিল, আৰু যি জন বিশ্বাসী তেওঁলোকৰ লগত ভাৰ্য্যাক লৈ ফুৰোৱাৰ অধিকাৰ আছিল (৯:৪-৫)।

1 Corinthians 9:7-8

যি সকলে তেওঁলোকৰ কৰ্ম্মৰ পৰা লাভ পায় বা তেওঁলোকৰ কৰ্ম্মৰ পৰা বেতন পায় তাৰ বাবে পৌলে কি উদাহৰণ দিছিল?

A.যিসকলে তেওঁলোকৰ কৰ্ম্মৰ পৰা লাভ পায় বা তেওঁলোকৰ কৰ্ম্মৰ পৰা বেতন পায়, তাৰ বাবে পৌলে সৈন্যসকলৰ, আৰু দ্ৰাক্ষাবাৰী পতা আৰু মেৰ পালন কৰা জনৰ উদাহৰণ দিছিল (৯:৭)।

1 Corinthians 9:9-11

মোচিৰ বিধানৰ পৰা কোনোবা এজনে কৰা কামৰ বিনিময়ত পোৱা উপকাৰ বা পাৰিশ্ৰমিক ধাৰণাটো পৌলে কেনেদৰে উদাহৰণ দিছে?

পৌলে তেওঁৰ যুক্তিটোৰ সমৰ্থনত এই আজ্ঞাটো উদ্ধৃতি দিছে, "মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা" (৯:৯)।

যদিও তেওঁলোকে সেই অধিকাৰ দাবী কৰা নাছিল, কৰিন্থীয়াৰ বিশ্বাসীসকলৰ মাজত পৌল আৰু তেওঁৰ সঙ্গী সকলৰ কি অধিকাৰ আছিল?

কৰিন্থীয়াৰ বিশ্বাসীসকলৰ মাজৰ পৰা তেওঁলোকৰ জাগতিক বিষয়-বস্তু ল'বলৈ অধিকাৰ আছিল, কাৰণ তেওঁলোকে কৰিন্থীয়াসকলৰ মাজত আত্মিক বিষয় বিলাইছিল (৯:১১-১২)।

1 Corinthians 9:12-14

যিসকলে শুভবাৰ্ত্তা প্ৰচাক কৰে প্ৰভুৱে তেওঁলোকৰ প্ৰতি কি আজ্ঞা দিছিল?

প্ৰভুৰ আজ্ঞাটো আছিল যে যি জনে শুভবাৰ্ত্তা ঘোষণা কৰে তেওঁলোকৰ জীৱিকা শুভবাৰ্ত্তাৰ পৰাই হ'ব (৯:১৪)।

1 Corinthians 9:15-18

পৌলে কি বিষয়ে গৰ্ব্ব কৰিব নোৱাৰো বুলি কৈছে, আৰু কিয় গৰ্ব্ব কৰিব নোৱাৰো বুলি কৈছে?

পৌলে প্ৰচাৰ কৰাৰ বিষয়ে গৰ্ব্ব কৰিব নোৱাৰো বুলি কৈছে কাৰণ তেওঁ প্ৰচাৰ কৰিবই লাগিব (৯:১৬)।

1 Corinthians 9:19-20

পৌলে কিয় সকলোৰে সেৱক হৈছিল?

অধিকৈ অধিক মানুহক ঈশ্বৰৰ প্ৰতি জয় কৰিবলৈ তেওঁ সকলোৰে সেৱক হৈছিল (৯:১৯)।

ঈশ্বৰৰ প্ৰতি অধিক মানুহক জয় কৰিবলৈ পৌলে কাৰ নিচিনা হৈছিল?

বিধানৰ অধীনত থকাসকলৰ বাবে পৌল বিধানৰ অধীনত থকা ইহুদীৰ নিচিনা হৈছিল, আৰু যিসকল বিধানৰ বাহিৰত থকা লোক, তেওঁলোকক পাবলৈ তেওঁ দুৰ্ব্বল হ'ল। সকলো মানুহক পাবলৈ সকলো লোকৰ নিচিনা হ’ল, যাতে তেওঁ যি কোনো প্ৰকাৰে কোনো কোনো লোকক উদ্ধাৰ কৰাব পাৰে (৯:২০-২২)।

1 Corinthians 9:21-23

পৌলে এই সকলোবোৰ শুভবাৰ্ত্তা প্ৰচাৰৰ কাৰণে কিয় কৰিছিল?

তেওঁ এই সকলোবোৰ কৰিছিল যাতে তেওঁ শুভবাৰ্ত্তাৰ আশীৰ্ব্বাদৰ অংশীদাৰ হ'ব পাৰে (৯:২৩)।

1 Corinthians 9:24-27

পৌলে কেনেদৰে দৌৰিবলৈ কৈছে?

যাতে পুৰস্কাৰ পাব পাৰি তাৰ বাবে পৌলে দৌৰিবলৈ কৈছে (৯:২৪)।

কেনেধৰণৰ পুৰস্কাৰ পাবলৈ পৌলে দৌৰি আছিল?

পৌলে দৌৰিছিল যাতে তেওঁ অবিনাশী পুৰস্কাৰৰ কিৰীটি পাবলৈ দৌৰি আছিল (৯:২৫)।

পৌলে নিজৰ শৰীৰটোক কিয় দমন কৰিছিল আৰু বশ কৰি ৰাখিছিল?

পৌলে এইটো কৰিছিল যাতে আনক প্ৰচাৰ কৰি থাকোঁতে তেওঁ নিজে অযোগ্য হৈ নপৰে (৯:২৭)।

1 Corinthians 10

1 Corinthians 10:1-6

মোচিৰ সময়ত হোৱাৰ দৰে তেওঁলোকৰ পিতৃসকলে কি একেধৰণৰ অভিজ্ঞতা পাইছিল?

সকলোৱেই মেঘৰ তলত আছিল আৰু সাগৰেদি পাৰ হৈছিল। সকলোৱেই মেঘত আৰু সাগৰত মোচিলৈ বাপ্তাইজিত হৈছিল আৰু সকলোৱেই একে আত্মিক আহাৰ ভোজন কৰিছিল আৰু একে আত্মিক জল পান কৰিছিল (১০:১-৪)।

তেওঁলোকক অনুসৰণ কৰা সেই আত্মিক শিলটো কোন আছিল?

তেওঁলোকক অনুসৰণ কৰা সেই শিলটো আছিল, খ্ৰীষ্ট (১০:৪)।

1 Corinthians 10:7-10

মোচিৰ সময়ত তেওঁলোকৰ পিতৃসকলৰ ওপৰত ঈশ্বৰ কিয় সন্তুষ্ট নহ'ল?

তেওঁলোকৰ পিতৃসকলে দুষ্টতাৰ প্ৰতি বেছি মনোযোগ দিছিল, তেওঁলোকে যৌন ব্যভিচাৰ কৰিছিল, তেওঁলোকে খ্ৰীষ্টক পৰীক্ষাত পেলাইছিল আৰু তেওঁলোকে বলকনি কৰিছিল (১০:৬-১০)।

তেওঁলোকৰ পিতৃসকলৰ এনে ব্যৱহাৰৰ বাবে ঈশ্বৰে শাস্তি দিবলৈ কি কৰিছিল?

বিভিন্ন ধৰণে তেওঁলোক মৰা পৰিছিল; কাৰোবাক সাপে খুটিছিল, কাৰোবাক মৃত্যুদূতে মাৰিছিল। তেওঁলোকৰ মৰা শৱবোৰ অৰণ্যতে পতিত হৈছিল (১০:৫ আৰু ৮-১০)।

1 Corinthians 10:11-13

এই ঘটনাবোৰ কিয় ঘটিছিল আৰু সেইবোৰ কিয় লিপিবদ্ধ কৰা হৈছিল?

সেইবোৰ আমাৰ উদাহৰণৰ বাবে ঘটিছিল আৰু আমাৰ নিৰ্দেশনাৰ বাবে সেইবাৰ লিপিবদ্ধ কৰা হৈছিল (১০:১১)।

আমাত এনে কোনো বিশেষ পৰীক্ষা ঘটিছে নেকি?

সকলো মানুহলৈ যি যি পৰীক্ষা ঘটে, তাতকৈ বেলেগ পৰীক্ষা ঘটা নাই (১০:১৩)।

এই পৰীক্ষাবোৰ সহন কৰিবলৈ ঈশ্বৰে আমাক কোনে সামৰ্থ যোগায়?

আমি যাতে পৰীক্ষা সহন কৰিব পাৰোঁ, তাৰ বাবে তেওঁ সাৰিবৰ উপায়ো কৰিব (১০:১৩)।

1 Corinthians 10:14-19

কৰিন্থীয়া বিশ্বাসীসকলক পৌলে ক'ৰ পৰা পলাবলৈ সাৱধান কৰি দিছে?

তেওঁ তেওঁলোকক দেৱপূজাৰ পৰা পলাবলৈ সাৱধান কৰি দিছে (১০:১৪)।

বিশ্বাসীসকলে আশীৰ্ব্বাদ কৰা সেই আশীৰ্ব্বাদৰ পিয়লা কি আৰু তেওঁলোকে ভঙা সেই পিঠাটো কি?

পিয়লাটো হৈছে খ্ৰীষ্টৰ তেজৰ অংশীদাৰ হোৱা। সেই পিঠা হৈছে খ্ৰীষ্টৰ শৰীৰৰ অংশীদাৰ হোৱা (১০:১৬)।

1 Corinthians 10:20-22

পৰজাতিৰ লোকসকলে তেওঁলোকৰ বলিদানবোৰ কাৰ প্ৰতি উৎসৰ্গ কৰে?

তেওঁলোকে এই বস্তুবোৰ ঈশ্বৰৰ প্ৰতি নহয় কিন্তু ভুত-পিশাচৰ প্ৰতিহে উৎসৰ্গ কৰে( ১০:২০)।

যিহেতু পৌলে কৰিন্থীয়া বিশ্বাসীসকলক ভুত-পিশাচৰ লগত অংশীদাৰ হোৱাটো বিচৰা নাই, তেওঁ তেওঁলোকক কি কৰিব নোৱাৰে বুলি কৈছে?

পৌলে তেওঁলোকক কৈছে যে, তেওঁলোকে প্ৰভুৰ মেজৰ পিয়লা আৰু ভুত-পিশাচৰ পিয়লা দুয়োটা একেলগে পান কৰিব নোৱাৰে, তেওঁলোকে প্ৰভুৰ মেজৰ সহভাগিতা আৰু ভুত-পিশাচৰ মেজৰ সহভাগিতা দুয়োটা কৰিব নোৱাৰে(১০:২০-২১)।

প্ৰভুৰ বিশ্বাসী হিচাপে আমি ভুত-পিশাচৰো অংশীদাৰ হ'লে আমি কিহৰ দায়িত্বশীল হৈ পৰোঁ?

আমি প্ৰভুক ঈৰ্ষালৈ উচতোৱাৰ বাবে দায়ি হৈ পৰোঁ ( ১০:২২)।

1 Corinthians 10:23-24

আমি নিজৰ হিত বিচাৰিম নে?

নহয়, তাৰ পৰিৱৰ্তে প্ৰতি জনে চুবুৰীয়াৰ হিত বিচাৰিব লাগে (১০:২৪)।

1 Corinthians 10:25-27

যদি অবিশ্বাসী এজনে আপোনাক ভোজন কৰিবলৈ নিমন্ত্ৰণ কৰে আৰু আপুনি তাত যাবৰ বাবে মন কৰিছে, তেনেহলে আপুনি কি কৰা উচিত?

বিবেক-বিবেচনাৰ কাৰণে একো

নুসুধি আপোনাৰ আগত যি পৰিবেশন কৰে তাকে ভোজন কৰক (১০:২৭)।

1 Corinthians 10:28-30

যদি আপোনাৰ অবিশ্বাসী গৃহস্থই কয় যে, আপুনি খাবলৈ লোৱা খাদ্য দেৱতাৰ প্ৰতি উৎসৰ্গিত হোৱা; তেতিয়া আপুনি কিয় খাব নালাগে?

যি ব্যক্তিজনে আপোনাক জনাই দিলে সেইজনৰ কাৰণে আপুনি খাব নালাগে আৰু অন্য ব্যক্তিৰ বিবেকৰ দোষা-দোষ জ্ঞানৰ কাৰণে খাব নালাগে (১০:২৮-২৯)।

1 Corinthians 10:31-33

ঈশ্বৰৰ মহিমাৰ বাবে আমি কি কৰা উচিত?

আমি খোৱা-বোৱা আৰু ভোজন পান আদিকে ধৰি সকলোবোৰ বিষয় ঈশ্বৰৰ মহিমাৰ কাৰণে কৰা উচিত (১০:৩১)।

যিহুদী বা গ্ৰীক বা ঈশ্বৰৰ মণ্ডলীৰ বাবে আমি কিয় বিঘ্নজনক হ'ব নালাগে?

তেওঁলোকে যাতে উদ্ধাৰ পায় তাৰ বাবে আমি তেওঁলোকৰ প্ৰতি বিঘ্নজনক হোৱা উচিত নহয় (১০:৩৩)।

1 Corinthians 11

1 Corinthians 11:1-4

কৰিন্থীয়া বিশ্বাসীসকলক পৌলে কাৰ অনুকাৰী হ'বলৈ কৈছিল?

পৌলে তেওঁলোকক পৌলক অনুকৰণ কৰিবলৈ কৈছিল (১১:১)।

পৌল কাৰ অনুকাৰী আছিল?

পৌল খ্ৰীষ্টৰ অনুকাৰী আছিল (১১:১)।

কৰিন্থীয়া বিশ্বাসীসকলক পৌলে কিয় প্ৰশংসা কৰিছিল?

পৌলে তেওঁলোকক তেওঁক মনত ৰখাৰ কাৰণে প্ৰশংসা কৰিছিল আৰু তেওঁ যি পৰম্পৰা তেওঁলোকক শিকাই থৈ আহিছিল সেইটো ধৰি ৰখাৰ বাবে কৰিন্থীয়াসকলক প্ৰশংসা কৰিছিল (১১:২)।

খ্ৰীষ্টৰ মূৰস্বৰূপ কোন?

ঈশ্বৰ হৈছে খ্ৰীষ্টৰ মূৰস্বৰূপ (১১:৩)।

পুৰুষৰ মূৰস্বৰূপ কোন?

খ্ৰীষ্ট হৈছে প্ৰত্যেক পুৰুষৰ মূৰস্বৰূপ (১১:৩)।

তিৰোতাৰ মূৰস্বৰূপ কোন?

এগৰাকী তিৰোতাৰ মূৰস্বৰূপ হৈছে এজন পুৰুষ (১১:৩)।

যেতিয়া এজন পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে তেওঁৰ কি হয়?

যদি তেওঁ তেওঁৰ মূৰ ঢাকি প্ৰাৰ্থনা কৰে তেওঁ নিজৰ মূৰৰ অমৰ্য্যদা কৰে(১১:৪)।

1 Corinthians 11:5-6

কোনো এগৰাকী মহিলাই যেতিয়া ওৰণি নোলোৱাকৈ প্ৰাৰ্থনা কৰে, তেতিয়া কি হয়?

যি মহিলাই ওৰণি নোলোৱাকৈ প্ৰাৰ্থনা কৰে, তেওঁ নিজৰ মূৰৰ অমৰ্য্যদা কৰে (১১:৫)।

1 Corinthians 11:7-8

এজন পুৰুষে কিয় ওৰণি লোৱা উচিত নহয়?

তেওঁ নিজৰ মূৰত ওৰণি লোৱা উচিত নহয়, কাৰণ তেওঁ ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু ঈশ্বৰৰ গৌৰৱ (১১:৭)।

1 Corinthians 11:9-10

তিৰোতাক কাৰ বাবে স্ৰজন কৰা হ'ল?

তিৰোতাক পুৰুষৰ বাবে স্ৰজন কৰা হ'ল (১১:৯)।

1 Corinthians 11:11-12

তিৰোতা আৰু পুৰুষ দুয়ো পৰস্পৰৰ প্ৰতি নিৰ্ভৰশীল কিয়?

তিৰোতা পুৰুষৰ পৰা হ'ল, আৰু পুৰুষ তিৰোতাৰ পৰা হ'ল (১১: ১১-১২)।

1 Corinthians 11:13-16

মহিলাৰ প্ৰাৰ্থনা কৰা বিষয়ত, পৌলৰ, তেওঁৰ সহযোগী সকলৰ, আৰু ঈশ্বৰৰ মণ্ডলীৰ অভ্যাস-ৰীতিটো কি আছিল?

তেওঁলোকৰ অভ্যাস-ৰীতিটো আছিল মহিলাসকলে তেওঁলোকৰ মূৰত ওৰণি লৈ প্ৰাৰ্থনা কৰা উচিত (১১:১০,১৩,১৬)।

1 Corinthians 11:17-19

কৰিন্থীয়া খ্ৰীষ্টিয়ানসকলৰ মাজত সৰু সৰু দলীয় গোট কিয় হ'বলৈ দিছিল?

তেওঁলোকৰ মাজত সৰু দলীয় গোট হ'বলৈ দিছিল, যাতে যিসকলক অনুমোদন দিয়া হৈছিল সেইসকলক তেওঁলোকৰ মাজত চিনাক্ত কৰা হয় (১১:১৯)।

1 Corinthians 11:20-22

যেতিয়া কৰিন্থীয়া মণ্ডলীয়ে একেলগে ভোজন কৰিবলৈ গোট খায়, তেতিয়া কি ঘটিছিল?

যেতিয়া তেওঁলোক প্ৰত্যেকে আনৰ আগত নিজৰ নিজৰ আহাৰ খাইছিল, এজন ভোকাতুৰ আছিল আনজন দ্ৰাক্ষাৰসেৰে মতলীয়া হৈছিল (১১:২১)।

1 Corinthians 11:23-24

যি ৰাতি তেওঁক প্ৰবঞ্চনা কৰা হৈছিল, প্ৰভুৱে পিঠা ভঙাৰ পাছত তেওঁ কি কৈছিল?

তেওঁ কৈছিল,"এইয়ে মোৰ শৰীৰ, যিটো তোমালোকৰ বাবে দিয়া হৈছে; মোক সোঁৱৰিবৰ অৰ্থে ইয়াকে কৰিবা।" (১১:২৩, ২৪)।

1 Corinthians 11:25-26

ভোজনৰ পাছত প্ৰভুৱে পিয়লাটো লৈ কি কৈছিল?

তেওঁ কৈছিল, "এই পিয়লা হৈছে মোৰ তেজত হোৱা নতুন নিয়ম, তোমালোকে যিমানবাৰ ইয়াক পান কৰা, মোক সোঁৱৰিবৰ অৰ্থে ইয়াকে কৰিবা।" (১১:২৫)

প্ৰতিবাৰ তোমলোকে যেতিয়া এই পিঠা খোৱা আৰু এই পিয়লাত পান কৰা, তেতিয়া তোমালোকে কি কৰা?

প্ৰভু নহালৈকে তোমালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰিছা (১১:২৬)।

1 Corinthians 11:27-32

এজন ব্যক্তিয়ে কিয় অযোগ্য হিচাপে সেই পিঠা খালে বা পিয়লাত পান কৰিব নালাগে?

এইদৰে কৰিলে তুমি প্ৰভুৰ শৰীৰৰ আৰু তেওঁৰ তেজৰ দোষী হ'ব। তুমি নিজৰ ওপৰতে সেই ভোজন কৰা আৰু পান কৰাৰ সোধ-বিচাৰৰ দণ্ড আনিবা (১১:২৭,২৯)

কৰন্থীয়া মণ্ডলীৰ মাজত যিসকলে এইদৰে অযোগ্য হিচাপে প্ৰভুৰ পিঠা আৰু প্ৰভুৰ পিয়লাত পান কৰাৰ কাৰণে বহুতৰে কি হৈছিল?

তেওঁলোক বহুতেই বেমাৰী আৰু ৰোগীয়া হৈ পৰিছিল আৰু কোনো কোনো নিদ্ৰিত হৈছিল (১১:৩০)।

1 Corinthians 11:33-34

কৰিন্থীয়াৰ বিশ্বাসীসকলে যেতিয়া ভোজন কৰিবলৈ গোট খায় পৌলে তেওঁলোকক কি কয়?

তেওঁ ইজনে সিজনৰ বাবে বাট চাই থাকিবলৈ তেওঁলোকক কৈছিল (১১:৩৩)।

1 Corinthians 12

1 Corinthians 12:1-3

কৰিন্থীয়াৰ খ্ৰীষ্টিয়ান সকলক পৌলে কিহৰ বিষয়ে জনাবলৈ বিচাৰিছিল?

আত্মিক বৰদানৰ বিষয়ে পৌলে তেওঁলোকক জনাবলৈ বিচাৰিছিল (১২:১)।

ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনোৱে কি বুলি ক'ব নোৱাৰে?

"যীচু শাপগ্ৰস্ত" বুলি তেওঁ ক'ব নোৱাৰে (১২:3)।

কোনো এজনে যীচুক “প্ৰভু" বুলি কেনেকৈ ক'ব পাৰে?

পবিত্ৰ আত্মাৰ দ্বাৰাইহে কোনো এজনে যীচুক “প্ৰভু" বুলি ক'ব পাৰে (১২:৩)।

1 Corinthians 12:4-6

প্ৰতিজন বিশ্বাসীকে ঈশ্বৰে কি সম্ভব কৰিব পৰা কৰি তুলিছিল?

প্ৰতিজন বিশ্বাসীকে তেওঁ বেলেগ বেলেগ বৰদানেৰে, বেলেগ বেলেগ পৰিচৰ্য্যা আৰু বেলেগ বেলেগ ধৰণৰ কৰ্ম্ম কৰিবৰ বাবে সম্ভব কৰি তুলিছিল (১২:৪-৬)।

1 Corinthians 12:7-8

আত্মাৰ বাহ্যিক প্ৰকাশ কিয় দেখুওৱা হয়?

এইটো সকলোৰে উপকাৰৰ বাবে দিয়া হয় (১২:৭)।

1 Corinthians 12:9-11

আত্মাৰ যোগেদি অহা বৰদানবোৰ কি কি?

বৰদানবোৰ হৈছে- বুদ্ধি বা প্ৰজ্ঞাৰ বাক্য, জ্ঞানৰ বাক্য, বিশ্বাস, সুস্থ কৰিব পৰা বৰ, পৰাক্ৰম কাৰ্য্য কৰিব পৰা বৰ, ভাববাণী কৰিব পৰা বৰ, আত্মাবোৰ চিনিব পৰা বৰ, বিভিন্ন প্ৰকাৰৰ পৰভাষা আৰু পৰভাষাৰ অৰ্থভাঙনি কৰিব পৰা বৰ ইত্যাদি (১২:৮-১০)।

প্ৰতিজনে কেনে বৰদান পাব, ইয়াক কোনে মনোনীত কৰে?

পবিত্ৰ আত্মাই মনোনীত কৰি যাকে ইচ্ছা কৰে, তাকে ব্যক্তিগতভাবে বৰদান দিয়ে (১২:১১)।

1 Corinthians 12:12-17

সকলোবোৰ খ্ৰীষ্টিয়ানে কিহলৈ বাপ্তাইজিত হ'ল?

আমি সকলোৱেই এক শৰীৰলৈ বাপ্তাইজিত হ'লোঁ আৰু সকলোৱেই এক আত্মাৰ পৰা পান কৰিবলৈ পালোঁ (১২:১৩)।

1 Corinthians 12:18-20

শৰীৰটোৰ প্ৰতিটো অংশ কোনে ঠিক-থাক কৰিলে আৰু কোনে সজায় তুলিলে?

ঈশ্বৰেই শৰীৰটোৰ প্ৰতিটো অংশ মিলাই তুলিলে আৰু সজায় তুলিলে(১২:১৮)।

1 Corinthians 12:21-24

শৰীৰৰ যি অঙ্গ অনাদৰণীয় যেন দেখা যায় সেই অঙ্গ নোহোৱাকৈ আমি কিবা কৰিব পাৰোনে?

নোৱাৰোঁ, শৰীৰৰ অনাদৰণীয় যেন দেখা অঙ্গও অতি দৰকাৰী (১২:২২)।

অনাদৰণীয় যেন দেখা অঙ্গবোৰক ভুক্ত কৰি ঈশ্বৰে কি কৰিলে?

ঈশ্বৰে সকলো অঙ্গকে সংযুক্ত কৰিলে আৰু যি বিলাক অনাদৰণীয় অঙ্গ যেন দেখে সেইবোৰক বেছি আদৰণীয় কৰি তুলিলে (১২:২৪)।

1 Corinthians 12:25-27

ঈশ্বৰে শৰীৰৰ অনাদৰণীয় অংগবোৰক কিয় বেছি আদৰ সন্মান কৰি তুলিছে?

শৰীৰটোৰ ভিতৰত যাতে কোনো বিভেদ নহয়, কিন্তু সদস্যবোৰে যাতে পৰস্পৰে একে প্ৰেমেৰে চোৱাচিতা কৰে তাৰ বাবে তেওঁ এইটো কৰিলে (১২:২৫)।

1 Corinthians 12:28-29

মণ্ডলীত ঈশ্বৰে কাক নিয়োগ কৰিলে?

মণ্ডলীত ঈশ্বৰে প্ৰথমতে পাঁচনিবিলাকক, দ্বিতীয়তে ভাববাদীসকলক, তৃতীয়তে শিক্ষকসকলক, তাৰপাছত যিসকলে পৰাক্ৰম কাৰ্য্য কৰিব পাৰে তেওঁলোকক, আৰু সুস্থ কৰিব পৰা, সহায় কৰিব পৰা, প্ৰশাসন কৰিব পৰা, আৰু যি সকলে বিভিন্ন প্ৰকাৰৰ পৰভাষা ক'ব পাৰে তেওঁলোকক নিয়োগ কৰিলে (১২:২৮)।

1 Corinthians 12:30-31

পৌলে কৰিন্থীয়া খ্ৰীষ্টিয়ান সকলক কি বিষয়টো হাবিয়াস কৰিবলৈ কৈছে?

তেওঁ তেওঁলোকক মহান মহান বৰলৈ হাবিয়াস কৰিবলৈ কৈছে (১২:৩১)।

কৰিন্থীয়া খ্ৰীষ্টিয়ানসকলক পৌলে কি দেখুৱাব বুলি কৈছে?

তেওঁ কৈছে যে তেওঁ তাত কৈয়ো এক উত্তম পথ তেওঁলোকক দেখুৱাব (১২:৩১)।

1 Corinthians 13

1 Corinthians 13:1-3

যদি পৌলে প্ৰেম নথকাকৈ মানুহৰ ভাষাৰে আৰু স্বৰ্গদূতৰ ভাষাৰে কথা কয় তেওঁ কি হ'ব?

তেওঁ বাজি থকা কাঁহ বা বাদ্য কৰি থকা তালস্বৰুপ হ'ব (১৩:১)।

যদি পৌলে প্ৰেম নোহোৱাকৈ ভাববাণীৰ বৰদান, সকলো গুপ্ত ৰহস্য আৰু জ্ঞান বুজিব পাৰে, আৰু মহান বিশ্বাস থাকে তেওঁৰ কি হ'ব?

তেওঁ একো নোহোৱাৰ নিচিনা হয় (১:৩২)।

পৌলে কেনেকৈ সৰ্ব্বস্ব ব্যয় কৰি দৰিদ্ৰক খুৱাই, নিজৰ শৰীৰ পুৰি ভষ্ম হ'বলৈ দিয়ে তথাপি তেওঁ একো লাভ নাপাব কিয়?

যদিও তেওঁ সকলো কৰে আৰু তেওঁৰ প্ৰেম নাথাকে, তেওঁ একো লাভ নাই (১৩:৩)।

1 Corinthians 13:4-7

প্ৰেমৰ কিছুমান বৈশিষ্ট্য কি কি?

প্ৰেমে সহন কৰে আৰু মৰম কৰে; ই ঈৰ্ষা নকৰে বা গৰ্ব্ব নকৰে; ই আত্ম-গৌৰৱ নকৰে বা গৰ্ব্বিত নহয়, ই আত্ম-সেৱক নহয় বা ক্ৰোধত উত্তেজিত নহয়, নাইবা অপকাৰ গণনা নকৰে। ই অধাৰ্ম্মিকতাত আনন্দ নকৰে কিন্তু সত্যতাত আনন্দ কৰে। ই সকলো সহন কৰে, ই সকলোতে বিষয়তে বিশ্বাস কৰে, সকলোতে আত্ম প্ৰত্যয় কৰে আৰু সকলোকে সহ্য কৰে। ই কেতিয়াও শেষ নহয় (১৩:৪-৮)।

1 Corinthians 13:8-10

কি কি বিষয়বোৰ নাইকীয়া হৈ যাব বা লুপ্ত হ'ব?

ভাববাণীবোৰ, জ্ঞান যিটো অসম্পুৰ্ণ সেইবোৰ নাইকীয়া হৈ যাব আৰু পৰভাষা লুপ্ত হ'ব (১৩:৮-১০)।

কি কেতিয়াও শেষ নহ'ব?

প্ৰেম কেতিয়াও শেষ নহ'ব (১৩:8)।

1 Corinthians 13:11-13

পৌলে যেতিয়া বয়স প্ৰাপ্ত হ'ল তেওঁ নিজকে কি বুলি কৈছে?

পৌলে কৈছিল যে তেওঁ যেতিয়া বয়স প্ৰাপ্ত হ'ল, তেওঁ শিশুৰ দৰে কৰা আচৰণ এৰি পেলালে (১৩:১১)।

কোন তিনিটা বিষয় থাকি যাব আৰু এই তিনিটাৰ ভিতৰত কোনটো আচাইতকৈ মহান?

বিশ্বাস, আশা আৰু প্ৰেম এই তিনিটা থাকে আৰু এই তিনিটাৰ ভিতৰত প্ৰেমেই আটাইতকৈ শ্ৰেষ্ঠ। (১৩:১৩)।

1 Corinthians 14

1 Corinthians 14:1-6

আমি কোনটো আত্মিক আশীৰ্ব্বাদৰ বাবে বিশেষকৈ আশা কৰিব লাগে বুলি পৌলে কৈছিল?

আমি বিশেষকৈ ভাববাণী কোৱা বৰৰ বাবে বিশেষকৈ আশা কৰিব লাগে বুলি পৌলে কৈছে (১৪:১)।

যেতিয়া কোনো এজনে পৰভাষা কয় তেওঁ কাক কয়?

তেওঁ মানুহক নকৈ ঈশ্বৰকহে কয় (১৪:২)।

পৰভাষা কোৱাতকৈ ভাববাণী কোৱা বেছি উচ্চস্তৰৰ কিয়?

যি জনে ভাববাণী কয় তেওঁ নিজক ধাৰ্ম্মিকতাত বৃদ্ধি কৰে, কিন্তু যিজনে ভাবোক্তি প্ৰচাৰ কৰে তেওঁ মণ্ডলীৰ মানুহক বৃদ্ধি কৰে। সেইকাৰণে যি জনে ভাবোক্তি প্ৰচাৰ কৰে তেওঁ মহান (১৪:৩-৫)।

1 Corinthians 14:7-11

পৌলে কিহৰ লগত নিস্প্ৰাণ শব্দৰ তুলনা কৰিছে?

তেওঁ এইটোক বাদ্যযন্ত্ৰ যেনে- বাঁহী বা বীণা যিয়ে কোনো স্পষ্ট শব্দ উৎপন্ন নকৰে তাৰ লগত তুলনা কৰিছে, আৰু এক ৰণশিঙাৰ লগত তুলনা কৰিছে যিটো এক অনিশ্চয়তাৰ শব্দ উৎপন্ন কৰে (১৪:৭-৯)।

1 Corinthians 14:12-14

কৰিন্থীয়া বিশ্বাসীসকলে কি হাবিয়াস কৰিবলৈ পৌলে কৈছে?

তেওঁলোকে মণ্ডলীক যেন ধাৰ্ম্মিকতাত বৃদ্ধি কৰে তাৰ বাবে তেওঁ হাবিয়াস কৰিবলৈ কৈছিল (১৪:১২)।

যিজনে পৰভাষাৰে প্ৰাৰ্থনা কৰে তেওঁ কি কৰা উচিত বুলি কৈছে?

তেওঁ যেন তাৰ অৰ্থ ভাঙনি কৰিব পাৰে তাৰ বাবে প্ৰাৰ্থনা কৰক (১৪:১৩)।

পৌলে যেতিয়া পৰভাষাৰে প্ৰাৰ্থনা কৰে তেওঁৰ আত্মা আৰু বুদ্ধি কি হয় বুলি কৈছে?

পৌলে কৈছিল তেওঁ যেতিয়া পৰভাষাৰে প্ৰাৰ্থনা কৰে তেওঁৰ আত্মাই প্ৰাৰ্থনা কৰে, কিন্তু তেওঁ বুদ্ধি ফলহীন হয় (১৪:১৪)।

1 Corinthians 14:15-16

পৌলে কেনেকৈ প্ৰাৰ্থনা আৰু গীত গাবলৈ ওলাইছে বুলি কৈছে?

পৌলে কৈছে যে তেওঁ কেৱল আত্মাৰেই নহয় কিন্তু তেওঁৰ বুদ্ধিৰেও প্ৰাৰ্থনা আৰু গীত গাব (১৪:১৫)।

1 Corinthians 14:17-21

পৌলে দহহাজাৰ কথা কোৱাতকৈ কি কোৱাটো তেওঁ ভাল বুলি কৈছে?

পৌলে কৈছে যে তেওঁ বুজিব পৰা কথাৰে পাঁচটা কথা কোৱাকে ভাল বুলি কৈছে যিটোৱে আনসকলক তেওঁ নিৰ্দেশনা দিব পাৰে (১৪:১৯)।

1 Corinthians 14:22-23

পৰভাষা আৰু ঐশ্বৰিক ভাবোক্তি কিহৰ এক চিন হয়?

পৰভাষা অবিশ্বাসীবিলাকৰ বাবে এক চিন আৰু ভাবোক্তি প্ৰচাৰ বিশ্বাসীবিলাকৰ বাবে এক চিন হয় (১৪:২২)।

বাহিৰে থকা লোক আৰু অবিশ্বাসীসকলে যদি মণ্ডলীলৈ আহিলে আৰু সকলোৱেই পৰভাষা ক'লে তেওঁলোকে কি বুলি ক'ব?

বিশ্বাসীবিলাক যে বলিয়া সেই কথা তেওঁলোকে ক'ব (১৪:২৩)।

1 Corinthians 14:24-25

এজন অবিশ্বাসী আৰু এজন বাহিৰে থকালোক মণ্ডলীলৈ আহিল আৰু যদি মণ্ডলীৰ সকলোৱেই পৰভাষা কয় তেনে ক্ষেত্ৰত পৌলে কি কৈছে?

সেই অবিশ্বাসী লোকজন আৰু বাহিৰে থকালোকজনে যি শুনিছে তেওঁ সেইটোৰ যোগেদি প্ৰত্যয়ণ হ'ব আৰু যি যি কোৱা হৈছে সেইটোৰ দ্বাৰা তেওঁ বিচাৰ কৰা হ'ব (১৪:২৪)।

যদি তেওঁৰ অন্তৰৰ গোপন কথাবোৰ প্ৰকাশ হ'লে অবিশ্বাসী বা বাহিৰে থকালোকজনে কি কৰিব?

তেওঁ উবুৰি হৈ পৰিব, ঈশ্বৰৰ উপাসনা কৰিব আৰু ঘোষণা কৰিব যে সচাঁয়ে ঈশ্বৰ তেওঁলোকৰ মাজত আছে (১৪:২৫)।

1 Corinthians 14:26-28

যেতিয়া বিশ্বাসীসকলে একেলগে গোট খায় যিসকলে পৰভাষা কয় তেওঁলোকলৈ পৌলৰ নিৰ্দেশনা কি?

তেওঁ কৈছে যে পৰভাষা কোৱা অধিক হলেও দুজন বা তিনিজনে পালৰ অনুক্ৰমে কওক। যদি মণ্ডলীত পৰভাষাৰ অৰ্থভাঙনি কৰা তেওঁলোকৰ মাজত কোনো নাই তেন্তে তেওঁলোকে মণ্ডলী নিজম দি থাকক (১৪:২৭-২৮)।

1 Corinthians 14:29-30

যেতিয়া মণ্ডলীয়ে একেলগে গোট খায় ভাববাদীসকলৰ প্ৰতি পৌলৰ নিৰ্দেশনা কি?

পৌলে কৈছে যে দুজন বা তিনিজন ভাববাদীয়ে কওক আৰু আনসকলে যি কৈছে তাক বুজিবলৈ নিজম দি শুনক। যদি আন ভাববাদীৰ ক'বলৈ কিবা অন্তৰ্দৃষ্টি আছে, যি জনে কৈ আছে তেওঁ নিজম দি থাকক। তেওঁলোকে পালৰ অনুক্ৰমে এজন এজনকৈ ভাবোক্তি প্ৰচাৰ কৰক। (১৪:২৯-৩১)

1 Corinthians 14:31-33

কোনবোৰ মণ্ডলীত মহিলাক বাৰ্ত্তা ক'বলৈ অনুমতি দিয়া নহওঁক বুলি পৌলে কৈছিল?

পৌলে কৈছিল যে সন্তসকলৰ সকলোবোৰ মণ্ডলীত মহিলাক বাৰ্ত্তা প্ৰচাৰ কৰিবলৈ অনুমতি দিয়া নহওঁক (১৪:৩৩-৩৪)।

1 Corinthians 14:34-36

মহিলাসকলে কিবা শিকিব বিচাৰিলে তেওঁলোকে কি কৰা উচিত বুলি পৌলে কৈছিল?

তেওঁলোকে ঘৰতে তেওঁলোকৰ নিজৰ স্বামীক সুধিবলৈ কৈছিল (১৪:৩৫)।

কোনো মহিলাই মণ্ডলীত বাৰ্ত্তা প্ৰচাৰ কৰাটোক লোকসকলে কেনেদৰে লৈছিল?

এইটোক এক লাজৰ বিষয় বুলি লোকবিলাকে অৱজ্ঞা কৰিছিল (১৪:৩৫)।

1 Corinthians 14:37-38

যিসকলে নিজকে ভাববাদী বা আত্মিক বুলি ভবে তেওঁলোকক মানি ল'ব লাগে বুলি পৌলে কি কৈছিল?

তেওঁ কৰিন্থীয়া বিশ্বাসী সকললৈ যি লিখিছিল সেইবোৰ প্ৰভুৰ এক আজ্ঞা বুলি তেওঁলোকে মানি ল'বলৈ তেওঁ কৈছিল (১৪:৩৭)।

1 Corinthians 14:39-40

মণ্ডলীত সকলোবোৰ কেনেদৰে কৰিব লাগে?

সকলোবোৰ কৰ্ম্ম সুন্দৰকৈ আৰু শৃঙ্খলা লগাই কৰা হ'ব লাগে (১৪:৪০)।

1 Corinthians 15

1 Corinthians 15:1-2

পৌলে ভাই আৰু ভনীসকলক কিহৰ বিষয়ে সোঁৱৰাই দিছে?

পৌলে তেওঁলোকক তেওঁ ঘোষণা কৰা শুভবাৰ্ত্তাৰ বিষয়ে সোঁৱৰাই দিছে (১৫:১)।

পৌলে ঘোষণা কৰা শুভবাৰ্ত্তাৰ যোগেদি যদি কৰিন্থীয়সকলে পৰিত্ৰাণ পাবলৈ হয় কি চৰ্ত্ত পৰিপুৰ্ণ হ'ব লাগিছিল?

পৌলে তেওঁলোকক কৈছিল যে যদি তেওঁলোকে পৰিত্ৰাণ পাবলৈ হয়, তেন্তে তেওঁলোকে তেওঁ প্ৰচাৰ কৰা বাক্য নিশ্চিতৰূপে ধৰি ৰাখিব লাগে (১৫:২)।

1 Corinthians 15:3-7

শুভবাৰ্ত্তাৰ কোনটো অংশ প্ৰথম গুৰুত্ত্বপুৰ্ণ আছিল?

শুভবাৰ্ত্তাৰ প্ৰথম গুৰুত্ত্বপুৰ্ণ অংশটো হৈছে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ বাবে মৰিল আৰু তেওঁক মৈদাম দিয়া হ'ল আৰু শাস্ত্ৰ অনুসাৰে তেওঁ তৃতীয়দিনা পুনৰূত্থিত হ'ল। (১৫:৩)

1 Corinthians 15:8-11

খ্ৰীষ্টই পুনৰূত্থান হোৱাৰ পাছত তেওঁ কাক কাক দৰ্শন দিছিল?

তেওঁ মৃত্যুৰ পৰা পুনৰূত্থিত হোৱাৰ পাছত, খ্ৰীষ্টই কৈফাক দেখা দিছিল, বাৰজনক, পাঁচশ ভাই আৰু ভনীক একেলগে দেখা দিছিল, যাকোবক, সকলোবোৰ পাঁচনিক আৰু পৌলক দেখা দিছিল (১৫:৮)।

পৌলে নিজকে কিয় ক্ষুদ্ৰ পাঁচনি বুলি কৈছিল?

তেওঁ কৈছিল কাৰণ তেওঁ ঈশ্বৰৰ মণ্ডলীক তাড়না কৰিছিল (১৫:৯)।

1 Corinthians 15:12-17

কৰিন্থীয়া বিশ্বাসীসকলক পৌলে পুনৰূত্থানৰ বিষয়ে আওপকীয়াকৈ কি কৈছিল?

তেওঁ আওপকীয়াকৈ তেওঁলোকৰ কিছুমানে কোৱা কথা কৈছিল যে মৃতবিলাকৰ পুনৰূত্থান নাই (১৫:১২)।

যদি মৃতবিলাকৰ পুনৰূত্থান নাই পৌলে আৰু কোনটো সঁচা বুলি কৈছে?

পৌলে কৈছে যদি সেইটোৱেই হয় তেন্তে খ্ৰীষ্টকো মৃতবিলাকৰ পৰা তোলা নহ'ল আৰু পৌলৰ প্ৰচাৰ আৰু তেওঁৰে নিচিনা আনসকলৰো প্ৰচাৰ বৃথা হ'ল আৰু কৰিন্থীয়া সকলৰ বিশ্বাসো বৃথা হ'ল (১৫:১৩-১৪)

1 Corinthians 15:18-19

যদি খ্ৰীষ্টক তোলা নহ'ল, যিসকল খ্ৰীষ্টত নিদ্ৰিত হ'ল তেওঁলোকৰ কি হ'ব?

তেওঁলোক সকলো নষ্ট হ'ল (১৫:১৮)।

পৌলে কি কৈছে যদি খ্ৰীষ্টত আমাৰ আত্ম-প্ৰত্যয়ৰ ভৱিষ্যত কেৱল এই জীৱনলৈহে হয়?

যদি এইটোৱেই হয়, পৌলে কৈছে সকলো মানুহৰ ভিতৰত আমিয়েই আটাইতকৈ দুৰ্ভগীয়া (১৫:১৯)।

1 Corinthians 15:20-21

পৌলে খ্ৰীষ্টত কি বুলি কৈছে?

তেওঁ খ্ৰীষ্টক, "মৃতসকলৰ মাজৰ প্ৰথম ফল বুলি কৈছে" (১৫:২০)।

কোনজন মানুহৰ দ্বাৰা মৃত্যু এই জগতত সোমাল আৰু কোনজন মানুহৰ দ্বাৰা মৃতবিলাকৰ পুনৰূত্থান এই জগতলৈ আহিল?

আদমে মৃত্যু এই জগতলৈ আনিলে আৰু খ্ৰীষ্টৰ দ্বাৰা সকলোকে জীওৱা হ'ব, পুনৰূত্থিত হ'ল (১৫:২১)।

1 Corinthians 15:22-23

যিসকল খ্ৰীষ্টৰ তেওঁলোকক কেতিয়া জীয়াই তোলা হ'ব?

যেতিয়া খ্ৰীষ্ট আহিব তেতিয়া এইটো ঘটিব (১৫:২৩)।

1 Corinthians 15:24-26

একেবাৰে শেষত কি হ'ব?

যেতিয়া তেওঁ সকলো শাসন, ক্ষমতা, আৰু পৰাক্ৰম লোপ কৰিব, খ্ৰীষ্টই পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব (১৫:২৪)।

কিমান দিনলৈ খ্ৰীষ্টই ৰাজত্ব কৰিব লাগিব?

যেতিয়ালৈকে তেওঁৰ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব (১৫:২৫)।

বিনাশ কৰিব লগীয়া শেষ শত্ৰু কোন?

মৃত্যু হৈছে ধ্বংস কৰিব লগীয়া শেষ শত্ৰু (১৫:২৬)।

1 Corinthians 15:27-30

যেতিয়া এইটো কোৱা হয়, "তেওঁ সকলোকে তেওঁৰ ভৰিৰ তল কৰিলে," কাক অন্তৰ্ভুক্ত কৰা নহ'ল?

যি জনাই সকলোকে পুত্ৰৰ বশীভুত কৰিলে, সেই পুত্ৰ (নিজে) বশীভুতকৰণৰ (পুত্ৰলৈ) অন্তৰ্ভুক্ত কৰা হোৱা নাছিল (১৫:২৭)।

পিতৃ ঈশ্বৰে সকলোৰে যে সকলোতে সকলো হয় তাৰ বাবে পুত্ৰই কি কৰিব?

যি জনাই সকলোকে নিজৰ বশীভুত কৰে, পুত্ৰই নিজেও সেইজনাৰ বশীভুত হ'ব (১৫:২৮)।

1 Corinthians 15:31-32

যদি মৃতসকলক জীয়াই তোলা নহ'ল তেন্তে তেওঁলোকৰ কৰাটো ভাল বুলি পৌলে ঘোষণা কৰিছে?

পৌলে ঘোষণা কৰিছে যে. "আহাঁ আমি ভোজন আৰু পান কৰোঁ, কিয়নো কাইলৈ আমি মৰিম।" (১৫:৩২)।

1 Corinthians 15:33-34

কৰিন্থীয়াসকলক পৌলে কি কৰিবলৈ আজ্ঞা কৰিছে?

তেওঁলোকে যেন সচেতন হৈ থাকে, ধাৰ্ম্মিকভাবে জীয়াই থাকে আৰু নিজকে পাপৰ পৰা বচাই ৰাখে তাৰ বাবে আজ্ঞা দিছে (১৫:৩৪)।

কৰিন্থীয়াবিলাকলৈ কি বিষয়টো লজ্জাজনক বুলি পৌলে কৈছে?

তেওঁ কৈছিল যে ঈশ্বৰৰ কথাত কোনো কোনোৰ জ্ঞান নাই (১৫:৩৪)।

1 Corinthians 15:35-36

মৃতবিলাকৰ পুনৰুত্থানটোক পৌলে কিহৰ লগত তুলনা কৰিছে?

তেওঁ ইয়াক যি গুটি ৰোৱা হ'ল তাৰ লগত তুলনা কৰিছে (১৫:৩৫-৪২)।

এটা গুটি গজি উঠি বৃদ্ধি হোৱাৰ আগতে ইয়ালৈ কি ঘটে?

এইটো নিশ্চিতকৈ মৰিব লাগে (১৫:৩৬)।

1 Corinthians 15:37-39

গুটিৰ পৰা ওলোৱা শৰীৰ (গা গছডাল) একে মিল থাকিবনে?

তুমি যি গুটি বুইছা তাৰ পৰা ওলোৱা শৰীৰটো একে নহয় (১৫:৩৭)।

সকলো শৰীৰেই একে নে?

নহয়, সকলো শৰীৰেৰই একে নহয়, মানুহৰ শৰীৰ, জন্তুৰ শৰীৰ, চৰাইবোৰৰ আৰু মাছৰ শৰীৰ সকলো এটাৰ পৰা আনটো বেলেগ বেলেগ (১৫:৩৯।

1 Corinthians 15:40-41

অন্য প্ৰকাৰৰ শৰীৰ আছে নে কি?

স্বৰ্গীয় শৰীৰো আছে আৰু পাৰ্থিব শৰীৰো আছে (১৫:৪০)।

জোন, বেলি, আৰু তৰা আদি সকলোৱেই একে কান্তি আছে নে?

সুৰ্য্যৰ কান্তি এক প্ৰকাৰৰ, আৰু চন্দ্ৰৰ কান্তি আন প্ৰকাৰৰ, আৰু তৰাৰ কান্তি আন প্ৰকাৰৰ, আৰু কান্তিৰ কথাত এটা তৰাৰ পৰা আন এটা তৰাৰ কান্তি বেলেগ বেলেগ (১৫:৪১)।

1 Corinthians 15:42-44

আমাৰ এই ক্ষয়নীয় দেহ কেনেকৈ ৰোৱা যাব?

সেইবোৰ অনাদৰৰে আৰু দুৰ্ব্বলতাৰে স্বাভাৱিক হিচাপে ৰোৱা যাব (১৫:৪২-৪৪)।

যেতিয়া আমি মৃত্যুৰ পৰা পুনৰুত্থিত হ'ম আমাৰ অৱস্থা কেনে হ'ব?

যিটো তোলা হয়, সেয়ে অক্ষয়নীয় আত্মিক শৰীৰ, মহিমা আৰু পৰাক্ৰমেৰে পুনৰুত্থিত হ'ব (১৫:৪২-৪৪)।

1 Corinthians 15:45-46

প্ৰথম মানুহ আদমৰ কি হ'ল?

তেওঁ জীৱনময় প্ৰাণী হ'ল (১৫:৪৫)।

শেষৰ আদম কি হ'ল?

তেওঁ জীৱন দায়ক আত্মা হ'ল (১৫:৪৫)।

1 Corinthians 15:47-49

প্ৰথম মানুহ আৰু দ্বিতীয় মানুহ ক'ৰ পৰা আহিল?

প্ৰথম মানুহ ধূলিৰে নিৰ্ম্মিত, পৃথিবীৰ পৰা অহা। দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা (১৫:৪৭)।

আমি কাৰ মূৰ্ত্তি ধাৰণ কৰিছো আৰু আমি কাৰ মূৰ্ত্তি ধাৰণ কৰিমগৈ?

যি দৰে আমি ধূলিৰ পৰা হোৱা মানুহজনৰ মূৰ্ত্তি ধাৰণ কৰি আছোঁ, সেইদৰে আমি সেই স্বৰ্গীয় মানুহজনৰ মূৰ্ত্তিও ধাৰণ কৰিমগৈ (১৫:৪৯)

1 Corinthians 15:50-51

ঈশ্বৰৰ ৰাজ্য কোনে অধিকাৰ কৰিব নোৱাৰে?

ঈশ্বৰৰ ৰাজ্য তেজ আৰু মাংসই অধিকাৰ কৰিব নোৱাৰে(১৫:৫০)।

আমাৰ সকলোৰে কি হ'ব?

আমি সকলোৱেই পৰিৱৰ্ত্তন হ'ম (১৫:৫১)।

1 Corinthians 15:52-53

আমি সকলোৱেই কেতিয়া আৰু কিমান খৰকৈ পৰিৱৰ্ত্তন হ'ম?

যেতিয়া শেষৰ তুৰীধ্বনি বাজিব এক মুহুৰ্তৰ ভিতৰতে, চকুৰ এক পলকতে আমি পৰিৱৰ্ত্তন হ'ম (১৫:৫২)।

1 Corinthians 15:54-55

যেতিয়া এই ক্ষয়নীয় পাত্ৰই অক্ষয়নীয়তাক পিন্ধিব আৰু মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব তেতিয়া কি ঘটিব?

জয়ৰ অৰ্থে মৃত্যু গিলি থোৱা হ'ব(১৫:৫৪)।

1 Corinthians 15:56-57

মৃত্যুৰ হুল কি আৰু পাপৰ বল কি?

মৃত্যুৰ হুল হৈছে পাপ আৰু পাপৰ বল হৈছে বিধান (১৫:৫৬)।

ঈশ্বৰে কিহৰ যোগেদি আমাক জয়যুক্ততা দিয়ে?

ঈশ্বৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি আমাক জয়যুক্ততা দিয়ে (১৫:৫৭)।

1 Corinthians 15:58

পৌলে কৰিন্থীয়া ভাই আৰু ভনীসকলক কি কাৰণে থিৰ হৈ, অলৰ হৈ, সদায়ে প্ৰভুৰ কাৰ্য্যত উপচি পৰিবলৈ কৈছে?

প্ৰভুত তেওঁলোকৰ কৰা কাৰ্য্য যে ব্যৰ্থ নহয় সেয়ে তেওঁ এইটো তেওঁলোকক কৰিবলৈ কৈছে (১৫:৫৮)।

1 Corinthians 16

1 Corinthians 16:1-2

সাধু-সন্তসকলৰ দান তোলাৰ কথাত পৌলে কৰিন্থীয়া সকলক কাৰ লগত একেদৰে কৰা নিৰ্দেশ দিছিল?

পৌলে গালাতীয়াৰ মণ্ডলী বিলাকক নিৰ্দেশ দিয়াৰ দৰে কৰিন্থীয়া মণ্ডলীকো নিৰ্দেশ দিছিল (১৬:১)।

কৰিন্থীয়া মণ্ডলীত তেওঁলোকৰ দান তোলাটো কেনেকৈ কৰিবলৈ কৈছে?

তেওঁ কৈছিল যে সপ্তাহৰ প্ৰথম দিনা, তেওঁলোক সকলোৱেই কিবা এটা একাষৰীয়া কৰি থব আৰু সামৰ্থ অনুসাৰে জমা কৰি ৰাখিব যাতে পৌল যেতিয়া আহিব, তাত সেইদিনা আৰু দান তোলা নহয় (১৬:২)।

1 Corinthians 16:3-4

এই দান-বৰঙণিবোৰ কালৈ পঠিওৱা হৈছিল?

এইবোৰ জেৰূচালেমৰ সন্ত সকললৈ পঠিওৱা হৈছিল (১৬: ১,৩)।

1 Corinthians 16:5-6

কৰন্থীয়া মণ্ডলীলৈ পৌলে কেতিয়ালৈ আহিব বুলি কৈছিল?

তেওঁ কৈছিল যেতিয়া তেওঁ মাকিদনিয়াইদি পাৰ হৈ যাব তেওঁলোকৰ তাত সোমাই যাব (১৬:৫)।

কম সময়ৰ ভিতৰতে পৌলে কৰিন্থীয়া মণ্ডলীৰ সাধু-সন্তসকলক কিয় লগ পাব বিচৰা নাছিল?

পৌলে তেওঁলোকক অতি কম সময়ৰ ভিতৰতে লগ পাব বিচাৰিছিল আৰু সম্ভব হ'লে শীতকালটো তেওঁলোকৰ লগত কটাব বিচাৰিছল (১৬:৬-৭)।

1 Corinthians 16:7-9

পৌলে পঞ্চাশদিনীয়া পৰ্ব্বলৈকে ইফিছত কিয় থাকিবলৈ বিচাৰিছিল?

পৌলে এই কাৰণেই থাকিবলৈ বিচাৰিছিল- এখন বৰ দুৱাৰ তেওঁৰ বাবে মুকলি হৈছিল আৰু বিৰোধীবিলাকো বহুতো আছিল (১৬:৮-৯)।

1 Corinthians 16:10-14

তিমথিয়ই কি কৰি আছিল?

পৌলে যেনেকৈ প্ৰভুৰ কাৰ্য্য কৰি আছিল সেইদৰে তেওঁ ও প্ৰভুৰ কাৰ্য্য কৰি আছিল (১৬:১০)।

তিমথিয়ৰ বিষয়লৈ পৌলে কৰিন্থীয়া মণ্ডলীক কি আজ্ঞা দিছিল?

তিমথিয়ই যাতে তেওঁলোকৰ লগত নিৰ্ভয় মনেৰে থাকিবলৈ পায় সেই কথা পৌলে কৰিন্থীয়া মণ্ডলীক কৈছিল। তিমথিয়ক অৱজ্ঞা নকৰিবলৈ পৌলে তেওঁলোকক কৈছিল আৰু কৈছিল যে তেওঁক যেন কুশলে তেওঁৰ ওচৰলৈ অহাত যেন সহায় কৰে (১৬:১১)।

পৌলে আপল্লোক কাঢ়া কৰি কি কৰিবলৈ উদগণি দিছিল?

কৰন্থীয়া মণ্ডলীৰ সাধু-সন্তসকলক পৰিদৰ্শন কৰিবলৈ পৌলে আপল্লোক কাঢ়া কৰি উদগণি দিছিল (১৬:১২)।

1 Corinthians 16:15-16

কৰিন্থীয়া সকলৰ মাজত কোনে নিজে সাধু-সন্তসকলৰ সেৱা-শুশ্ৰূষা কৰিবলৈ দায়িত্ত্ব লৈছিল?

ষ্টেফানাৰ পৰিয়ালে নিজেই সাধু-সন্তসকলৰ সেৱা-শুশ্ৰূষা কৰিবলৈ দায়িত্ত্ব লৈছিল (১৬:১৫)।

ষ্টেফানাৰ পৰিয়াল বিষয়ে কৰিন্থীয়াৰ সাধু-সন্তসকলক পৌলে কি কৈছিল?

এনে লোকসকলৰ প্ৰতি তেওঁলোকে যেন বশীভুত হয় তাৰ বাবে পৌলে তেওঁলোকক কৈছিল (১৬:১৬)।

1 Corinthians 16:17-18

ষ্টেফানা, ফৰ্তুনা আৰু আখাইয়াই পৌলৰ বাবে কি কৰিছিল?

তেওঁলোকে কৰিন্থীয়াৰ সন্তসকলৰ অনুপস্থিতিত পৌলৰ আত্মাক অভাৱৰ পৰা সজীৱ কৰি ৰাখিছিল (১৬:১৭-১৮)।

1 Corinthians 16:19-24

কৰিন্থীয়া মণ্ডলীলৈ কোনে মঙ্গলবাদ পঠাইছিল?

এচিয়া দেশৰ মণ্ডলী বিলাকে, আকুইলা আৰু প্ৰিস্কাৰ ঘৰত গোটখোৱা মণ্ডলী আৰু সকলো ভাই আৰু ভনীসকলে কৰিন্থীয়া মণ্ডলীলৈ তেওঁলোকৰ মঙ্গলবাদ পঠাইছিল (১৬:১৯-২০)।